ডি জক’ভিকৰ দখলত ইউ এছ অ’পেন খিতাপ

প্ৰত্যাশিতভাৱেই ইউ এছ অ’পেনৰ ছিংগলছ খিতাপ দখল কৰিছে নোভাক ডিজক’ভিকে । ফাইনেলত তেওঁ বিশ্বৰ ৩ নং স্থানৰ জোৱান মাৰ্টিন ডেল পট্ৰক ৬-৩,৭-৬(৭-৪),৬-৩ ছেটত পৰাস্ত কৰি চূড়ান্ত খিতাপ দখল কৰে। এই জয়ৰ জড়িয়তে ডিজক’ভিকে তৃতীয় বাৰলৈ ইউ এছ অ’পেনৰ খিতাপ জয়ৰ কৃতিত্ব অৰ্জন কৰিলে । আনহাতে, এয়া তেওঁৰ ১৪ নম্বৰটো গ্ৰেণ্ড শ্লেম খিতাপ । ইয়াৰ পূৰ্বে ১৪ টা গ্ৰেণ্ড শ্লেম খিতাপ দখল কৰি থৈছে পিট ছাম্প্ৰাছে । https://newsasn.com/node/1536      

Read More...