প্ৰসংগঃ আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা

শিক্ষানুষ্ঠানৰ নামভৰ্তিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত সৰ্বভাৰতীয় পৰীক্ষা ইউ.জি.চি, চি.বি.এছ.ই আদিৰ দৰে পৰীক্ষাত আধাৰ কাৰ্ড বাধ্যতামূলক নহব…   অশ্বিনী কুমাৰ গগৈ, আধাৰ কাৰ্ডৰ ওপৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিলে অন্য এক ৰায়। সমগ্ৰ দেশতে এতিয়াৰে পৰা বাধ্যতামূলক হৈ পৰিব আধাৰ কাৰ্ড। বৰ্তমান দেশৰ জনগণে আধাক কাৰ্ডক লৈ চিন্তাত পৰিছিল। সৰ্বসাধাৰণ লোকক উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডৰ বহুকেইটা গুৰুত্বপূৰ্ণ নীতি-নিৰ্দেশনাৰে সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰে। আজি ঘোষিত উচ্চতম ন্যায়ালয়ৰ এই বিশেষ ৰায়ক সকলোবে আদৰণি জনোৱাৰ লগতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ নেতৃত্বাধীন ৫ জনীয়া বিচাৰপীঠে বৰ্তমানৰ দৰেই আধাৰ…

Read More...

আহক! আমি সকলোৱে অলপমান আত্ম-বিশ্লেষণ কৰোঁ!- মনোৰম গগৈ

Manorom Gogoi আমি বিজেপিৰ সমৰ্থক যিদৰে নহয়, সেইদৰে কংগ্ৰেছৰো সমৰ্থক নহয়। দুয়োটা দলৰে চৰকাৰৰ অধীনত দিন অতিবাহিত কৰাৰ অভিজ্ঞতা আমাৰ আছে। অগপ দলেও দুটা কাৰ্যকাল তেওঁলোকৰ শাসনৰ সোৱাদ দিলে। এতিয়াও তেওঁলোক চৰকাৰৰ অংশীদাৰ। এই দলৰো কাম-কাজ, চিন্তা-চৰ্চা সম্পৰ্কে আমি ভালকৈয়ে অৱগত। গতিকে এইটো দলক সমৰ্থন কৰাৰো কোনো প্ৰশ্ন নুঠে! তেনেহ’লে আমি কাক সমৰ্থন কৰিম? অহা নিৰ্বাচনবোৰত আমি কাক ভোট দিম? দুই-একে মাজে মাজে আমাক এই প্ৰশ্ন কৰে। এয়া শুভ লক্ষণ! এতিয়া আমি সকলোৱে প্ৰশ্ন কৰাৰ সময়। আহক , আমি সকলোৱে নিজকে নিজে প্ৰশ্ন কৰোঁ : আমি কাক ভোট দিম? যেতিয়ালৈকে আমি…

Read More...

স্বাধীনতা…

“স্বাধীনতা দিৱস”  বৰ্ণালী কলিতা, গুৱাহাটী   ১৫ আগষ্ট ১৯৪৭ চন। এই দিনটো ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে খোদিত কৰা হৈছে। সেইদিনাই আমাৰ দেশত ব্ৰিটিছ শাসনৰ অন্ত পৰি আৰম্ভ হৈছিল স্বাধীন ভাৰতৰ এক নতুন দিগন্তৰ। মহাত্মা গান্ধীৰ অহিংসা আন্দোলনৰ বাবে প্ৰায় ২০০ বছৰ কাল ৰাজত্বৰ অন্তত ব্ৰিটিছৰ গোলামীৰ পৰা ভাৰতে মুক্ত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টৰ এই সৌভাগ্যশালী দিনটো। এই দিনটোৰ সাক্ষী হৈছিল ৪৫ কৌটি ভাৰতীয়ই। দেশৰ স্বাধীনতাৰ অর্থে ভাৰতমাতাৰ অসংখ্য সন্তানে প্ৰাণ আহুতি দিছিল ব্ৰিটিছৰ বিৰুদ্ধে চলা স্বতন্ত্ৰতাৰ এই সংগ্ৰামখনত। স্বতন্ত্ৰতা সংগ্ৰামৰ নেতৃত্ব মহা-মানৱ মহাত্মা গান্ধীকে আদি কৰি বহু নেতাই আৰু…

Read More...

প্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে

প্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে অভিনন্দন গোস্বামী কিছুদিন পূর্বে মুক্তি লভা অসমীয়া ছবি ‘অন্তৰীণ’ ৰ প্ৰসংগতে কেইটিমান কথা মনলৈ আহিল৷ ফেচবুকযোগে বিভিন্নজনৰ পষ্টত পঢ়িবলৈ পালো যে এটা দর্শনীত নূন্যতম ২০ জন দর্শক হলেহে সেই দর্শনী ছবিগৃহ কতৃপক্ষই প্ৰদর্শন কৰিবলৈ সক্ষম হব , তাতোকৈ কম হলে কোনোপধ্যেই ছবি প্ৰদর্শিত নহয়, কাৰণ চিনেমা হলৰ মালিকে নিজেই লোকচান ভৰি কোনো দর্শনী প্ৰদর্শন কৰিব নোৱাৰে৷ তাকে লৈ আকৌ বির্তকৰ সৃষ্টি হ’ল, অসমীয়া চিনেমা আমাৰ মানুহে নাচায়! ‘বাহুবলী-২’ চাবলৈ ১ কিলোমিটাৰমান দীঘল শাৰী পতা দর্শকৰ মাজৰ পৰা অন্ততঃ ২০ জন মানে আগ্ৰহ প্ৰকাশ…

Read More...

লোকসভা প্ৰাক্তন সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু

বিগত ৪০ দিন ধৰি চলি থকা চিকিৎসাৰ অন্তত সোমবাৰে পুৱাৰ ভাগত প্ৰাক্তন লোকসভা সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৯ বছৰ। চেটাৰ্জী ১৪ তম লোকসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ লগতে ১০ বাৰ সাংসদ ৰূপেও নিৰ্বাচিত হৈছিল । সোমনাথ চেটাৰ্জী সম্বন্ধীয় কেইটামান বিশেষ তথ্য:- ১. সোমনাথ চেটাৰ্জীৰ জন্ম ১৯২৯ চনৰ ২৫ জুলাইত অসমৰ তেজপুৰত। তেখেতৰ পিতৃ নিৰ্মল চন্দ্ৰ চেটাৰ্জী আৰু মাতৃ বিনাপানী দেৱী। নিৰ্মল চন্দ্ৰ চেটাৰ্জী এজন অধিবক্তা তথা অখিল ভাৰতীয় হিন্দু মহাসভাৰ লগত জড়িত আছিল। ২. তেখেতে কলকাতা আৰু ব্ৰিটেইনত শিক্ষা লাভ কৰিছিল। তেখেতে ব্ৰিটেইনৰ…

Read More...

গহপুৰত স্বাধীনতা দিৱস উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি

অসম খবৰ,গহপুৰ,১০আগষ্ট: সমগ্র দেশৰ লগতে গহপুৰতো গহপুৰৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত ৭২ সংখ্যক স্বাধীনতা দিৱসটো উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি চলোৱা হৈছে । অহা ১৫ আগষ্টত গহপুৰ হাইস্কুল খেলপথাৰত উদ্ যাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ ঘোষিত কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত গহপুৰ নগৰ এলেকাত প্ৰভাত ফেৰী আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন,৬ বজাত নিজ নিজ বাসস্থান, ব‍্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,৭ বজাত চৰকাৰী, বেচৰকাৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে পুৱা ৮ বজাৰ ভিতৰত ছাত্র-ছাত্ৰী, শিক্ষক সমন্বিতে শোভাযাত্ৰা কৰি গহপুৰ হাইস্কুল খেলপথাৰত উপস্থিত হ’ব । পুৱা ৮.৪৫ বজাত গহপুৰ নগৰৰ…

Read More...

প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা প্ৰদীপ লস্কৰ,কলিয়াবৰ জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া । দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত…

Read More...

৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি

বিতৰ্কিত মন্তব্যৰে অৰুণ জেটলিৰ টুইট ৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি   ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিৰ । অসমৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত মন্তব্য কৰি জেটলিয়ে কয় , বিগত ৫০ বছৰ অসমত মুছলমান লোকৰ জনসংখ্যা ৩.৯ গুণে বৃদ্ধি পাইছে । জেটলিয়ে তেওঁৰ টুইটাৰ একাউণ্ট দ্বাৰা এই কথা প্ৰকাশ কৰিছে । ১৯৬১-২০১১ বৰ্ষলৈকে ৫০ বছৰে হিন্দু ধৰ্মলম্বী লোকৰ জনসংখ্যা বাঢ়িছে মাত্ৰ ২.৪ গুণ । আনফালে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে গৈ ৩.৯ গুণ । আৰু ঠিক এই কাৰণেই অসমৰ জনবিনাশ বিপুলভাৱে প্ৰভাৱিত হৈছে…

Read More...

বিদেশীমুক্ত হ’ব লাগিব নাগৰিকপঞ্জী

” বিদেশী সদায় বিদেশীয়েই। তাত হিন্দু-মুছলমান বুলি প্ৰশ্ন আহিব নালাগে‌। চূড়ান্ত এন আৰ চিত এজনো বিদেশীৰ নাম থাকিব নোৱাৰিব।”এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি,সাংসদ বদৰুদ্দিন আজমলৰ। আজমলে কয়,” এতিয়া বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই এন আৰ চিক লৈ নিজ নিজ কৃতিত্ব দাবী কৰিবলৈ লৈছে। প্ৰকৃততে এন আৰ চি উচ্চতম ন্যায়ালয়ৰ অৱদান। এই বিষয়টো সকলোৱে বুজি উঠিছে । সেই বাবে কোনো অপ্ৰীতিকৰ ঘটনা অসমত হোৱা নাই আৰু নহয়।ইয়াৰ ‘ক্ৰেডিট’ অসমৰ ৰাইজৰ।” আজমলে কয়,” এন আৰ চিৰ নামত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছে সংখ্যা লঘুক লৈ খেলিছিল ‘ব্লেকমেইলিঙ’ৰ খেল।চতুৰ্থবাৰ শাসনলৈ অহাৰ…

Read More...

৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক স্বৰূপ “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী” বৰ্ণালী কলিতা,গুৱাহাটী ১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা। প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী। ১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ জন…

Read More...

৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক 👉 “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী”

অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ প্ৰতীক স্বৰূপ “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী” 📝 বৰ্ণালী কলিতা,গুৱাহাটী ১৯৭৯-১৯৮৫ চন। অসমৰ বুৰঞ্জীৰ এক অৱৰ্ণনীয় তথা ঐতিহাসিক ঘটনা ৰূপে বিবেচিত। এই সময়ছোৱাতে অসমে নিজৰ ভাষা, অস্তিত্বৰ বাবে যুঁজ দিছিল। আৰম্ভ হৈছিল এক অবিৰাম সংগ্ৰামৰ যাত্ৰা। প্ৰতিজন অসমীয়াই জপিয়াই পৰিছিল এই যাত্ৰাত। বিদেশীমুক্ত অসম বিচাৰি শ-শ ডেকাই আগবাঢ়ি আহিছিল । বহুজন চফল ডেকাই প্ৰাণ আহুতি দিবলগা হয় এই সংগ্ৰামত । জাতি-মাটি আৰু ভেটিৰ ৰক্ষাৰ বাবে ৮৫৫ জন অসমীয়াই হাঁহি-হাঁহি বুকু পাতি লৈছিল আৰক্ষীৰ গুলী। ১৯৭৯ চনৰ ৯ ডিচেম্বৰ তাৰিখে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫…

Read More...

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন

ঐতিহাসিক ক্ষণৰ অপেক্ষাত অসম আন্দোলনৰ পটভূমি আৰু মঙলদৈৰ জাতীয় দল সংগঠন উজ্জ্বল জোতি ডেকা মঙলদৈ    সুৰ্দীঘ ৩৮ বছৰৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত  অসমীয়া জাতিয়ে নানা ঘাট প্ৰতিঘাটৰ বিনিময়ত লাভ কৰিবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব ৩০ জুলাইৰ পুৱা ৯ বাজি ৪৫ মিনিটত। অসমীয়াই উদগ্ৰীৱ হৈ মাথো ৰৈছে ঐতিহাসিক ৩০ জুলাইৰ পুৱালৈ। অসমীয়া সমাজ জীৱনত বিদেশীয়ে ব্যাপক প্ৰভাৱ পেলোৱাৰ লগতে অসমৰ খিলঞ্জীয়াৰ বাবে অস্তিত্বৰ প্ৰতি ভাবুকি হৈ পৰিছিল।   ১৯৭৮ চনত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ ভোটাৰ তালিকাত হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ সেইসময়ৰ আন্ত:মঙলদৈ ছাত্ৰ সন্থাই প্ৰথম অসমত…

Read More...

কবি ,প্ৰৱন্ধকাৰ মিনতি দেবী কাকতিৰ বিষয়ে একাষাৰ…

ছাদিকুজ জামান বৃহত্তৰ যমুনামুখ অঞ্চলৰ একমাত্র সফল মহিলা কবি গৰাকী হল মিনতি দেবী কাকতি । তেঁও সৰুৰে পৰা গীত-মাত, খেল-ধেমালিৰ লগত জড়িত থকাৰ সমান্তৰাল ভাবে লেখা মেলাৰ চৰ্চ্চা কৰি আহিছে । বিশেষকৈ কবিতা আৰু প্ৰবন্ধ লিখা মেলা কৰিছিল । ইতিমধ্যে তেওঁৰ লিখা কবিতা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰকাশ পোৱা আলোচনী, স্মৃতিগ্ৰন্থ,বাতৰি কাকত আদিত প্ৰকাশ পাইছে । লগতে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিব লৈ সক্ষম হৈছে। তেজপুৰ,যোৰহাট,নলবাৰী,গুৱাহাটী,মৰিগাঁও,নগাঁও,হোজাই,কাৰ্বি আংলং জিলাৰ পৰা বিভিন্ন সময়ত প্ৰকাশিত আলোচনী,স্মৃতিগ্ৰন্থত তেওঁ কবিতা আৰু প্ৰবন্ধ ইতিমধ্যে বহুবাৰ প্ৰকাশ পাইছে । অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা দ্বি-ভাষিক কবিতা…

Read More...

ৰক্তদান জীৱন দান 📝 নয়ন জ্যোতি কটকী

ৰক্তদান জীৱন দান —————————— আমাৰ গৌৰৱ ৰক্তদাতা     নয়ন জ্যোতি কটকী…   অসম চিকিত্সা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা পূণ্যধৰ সোণোৱাল নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰক্তদান কৰে ৰক্তদাতা নয়ন জ্যোতি কটকী ডাঙৰীয়াই … ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মাৰ সহযোগত নিজৰ কৰ্মব্যস্ততাৰ মাজত আৰ্তজনৰ বাবে অকণমান সময় উলিয়াই ৰক্তদানৰ বাবে আগবাঢ়ি আহে সন্মানীয় সোণোৱাল ডাঙৰীয়া… ৰক্তদানৰ দৰে এক মহান কৰ্মৰে জনসাধাৰণৰ মাজত মানৱীয়তাৰ পৰিচয় দিয়া বাবে সন্মানীয় নয়নজ্যোতি কটকী দেৱৰ সু স্বাস্থ্যৰ কামনা কৰি তেখেতক আমাৰ ৰক্তই জীৱনৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো…

Read More...

ৰক্তদান জীৱন দান

ৰক্তদান জীৱন দান মানস জে ৱাই শৰ্মা   অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা বন্টি সিং নামৰ এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ৰোগী জনৰ আত্মীয় জনে এটোপাল ৰক্তৰ বাবে এজন ৰক্তদাতা বিচাৰি চিন্তাত বিভোৰ হৈ পৰিছিল.. ঠিক সেই সময়তে আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন আদিত্য শৰ্মা দেৱৰ সহযোগত ডিব্ৰুগড়ৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা আমাৰ ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ নৱাগত সদস্য শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱে উক্ত ৰোগী গৰাকীৰ জীৱন ৰক্ষাৰ বাবে স্বেচ্ছাই ৰক্তদান কৰে .. ৰক্তদানৰ দৰে এনে এক মহান কৰ্মৰ প্ৰতি শ্ৰদ্ধাৰ শান্ত প্ৰসাদ চক্ৰৱৰ্তী দেৱৰ…

Read More...