ডিব্ৰুগড় জিলাৰ ১১৫ নং মৰাণ বিধানসভা সমষ্টি অন্তৰ্গত নাহৰণি পঞ্চায়তত অসম গণ পৰিষদৰ শক্তিশালী স্থিতি

সমগ্ৰ ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতৰ । ১১৫নং মৰাণ বিধানসভা সমষ্টি অন্তৰ্গত নাহৰণি পঞ্চায়তত এই বাৰ আগৰ তুলনাত অসম গণ পৰিষদৰ যথেষ্ট শক্তিশালী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। নাহৰণি পঞ্চায়ত আগৰ কংগ্ৰেছৰ অধীনত আছিল যদিও বহু কৰ্মত দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিল। বিভিন্ন জনৰ ইন্দিৰা গান্ধী অৱাস যোজনা অধীনত পোৱা গৃহ নামত দুৰ্নীতি হৈছিল। নাহৰণি পঞ্চায়তত বিজেপি ভেটী আগৰ পৰাই দুৰ্বল। এইবাৰো বিজেপি দলটো স্থিতি দুৰ্বল। নাহৰণি পঞ্চায়তত বিজেপি দলটোৰ জিলা পৰিষদ প্ৰাৰ্থী শ্ৰীমতী মামু হাজৰিকা, সভাপতি কলপেন্দ্ৰ কোঁৱৰ আৰু সদস্যা ৰাজশ্ৰী শ‌ইকীয়াই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। অসম গণ পৰিষদৰ হৈ জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে…

Read More...

অধ্যক্ষাক বিদ্যালয়ত প্ৰৱেশৰ বাধা খোৱাং আছুৰ

খোৱাং আছুৱে খোৱাং পিথুবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা মীনা দেৱীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ জুলাইত অধ্যক্ষা মীনা দেৱীয়ে অসমীয়া জাতি বিৰুদ্ধে বিৰুপ মন্তব্য আগবঢ়ায়ইছিল। বিগত তিনিমাহ ধৰি খোৱাং আছুৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে যদিও ডিব্ৰুগড় জিলা প্ৰশাসন তথা শিক্ষা বিভাগে অধ্যক্ষা গৰাকী ওপৰত কোনো দৃষ্টান্ত মূলক ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে খোৱাং আছুৱে।

Read More...

মৰাণত বন্ধৰ প্ৰভাৱ ৰ্সবাত্মক

আজি ৪৩ টা সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত দিয়া ১২ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় জিলাৰ মৰাণ আৰু তিলৈনগৰত ৰ্সবাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। নিৰাপত্তা বাহিনীয়ে বন্ধ সৰ্মথক সকলে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্ধৰ সময়ছোৱাত সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত কোনো যান-বাহন দেখিবলৈ পোৱা নাই। বাতৰি সংগ্ৰহ কৰা সময়লৈকে এই অঞ্চলত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই।

Read More...