প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতি

দীৰ্ঘদিন ধৰি এইমছত ভৰ্তি হৈ থকা প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অৱনতি ঘটিছে।  বিগত তিনি দিন ধৰি তেওঁক ভেন্টিলেটেৰত ৰখা হৈছিল। বুধবাৰে এইমছৰ নিৰ্দেশকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত হয়। বুধবাৰে পুৱাৰ পৰাই অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকজনক । এইমছৰ  বিশেষজ্ঞ চিকিৎসকৰ দল এটাই বাজপেয়ীৰ স্বাস্থ্যৰ অহৰ্নিশে পৰ্যবেক্ষণ কৰি আছে।  এইমছৰ নিৰ্দেশক ডাঃ ৰণদীপ গুলেৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে সাক্ষাৎ কৰিবলৈ যায় আৰু মোদীক অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ সম্বন্ধীয় তথ্যৰ বিষয়ে অৱগত কৰায়।

Read More...

স্বতন্ত্ৰতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ “ৰাষ্ট্ৰধ্বজ”ক লৈ দেশবাসীলৈ আহ্বান

দেশৰ ৭১ তম স্বাধীনতা দিৱসৰ আগমুহূর্তত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশবাসীলৈ দেশৰ ৰাষ্ট্ৰীয় পতকাখনক লৈ এক আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে দেশবাসীক প্লাষ্টিকৰে নিৰ্মিত “ৰাষ্ট্ৰধ্বজ” ব্যৱহাৰৰ পৰা বিৰত থকাৰ আহ্বান জনাইছে লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শ জাৰি কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে কয় যে, ” ৰাষ্ট্ৰধ্বজা ভাৰতবাসীৰ আশা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। সেইবাবে ৰাষ্ট্ৰধ্বজাখনে সন্মানজনক স্থান পোৱা দৰকাৰ।” গৃহমন্ত্ৰালয়ে লগতে এইটোও উল্লেখ কৰে যে, মহত্বপূৰ্ণ কাৰ্য্যক্ৰমসমূহত কাগজেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ সলনি প্লাষ্টিকেৰে নিৰ্মিত তিৰঙ্গা পতকাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। নিৰ্দেশনাত উল্লেখ কৰিছে যে, প্লাষ্টিকৰ পতকা কাগজৰ পতকাসমূহৰ দ্বাৰা জৈৱিক ৰূপেৰে অপঘটিত হোৱা…

Read More...

ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ

কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ গোচৰ দিয়াৰ দুদিনৰ পিছত অভিযোগকাৰীয়ে  পুনৰ গোচৰ উঠাই লোৱাৰ আবেদন কেৱল ৰেলতেই স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ হাততেই সুৰক্ষিত নহয় নাৰী।  ক্ৰমবৰ্দ্ধিত নাৰী নিৰ্যাতন, ধৰ্ষণৰ ঘটনাই দেশবাসীক চিন্তিত কৰি তোলাৰ সময়তে ভাৰতবৰ্ষৰ এজন দ্বায়িত্বশীল জ্যোষ্ঠ বিজেপি নেতা তথা মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগে তীব্ৰ জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিত। কেন্দ্ৰীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী কম বয়সীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত যোৱা দুই আগষ্টত এক এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ…

Read More...

গোসাইগাঁৱৰ চৌতাৰাত কোচ ৰাজবংশী সন্মিলনীৰ ৰেল অৱৰোধ কাৰ্য্যসূচী

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰী 6 আগষ্ট, আজি কোচ-ৰাজবংশী সন্মিলনীৰ আঠ  ঘন্টীয়া ৰেলপথ অৱৰোধ কৰি জনজাতিকৰণৰ দাবীত প্ৰতিবাদ জনাই পৰিবেশ উত্তাল কৰি তোলে। যশৱন্তপুৰ এক্সপ্ৰেছ আৱদ্ধ পশ্চিমবংগ নিউ কোচবিহাৰ ষ্টেচনত আৰু বাতিল উজনিমুৱা কামাখ্যা ইন্টাৰচিটী এক্সপ্ৰেছ লগতে নামনিমুৱা বি জি পেছেঞ্জাৰ যাত্ৰীবাহী ৰেলখন।যাত্ৰীবাহী ৰেল  আবদ্ধ হৈ পৰাত যাত্ৰীবাহীসকলে হাৰাশাস্তিত ভুগিবলগা হয়। এই প্ৰতিবাদত কোচ ৰাজবংশী সন্মিলনীৰ হেজাৰ হেজাৰ যুৱক-যুৱতীসকলে প্ৰতিবাদত উপস্হিত হৈ no st no rest,আক্ৰাছু জিন্দাবাদ, বি জে পি গো বেক,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। পিছত প্ৰতিবাদকাৰিসকলে বিভিন্ন দাবীক লৈ গোসাইগাঁৱ মহকুমাৰ মহকুমাধিপতি উইলনিয়াৰ্ছ দৈমাৰীৰ হাতত এটা…

Read More...

গোলাঘাট জিলা বান পৰিস্থিতিৰ পৰ্য্যালোচনা সভাত কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট, 4 আগষ্ট : অসম চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্তই যোৱা নিশা গোলাঘাট জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজন এখন পৰ্য্যালোচনা সভাত ভাগ লৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰে ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত আয়োজন হোৱা সভাখনত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলিনা তিৰ্কীৰ লগতে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰা, আৰক্ষী অধিক্ষক মানবেন্দ্ৰ দেৱ ৰয়, অতিৰিক্ত উপায়ুক্ত অৰ্পাহ বাগ্লাৰী, শ্যামল ক্ষেত্ৰ গগৈ, উৎপল দ’লে, বিভিন্ন ৰাজহ চক্ৰ বিষয়া, সংশ্লিষ্ট চৰকাৰী…

Read More...

ধুবুৰীত মমতাৰ বিৰুদ্ধে মৌন সমদল

ধুবুৰীত মমতাৰ বিৰুদ্ধে মৌন সমদল   এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি । বৃহস্পতিবাৰে শিলচৰলৈ তৃণমূল কংগ্ৰেছৰ আঠজনীয়া মন্ত্ৰী আৰু সাংসদ-বিধায়কৰ প্ৰতিনিধি দল পঠিয়াই ৰাজনৈতিক মুনাফা আদায়ৰ ব্যৰ্থ চেষ্টাৰ পিছৰে পৰাই অসমত জ্বলিছে প্ৰতিবাদৰ জুই । বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে সন্ধিয়া ধুবুৰী সচেতন মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । শ শ ৰাইজে হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা মৌন…

Read More...

বঙাইগাঁও সৰভোগৰ দুই ভগ্নী

      বঙাইগাঁও  সৰভোগৰ দুই ভগ্নী খলকনি   অসম খবৰ বঙাইগাঁও,২৮ জুলাই : অসমৰ বহু মঞ্চত গীত গাই হৃদয় জিনিছল দুই ভগ্নীয়ে। হঠাৎ নেওচিব নোৱাৰা বাটৰ কাইট হল দৰিদ্ৰতা । থমকি ৰ’ব লগা হ’ল দুই ভগ্নী আফলুজা আৰু আকলিমা। বৰপেটা জিলাৰ সৰভোগৰ বালাৰভিটা গাঁৱৰ আফাজ উদ্দিনৰ প্ৰতিভাৱান দুই কন্যাৰ প্ৰতিভা থকা স্বত্বেও আগুৱাব পৰা নাই।  আফাজ উদ্দিনৰ দুই কন্যা আফলুজা আৰু আকলিমাৰ যাদুকৰী কষ্ঠই মোহিত কৰিছিল দৰ্শকক। অসমৰ বহু মঞ্চত গীত গাই হৃদয় জিনিছে দৰ্শকৰ দুই ভগ্নীয়ে। সু মধুৰ তথা যাদুকৰী কণ্ঠৰ গৰাকী আফলুজা আৰু আকলিমাই সকলো মঞ্চতে লাভ কৰিছিল শ্ৰোতাৰ অধিক…

Read More...

ভাৰত-ভূটান সীমান্তত ২৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লে’নযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্ত

‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আন্তঃৰাষ্ট্ৰীয় এলেকাৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে গুৰুত্ব আৰোপ কৰি ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰত-ভূটান সীমান্তৰ ৪খন জিলাক সামৰি ২৬৪ কিঃমিঃ দৈৰ্ঘ্যৰ ৪ লে’নযুক্ত এক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নীতিগতভাৱে সন্মতি প্ৰদান কৰিছে। বন আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ অনুমতি লাভ কৰাৰ পিছতে এই পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হ’ব। ইয়াৰ ফলত অঞ্চলটোৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰাৰ সংযোজন হ’ব।’ আজি বাক্সা জিলাৰ নিকাছিৰ জ্ঞানপীঠ নাটক কলেজত সীমান্ত চেতনা মঞ্চ, পূৰ্বোত্তৰৰ অসম ৰাজ্যিক অধিবেশনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। মুখ্য মন্ত্ৰী…

Read More...

কুখ্যাত ড্রাস্ক ব্যৱসায়ী তাহিৰ হুছেইন সহ দুগৰাকীক গ্ৰেপ্তাৰ

দলগাৱঁৰ কংগ্রেছী বিধায়কৰ জোঁৱাই কুখ্যাত ড্রাস্ক ব্যৱসায়ী তাহিৰ হুছেইন সহ দুগৰাকীক গ্ৰেপ্তাৰ দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থাকি কলকতালৈ পলাই যোৱাৰ অৱস্থাত দৰং আৰক্ষীৰ হাতত কৰায়ত্ব দুই ব্যৱসায়ী খাৰুপেটীয়া ২৭ জুলাইঃদীৰ্ঘদিন ধৰি আৰক্ষী-প্রশাসনৰ চকুত ধুলি পলাই থকা কুখ্যাত ড্রাস্ক ব্যৱসায়ী তথা দলগাৱঁৰ কংগ্রেছী বিধায়ক ইলিয়াছ আলীৰ দ্ধিতীয় তাহিৰ হুছেইনে অৱশেষত জালত পৰিল আৰক্ষীৰ | স্মৰ্তব্য যে প্রায় তিনি মাহ পুৰ্বে দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত বলোগডা গাৱঁত অৱস্থিত তাহিৰ হুছেইন গৃহত দৰং আৰক্ষীৰ উপ-অধীক্ষক অমিত হোজাইৰ নেতৃত্বত ধুলা আৰক্ষীৰ সহযোগত আৰক্ষীৰ দল এটাই গোপন অভিযান চলাই  ড্রাগ্ছৰ টেবলেট,নিচাজাতীয় দ্রব্যসমুহ উদ্ধাৰ কৰিছিল…

Read More...

NRC ৰ দ্বিতীয়খন খচৰাক লৈ গৃহ মন্ত্ৰণালৰ নিৰ্দেশনা ৰাজ্যৰ প্ৰশাসনলৈ

অসম খবৰ@(বি.কলিতা)ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৬ জুলাই: চলিত মাহৰ ৩০জুলাইত প্ৰকাশিত হবলগীয়া NRCৰ দ্বিতীয়খন খচৰাক লৈ কেন্দ্ৰৰ গৃহ মন্ত্ৰণালৰ পৰা ৰাজ্যৰ প্ৰশাসনলৈ নিৰ্দেশনা জাৰী কৰিছে। NRCৰ সম্পূৰ্ণ খচৰাত যিসকলৰ নাম অন্তৰ্ভুক্ত নহয় তেওঁলোকৰ ওপৰত কোনোধৰণৰ পুলিচী বা প্ৰশাসনিক ব্যৱস্থা ল’ব নোৱাৰিব ৰাজ্য চৰকাৰখনে। NRCৰ খচৰাত নাম নথকা সকল প্ৰেৰণ কৰিব নোৱাৰিব বিদেশী ন্যায়াধিকৰণলৈ। খচৰা খনত নামসকলক আটক কৰাৰ পৰাও বিৰত থাকিব লাগিব। ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীক এই সন্দৰ্ভত নিৰ্দেশ দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা পৰামৰ্শ ৰাজ্য চৰকাৰলৈ। অসমৰ লগতে আন-আন চুবুৰীয়া ৰাজ্যসমূহলৈও এই নিৰ্দেশনা। সকলোকে ন্যায়, শান্তি-শৃংখলা আৰু মানৱীয় দৃষ্টিৰে…

Read More...

কৰ্ণাটক বিধানসভাৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্ণাটক চৰকাৰে

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। য’ত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সন্মানৰ চকুৰে চোৱা হৈছে। কিন্তু এইখন দেশতে বাৰে বাৰে লাঞ্চিত  হয়, আক্ৰান্ত হয় সংবাদ মাধ্যম। এনে এক অবাঞ্চিত কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিধানসভা গৃহৰ ভিতৰত। এই নিষেধাজ্ঞা আৰোপ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনে যাবতীয় জাননীও জাৰি কৰিছে। বিধানসভা গৃহৰ বাহিৰতহে মন্ত্ৰী-বিধায়ক অথবা বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কথা ক’ব- সেই কথাও স্পষ্ট কৰি দিয়া হৈছে।

Read More...

গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন

উজ্জ্বলা আঁচনিৰ গেছ-চিলিণ্ডাৰ ক’লা বজাৰত গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন     অসম খবৰ@গহপুৰ,২৩জুলাই : ভাৰতৰ দৰিদ্ৰ পৰিয়ালৰ মহিলা সমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ মে’ মাহত আৰম্ভ কৰে উজ্জ্বল যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলা সকলক সশক্তিকৰন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিনামূলীয়াকৈ ৰন্ধন গেছ প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি।সেই ৰন্ধন গেছ সমূহ প্ৰকৃত দুখীয়া পৰিয়ালৰ মহিলাই পোৱা পৰিৱৰ্তে বজাৰত তিনি হাজাৰ পৰা চাৰি হাজাৰ টকাত উপলব্ধ হৈছে । গহপুৰ সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ বাবে অহা ৰন্ধন গেছৰ বৃহৎ দুৰ্নীতি হোৱা গোপন তথ্য মতে কালি ককিলা মাজ…

Read More...

এ পি এছ ই কেলেংকাৰীত আৰক্ষীৰ জালত দৰঙৰ  অধিবক্তা তথা বিজেপি নেতা 

 এ পি এছ ই কেলেংকাৰীত আৰক্ষীৰ জালত দৰঙৰ  অধিবক্তা তথা বিজেপি নেতা  অসম খবৰ@উজ্জ্বল জোতি ডেকা, মঙলদৈ ২৩ জুলাই :- ডিব্ৰুগড় আৰক্ষীয়ে এইবাৰ আটক কৰিছে এ পি এছ চি কেলেংকাৰীৰ লগত জড়িত দুজন দালালক । গ্ৰেপ্তাৰ হোৱা দালাল দুজন হৈছে সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱা। ইয়াৰে সুৰজিত চৌধুৰী নামৰ এই ব্যক্তিজন এ পি এছ চি কাণ্ডৰ মূল নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ আৰু কেংলকাৰীত অভিযুক্ত হৈ জেলৰ ভাত খোৱা মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী। আনপিনে ৰাকেশ পালৰ আন এজন দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰে। মঙলদৈ…

Read More...

গোলাঘাটত ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

গোলাঘাটত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী । উদ্বোধক ড° হিমন্ত বিশ্ব শৰ্মাই ( প্ৰতিকৃতি ) অসম খবৰ@ৰাইজৰ সংবাদ, গোলাঘাটঃ ১৪ জুলাইঃ ৰাজ্যজুৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰাজপথৰ বাবে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে আজি গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু )ৰ গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক ধোদৰ আলিত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । আহাৰ প্ৰচণ্ড ৰ’দৰ উত্তাপকো কেৰেপ নকৰি জিলাখন জিলা সমিতিৰ লগতে নগৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক ধোদৰ আলিটো নিৰ্মান কৰিবলৈ একেমুখে দাবী জনায় । পূৰ্বৰে পৰা আন্দোলনৰ…

Read More...

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন ডিমাপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংগঠন আৰু নাগৰিক সমাজ। আজি এই উদ্দেশ্যে ডিমাপুৰৰ ছাৰামতী হোটেলত অনুষ্ঠিত প্ৰতিবাদী সভাত মানৱ অধিকাৰ সংগঠনসমূহ আৰু বিভিন্ন পৰ্যায়ৰ সচেতন নাগৰিক সমাজে প্ৰস্তাৱিত বিধেয়কখনৰ বিষয়বস্তু আৰু ইয়াৰ ফলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে। লগতে প্ৰস্তাৱিত বিধেয়কখন অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব, ভূমি আৰু ভৱিষ্যতৰ প্ৰতি চৰম ভাবুকি বুলিও সকলোৱে মত পোষণ কৰে। সেয়েহে এনেধৰণৰ সাম্প্ৰদায়িক, অসাংবিধানিক আৰু খিলঞ্জীয়াবিৰোধী বিধেয়কখন কোনোপধ্যে ৰূপায়ণ কৰিব দিয়া নহ’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নৰ্থ-ইষ্টাৰ্ন ষ্টেট…

Read More...