◆নগাঁৱত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী দিৱস উদযাপন◆দহ দিনীয়াকৈ সজাগতা শিবিৰৰ আয়োজন

  বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ” ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকাৰী দিৱসটি ” নগাঁও আইন মহাবিদ্যালয়ত উদযাপন কৰা হয় । সেই উপলক্ষে আইন মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হয় । সভাখনি সঞ্চালনা কৰে আইন মহাবিদ্যালয়ৰ অধ্যক্ষা সুজাতা ভট্টাচাৰ্যই । সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙ আৰু সমলব্যক্তি হিচাপে উপস্থিত থাকে অধিবক্তাদ্বয় ৰূপালী গোস্বামী আৰু শ্বাহনাজ চুলতানাই উপস্থিত ছাত্র-ছাত্রী সকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়াই। সমগ্ৰ দেশৰ লগতে নগাঁৱটো…

Read More

নগাঁৱত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

   টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বন্ধ সমৰ্থকৰ বন্ধ সমৰ্থকক ব্যৱসায়ীৰ মাৰপি  জাতীয় সংগঠনৰ এজাহাৰ  নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যখনৰ ৪৬ টাকৈ সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত ৷ জিলাখনৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকে৷ বন্ধ সমৰ্থকসকলে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই বন্ধ সফল কৰাৰ চেষ্টা চলায়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নতুন বজাৰত টায়াৰ জ্বলাই…

Read More

অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ নগাঁৱত 

জনশূণ্য ৰাজপথ  ৰাজপথতত বন্ধ সমৰ্থনকাৰীৰ জুই জ্বলাই প্ৰতিবাদ  দোকান-বজাৰ বন্ধ থকাৰ লগতে যান-বাহন চলাচলো বন্ধ থাকে ৰাজপথত 

Read More

নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে নগাঁও জিলাতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ উপৰি আহি থকা দিনত চৰকাৰে পৰিকল্পনা কৰা বিভিন্ন বিভাগৰ আঁ‌চনি সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ ভাষণ প্ৰসংগত বিশ্ব জয় কৰা নগাঁৱৰ ধিঙৰ হিমা দাসকো অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণৰ অন্তত মন্ত্ৰী দত্তই জিলাখনৰ…

Read More

ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ

কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ গোচৰ দিয়াৰ দুদিনৰ পিছত অভিযোগকাৰীয়ে  পুনৰ গোচৰ উঠাই লোৱাৰ আবেদন কেৱল ৰেলতেই স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ হাততেই সুৰক্ষিত নহয় নাৰী।  ক্ৰমবৰ্দ্ধিত নাৰী নিৰ্যাতন, ধৰ্ষণৰ ঘটনাই দেশবাসীক চিন্তিত কৰি তোলাৰ সময়তে ভাৰতবৰ্ষৰ এজন দ্বায়িত্বশীল জ্যোষ্ঠ বিজেপি নেতা তথা মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগে তীব্ৰ জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিত। কেন্দ্ৰীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী কম বয়সীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত যোৱা দুই আগষ্টত এক এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ…

Read More

নগাঁৱত গণশিল্পী সূৰ্য দাস ন্যাস গঠন

নগাঁৱত গণশিল্পী সূৰ্য দাস ন্যাস গঠন   ■ কৃতি ছাত্র-ছাত্রীৰ অভিনন্দন অনুষ্ঠান সম্পন্ন   অসম খবৰ@নগাঁও ,২৯ জুলাই মাটি আৰু মানুহৰ গীত গাই হেজাৰ হেজাৰ গুণমুগ্ধক মুহিত কৰা গণশিল্পী সূৰ্য দাসৰ এটি ন্যাস আজি নগাঁওস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত মুকলি কৰা হয়। ন্যাসৰ দ্বাৰ মুকলি কৰে গণশিল্পী সূৰ্য দাসে। আজি নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ উদ্যোগত ড° আম্বেদকাৰ ভৱনত অনুষ্ঠিত সূৰ্য দাস ন্যাস মুকলি আৰু কৃতি ছাত্র-ছাত্রীৰ বিশেষ সম্বদ্ধনা অনুষ্ঠানত উপষ্ঠিত থাকি বিশিষ্ট কবি, আৰক্ষী বিষয়া নন্দ সিং বৰকলাই কয়– সূৰ্য দাস ব্যক্তি নহয়, এক বিশাল অনুষ্ঠান। আমি অসমীয়া…

Read More

যিকোনো পৰিস্থিতিলৈ সাজু নগাঁও জিলা প্ৰশাসন

এন আৰ চিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিবলৈ             সাজু নগাঁও জিলা প্ৰশাসন   অসম খবৰ নগাঁও, ২৯ জুলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ চূড়ান্ত তথা সম্পূৰ্ণ খচৰা প্ৰকাশ পাবলৈ মাজত মাথোঁ‌ কেইটামান ঘণ্টা বাকী। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰ্তৃপক্ষই সোমবাৰ অৰ্থাৎ ৩০ জুলাইৰ পুৱা ১০ বজাত প্ৰকাশ কৰিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পাব। ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে এই ক্ষণটোলৈ অধীৰ আগ্ৰহৰে বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা…

Read More

নগাঁৱত উন্মোচন ‘আন্ধাৰত পোহৰৰ বাট’

নগাঁৱত উন্মোচন হ’ল ৰামধেনু যুগৰ গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ            ‘আন্ধাৰত পোহৰৰ বাট’ অসম খবৰ নগাঁও, ২৮ জুলাই অসমীয়া সমাজ জীৱনৰ হৃদয়-উদ্বেলক ঘটনা প্ৰৱাহেৰে অনুৰণিত ভিন্ন স্বাদৰ গল্পৰে অসমীয়া গল্প-সাহিত্যক চহকী কৰা তথা ৰামধেনু যুগৰ প্ৰয়াত গল্পকাৰ ৰুদ্ৰ প্ৰসাদ কাকতিৰ গল্প সমগ্ৰ ‘আন্ধাৰত পোহৰৰ বাট’ আজি নগাঁৱত উন্মোচিত হয়। নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱনত বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ নৰেন কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট কবি তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলা আৰু তেখেতৰ পত্নী কবিতা ৰাণী দাসৰ সম্পাদনাত…

Read More

   অসম সাহিত্য সভাৰ আহ্বান

           অসম বিৰোধী শক্তিৰ সকলো চক্ৰান্ত প্ৰতিৰোধ কৰক”        অসম সাহিত্য সভাৰ আহ্বান   ‘অসম খবৰ@নগাঁও, ২৭ জুলাই:- ‘এটা অসম বিৰোধী শক্তিয়ে ৰাজ্যখনত বিভাজনৰ বীজ সিঁচি ৰাজ্যখনৰ শান্তি-শৃংখলা বিঘ্নিত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। বৃহৎ অসমীয়া জাতিক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি জাতিটোক শক্তিহীন কৰিবৰ বাবেও ষড়যন্ত্ৰ কৰি আহিছে। সম্প্ৰতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণত বাধা দিবলৈ ৰাষ্ট্ৰৰ ভিতৰে-বাহিৰে ন ন ষড়যন্ত্ৰ ৰচনা কৰিছে এই অসম বিৰোধী শক্তিটোৱে।”-এই মন্তব্য অসম সাহিত্য সভাৰ। সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আজি এক বিবৃতি যোগে…

Read More