শদিয়াত দুই ট্ৰাক অবৈধ কাঠৰ কুণ্ডা জব্দ

শদিয়া অাৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ নেতৃত্বত যোৱা তহলদাৰী অাৰক্ষীৰ দলে ইছলামপুৰ-বিশ্ৰামপুৰৰ পৰা জব্দ জৰে কুণ্ডা ভৰ্তি ট্ৰাক দুখন।দেওঁপানী ৰিজাৰ্ভ ফৰেষ্টৰ পৰা চোৰাংকৈ কঢ়িয়াই অনা ট্ৰাক দুখনৰ সৈতে তিনিজন লোক অাৰু এটা পইন্ট ২২ পিষ্টল জব্দ কৰে অসম পুলিচ বেটেলিয়ান অাৰু সেনাবাহিনীৰ ২০ নং মাদ্ৰাজ ৰেজিমেণ্টৰ যুটীয়া অভিজানকাৰী দলে।

Read More...

মাৰ্ঘেৰিটা সমষ্টিৰ কৈলাশপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণ সমাবেশ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাওঁত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত কৈলাশপুৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন অাৰু স্থানীয় সচেতন নাগৰিকৰ উদ্যোগত গাওঁখনৰ পঞ্চায়ত প্ৰাংগনত গণ সমাবেশৰ অায়োজন কৰে । বলিন চাংমাইৰ পৌৰহিত্যত অাৰু কেশৱ দত্তৰ পৰিচালনাত অায়োজন কৰা গণ সভাত মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা উদয় শংকৰ মহন,অাটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক দিগন্ত শইকীয়া,মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দিগন্ত নেওগ,অাদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক শিৱ তাঁতী অাৰু প্ৰাক্তন ছাত্ৰ নেতা ৰনজিৎ দহোতীয়া উপস্থিত থাকে। অামন্ত্ৰিত…

Read More...

কাকপথাৰত অালফা(স্বা)ৰ লিংকমেন অাটক

তিনিচুকীয়া জিলাৰ কাকপথাৰত অালফা(স্বা)ৰ লিংকমেন অাটক। সেনাৰ পাঞ্জাৱ ৰেজিমেণ্টৰ কাকপথাৰ সেনা চাউনিৰ দলে অাজি ১নং বৰালী গাওঁৰ পৰা মনিকান্ত বৰা (১৮) নামৰ লিংমেনজনক অাটক কৰে। লিংকমেনজনৰ পৰা চাৰিখন অালফা(স্বা)ৰ ধনদাবী পত্ৰ অাৰু এটা মোবাইল জব্দ কৰে অাৰক্ষীয়ে।

Read More...

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কাকপথাৰত পাতিলে ভেকুলী বিয়া

 বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ কাকপথাৰত পাতিলে  ভেকুলী বিয়া অসম খবৰ @কাকপথাৰ ২৭ জুলাই: খৰাং বতৰে কৃষকলৈ অানিছে নিৰাশাৰ বতৰা।  কাকপথাৰৰ দৰে কৃষি প্ৰধান অঞ্চলত সন্প্ৰতি পানীৰ অভাৱত কৃষকে মুৰে কপালে হাত দিবলগীয়া হৈছে।  শাওন মহীয়া এই সময় ছোৱাত বৰষুণৰ পানীয়ে কৃষকৰ মনলৈ অাশাৰ বতৰা কঢ়িয়াই অানে যদিও বৰষুণ নহাত ভীষন সমস্যাত পৰিছে কাকপথাৰৰ বিভিন্ন গাওঁৰ লগতে বৰালী গাৱঁৰ ৰাইজে ৷  গাঁৱখনৰ প্ৰায় ৯০% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ প্ৰায় কেইবাদিন ধৰি গাৱঁখনত বৰষুণ নহাত খেতি পথাৰত পানীৰ প্ৰয়োজন হোৱাত উপায়ন্তৰ হৈ গাওঁবাসীয়ে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ভেকুলী বিয়াৰ আয়োজন কৰিবলৈ বাধ্য হয়…

Read More...

কাকপথাৰত অালফাৰ ২৭ তম শ্বহীদ দিৱস পালন

কাকপথাৰত অালফাৰ ২৭ তম শ্বহীদ দিৱস পালন কাকপথাৰ ২৭ জুলাই:সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ অালফাৰ ২৭ তম শ্বহীদ দিৱসটি অাজি কাকপথাৰস্থিত অসম নব নিৰ্মান কেন্দ্ৰৰ যুদ্ধ বিৰতি শিবিৰত পালন কৰে।পুৱা ন বজাত অালফা নেতা জিতেন দত্তই পতাকা উত্তোলনেৰে অাৰম্ভ কৰা শ্বহীদ দিৱসটিত অৰ্ধশতাধিক অালফা কেদাৰে অংশগ্ৰহন কৰে।শ্বহীদ দিৱসৰ পতাকা উত্তোলনৰ পিছতেই বন্তি প্ৰজ্বলন অাৰু শ্বহীদ তৰ্পন কাৰ্যসূচী সমাপন কৰে অালফাৰ অন্য এগৰাকী শীৰ্ষ নেতা প্ৰবাল নেওগৰ লগতে অন্টু চাওদাঙে।নেতাগৰাকীয়ে কয় যে ১৯৯৩ চনৰ অাজিৰ দিনটোতে ৰজাবাৰীত পাঁচজনকৈ চহা খেতিয়কক ভাৰতীয় সেনাবাহিনীয়ে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছিল ।এই হত্যাৰ পিছতেই অালফাৰ সাধাৰণ…

Read More...