প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতি

দীৰ্ঘদিন ধৰি এইমছত ভৰ্তি হৈ থকা প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অৱনতি ঘটিছে।  বিগত তিনি দিন ধৰি তেওঁক ভেন্টিলেটেৰত ৰখা হৈছিল। বুধবাৰে এইমছৰ নিৰ্দেশকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত হয়। বুধবাৰে পুৱাৰ পৰাই অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকজনক । এইমছৰ  বিশেষজ্ঞ চিকিৎসকৰ দল এটাই বাজপেয়ীৰ স্বাস্থ্যৰ অহৰ্নিশে পৰ্যবেক্ষণ কৰি আছে।  এইমছৰ নিৰ্দেশক ডাঃ ৰণদীপ গুলেৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে সাক্ষাৎ কৰিবলৈ যায় আৰু মোদীক অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ সম্বন্ধীয় তথ্যৰ বিষয়ে অৱগত কৰায়।

Read More...

স্বাধীনতা…

“স্বাধীনতা দিৱস”  বৰ্ণালী কলিতা, গুৱাহাটী   ১৫ আগষ্ট ১৯৪৭ চন। এই দিনটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে খোদিত কৰা হৈছে। সেইদিনাই আমাৰ দেশত ব্ৰিটিছ শাসনৰ অন্ত পৰি আৰম্ভ হৈছিল স্বাধীন ভাৰতৰ এক নতুন দিগন্তৰ। মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ বাবে প্ৰায় ২০০ বছৰ কাল ৰাজত্বৰ অন্তত ব্ৰিটিছৰ গোলামীৰ পৰা ভাৰতে মুক্ত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টৰ এই সৌভাগ্যশালী দিনটো। এই দিনটোৰ সাক্ষী হৈছিল ৪৫ কৌটি ভাৰতীয়ই। দেশৰ স্বাধীনতাৰ অর্থে ভাৰতমাতাৰ অসংখ্য সন্তানে প্ৰাণ আহুতি দিছিল ব্ৰিটিছৰ বিৰুদ্ধে চলা স্বতন্ত্ৰতাৰ এই সংগ্ৰামখনত। স্বতন্ত্ৰতা সংগ্ৰামৰ নেতৃত্ব মহা-মানৱ মহাত্মা গান্ধীকে আদি কৰি বহু নেতাই আৰু…

Read More...

স্বতন্ত্ৰতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ “ৰাষ্ট্ৰধ্বজ”ক লৈ দেশবাসীলৈ আহ্বান

দেশৰ ৭১ তম স্বাধীনতা দিৱসৰ আগমুহূর্তত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীলৈ দেশৰ ৰাষ্ট্ৰীয় পতকাখনক লৈ এক আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশবাসীক প্লাষ্টিকৰে নিৰ্মিত “ৰাষ্ট্ৰধ্বজ” ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শ জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কয় যে, ” ৰাষ্ট্ৰধ্বজা ভাৰতবাসীৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ৰাষ্ট্ৰধ্বজাখনে সন্মানজনক স্থান পোৱা দৰকাৰ।” গৃহমন্ত্ৰালয়ে লগতে এইটোও উল্লেখ কৰে যে, মহত্বপূৰ্ণ কাৰ্য্যক্ৰমসমূহত কাগজেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ সলনি প্লাষ্টিকেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। নিৰ্দেশনাত উল্লেখ কৰিছে যে, প্লাষ্টিকৰ পতকা কাগজৰ পতকাসমূহৰ দ্বাৰা জৈৱিক ৰূপেৰে অপঘটিত হোৱা…

Read More...

লোকসভা প্ৰাক্তন সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু

বিগত ৪০ দিন ধৰি চলি থকা চিকিৎসাৰ অন্তত সোমবাৰে পুৱাৰ ভাগত প্ৰাক্তন লোকসভা সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৯ বছৰ। চেটাৰ্জী ১৪ তম লোকসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ লগতে ১০ বাৰ সাংসদ ৰূপেও নিৰ্বাচিত হৈছিল । সোমনাথ চেটাৰ্জী সম্বন্ধীয় কেইটামান বিশেষ তথ্য:- ১. সোমনাথ চেটাৰ্জীৰ জন্ম ১৯২৯ চনৰ ২৫ জুলাইত অসমৰ তেজপুৰত। তেখেতৰ পিতৃ নিৰ্মল চন্দ্ৰ চেটাৰ্জী আৰু মাতৃ বিনাপানী দেৱী। নিৰ্মল চন্দ্ৰ চেটাৰ্জী এজন অধিবক্তা তথা অখিল ভাৰতীয় হিন্দু মহাসভাৰ লগত জড়িত আছিল। ২. তেখেতে কলকাতা আৰু ব্ৰিটেইনত শিক্ষা লাভ কৰিছিল। তেখেতে ব্ৰিটেইনৰ…

Read More...

পাকিস্তানৰ কয়লা খনিত ভয়ংকৰ গেছ বিস্ফোৰণ: নিহত ৪

নিউজ ডেস্ক@নতুন দিল্লী: সোমবাৰে দিনৰ ভাগত পাকিস্তানৰ সঞ্জদী গাঁৱৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ গেছ বিস্ফোৰণ। গেছ বিস্ফোৰণটোৰ ফলত খনিতটোত কৰ্মৰত ৪ জন কৰ্মী নিহত হোৱাৰ লগতে অন্য ১৩ জন কৰ্মী এতিয়াও কয়লা খনিটোত আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। বিস্ফোৰণটো পাকিস্তানৰ কেৱতা চহৰৰ পৰা প্ৰায় ৫০ কি:মি: দূৰত স্থিত সঞ্জদীত গাঁৱত সংঘটিত হৈছে। দেশখনৰ স্থানীয় আৰক্ষী অধীক্ষক ৱজীত খানে জনোৱা অনুসৰি কয়লা খনিটোত মিথেন গেছৰ প্ৰভাৱৰ ফলতে বিস্ফোৰণটো সংঘটিত হয় বুলি জনায়। আৰক্ষী অধীক্ষক ৱজীত খানে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে যদিও…

Read More...

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৰণ , পাছত হত্যা

নিউজ ডেস্ক@সোমবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ কেইবাটাও ঠাইত গুলিৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হোৱা দেখা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি উক্ত মৃতদেহটো জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ গুলজাৰ আহমদ ভট নামৰ ব্যক্তিগৰাকী বুলি চিনাক্ত কৰা হৈছে । উল্লেখ যে, দেওবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ পৰা সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা অপহৰণ কৰি কৰিছিল আৰু পাছত ব্যক্তিগৰাকীক গুলিয়াই হত্যা কৰে। আৰক্ষী প্ৰশাসনে জনোৱা মতে, দেওবাৰে নিশা পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা প্ৰথমে অপহৰণ কৰিছিল। ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি…

Read More...

লোকসভাত এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত হেঁচা…

Read More...

লোকসভাত এছ.চি/এছ.টি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

নিউজ ডেস্ক@এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত…

Read More...

ছত্তিশগড়ত সংঘৰ্ষ: সুৰক্ষাকৰ্মীৰ হাতত নিহত ১৪ মাওবাদী

নিউজ ডেস্ক@ ছত্তিশগড়ৰ সুকুমা জিলাত সোমবাৰে পুৱা সুৰক্ষাকৰ্মীৰ লগত হোৱা এক সংঘৰ্ষত ১৪ টা মাওবাদী নিহয় হয়। আৰক্ষী আৰু সুৰক্ষাকৰ্মীৰ এক যুটীয়া অভিযানত নিহত হয় মাওবাদীকেইটা। এই সংঘৰ্ষটো সুকুমা জিলাৰ গোলাপল্লী আৰু কোন্টা থানা ক্ষেত্ৰৰ মাজত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষী উপ নিৰীক্ষক(নক্সল ৰোধী অভিযান) সুন্দৰৰাজ পিয়ে জনোৱা মতে, ৰায়পুৰৰ পৰা কমেও ৫০০ কি:মি দূৰত্বত অৱস্থিত দক্ষিণ সুকুমাৰ এখন জঙ্গলত সংঘটিত হোৱা সংঘৰ্ষস্থলীৰ পৰা এই পৰ্য্যন্ত ১৪ টা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে তেওঁ উল্লেখ কৰে যে, সংঘৰ্ষস্থলীৰ পৰা কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে। সুৰক্ষাকৰ্মীয়ে সমগ্ৰ অঞ্চলটো ভালদৰে…

Read More...

চাইবেৰিয়াৰ বাণিজ্যিক কেন্দ্ৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড

ৰুচ দেশৰ চাইবেৰিয়াত সোমবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডটো চাইবেৰিয়া চহৰৰ এটা বাণিজ্যিক কেন্দ্ৰৰ ৪ৰ্থ মহলাত ঘটে। এই ভয়ংকৰ অগ্নিকাণ্ডটোত কেইবাটাও পৰিয়ালৰ সদস্যই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়। এই জুই ইমানে ভয়ানক আছিল যে নিমিষতে ছাই হৈ পৰে বাণিজ্যিক কেন্দ্ৰটোৰ ৪ৰ্থ মহলাটো। বহু সময়ৰ যুজঁৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নির্বাপিত কৰিবলৈ সক্ষম হোৱাৰ পাছত আৰম্ভ হোৱা তদন্তৰ অন্তত কেইবাটাও আচৰিত তথা আবেগিক তথ্য পোহৰলৈ অহা পৰিলক্ষিত হয়। এই দুৰ্ঘটনাটোত নিজৰ প্ৰাণ হেৰুৱাসকলৰ ভিতৰত সৰহ সংখ্যক স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে। আৰক্ষীৰ তদন্তৰ সময়ত…

Read More...

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ বেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ শনিবাৰে এখন কাৰ্যসূচী চলি থকা সময়তে তেওঁৰ ওপৰত হোৱা এক আক্ৰমণত কথমপি ৰক্ষা পৰে। মাদুৰো শনিবাৰে ৰাজধানী কৰাকচত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ ৮১ তম বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এক সমাৰোহত ভাষণ দি থকাৰ সময়তে সংঘটিত হয় এটা প্ৰকাণ্ড বিস্ফোৰণ। মুহূৰ্ততে সভাখনত উপস্থিত লোকসকলৰ মাজত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি গৰাকীৰ অংগৰক্ষকে তেওঁৰ সম্মুখত বেলিষ্টিক ঢাল লৈ থিয় হয় আৰু মাদুৰোক ঘটনাস্থলীৰ পৰা তুৰন্তে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। উক্ত বিস্ফোৰণটোত মুঠ ৭ জন সেনা জোৱান আঘাত হোৱা…

Read More...

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা গুৱাহাটী মহানগৰীৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাৰ। অনুষ্ঠানটোত বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীখন। ২০০০ চনতে প্ৰতিষ্ঠিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো বিজ্ঞান দিৱস উদযাপনৰ অংশ হিচাপে ৪ আগষ্ট তাৰিখে শনিবাৰে বিজ্ঞান প্ৰদৰ্শনী কাৰ্যসূচীটো অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ বিজ্ঞান বিভাগৰ শিক্ষক হেমেন বৈশ্যৰ তত্বাৱধানতে প্ৰায় ১৫০ টা…

Read More...

কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ পদত অসম সন্তান হৃষীকেশ ৰয়

কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰিব অসম সন্তান হৃষীকেশ ৰয়ে এইবোৰ কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব গৈ আছে অসমৰ আন এগৰাকী সুযোগ্য সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়। কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ ৰূপে নিযুক্তি লাভ কৰিছে ন্যায়াধীশ ৰয়ে। ৰয়ক শুকুৰবাৰে কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দায়িত্বভাৰ গটাই দিয়ে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰয়ৰ নিযুক্তি পত্ৰত সাক্ষৰ প্ৰদান কৰি ন্যায়াধীশৰূপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কৰ্মৰত আছিল ৰয়। চলিত বৰ্ষৰ ২৮ মে’ত তেওঁক কেৰেলা উচ্চ উচ্চ ন্যায়ালয়ললৈ বদলি কৰা হৈছিল। তাৰপাছত মে’…

Read More...

জম্মু-কাশ্মীৰত ভাৰতীয় সুৰক্ষাবাহিনীৰ হৈয়ে সন্ত্ৰসবাদীৰ সংঘৰ্ষ: নিহত ৪ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত নিহত ৪ সন্ত্ৰাসবাদী আজি পুৱাৰ ভাগত দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাৰ কিলৰা গাঁৱত ভাৰতীয় সুৰক্ষাবাহিনী আৰু সন্ত্ৰাসবাদীৰ এটা দলৰ মাজত এক তুমূল সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত ৪ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে ৰাতিয়ে গাঁওখনত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সম্ভেদ পোৱাৰ হোৱাৰ পিছতে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি অভিযান আৰম্ভ কৰিছিল। তাৰপাছতে আৰম্ভ হৈছিল সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। শুকুৰবাৰে ৰাতি হোৱা সংঘৰ্ষত এজন সন্দেহ জনক সন্ত্ৰাসবাদী নিহত হয়। পাছত সন্ত্ৰাসবাদীটো লস্কৰ-এ-তৈয়াব্বা বাহিনীৰ সদস্য উমৰ মালিকৰ বুলি…

Read More...

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ অসম খবৰ বৰ্ণালী কলিতা গুৱাহাটী, আগষ্ট-০৩: দেশত ভয়াবহ ৰূপত বৃদ্ধি পাই আহিছে কিকিৰ সন্ত্ৰাস। ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ। কিকিৰ চেলেঞ্ছৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ সমান্তৰালকৈ বঙ্গালুৰু আৰক্ষীয়েও জাৰি কৰিছে সতৰ্কবাণী। এই চেলেঞ্ছৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ প্ৰশাখনে। উল্লেখ যে, কিকিৰ এই চেলেঞ্ছৰ বাবে দেশত এতিয়ালৈ সংঘটিত হৈছে বহু দুৰ্ঘটনা। ৰাজ্য দুয়োখনৰ সুৰক্ষা দিশটোৰ ফালে লক্ষ্য ৰাখিয়ে প্ৰশাখনৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। বৃহস্পতিবাৰে বেংগালুৰু আৰক্ষীয়ে অফিচিয়েল টুইটাৰ যুগে টুইট কৰি জনাই যে, “যদি কোনো লোকে কিকিৰ চেলেঞ্ছ লৈ…

Read More...