কলিয়াবৰত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সংবাদ মেল

যোৱা আঠ আগষ্ট তাৰিখে কলিয়াবৰৰ কুঁৱৰীটোলস্থ মুক্তি যুঁজাৰু ভৱনত জলসম্পদ মন্ৰী কেশৱ মন্তই বিতৰণ কৰা বান সাহায্যৰ ব্যাপক খেলিমেলি সৃষ্টি হোৱা ঘটনাক লৈ আজি মন্ত্ৰী কেশৱ মহন্তই এখন সংবাদ মেল সম্বোধন কৰে উলুৱনী আৱৰ্তভৱনত। সংবাদ মেলত বান সাহায্য বিতৰণত ব্যাপক খেলিমেলি হোৱা বিষয়টোত স্বীকাৰ কৰি দুখ প্ৰকাশ কৰে আৰু এই বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ হয় আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে  নগাঁও জিলাৰ উপায়ুক্ত আৰু ৰাজহ বিভাগৰ যুটীয়া সচিবে ইতিমধ্যে ঘটনাৰ বিষয়ে বুজ লয়। প্ৰকৃত ক্ষতিগ্ৰস্তসকল যাতে সাহায্যৰ পৰা বঞ্চিত নহয় তাৰ বাবে একোজনকৈ বিষয়াক এখন বা একাধিক গাঁৱৰ দায়িত্ব দি ক্ষতিগ্ৰস্ত…

Read More

প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা প্ৰদীপ লস্কৰ,কলিয়াবৰ জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া । দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত…

Read More

বানত ক্ষতিগ্ৰস্থ লোকক বান সাহাৰ্য্য প্ৰদান মন্ত্ৰী কেশৱ মহন্তৰ

কলিয়াবৰ 4948 টা পৰিয়াললৈ বান সাহাৰ্য্য প্ৰদান কলিয়াবৰ : বহু জল্পনা-কল্পনাৰ অন্তত 2017 চনৰ 12 আগষ্টত মাথাউৰী ভাঙি সৃষ্টি কৰা প্ৰলয়ংকাৰী বানত খতিগ্ৰস্ত  লোকক  আজি  কুঁৱৰীটোলস্থিত মুক্তিযুঁজাৰু ভৱনত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বান সাহাৰ্য্যৰ চেক বিতৰণ কৰে। মুঠ 4948 টা পৰিয়ালক 8 কোটি 86 লাখ 72 হাজাৰ 100 টকা বিতৰণ কৰে। কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সহাৰ্য্য বিতৰণ সভাখনত দহ গৰাকী বানত ক্ষতিগ্ৰস্ত লোকক আনুষ্ঠানিক ভাবে চেক প্ৰদান কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে এই সাহাৰ্য্যই বানত ক্ষতিগ্ৰস্থ লোকক কিছূ পৰিমাণে সকাহ দিব পাৰিব। লগতে তেও বন্ধ কলঙখন…

Read More