জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা

জেট এয়াৰৱেজৰ বৈমানিকৰ দায়িত্বত অসম কন্যা অভিষ্কা কাশ্যপ এগৰাকী অসমীয়া যুৱতী । বয়স ২৪ বছৰ, নাম অভিষ্কা কাশ্যপ । মহানগৰীৰ বেলতলাৰ যুৱতী অভিষ্কা এতিয়া এগৰাকী বৈমানিক । গুৱাহাটীৰ দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা অভিষ্কাই ২০১৫ বর্ষত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ দৌলতৰাম মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে । স্বামীৰ অনুপ্ৰেৰণাত নিজকে এগৰাকী বৈমানিক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ উৰা মাৰিছিল সাত-সাগৰ তেৰ নদী সিপাৰৰ দেশ আমেৰিকালৈ আৰু ফ্লৰিডাত থকা বৈমানিক প্ৰশিক্ষণ কেন্দ্ৰত বিমান চালকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । আৰু তাতে প্ৰায় ১০ মাহ প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰি অভিষ্কা এতিয়া…

Read More

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র ইউনেস্কোই কাজাকিস্থানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা  আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  ‘আস্থানা -দ্যা চিটি অৱ পিচ্ ‘ শীৰ্ষক বিষয়টিৰ ওপৰত বিশ্বৰ বহুকেইখন দেশৰ বাৰৰ পৰা সোতৰ বছৰ বয়সৰ ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰে। এই চিত্র প্ৰদৰ্শনীত নতুন দিল্লীৰ ইউনেস্কো ক্লাৱ এন্ড এচোছিয়েশ্বন অৱ ইন্ডিয়া (CUCAI)ই ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীৰ মাজৰ পৰা অসম কন্যা বাৰ বছৰীয়া আকাংক্ষাই অঁকা চিত্র আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে বাচনি কৰে। নগাঁৱৰ জ্যোতি চিত্রাংকন বিদ্যালয়ৰ ছাত্রী আকাংক্ষা কাশ্যপ নগাঁৱৰ ছয় আলিৰ…

Read More

প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা প্ৰদীপ লস্কৰ,কলিয়াবৰ জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া । দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত…

Read More

Longest Barefoot Marathon Run World Records 200.2km Dr. Manjit Dihingia 12th APBn

“মোৰ যোৱা ইংৰাজি ১৯ ডিচেম্বৰ পৰা ২০ ডিচেম্বৰ ২০১৭লৈকে অসম আৰক্ষী মুখ্য কাৰ্যালয় পৰা সম্পূৰ্ণ অনুমতি লৈ,বিশ্বনাথ জিলা উপায়ুক্ত মহোদয় লগতে আৰক্ষী অধীক্ষক মহোদয় দেৱৰ পৰা অনুমতি লৈ খালি ভৰিৰে একেৰাহে ২৫ঘন্টা ১০ মিনিট সময়ত ২০৫ কিলোমিটাৰ অতিক্ৰম কৰি নিজৰ নামটো বিশ্ব প্ৰথম জন ব্যক্তি হিচাপে প্ৰতিষ্ঠিত কৰিব’লৈ সক্ষম হোৱা এটা সৰু নিউজ আপলোড কৰিলোঁ ভাল লাগিলে নিশ্চয় লাইক আৰু কমেন্ট কৰিব ধন্যবাদ । শেষত আমাৰ অসম আৰক্ষী বিভাগটোত আৰু দ্বাদশ অসম আৰক্ষী বাহিনীৰ কাৰ্যালয় কৰ্মচাৰী ফালৰপৰা আৰু এজন মাৰাথান দৌৰৰ কৰ্মচাৰী পোৱা কামনা কৰিলো ।লগতে এটা কথা যে অভিজিৎ…

Read More

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ । মহানগৰীৰ জ্যোতিকুছিত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উদ্বোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিঅ”। পিংকিছ মেকআপ ষ্টুডিঅ’ত অতি কম খৰচতে যুৱতী-মহিলাসকলক সৌন্দৰ্যচৰ্চা কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব । এই সম্পৰ্কত পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতীসকলক বিভিন্ন ধৰণৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে…

Read More

অসমীয়া ছবি নিৰ্মাণত ব্যস্ত এগৰাকী উদ্যমী লিখক অৰ্ণৱ নাথ

অসমীয়া ছবি নিৰ্মাণৰ কামত ব্যস্ত জামুগুৰিহাটৰ লিখক অৰ্ণৱ নাথ অসম খবৰ জামুগুৰিহাট,৩১ জুলাই জামুগুৰিহাটৰ উজৰাচুক গাৱঁৰ এজন যুৱক ৷ নাম লিখক নাথ , নাটক চিনেমাৰ প্ৰতি আগ্ৰহী যুৱক জন শেহতীয়াকৈ ব্যস্ত হৈ পৰিছে এখন সম্পূৰ্ণ অসমীয়া ছবি নিৰ্মাণৰ কামত ৷আৰ্থিক ভাবে টনকিয়াল নহয় যদিও অতি কম খৰচৰে এখনি সুন্দৰ ছবি নিৰ্মাণৰ চেষ্টা যুৱক জনৰ ৷ শ্ৰোতা – দৰ্শকক এখন ভাল অসমীয়া ছবি উপভোগ কৰাবৰ বাবে অসমৰ ভিন্ন প্ৰান্তত চিএ গ্ৰহণত ব্যস্ত হৈ পৰিছে তেওঁৰ লগতে একাংশ যুৱক ৷ শব্দ প্ৰডাকচনৰ জৰিয়তে লিখক নাথৰ পৰিচালনা , কাহিনী , চিএনাট্য সংলাপ আৰু স্থানীয় কেইবাজনো…

Read More

বৰলুইতৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা:ভৱজ্যোতি কলিতালৈ মিষ্টাৰ ৰঙিয়া খিতাপ 

বৰলুইত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা ●  মিষ্টাৰ ৰঙিয়া খিতাপ ভৱজ্যোতি কলিতালৈ ●  হিমাশ্ৰী লহকৰলৈ মিছ ৰঙিয়া    অসম খবৰ@ৰঙিয়া, ২৪ জুলাই : ৰাজ্যৰ উদ্যমী সাংস্কৃতিক গোষ্ঠী বৰলুইতৰ উদ্যোগত যোৱা বুধবাৰে এক ফেশ্বন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতাখনিত মিষ্টাৰ ৰঙিয়া খিতাপ লাভ কৰিবলৈ সক্ষম হয় ৰঙিয়াৰ লাচি বিষ্ণুপুৰৰ যুৱক ভৱজ্যোতি কলিতাই । প্ৰথম ৰানাৰ্ছ আপ হিচাপে ওদালগুৰিৰ যুৱক প্ৰেমকান্ত ৰাভা আৰু দ্বিতীয় ৰানাৰ্ছ আপ খিতাপ লাভ কৰে ধুবুৰীৰ ৰাজদ্বীপ কুমাৰক নিৰ্বাচিত কৰা হয় । ফেশ্বন প্ৰতিযোগিতাখনিত মিছ ৰঙিয়া খিতাপ হিচাপে লাভ কৰে ৰঙিয়া ৰেল ষ্টেচনৰ হিমাশ্ৰী লহকৰে । প্ৰথম ৰানাৰ্ছ আপ…

Read More

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ অসম খবৰ নগাঁও ২৩ জুলাই নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েচনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে Jhorna Medhi য়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰিতা বৰদলৈ বৰাই মিছেছ মোষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ…

Read More

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত…

অসমৰ বাবে এক গৌৰৱময় মুহূৰ্ত… অসম খবৰ@(বৰ্ণালী কলিতা)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী, ১১জুলাইঃ- সুদূৰ ইউৰোপ মহাদেশৰ ৰাছিয়াত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবলত অসমৰ তনয়া গীতকা তালুকদাৰে অসমক প্ৰতিনিধিত্ব কৰি ফটো সাংবাদিকতা অব্যাহত ৰাখিছে। এক বিৰল মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল অসম। তেওঁৰ এই কৃতিত্বত সমগ্ৰ অসম তথা অসমীয়া জাতিয়ে গৌৰৱবোধ কৰিছে। গীতিকা তালুকদাৰলৈ ৰাজ্যৰ লগতে অসম খবৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

Read More

কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন উদ্যমী যুৱকে

কাঠফুলা খেতিৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে এজন উদ্যমী যুৱকে ছাদিকুজ জামান, মোৰাঝাৰ,৯৬৭৮০১৫০১৬ যিসময়ত চাকৰি বিচাৰি ৰাজ্যৰ নিৱনুৱাই হাবাথুৰি খাইছে । কাম বিচাৰি বহি:ৰাজ্য বা বহি: ৰাষ্ট্ৰলৈ ঢাপলি মেলিছে ,তেনে এক সময়তে হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ সুযোগ্য সন্তান উদ্যমী যুৱক মস্তাক আহমেদ লস্কৰে কাঠফুলা খেতিৰে উদ্যমীতা বাট দেখুৱাইছে। আপুনি হয়তো মাচৰুম চিনি পাবলৈ সক্ষম হোৱা নাই । যাক কাঠফুলা বুলি কোৱা হয় । কাঠফুলা খেতি কৰি সকলো লোকৰ বাবে এক লাভজনক ব্যৱসায় সেই কথা দাঙি ধৰিছে মস্তাক আহমেদে।তেঁওৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ নাম এম এন নাৰ্চাৰী তথা…

Read More

শেষ হৈ যোৱা নাই মানৱতা : দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি…

শেষ হৈ যোৱা নাই মানৱতা ঋষিৰাজ বৰকটকীৰ মহানুভৱতা দুই দিব্যাংগৰ কাষত যুৱ উদ্যোগপতি… অসম খবৰ@ ষ্টাফ ৰিপৰ্টাৰ গহপুৰ পৰা মুন গগৈ ১জুলাই:-  শেষ হৈ যোৱা নাই মানৱতা । দুখ আৰু দুৰ্দশাই হতাশ কৰাজনৰ কাষত থিয় হ’বলৈ এতিয়াও সমাজত আছে একাংশ লোক । জীৱন সংগ্ৰামত হাৰ নমনা বিশেষভাবে সক্ষম দুগৰাকী ছাত্রীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে গুৱাহাটীৰ যুৱ উদ্যোগপতি ঋষিৰাজ বৰকটকী । উল্লেখ্য যে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ দুৰ্বাৰ হেঁপাহ গহপুৰ মহকুমাৰ হাৱাজান নপমুৱাৰ বিশেষভাৱে সক্ষম ছাত্রী উষা দাসৰ। সেয়েহে ৩ কিলোমিটাৰ পথ অতিক্ৰম কৰি অতি কষ্টৰে হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অহা-যোৱা…

Read More

লেঙেৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

লেঙেৰী ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান অসম খবৰ@ লেঙেৰী, ১৬ জুন : বিগত বৰ্ষসমূহৰ দৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনাই অহা হৈছে । এইবাৰো ২০১৮ বৰ্ষত সুখ্যাতিৰে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা বৃহত্তৰ লেঙেৰী অঞ্চলৰ লগতে ওচৰৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰিব বিচৰা হৈছে । অহা ১৮ জুন তাৰিখে বামুনবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত উক্ত অভিনন্দন অনুষ্ঠানটি আয়োজন কৰা হৈছে । সেয়েহে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা তথা উদ্যোক্তা…

Read More

বিহালীৰ সাংবাদিক-ছাত্ৰ নেতাৰ উদ্যোগত ব্যৱসায়িকভিত্তিত ”অৰন্য নাৰ্চাৰী” মুকলি

বিহালীৰ সাংবাদিক-ছাত্ৰ নেতাৰ উদ্যোগত ব্যৱসায়িকভিত্তিত ”অৰন্য নাৰ্চাৰী” মুকলি অসম খবৰ@ বিহালী পৰা ত্ৰিদিপ দাসৰ ৰিপৰ্ট ৭ জুন :- আজি বিহালীৰ বৰগাংৰ এচ.আৰ পেট্ৰ’ল ডিপোৰ সন্মুখত ‘অৰন্য’ নামৰ এখন নাৰ্চাৰী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । গছপুলি, ফল-মূল আৰু বিভিন্ন প্ৰজাতিৰ ফুলৰ ব্যৱসায়িকভিত্তিক নাৰ্চাৰী খনৰ পৰা সংগ্ৰহ কৰিব পৰাকৈ উপলব্ধ । সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বব্যাপি তীব্ৰ হাৰত গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে । জীৱ শ্ৰেষ্ঠ মানৱ জাতিৰ অসচেতনতাৰ ফলস্বৰূপে ক্ৰমাৎ প্ৰাকৃতিক পৰিবেশ ভাৰসাম্যহীন পৰিছে । সেই সময়তে, বিহালীৰ যুৱ সাংবাদিক দিগন্ত শইকীয়া ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক অজিৎ কুৰ্মী,…

Read More

বিশ্বনাথত টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: বিশ্ব পৰিবেশ দিৱস পালন

বিশ্ব পৰিবেশ দিৱস উদযাপন টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: অসম খবৰ@ত্ৰিদিপ দাস, বিশ্বনাথ, ৫ জুন:- সমগ্র দেশৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানতো বিশ্ব পৰিৱেশ দিৱস টি উদযাপন কৰা হয় । এই ক্ষেত্ৰত পিচ পৰি নগল বিহালীত অৱস্থিত চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: কৰ্মচাৰীসকলো । সংস্থাটোৰ নাজবৰৰ অৱস্থিত অস্থায়ী কাৰ্যালয়ত প্ৰকল্প বিষয়া সুৰজিৎ দাসৰ নেতৃত্বত আৰু এম কে নাথ,বিভাষ দাস,নিজাম হালদাৰ আৰু অনান্য বহু বিষয়া কৰ্মচাৰিৰ সহযোগত নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰায় দুশ জোপা গছ পুলি শিবিৰৰ চৌহদত ৰোপন কৰি সুন্দৰভাৱে বিশ্ব পৰিবেশ দিৱস উদযাপন…

Read More

মৰাণ ষ্টাদি পইন্টৰ সফলতা

মৰাণ ষ্টাদি পইন্টৰ সফলতা অসম খবৰ@শান্তনু কোঁৱৰ,মৰাণ,৪ জুন:-   ২০১৪ বৰ্ষত প্ৰতিষ্ঠা হোৱা মৰাণৰ অন্যতম অগ্ৰণী টিউচন চেন্টাৰ STUDY POINT এ এই বৰ্ষও সফলতাৰ ধাৰা অব্যাহত ৰাখিছে । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত study point কেন্দ্ৰত অধ্যয়ন কৰা ৬ (বাণিজ্য শাখা) জন ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈ এই সফলতাৰ ধাৰা  অব্যাহত ৰাখে। কেন্দ্ৰ সঞ্চালক অংশুমান চাহুৱে জানিবলৈ দিয়া মতে এইবাৰ ফলাফল ভবাতকৈ কম যদিও সাফল্যৰ ধাৰা বৰ্তাই ৰখা ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিশ্ৰম কৰি এই ফলাফল প্ৰদান কৰিছে । ইফালে ২০১৭ বৰ্ষৰ পৰা মৰাণৰ সমীপৱৰ্তী চেপনতো ইয়াৰ এটা শাখা অাৰম্ভ কৰা হৈছে ।…

Read More