গহপুৰ ভাৰপ্ৰাপ্ত মহকুমা মহকুমাধিপতি বিদায় সম্বৰ্ধনা জাতীয়তাবাদী যুৱ পৰিষদ

গহপুৰ মহকুমা মহকুমা মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত দায়িত্ব থকা ড:ইন্দ্ৰানসী দাসক বুধ বাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ২০১৭ চনৰ ৯ মে’ত গহপুৰ মহকুমাৰ মহকুমাধিপতি হিচাপে যোগদান কৰাৰ পিছত ২০১৮ চনৰ ২৯ জানুৱাৰীত অতিৰিক্ত উপায়ুক্ত পদলৈ পদোন্নতি লাভ কৰি বিগত সময় চোৱাত ড:দাসে নিষ্ঠা, সততা আৰু দক্ষতাৰে আগবঢ়োৱা সেৱাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতি তেখেতৰ ওচৰত কৃতজ্ঞ প্ৰকাশ কৰে । অসম চৰকাৰৰ এক নিৰ্দেশনাৰ ভিত্তিত তেওঁ নতুন দিল্লীৰ অসম ভৱনৰ অ.এছ.ডি আৰু জি.এ.ডিৰ ডেপুটি ছেক্ৰেটৰী হিচাপে বদলি হৈছে…

Read More

গহপুৰত পূৰ্ণগতিত স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচী

             গহপুৰত পূৰ্ণগতিত স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচী স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো মাহজোৰা কাৰ্যসূচীৰে যোৱা ১ আগষ্টৰ পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ ৰূপায়ণ কৰি থকা হৈছে। দেশৰ সৰ্ববৃহৎ স্বচ্ছতা অভিযানৰূপে পৰিগণিত হোৱা এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এক স্বতন্ত্ৰ সংস্থাই দেশত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ কাম-কাজ নিৰীক্ষণ কৰিব আৰু কিছুমান নিৰ্দিষ্ট সূচকৰ ভিত্তিত ৰাজ্য আৰু জিলাসমূহক ৰেংকিং প্ৰদান কৰিব। বিশ্বনাথ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰ মহকুমাতো স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ কাৰ্যসূচী ৰূপায়ণৰ…

Read More

বঙাইগাঁৱত ৰাইজে আটক কৰিলে বাইক চোৰ

বঙাইগাঁও চহৰৰ মাজমজিয়াত ৰাইজে      আটক কৰিলে বাইক চোৰ   অসম খবৰ বঙাইগাঁও ০৩ আগষ্ট আজি দুপৰীয়া বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু এ এছ টি চি বাচ আস্থান সংযোগী পথত তথা গান্ধী ময়দানৰ ওচৰত এটা চোৰে বাইক চুৰিৰ চেষ্টা চলাই থকা একাংশ লোকে প্ৰত্যক্ষ কৰি চোৰটোক খেদি আহে৷লগে লগে চোৰটোৱেও এখন অট’ত উঠি পলায়নৰ চেষ্টা কৰে৷কিন্তু অট’ চালকে অট’খন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ৰখাই দিয়ে৷লগে লগে পিছে পিছে খেদি অহা লোকসকলে চোৰটোক হাতেলোটে কৰায়ত্ব কৰি লপাথপা দিয়ে৷ চোৰটোৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত দুটা বিশেষ সঁজুলিও উদ্ধাৰ কৰে৷ইতিপূৰ্বে উপায়ুক্তৰ কাৰ্যালয়ত…

Read More