নৱবৰ্ষৰ প্ৰথম দিনাই বিশ্বনাথ জিলা প্ৰসাশনৰ অভিনৱ প্ৰয়াস,প্ৰশাসনক ৰাইজৰ কাষ চপাই নিয়াৰ এক বিনম্ৰ প্ৰয়াস ‘গাঁৱলৈ বলক’

নৱবৰ্ষৰ প্ৰথম দিনটোত নিজ পৰিয়ালৰ সৈতে বনভোজ খাই নহয় বিশ্বনাথৰ তিনিসুতিবাসীক চৰকাৰী আচনিৰ বিষয়ে অৱগত কৰিলে বিশ্বনাথ জিলা প্ৰশাসনে। নৱবৰ্ষৰ প্ৰথম দিনটোত সকলোৰে ইচ্ছা নিজ পৰিয়ালৰ সৈতে সুখে শান্তিৰে এসাঁজ খাই নৱবৰ্ষৰ পহিলা দিনতো স্মৰনীয় কৰি তোলাৰ ৷ কিন্তু বিশ্বনাথৰ সকলো প্ৰসাশনিক বিষয়াৰ গাত তত নাই ৷ উদেশ্য বিশ্বনাথ বাসীক নতুন কিবা এটা উপহাৰ দিয়াৰ ৷ নতুন বছৰৰ পহিলা দিনতে জিলাখনৰ প্ৰত্যেকজন প্ৰসাশনিক বিষয়াক দেখা গল তিনিসুতি গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়ত ৷ 450 সকলোৰে হেপাঁহ অসম চৰকাৰৰ সমুহ আচনিৰ বিষয়ে ৰাইজক অৱগত কৰা ও সজাগতা সৃষ্টি কৰা ৷ বিশ্বনাথ বাসীৰ মাজত…

Read More

উদুলি-মুদুলি পৰিবেশৰ মাজত চিৰাঙৰ দৈজিং উৎসৱ

চিৰাং জিলাৰ খাগ্ৰাবাৰীৰ আই নৈৰ পাৰৰ উদুলি-মুদুলি পৰিবেশৰ মাজত অনুষ্ঠিত হৈছে দৈজিং উৎসৱ ৷ ২৭ ডিচেম্বৰৰ পৰা অহা ৭ জানুৱাৰী লৈ চলিব এই উৎসৱ। শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৈজিং উৎসৱত উপস্থিত হৈ আনন্দ উপভোগ কৰে বুলি জনায়। এই উৎসৱ আয়োজনৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোন শক্তিশালী কৰি তুলিছে বুলি সোণোৱালে মন্তব্য কৰে ৷ আনহাতে , উৎসৱথলীত আয়োজিত সভাত উপস্থিত হয় ডব্লিউ ডব্লিউ এফৰ বিখ্যাত যোদ্ধা গ্ৰেট খালী ৷ খালীয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ৰাইজৰ সন্মুখত একেলগে হাত দাঙি অভিবাদন জনায় ৷ খালীক মূখ্যমন্ত্ৰীয়ে আৰনায় পিন্ধাই অভিবাদন জনায় ৷…

Read More

68 years old man in India from Germany on foot

Kuno Jakob, an old man aged about 68 years belongs to a small city near Munich,Germany. He is basically a farmer by profession but since last one and half years he started travelling around the world on foot only with his stuffs inside a two wheeler luggage. He said “I have stated my   journey one and half years ago on foot and meanwhile I  have covered 14000 km, including 15 countries and 13 states of India .” He has reached a remote area of Borpeta now. He is determined to…

Read More

অসম চৰকাৰ চাকৰীয়ালৰ বাবে সুখবৰঃ ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ

অসম চৰকাৰৰ কেবিনেট আজি এক গুৰুত্বপূৰ্ণ সভাত ২০১৯ বৰ্ষত মুঠ ৩৫ দিনৰ বন্ধ হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।  ২ দিন অৰ্ধ বন্ধৰো সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৯ বৰ্ষত অসম চৰকাৰৰ চাকৰিয়ালৰ ৩৫ দিনীয়া বন্ধ তালিকাত ১০ ছেপ্টম্বৰ দিনটো মুছলমান সম্প্ৰদায় ধৰ্মীলোকৰ বাবে আৰু ১৩ অক্টোৱৰ দিনটো লক্ষ্মী পূজা উপলক্ষে ২ দিনৰ অৰ্ধ চুটি বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধ তালিকাত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু ৫২টা দেওবাৰ বন্ধ অসম চৰকাৰৰ চাকৰিয়ালে অহা বৰ্ষটোত মুঠ ৩০ দিনৰ ১২ দিনহে নৈমিত্তিক বন্ধ ল’ব পাৰিব। ২০১৯ বৰ্ষত ৩৫ দিনীয়া অসম চৰকাৰৰ চাকৰিয়ালৰ বন্ধ তালিকা হ’ল-…

Read More

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ বৰ্তমান এইগৰাকী ব্যক্তি উপস্থিত হৈছেহি অসমত

খোজ কাঢ়ি সমগ্ৰ বিশ্ব ভ্ৰমণ কৰা জাৰ্মানৰ এজন বিশেষ ব্যক্তিঃ বৰ্তমান এইগৰাকী ব্যক্তি উপস্থিত হৈছেহি অসমত। www.asomkhobor.com

Read More

দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব সম্পৰ্কত বিশ্বনাথৰ উপায়ুক্তৰ স্পষ্টীকৰণ

বিশ্বনাথ জিলাৰ ২০ নং ছোৱাগুৰি গাঁও পঞ্চায়তৰ সভাপতি হিচাপে সদ্যনিৰ্বাচিত দিলোৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সম্পৰ্কীয় বিষয়ত জিলা প্ৰশাসনৰ ভূমিকা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত আজি প্ৰচাৰিত কেতবোৰ বাতৰি বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ দৃষ্টিগোচৰ হৈছে। এই সন্দৰ্ভত জিলা প্ৰশাসনৰ স্থিতি স্পষ্ট কৰি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে যে পঞ্চায়ত নিৰ্বাচনৰ সকলোধৰণৰ কাম-কাজ অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী আৰু সংশ্লিষ্ট আইন অনুসৰি পৰিচালিত হৈছে আৰু এইক্ষেত্ৰত জিলা প্ৰশাসনে নিজাববীয়াকৈ কোনোধৰণৰ সিদ্ধান্ত লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। অসম পঞ্চায়ত আইন, ১৯৯৪ৰ ধাৰা ১১১(ক) অনুসৰি এজন ব্যক্তি যদি কোনো আইনৰ অধীনত দোষী সাব্যস্ত হয়, তেন্তে তেওঁ…

Read More

পুৱাৰ পৰা আৰম্ভ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ-ভোটগ্ৰহণ কেন্দ্ৰত ৰাইজৰ ভিৰ-নতুন ভোটাৰৰ উৎসাহ-আকৌ পৰিৱৰ্তনৰ মনোভাৱ ভোটাৰৰ

আজি পঞ্চায়ত নিৰ্বাচন ২০১৮ৰ ভোট গ্ৰহণ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ভোটাৰৰ উৎসাহ।নিজ গাওঁ-অঞ্চলৰ উন্নয়ণৰ বাবে ৰাইজে আজি নিৰ্বাচন কৰিব মনঃপুত প্ৰাৰ্থীক।শিৱসাগৰ নিৰ্বাচন জিলাৰ ২০২৭ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি। শিৱসাগৰ নিৰ্বাচন জিলাৰ ১৩ জিলা পৰিষদ,৪ আঞ্চলিক পঞ্চায়ত,৬২ গাওঁ পঞ্চায়ত আৰু ৬২০ ৱাৰ্ডৰ বাবে বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।২০২৭ প্ৰাৰ্থীৰ ভিতৰত ৩৯৮ গৰাকী অগপ,৭৪৪ বিজেপি,৭৫২ কংগ্ৰেছ,১০ চিপিআই,৬ অসম সংগ্ৰামী মঞ্চ,৩৪ সন্মিলীত গণশক্তী আৰু ৩৭ নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। শিৱসাগৰ নিৰ্বাচন জিলাৰ ৩,৪৩,৩৪৫ ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভৱিষ্যত আজি নিৰ্ণয় কৰিব।৩,৭৫৬ বিষয়া-কৰ্মচাৰীয়ে সম্পন্ন কৰিব লগীয়া এই নিৰ্বাচনত ব্যাপক হাৰত ভোটগ্ৰহণ…

Read More

শিৱসাগৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ সংবাদ মেল

  শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এই সংবাদ মেল ৷ সংবাদ মেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পৰ্কত খিলঞ্জীয়া ৰাইজৰ পক্ষত নে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত নতশিৰ হব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ্বান ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হলে অসমৰ ৰাইজ- বুদ্ধিজীৱী, সাংবাদিকক মাতি ৰাজহুৱাভাবে সৰ্বানন্দ সোণোৱালক ” জাতীয় খলনায়ক” উপাধি প্ৰদান কৰিব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে ৷

Read More

বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ অকাল মৃত্যু,ডেংগু ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোৱালী ল’লে জামুগুৰিহাটৰ এগৰাকী যুৱকে

আৰ্থিক অনাতনৰ বাবেই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা জামুগুৰিহাটৰ ধোবাকটা বামুণ গাঁৱৰ এগৰাকী অমায়িক যুৱকৰ অকাল মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটিত৷ধোবাকটা বামুণ গাঁৱৰ প্ৰয়াত লক্ষণ তাঁতিৰ দ্বিতীয় পুত্ৰ দুলাল তাঁতি(২৮) দুবছৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সঁকাহ দিয়াৰ উদ্দেশ্যৰেই পুণেস্থিত কোম্পানীত কৰ্মৰত হৈ আছিল৷ কিন্তু কিছুদিন পূৰ্বে ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা দুলালে পুণেতেই চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ নকৰাত নিজ গৃহলৈ উভতি আহিছিল৷কিন্তু ক্ৰমাৎ ৰোগ উপশম নোহোৱাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত ডেংগুৰ উপস্থিতি ধৰা পৰে দুলালৰ দেহত৷তাৰপিছতো চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধে গুৰুত্বৰ ৰূপ…

Read More

শিৱসাগৰ ডিমৌ চাৰি আলি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ

*যোৱা ২২নৱেম্বৰ বৃহস্পতি বাৰে সংঘটিতত হৈছিল বোমা বিস্ফোৰণ। * কমল আগৰৱালা ব্যৱসায়িক প্ৰতিষ্ঠানত হৈছিল বোমা বিস্ফোৰণ। *নিহত হৈছিল কমল আগৰৱালা আৰু অনুপ গুপ্তা। *অনুপ গুপ্তা লক্ষ্য নাছিল বুলি আলফা (স্বাধীন)ৰ সংবাদ মাধ্যমলৈ দিয়া প্ৰেছ বিবৃতিত প্ৰকাশ। *লগতে অনুপ গুপ্তা পৰিয়াললৈ সমবেদনা জ্ঞাপন ।

Read More

মাৰ্ঘেৰিটা সমষ্টিৰ কৈলাশপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গণ সমাবেশ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈলাশপুৰ গাওঁত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীত কৈলাশপুৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন অাৰু স্থানীয় সচেতন নাগৰিকৰ উদ্যোগত গাওঁখনৰ পঞ্চায়ত প্ৰাংগনত গণ সমাবেশৰ অায়োজন কৰে । বলিন চাংমাইৰ পৌৰহিত্যত অাৰু কেশৱ দত্তৰ পৰিচালনাত অায়োজন কৰা গণ সভাত মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মূখ্য উপদেষ্টা উদয় শংকৰ মহন,অাটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহ:সম্পাদক দিগন্ত শইকীয়া,মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দিগন্ত নেওগ,অাদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক শিৱ তাঁতী অাৰু প্ৰাক্তন ছাত্ৰ নেতা ৰনজিৎ দহোতীয়া উপস্থিত থাকে। অামন্ত্ৰিত…

Read More

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ – প্ৰবীন অভিনেতা – গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ   বিয়োগ 

নগাঁৱৰ বিশিষ্ট শিক্ষাবিদ – প্ৰবীন অভিনেতা – গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ   বিয়োগ        অসম খৱৰ,বেবেজীয়া,১১ নবেম্বৰ  :   নগাঁও জিলাৰ  চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , প্ৰবীন অভিনেতা , গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী (৭৩) ৰ  শনিবাৰে পুৱা ১১  বজাত আকস্মিক বিয়োগ ঘটে  ৷  জানিব পৰা মতে নগাঁও  চহৰৰ লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিবাসী চক্ৰৱৰ্তীয়ে শনিবাৰে পুৱা ৯ মান বজাত হঠাৎ  শ্বাস- প্ৰস্বাসত অসুবিধা পোৱাত লগে লগে তেঁওক স্থানীয় এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰোৱা হয় যদিও তাৰ কিছু সময়ৰ পাছতেই হৃদক্ৰীয়াত আক্ৰান্ত হৈ তেঁওৰ মৃত্যু হয় ৷ নগাঁৱৰ…

Read More

কোন দিশে ৰাজ্যৰ শাসন ব্যৱস্থা ? ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান, প্ৰসহনত বিহালীৰ এখন গাঁৱৰ

দুই নাওঁ দুই ভৰি দি বিপদত পৰা বিহালী এখন গাঁও, ধোঁৱাচাঙত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছতাৰ শ্লোগান। এফালে ৰাজ্য চৰকাৰৰ মিছন হান্দ্ৰেড আনফালে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশ। মোডী চৰকাৰৰ স্বচ্ছতা অভিযানৰ ছাঁটোও নপৰা বিহালী মিলপুৰ গাঁৱৰ কথাকে আমি উল্লেখ কৰিব বিচাৰিছোঁ। জীয়াই থকাৰ মৌলিক অধিকাৰক উপেক্ষা কৰিছে জনপ্ৰতিনিধিয়ে। এইখন গাঁৱত নাই কোনো সুচল বাট পথ। স্বচ্ছতা এক পৰিহাস ৷ ধোঁৱাচাঙলৈ পৰিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত মিছনৰ সপোন ৷ যি সময়ত ৰাজ্য চৰকাৰে মিছন হান্দ্ৰেড আচঁনিৰ জড়িয়তে ১১১ খন বিশুদ্ধ খোৱা পানী যোগান আচঁনিৰে কোটি কোটি টকাৰ…

Read More

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

#জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ #সাধাৰণ সম্পাদকৰ পদত এন.এছ.ইউ.আই. সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ৷ অসম খবৰ ,জামুগুৰিহাট,১০ নৱেম্বৰ:জামুগুৰিহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন আজি অনুষ্ঠিত হয়৷এইবেলি নিৰ্বাচনত মুঠ ১০ টা পদৰ ভিতৰত সাধাৰণ সম্পাদককে ধৰি ৬ টা পদত এন.এছ.ইউ.আই. সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৪ টা পদত এ.বি.ভি.পি. সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নৱ নিৰ্বাচিত এন.এছ.ইউ.আই. সমৰ্থিত পদৰ প্ৰাৰ্থীসকল ক্ৰমে সাধাৰণ সম্পাদক ৰিদিপ ৰিংকু ওঁজা,সহঃসাধাৰণ সম্পাদক বেদান্ত বনিয়া,আলোচনী সম্পাদিকা জয়শ্ৰী হাজৰিকা,ক্ৰীড়া সম্পাদিকা মনালিচা বৰুৱা,ছাত্ৰ জিৰণী কোঠা সম্পাদক বিজিত দাস,ছাত্ৰী জিৰণী কোঠা সম্পাদিকা…

Read More

নৈতিকতাৰ চৰম স্খলন 

নৈতিকতাৰ চৰম স্খলন    ১০বছৰীয়া শিশুক শাৰিৰীক ভাৱে অত্যাচাৰ চলাই ‘টিপুন সৰকাৰ’ নামৰ এজন গাড়ী চালকে ।বৰাক ভেলীৰ কেন্দ্ৰবিন্দু স্বৰূপ শিলচৰ চহৰত হয় এনে নিলৰ্জ কান্দ ।যোৱাকালি দিনৰ ০১.৩০ মান বজাত ‘আৰোচ নান্দি’ নামৰ শিশু জন গৃহমুখী হোৱা সময়ত এইজন চালকে শাৰীৰিক ভাৱে অত্যাচাৰ চলাই আৰু শিশুজনে ততাতৈয়াকৈ গৈ এই ঘটনা পিতৃ-মাতৃক অৱগত কৰাই । লগে লগে অভিভাৱকে গৈ শিলচৰ ৰাংগেখাৰি পুলিচ থানাত এখন এজাহাৰ দাখিল কৰে । পুলিচে চালকজনক অতি সোনকালে আটক কৰাৰ আস্বাস দিয়ে যদিও ঘটনাৰ ২৪ঘন্টাৰ পিছতো দোষি মুকলি আকাশৰ তলত ।  পুলিচৰ এনে গুৰুত্বহীনতা  দেখি হতাশাত…

Read More