ৰাজ্যত নতুনকৈ ঠন ধৰি উঠিবলৈ আৰম্ভ কৰা থলুৱা লোকৰ অৰ্থনৈতিক আন্দোলনটোক কোনোবাই কলিতে মোহাৰি পেলাবলৈ বিচাৰিছে নেকি?

  Manorom Gogoi মৃণাল হাজৰিকাই অস্ত্ৰ এৰি অৰ্থনৈতিক আন্দোলনত নতুন প্ৰজন্মক জড়িত কৰাবলৈ চেষ্টা চলাই আহিছে। সশস্ত্ৰ সংগ্ৰামী হৈ থকা সময়ত তেওঁক এবাৰো লগ পোৱা নাছিলোঁ যদিও যোৱা কিছু বছৰৰ পৰা হাজৰিকাই কৰ্ম-সংস্কৃতিৰ মাজেৰে অসমীয়া যুৱক-যুৱতীয়ে কিদৰে এখন আপোচহীন অৰ্থনৈতিক সংগ্ৰামত জড়িত হোৱা উচিত, সেই সন্দৰ্ভত কাম কৰি অহা দেখিছিলোঁ। অসমৰ বিভিন্ন ঠাইত “থলুৱা সম্পদেৰে থলুৱা অৰ্থনীতি ” শীৰ্ষক আলোচনা-চক্ৰ তথা কৰ্মশালাত তেখেতৰ সৈতে মই নিজেও উপস্থিত আছিলোঁ। একেদৰে জিতেন দত্তইও কিছুদিনৰ পৰা অসমৰ ব্যবসায়-বাণিজ্যত থলুৱা যুৱক-যুৱতীৰ অংশগ্ৰহণৰ সপক্ষে হাতে-কামে লাগি পৰা দেখিছোঁ। কণী, মাছ, মাংস আদিৰ ব্যৱসায়ত অসমীয়া যুৱকক…

Read More...