মঙলদৈৰ বনমালী শৰ্মালৈ ভূপেন হাজৰিকা প্ৰেৰণা বটাঁ ২০১৮

 মঙলদৈৰ উদীয়মান সাংস্কৃতিক কৰ্মী, উদ্যামী যুৱ সংগঠক তথা দৰং জিলা পৰিষদৰ তদানীন্তন জিলা আঁচনি বিষয়া ছিপাঝাৰৰ ঐতিয্যমণ্ডিত নাৰিকলি গাঁওৰ বনমালী শৰ্মালৈ সাৰে গামা সুৰ বাহিনী অসমে আগবঢ়াইছে ” ভূপেন হাজৰিকা প্ৰেৰণা বঁটা ২০১৮ ” । সাৰেগামা সুৰ বাহিনীৰ সৈতে জাতীয়তাবাদী গণ সন্মিলন অসমে যৌথভাৱে প্ৰদান কৰিবলগীয়া এই বটাঁটি অহা ৪ নৱেম্বৰত গুৱাহাটীস্থ বি বৰুৱা কেন্সাৰ হস্পিতালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত সাংস্কৃতিক কৰ্মী বনমালী শৰ্মাক উক্ত বঁটাটি প্ৰদান কৰা হব বুলি সাৰেগামা সুৰ বাহিনীৰ সঞ্চালক সোনমণি দত্ত, জাতিয়তাবাদী গণ সন্মিলনীৰ আহবায়ক পদুম নাথ, খনিন দাস আৰু আকাশ জ্যোতি বৰাই…

Read More...

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন উজ্জ্বল জোতি ডেকা মঙলদৈ    সুৰ্দীঘ ৩৮ বছৰৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত  অসমীয়া জাতিয়ে নানা ঘাট প্ৰতিঘাটৰ বিনিময়ত লাভ কৰিবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব ৩০ জুলাইৰ পুৱা ৯ বাজি ৪৫ মিনিটত। অসমীয়াই উদগ্ৰীৱ হৈ মাথো ৰৈছে ঐতিহাসিক ৩০ জুলাইৰ পুৱালৈ। অসমীয়া সমাজ জীৱনত বিদেশীয়ে ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে অসমৰ খিলঞ্জীয়াৰ বাবে অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছিল।   ১৯৭৮ চনত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ সেইসময়ৰ আন্ত:মঙলদৈ ছাত্ৰ সন্থাই প্ৰথম অসমত…

Read More...