জামুগুৰিহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ মুণ্ডনৰে প্ৰতিবাদ, অসম জ্বলোৱাৰ হুংকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত জামুগুৰিহাতটো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷আজি জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক সমিতিয়ে সমুহীয়া মুণ্ডনৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুণ্ডন কাৰ্যসুচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ শইকীয়াই কয় কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব ৷ সময় থাকোতেই চৰকাৰে বিধেয়ক বাতিল কৰক ৷অন্যথা অসম জ্বলি যাব ৷ যুৱ-ছাত্ৰৰ এই প্ৰতিবাদী কাৰ্যসুচীত মুণ্ডন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে যুৱ-ছাত্ৰৰ জামুগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা ,উপসভাপতি সঞ্জীৱ দাস উপদেষ্টা বিশ্বজিৎ…

Read More

জামুগুৰিহাটত বৃহৎ পৰিমাণৰ চুলাই-মদ নষ্ট

জামুগুৰিহাটত অবৈধ সুৰাৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান৷যোৱা কিছুমাহ ধৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অৰুণাচলী সুৰা আৰু দেশীয় অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই অঞ্চলটোত বৃহৎ পৰিমাণৰ সুৰা জব্দ আৰু নষ্ট কৰাৰ দৰেই কালি নিশাও জামুগুৰি আৰক্ষীয়ে সুৰাবিৰুধী অভিযান চলাই প্ৰায় হাজাৰোধিক লিটাৰ দেশীয় সুৰা নষ্ট কৰিবলৈ সক্ষম হয়৷ জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ এৰাবাৰী,আমদৰা,হকমা আদি অঞ্চলসমুহত দীৰ্ঘদিন ধৰি চলি থকা দেশীয় সুৰাৰ বৃহৎ চুলাই ভাটি কালি নিশা জামুগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ মেধিৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অতৰ্কিতে অভিযান চলাই চুলাই ভাটিসমুহ ভাঙি পেলোৱাৰ লগতে ১২শ লিটাৰ চুলাই নষ্ট কৰে৷উল্লেখ্য যে…

Read More

বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ অকাল মৃত্যু,ডেংগু ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোৱালী ল’লে জামুগুৰিহাটৰ এগৰাকী যুৱকে

আৰ্থিক অনাতনৰ বাবেই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা জামুগুৰিহাটৰ ধোবাকটা বামুণ গাঁৱৰ এগৰাকী অমায়িক যুৱকৰ অকাল মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটিত৷ধোবাকটা বামুণ গাঁৱৰ প্ৰয়াত লক্ষণ তাঁতিৰ দ্বিতীয় পুত্ৰ দুলাল তাঁতি(২৮) দুবছৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সঁকাহ দিয়াৰ উদ্দেশ্যৰেই পুণেস্থিত কোম্পানীত কৰ্মৰত হৈ আছিল৷ কিন্তু কিছুদিন পূৰ্বে ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা দুলালে পুণেতেই চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ নকৰাত নিজ গৃহলৈ উভতি আহিছিল৷কিন্তু ক্ৰমাৎ ৰোগ উপশম নোহোৱাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত ডেংগুৰ উপস্থিতি ধৰা পৰে দুলালৰ দেহত৷তাৰপিছতো চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধে গুৰুত্বৰ ৰূপ…

Read More

নাগশংকৰত বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা কৃষ্ণ ঘাটোৱাৰে কংগ্ৰেছ দলত যোগদান কৰে৷ যোৱা শুকুৰবাৰে চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ উপস্থিতিত ঘাটোৱাৰৰ লগতে বিজেপিৰ একাংশ দলীয় কৰ্মীয়েও কংগ্ৰেছ দলত যোগদান কৰে৷ আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত কৃষ্ণ ঘাটোৱাৰে জিলা পৰিষদ নতুবা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে বুলি এক প্ৰেছ বিবৃতিৰ যোগে উত্তৰ নাগশংকৰ মণ্ডল কংগ্ৰেছ কমিতিৰ সভাপতি মঃ চামচিৰ আলমে জানিবলৈ দিয়ে৷  

Read More

●জামুগুৰিহাটত পুৱতি নিশা পথ দূৰ্ঘটনা ● গুৰুতৰভাৱে আহত আছুৰ ৫ গৰাকীকৈ সদস্য

জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত গুৱাহাটীৰ দিছপুৰ লাষ্টগেটত ২৮টা সংগঠণে গ্ৰহণ কৰা “সকীয়নি বিক্ষোভ” কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতিনিশা সংঘটিত হয় এক পথ দূৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ৫ গৰাকীকৈ বিষয়ববীয়া৷নিজৰ গৃহভুমি বিশ্বনাথ চাৰিআলিলৈ AS12K 6291 নম্বৰৰ চুইফট ডিজায়াৰ গাড়ীৰে উভতি অহাৰ পথতেই পুৱতি নিশা প্ৰায় ৩ বজাত বিপৰীত দিশত থকা AS27 C 2817 নম্বৰৰ এখন বলেৰ’ পিক আপ ভানত খুন্দা মৰাৰ ফলত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাষ্কৰ চামুৱা,সম্পাদক কৌস্তভমণি দাধৰা,উপ সভাপতি সুৰজ ভূঞা,সাংগঠণিক সম্পাদক…

Read More

উচ্চ শব্দ সৃষ্টিকাৰী বাইক আৰোহীৰ বাবে সমস্যাত জামুগুৰিহাটবাসী

জামুগুৰিহাটত উচ্চ শব্দ প্ৰাবল্য সৃষ্টিকাৰী বাইক আৰোহীয়ে সমস্যাত পেলাইছে ৰাইজক শোণিতপুৰ জিলাৰ জামুগুৰিহাটত একাংশ বাইক চালকৰ অতপালি আৰু বাইকৰ বিকট শব্দই এতিয়া অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক৷বিকট শব্দৰে তীব্ৰ গতিত বাইক চলোৱাৰ ফলত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ৷জামুগুৰিহাট,কুসুমটোলা,ইটাখোলা আদি স্থানৰ লগতে ভিতৰুৱা স্থানতো এইসকল বাইক চালকৰ বাইকৰ বিকট শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ ফলত হৃদৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ জীৱণলৈও নামি আহিছে ভাবুকি৷ইয়াৰোপৰি গ্ৰামাঞ্চলৰ বহুতো ভিতৰুৱা স্থানত থকা বিদ্যালয়সমুহৰ কাষৰ পথেদি যেতিয়া উচ্চ প্ৰাবল্যৰ শব্দৰ সৃষ্টি কৰি এইসকল বাইক চালকে তীব্ৰ গতিত অহা যোৱা কৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী…

Read More

মেধাৱী ছাত্ৰক সহায়ৰ হাত চিকিৎসক ডাঃ কল্লোল ভূঞাৰ

মেধাৱী ছাত্ৰ জ্ঞানদ্বীপক সহায়ৰ বাবে আগবাঢ়ি আহিছে চিকিৎসক ডা.কল্লোল ভূঞা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১.৩ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ বৰ্তমান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত “অংক”ত মূখ্য বিষয় হিচাপে লৈ নামভৰ্তি কৰি শিক্ষাজীৱন আগবঢ়াই নিবলৈ গৈ আৰ্থিক দুৰৱস্থাৰ বাবেই গভীৰ অনিশ্চয়তাত পৰা জামুগুৰিহাটৰ ওপৰ টলকাবাৰী গাঁৱৰ কৃষক ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ জ্ঞানদ্বীপ বৰাৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই অজস্ৰজন আগবাঢ়ি আহিছে দূৰ্ভগীয়া মেধাৱী ছাত্ৰজনক সহায়ৰ হাত আগবঢ়াবলৈ৷ইতিমধ্যে তেজপুৰস্থিত বে-চৰকাৰী স্বেচ্চাসেৱী সংগঠণ ৰক্তদাতা(এইচ.বি.এছ.);টেট শিক্ষক আশীষ প্ৰবাল হাজৰিকাকে ধৰি জামুগুৰিহাটৰ বহুকেইগৰাকী শুভাকাংক্ষীয়ে মেধাৱী দৰিদ্ৰ ছাত্ৰগৰাকীক আৰ্থিক সহায় আগবঢ়োৱাৰ পিছতেই আজি বিশ্বনাথ চাৰিআলিৰ…

Read More