আজি বিশ্ব ফুটবলৰ মহাৰণ

ফ্ৰান্স নে ক্ৰ’ৱেচিয়া ? আজি বিশ্ব ফুটবলৰ মহাযুদ্ধ।অধীৰ অপেক্ষাত বিশ্বৰ ফুটবলপ্ৰেমী।৪৫লাখ জনসংখ্যাৰ দেশ ক্ৰ’ৱেচিয়া।যুদ্ধৰ মাজত থকা এই সৰু দেশখনে এইবাৰ যুদ্ধত নামিছে খেলপথাৰত।বিশ্বৰ ফুটবলপ্ৰেমীৰ আৱেগ নিজৰ পক্ষত নিবলৈ সক্ষম হৈছে ক্ৰ’ৱেচিয়াৰ দলে। ক্ৰ’ৱেচিয়াৰ বাবে এই সুযোগ দুবাৰ নাহে। ফুটবলৰ সকলো কৌশল প্ৰয়োগ কৰিব ক্ৰ’ৱেচিয়াই। লক্ষ্য চেম্পিয়ন হোৱাৰ। বিশ্বকাপ নিজৰ ভূমিলৈ নিব লাগিব। ফ্ৰান্স নি:সন্দেহে শক্তিশালী।প্ৰতিখন মেচতে ফ্ৰান্সে অতি উন্নত খেল প্ৰৰ্দশন কৰি আহিছে।ক্ৰ’ৱেচিয়া দলক উৎসাহিত কৰিবলৈ ৰাছিয়াতে আছে দেশৰ ৰাষ্ট্ৰপতি গৰাকী। নিশা ৮.৩০ বজালৈ সকলোৰে অধীৰ অপেক্ষা-কাৰ শিৰত জিলিকিব বিশ্ব চেম্পিয়নৰ মুকুট !

Read More...

আজি বিশ্বকাপ ফুটবলৰ প্ৰথম ছেমি ফাইনেল

আজি বিশ্বকাপ ফুটবলৰ প্ৰথম ছেমি ফাইনেল ১৯৯৮ৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সক প্ৰত্যাহ্বান জনাব বেলজিয়ামে ৷ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়ামত নিশা ১১.৩০ বজাত সকলোৰে লক্ষ্য স্থিৰ হ’ব ২২জন ফুটবল যোদ্ধাৰ ওপৰত ৷ মাজনিশালৈ স্পষ্ট হৈ পৰিব চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব কোন৷ ফ্ৰান্স নে বেলজিয়াম ৷ মেছীক খেলপথাৰত বন্দী কৰি ৰখাৰ দৰে ফ্ৰান্সে বেলিজয়ামৰ ইঞ্জিনস্বৰূপ হাজাৰ্ডক ৯০ মিনিট বন্দী কৰি ৰখিব লাগিব৷ তাৰেই কৌশল ৰচনাত ব্যস্ত ফ্ৰান্স৷ অৱশ্যে বেলজিয়ামৰ আন এক শক্তি ডে ব্ৰুই আৰু লুকাকু৷ হাজাৰ্ড অৱশ্যে দুৰ্দান্ত ফৰ্মত৷ ১৯৮৬ৰ পাচত প্ৰথমবাৰলৈ বিশ্বকাপৰ ছেমি ফাইনেলত খোজ দিবলৈ পোৱা বেলিজয়ামে কি অঘটন ঘটায়,…

Read More...

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক 

@নিউজ ডেস্ক ,১০ জুন :- মস্কোত অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব ১২১ সংখ্যক ফিফা বিশ্বকাপ  বিশ্ব ৰেংকিংৰ ৯৭ সংখ্যক স্থানত থকা ভাৰতৰ  বাবে বিশ্বকাপৰ মূল পৰ্বত খেলাটো এতিয়া সপোন হৈয়ে আছে যদিও থমকি ৰোৱা নাই সমগ্ৰ দেশখনৰ অনুৰাগীসকল । নিজৰ ভালপোৱা দলটোকউৎসাহ জনাবলৈ ৰাছিয়াত উপস্থিত থাকিব বহু সংখ্যক ভাৰতীয় নাগৰিক । ফিফাৰ পৰা পোৱা তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে ইতিমধ্যে ৫৪% টিকট মুকলি কৰি দিয়া হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় অনুৰাগীয়ে সংখ্যা ১৭,৯৮২ খন টিকট সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ।

Read More...

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক…

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক অসম খবৰ@নিউজ ডেস্ক ,১০ জুন :- মস্কোত অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব ১২১ সংখ্যক ফিফা বিশ্বকাপ বিশ্ব ৰেংকিংৰ ৯৭ সংখ্যক স্থানত থকা ভাৰতৰ বাবে বিশ্বকাপৰ মূল পৰ্বত খেলাটো এতিয়া সপোন হৈয়ে আছে যদিও থমকি ৰোৱা নাই সমগ্ৰ দেশখনৰ অনুৰাগীসকল । নিজৰ ভালপোৱা দলটোক উৎসাহ জনাবলৈ ৰাছিয়াত উপস্থিত থাকিব বহু সংখ্যক ভাৰতীয় নাগৰিক । ফিফাৰ পৰা পোৱা তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে ইতিমধ্যে ৫৪% টিকট মুকলি কৰি দিয়া হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় অনুৰাগীয়ে সংখ্যা ১৭,৯৮২ খন টিকট সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ।

Read More...