প্ৰাক্তন প্ৰধানমন্ত্ৰৰ বিয়োগত শোক প্ৰকাশ

প্ৰাক্তন প্ৰধানমন্ত্ৰৰ বিয়োগত শোক প্ৰকাশ   অসম খবৰ,  ১৬ আগষ্ট: ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ প্ৰিয় তথা এজন শক্তিশালী নেতা ভাৰতবর্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত তেখেতৰ স্মৃতিৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে কাইলৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে। কাইলৈ সকলো চৰকাৰী – বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় আৰু অফিচ বন্ধ ঘোষণা কৰা হৈছে

Read More...

বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, কাছসহ আটক দুই

  বিশ্বনাথত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ, কাছসহ আটক দুই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ বিশ্বনাথ জিলাৰ গড় আলি পৰা আজি এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য জীৱিত কাছসহ দুজনক আটক কৰিবলৈ সক্ষম হয় । আটকাধী ব্যক্তি দুজনৰ পৰা নাও, জাল, বৰশীসহজব্দ কৰে । বিশ্বনাথ নৰ্ডান ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা নেতৃত্বত এটা বন কৰ্মী দলে এক গোপন সূত্ৰৰ পম খেদি ক্ৰমে ইন্টাজ আলি আৰু মহম্মদ ইছাৰ আলিক কাছসহ আটক কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনি অধিক তথ্য বাবে বন বিভাগে সোধ পোচ অব্যাহত ৰাখিছে ।

Read More...

শিৱসাগৰক বিধ্বংসী আগ্নি কাণ্ড

শিৱসাগৰক বিধ্বংসী আগ্নি কাণ্ড শিৱসাগৰৰ পৰা অপূৰ্ব ভূঞা শিৱসাগৰৰ এ এচ টি চি চৌহদত সন্ধ্যা ৭ বাজত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কেইবাখনো দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়। অগ্নিনিৰ্বকৰ ২ খন গাড়ী আহি অগ্নি নিৰ্বাপন কৰে ।   উক্ত দোকানত প্ৰায় ৩ ৪ টা মান চিলিণ্ডাৰ আছিল আৰু এএচটিচি চৌহদত বহুটো গাড়ী আৱস্থান কৰি থোৱা আছিল, অগ্নিনিৰ্বাপক বাহীনি সময় মতে অহি জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱাৰ বাবেই এক ভয়ংকৰ তথা অৱাঞ্চিত বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো । অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই |

Read More...

জোনাইত খাদ্যত বিষক্ৰিয়া  ৩০ ৰো অধিক লোক আক্ৰান্ত

  জোনাইত খাদ্যত বিষক্ৰিয়া  ৩০ ৰো অধিক লোক আক্ৰান্ত ধেমাজি ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ গাঁৱত খাদ্যত বিষক্ৰিয়া ঘটি গাঁৱখনৰ ৩০  গৰাকীৰো অধিক লোক চিকিৎসালয়ত ভৰ্তি হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি জোনাই উদয়পুৰ গাঁৱৰ এঘৰত অন্নপ্ৰসন্ন খাই হঠাৎ অসুস্থ হৈ পৰে। স্থানীয় লোকৰ তৎপৰতাত ততালিকে ত্ৰিশখন বিছনাযুক্ত জোনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসকে আটাইকেইজন লোকৰে চিকিৎসা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে। ইফালে অন্নপ্ৰসন্নত ব্যৱহৃত ব্ৰয়লাৰ মাংসৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে। ছালানী মাছৰ বিৰুদ্ধে বিশেষ তৎপৰতা…

Read More...

ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ

কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ গোচৰ দিয়াৰ দুদিনৰ পিছত অভিযোগকাৰীয়ে  পুনৰ গোচৰ উঠাই লোৱাৰ আবেদন কেৱল ৰেলতেই স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ হাততেই সুৰক্ষিত নহয় নাৰী।  ক্ৰমবৰ্দ্ধিত নাৰী নিৰ্যাতন, ধৰ্ষণৰ ঘটনাই দেশবাসীক চিন্তিত কৰি তোলাৰ সময়তে ভাৰতবৰ্ষৰ এজন দ্বায়িত্বশীল জ্যোষ্ঠ বিজেপি নেতা তথা মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগে তীব্ৰ জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিত। কেন্দ্ৰীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী কম বয়সীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত যোৱা দুই আগষ্টত এক এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ…

Read More...

পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা

পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰীৰ পখুৰীপাৰত লক্ষণ বৈশ্য ( ২৪) নামৰ ব্যক্তি গৰাকী পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা কৰে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে উক্ত ব্যক্তি গৰাকীয়ে যোৱা কিছু দিনৰ পৰা মানসিক চিন্তাত ভাগৰি পৰিছিল । ৰাতিপুৱা প্ৰায় ১০ বজাত দাৰে ডিঙিত ৰেপী নিজেই আত্মহত্যা কৰে ।

Read More...

মহানগৰীত চোৰৰ উপদ্ৰপ : লুটি নিলে ২৫ টাকৈ মোবাইল

BREAKING NEWS মহানগৰীৰ আৰ্য নগৰত চাঞ্চল্য , নিশা এটা (আদ্য পি জি ) নামৰ ছাত্ৰী বাস’ত চোৰৰ আতংক হোষ্টেলৰ সকলো ছাত্ৰীৰ মোবাইল লুটি নিলে চোৰে । গোচৰ তৰিলে ভৰলু আৰক্ষীক ।

Read More...

◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।

BREAKING NEWS ◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।   An Indian Army Major and three soldiers were martyred in a gun battle that also left two militants dead on Tuesday when an incursion bid from Pakistan was foiled on the Line of Control (LoC) in Jammu and Kashmir, a defence official said. Defence Ministry spokesman Colonel Rajesh Kalia said a group of militants tried to infiltrate to this side of the LoC in Bandipora’s Gurez sector, some 180 km north of Srinagar. “They were challenged when they…

Read More...

গহপুৰত পানীত পৰি শিশু মৃত্যু

গহপুৰত পানীত পৰি শিশু মৃত্যু গহপুৰৰ বাকৰি নামৰ গাওঁখনত কালি সন্ধ্যা প্ৰায় ৭ মান বজাত সংঘতিত হ’ল এক কৰুণ ঘটনা। পানীত পৰি কৰুণ মৃত্যুক সাবটিলে বাকৰি পঞ্চায়তৰ অৰ্ন্তগত আখৈফুটা গাঁৱৰ নেশ তেলি নামৰ ব্যক্তি জনে। সন্ধিয়া নিজ ঘৰৰ পৰা বাকৰি চেন্টাৰলৈ বজাৰ কৰাৰ উদেশ্যে ওলাই গৈছিল ব্যক্তিজন।কিন্তু দুৰ্ভাগ্যবসত বাকৰি চেন্টাৰৰ এটা জানত চাইকেল সহ পিছলি পৰে জানটোত।অৱশ্যে চাইকেলখন পাৰতে ৰৈ গ’ল যদিও ব্যক্তিজনক স্থানীয় ৰাইজে বচাবলৈ সক্ষম নহ’ল। অৱশ্যে যাদৱ নেৱাৰ ,জিতুমনি শৰ্মা,চিতা চলিহাই কিছু পলমকৈ হ’লেও সাহসিকতাৰে জানটোত নামিছিল যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত দুখ প্ৰকাশ কৰিছে।

Read More...

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত মইনুল হকক ফাঁচি

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত               মইনুল হকক ফাঁচি                আনজন অভিযুক্ত  চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড অসম খবৰ নগাঁও অপূৰ্ব হাজাৰ ,১ আগষ্ট যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰাত জড়িত মূল অভিযুক্ত দুজনৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি ৰায়দান দিয়ে আদালতে। হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দিয়া এই ৰায়দানত মূল অভিযুক্ত মইনুল হকক (৩৭৬ এ আৰু ৩০২ ধাৰা) ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক  (২০১, ৩০২ ধাৰা) যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। চেলিমুদ্দিনক কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে…

Read More...

কাকপথাৰত ১২জন সন্দেহজনক বাংলাদেশী আটক::

কাকপথাৰত ১২জন সন্দেহজনক বাংলাদেশী                               আটক অসমখবৰ কাকপথাৰৰ পৰা বিদ্যুৎ বৰুৱা ৩১ জুলাই:: কালি এন.আৰ.চি খচৰা তালিকা প্ৰকাশ পোৱাৰ ২৪ ঘণ্টাৰ পিছতে তিনিচুকীয়া জিলাৰ কাকপথাৰত ১২জন সন্দেহজনক বাংলাদেশী আটক কৰা ঘটনাই জিলা খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰামতে অৰুণাচল প্ৰদেশৰ তেজুত আজি বহুদিন ধৰি এই সন্দেহযুক্ত বাংলাদেশী কেইগৰাকীয়ে কামৰ সূত্ৰে আহি তেজুত নিয়োজিত হৈ আছিল। আটকাধীন সন্দেহযুক্ত বাংলাদেশী কেইজনৰ পৰা জানিব পৰামতে মৰিগাঁৱৰ নুৰুদ্দিন ছিদ্দিক নামৰ এজন ব্যক্তিৱে কামৰ সূত্ৰে অৰুণাচল প্ৰদেশৰ মাধৱ কৃষ্ণ নামৰ…

Read More...

NSK কাৰ্য্যলয়ত মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়

BREAKING NEWS মহানগৰ আয়ুক্ত হীৰেন নাথৰ মত বিনিময়   মহানগৰৰ কাহিলিপাৰা দাক্ষিনগাঁও তিনিআলি স্থিত দাক্ষিনগাঁও হাইস্কুলত আজি মহানগৰ আয়ুক্ত হীৰেন নাথে মত বিনিময় কৰে Nsk ( code 0756/Dispur4) NSK কাৰ্যালয়ত নিয়োগ হৈ থকা বিষয়া আৰু ৰাইজৰ সৈতে । আয়ুক্ত নাথে অসম খবৰৰ সাংবাদিকক জনোৱা মতে এতিয়ালৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা মহানগৰীত সৃষ্টি হোৱা নাই আৰু লগতে তেওঁ জনাই যে মহানগৰ আৰক্ষী সকলো সময়তে সষ্টম হৈ আছে যিকোনো সমস্যাৰ সমাধান কৰিবলৈ।

Read More...

যুৱকক ৰঙিয়াত ঘপিয়াই হত্যা

 দুৰ্নীতি  বিৰুদ্ধে মাত মতা যুৱকক               ৰঙিয়াত ঘপিয়াই হত্যা   অসম খবৰ ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৩০ জুলাই ৰঙিয়াৰ ওচৰৰ বিহাপাৰা গাঁৱৰ আনচাৰ আলী নামৰ ব্যক্তিজনক দুৰ্বৃত্তই ডেগাৰেৰে ঘপিয়াই হত্যা কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে কাউৰবাহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন দত্তক দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই গেপ্তাৰ কৰে। সেই ঘটনাটোত দুৰ্নীতি নিবাৰক শাখাক সহায় কৰা আনচাৰ আলীয়ে কাউৰবাহাৰ পৰা উভতি অহা সময়ত খন্দিকৰৰ চাইফুদ্দিন, গোলাম নবী আজাদ, মনিৰ আলী আৰু খালেক আলীয়ে আজি বিয়লি ৰাস্তাত আগভেটি ধৰি…

Read More...

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী : ক’ত কেনেকৈ চাব পৰিব NRC চূড়ান্ত খচৰা !

০ এন আৰ চি সেৱা কেন্দ্ৰত ৩০ জুলাইৰ পৰা ২৮ ছেপ্টেম্নৰলৈ পুৱা ১০বজাৰ পৰা বিয়লি ৪ বজালৈ চাব পাৰিব। ০ অনলাইনযোগে চাব পাৰিব।   www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in www.homeandpolitical.assam.gov.in ০ ম’বাইল নম্বৰ পঞ্জীয়ন কৰাসকলে ৩০ জুলাইৰ দুপৰীয়া১২বজাৰ পিচৰেপৰা এছ এম এছ লাভ কৰিব। ম’বাইল নম্বৰ পঞ্জীয়নৰ বাবে এন আৰ চি কৰ্তৃপক্ষই ৭৮৯৯৪০৫৪৪৪,৭০২৬৩২১১৩৩,৭০২৬৮৬১১২২ বা ৯৭৬৫৫৫৬৫৫৫ নম্বৰলৈ এছ এম এছ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল। ০ আগতীয়া পঞ্জীয়ন নকৰাসকলেও এছ এম এছৰ জৰিয়তে নিজৰ স্হিতি জানিব পাৰিব। তাৰ বাবে ৩০ জুলাইত দুপৰীয়া ১২বজাৰ পিচত ম’বাইলত  ARN লিখি স্পেচ দি এ আৰ এন নম্বৰটো লিখিব লাগিব।তাৰ…

Read More...

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী : ক’ত কেনেকৈ চাব পৰিব NRC চূড়ান্ত খচৰা !

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী : ক’ত চাব পাৰিব ০ এন আৰ চি সেৱা কেন্দ্ৰত ৩০ জুলাইৰ পৰা ২৮ ছেপ্টেম্নৰলৈ পুৱা ১০বজাৰ পৰা বিয়লি ৪ বজালৈ চাব পাৰিব। ০ অনলাইনযোগে চাব পাৰিব।  www.nrcassam.nic.in www.assam.mygov.in www.assam.gov.in www.homeandpolitical.assam.gov.in ০ ম’বাইল নম্বৰ পঞ্জীয়ন কৰাসকলে ৩০ জুলাইৰ দুপৰীয়া১২বজাৰ পিচৰেপৰা এছ এম এছ লাভ কৰিব। ম’বাইল নম্বৰ পঞ্জীয়নৰ বাবে এন আৰ চি কৰ্তৃপক্ষই ৭৮৯৯৪০৫৪৪৪,৭০২৬৩২১১৩৩,৭০২৬৮৬১১২২ বা ৯৭৬৫৫৫৬৫৫৫ নম্বৰলৈ এছ এম এছ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল। ০ আগতীয়া পঞ্জীয়ন নকৰাসকলেও এছ এম এছৰ জৰিয়তে নিজৰ স্হিতি জানিব পাৰিব। তাৰ বাবে ৩০ জুলাইত দুপৰীয়া ১২বজাৰ পিচত ম’বাইলত  ARN লিখি স্পেচ দি…

Read More...