চুলিৰ যতন   ১.  চুলিত ত্রিফলাৰ সৈতে দৈ এচামুচ দি মিশ্ৰনখিনি এনিশা থৈ পুৱা গাখীৰৰ লগত মিশ্ৰনখিনি চুলিৰ গুৰিত লগালে ই উফি নাইকিয়া কৰে।   ২.  গাখীৰত বৃন্দা নামৰ বন পাতৰ শিপা এনিশা তিয়াই থৈ সেই গাখীৰ গা ধুৱা আগত আধাঘন্টা লগাই চুলি ধুলে চুলি সৰা বন্ধ হয়।   ৩.  ঘোৰা নিমৰ ৰস আৰু নাৰিকলৰ গাখীৰ সমান পৰিমাণত মিহলাই চুলিৰ গুৰিত লগালে চুলিৰ গুৰিত হোৱা শালমইনা নিচিনা গুটি নাইকিয়া হয়।   ৪.  বক্ৰধাৰা নাইবা ৰাজধাৰা কৰি একেবাৰে নাইকিয়া চুলি নতুনকৈ গজাব পাৰি।

Read More...