নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জামুগুৰিহাটত অৱস্থান ধৰ্মঘট

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি বাঁও গণতান্ত্ৰিক মৰ্চা – চি. পি. আই , চি. পি. আই (এম) জামুগুৰি , উওৰ জামুগুৰি আঞ্চলিক কমিটিৰ সহযোগত “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” বাতিলৰ দাবীত আজি দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে CPI দলে জামুগুৰিহাটৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কৰে ৷ আনহাতে একাংশ লোকে ব্যক্ত কৰে যে – এই আইন গৃহীত হলে আমি যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বাধ্য হম , তাৰোপৰি এই আইন গৃহীত হলে জাতি , মাটি আৰু কৃষ্টি-সংস্কৃতিৰ ওপৰতো বিৰোপ প্ৰভাৱ পৰিব বুলি মতপ্ৰকাশ কৰে ৷ গতিকে ” নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ” গৃহীত…

Read More

ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলৰ পদত্যাগ

 আজি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিত পেটেলে RBI ৰ পৰা পদত্যাগ কৰে ৷ ২০১৬ চনৰ আগষ্ট মাহত RBI ত গৱৰ্ণৰ হিচাপে নিযুক্তি হৈছিল উৰ্জিত পেটেলৰ ৷ পেটেলে মতপ্ৰকাশ কৰে যে সম্পূৰ্ণ ব্যক্তিগত কাৰণত RBI ৰ পৰা পদত্যাগ কৰে উৰ্জিত পেটেলে ৷ দেশত বিমুদ্ৰাকৰণ হৈছিল পেটেলৰ দিনতেই ৷ কেন্দ্ৰীয় চৰকাৰৰ সংঘাতৰ পৰিণতি পদত্যাগ উৰ্জিত পেটেলৰ।

Read More

জামুগুৰিহাটৰ টৌভঙাত শোকাৱহ পথ দুৰ্ঘটনা, থিতােত নিহত দুজন ,আহত ১

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ জামুগুৰি আৰক্ষী থানা অন্তৰ্গত টৌভঙাত আজি দুপৰীয়া প্ৰায় ১২ মান বজাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত পথ দুৰ্ঘটনাত গুণগুণ নামৰ আলট্ৰা বাছ খনে AS 12L 4723 নম্বৰৰ তিনিজনীয়া পৰিয়াল এটা গৈ থকা বাইক খনক মুহতিয়াই নিয়ে ৷ জানিবপৰামতে বাইক খনত দূৰ্গা শৰ্মা (পিতৃ), অৰুণা শৰ্মা (মাতৃ)আৰু প্ৰণৱ শৰ্মা (পুত্ৰ) তিনিজনীয়া পৰিয়ালটি বাইক খনত তেজপুৰ অভিমুখে গৈ থকা অৱস্থাতে বাছ খনে মহতিয়াই নিয়ে আৰু লগেলগেই পিতৃ আৰু পুত্ৰৰ আকস্মিকভাৱে মৃত্যু ঘটে আৰু মাতৃৰ সংকতজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৷ জামুগুৰিহাটৰ ৰঙাচুকুৱা নিকতবৰ্ওী…

Read More

খনামুখ – তেজপুৰ সংযোগী পথৰ দুৰৱস্থা

 শোণিতপুৰ জিলাৰ অধিনস্থ ৰঙাপাৰা আৰু তেজপুৰ সমষ্টিৰ সংযোগী খনামুখ হৈ তেজপুৰ বিশ্ববিদ্যালয় হৈ তেজপুৰৰ পৰোৱা চাৰিআলিত ওলোৱা এই পথ ছোৱা অতি স্পৰ্শকাতৰ হৈ আছে ৷ ৰাজ্যৰ গড়কাপ্তানি বিভাগে এই পথছোৱা মাজে সময়ে মেৰামতি কৰে বুলি সাধাৰণ ৰাইজে কৈছে যদিও সেই পথ দীৰ্ঘস্থায়ী নহয় আৰু বাৰিষা অহা লগে লগে ৰাইজে অহাযোৱা এই পথছোৱাৰ বাবে জীয়াতু ভুগিব লগীয়া হয় ৷ গতিকে চৰকাৰ খনক ৰাইজে এই পথছোৱা অতি সোনকালে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুগম কৰি তুলিবলৈ দাবী জনাইছে।

Read More

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পন্ন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ আগশাৰী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুস্থিত হৈ যায় ৷ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত জয়ী প্ৰাৰ্থী সকল ক্ৰমে – সাধাৰণ সম্পাদক পদত ৰিদিপ ৰিয়ন ওজা ,সহ: সাধাৰণ সম্পাদক বেদান্ত বনিয়া , সাংস্কৃতিক সম্পাদিকা বিনিতা দেৱী , সমাজ সেৱাত পৰি দাস, ক্ৰীড়াত মনালিছা বৰুৱা , অধ্যয়ন চক্ৰত শৈৱাল হাজৰিকা , আলোচনী সম্পাদিকা জয়শ্রী হাজৰিকা , উৎসৱ বিভাগত নিলোৎপল শইকীয়া , ছাত্ৰ জিৰণি কোঠা সম্পাদক বিজিত দাস , ছাত্ৰী জিৰণি কোঠা মনালিছা নেৱাৰ৷ আনহাতে প্ৰতিদ্বন্দিতা অগবঢ়োৱা ABVP আৰু NSUIৰ বিপৰীতে…

Read More