বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক

  বিশ্বনাথ জিলা আৰক্ষী আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অপৰাধ অনুসন্ধান ৰেঞ্জ যুটীয়া অভিযানত মাৰণাস্ত্ৰ সহ এটা চোৰাং চিকাৰী আটক     বিশ্বনাথ আৰক্ষী আৰু বন বিভাগে আজি এক গোপন সূত্ৰৰ পম খেদি যুটীয়া অভিযান চলাই বুধবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং ভোজমাৰী গাৱৰ পৰা এজন কুখ্যাত গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা চিকাৰী জনৰ নাম আব্দুল জলিল (৩০) বুলি জানিব পৰা গৈছে। চিকাৰী জনৰ পৰা মাটিত পুতি থোৱা অৱস্থাত দুটাকৈ ৩০৩ ৰাইফল আৰু ১৮ জাই সজীৱ গুলীৰ লগতে দুটা মেগজিন উদ্ধাৰ হৈছে। কুখ্যাত…

Read More

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত চিৰাঙৰ বিজনীত জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন

চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আজি বিজনী জিলা কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত পুৱা এঘাৰ পৰা পৰা অনুষ্ঠিত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন বিভাগৰ শতাধিক পুৰুস-মহিলা চৰকাৰী কৰ্মচাৰীয়ে অংশ লয় ৷ বিজনী জিলা কৰ্মচাৰী পৰিষদে শাসনাধিষ্ঠিত বিজেপি চৰকাৰে যাতে এই বিধেয়কখন আইনত পৰিণত নকৰে তাৰ বাবে দাবী জনাই এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত বিজনী মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Read More

বিধানসভাৰ মজিয়াত ক’লা পোচাক পৰিধান কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মি

বিধানসভাৰ মজিয়াত ক’লা পোচাক পৰিধান কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মি। বিহলীৰ ঘটনাক তিব্ৰ প্ৰতিবাদ কৰি এই পোচাক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। জোতাৰ পৰা চচমালৈকে ক’লা।

Read More

চিৰাং জিলাৰ বিজনীত সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী আৰু বিজনী চহৰৰ মাজ মজিয়াত চিৰাং জিলা আছু সংগঠনে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সণোৱাল আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰে । উল্লেখ্য যে দেওবাৰে নলবাৰীত চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্যৰ শুভৰম্ভ অনুষ্ঠানত অংশ ল’বলৈ অহাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক, নেতাক ক’লা পতাকা দেখুৱাক কেন্দ্ৰ কৰি ঘগ্ৰাপাৰত হাইস্কুলৰ সন্মুখত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । আনফালে সেই দিনেই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ঘগ্ৰাপাৰ হাইস্কুলৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপায়ন কৰিছিল বিক্ষোভ তথা অৱস্থান ধৰ্মঘট। তাৰ মাজতে পথেৰে পাৰ হৈ যায় পৰিবহন…

Read More

গহপুৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

ৰাজ্যিক গ্ৰামােন্নয়ন পঞ্চায়ত প্ৰতিষ্ঠান গহপুৰৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলিকৰনৰ দাবী আজি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিক সমিতিৰ উদ্যােগত আৰু স্থানীয় ৰাইজৰ সহযোগত গহপুৰ খাটবাৰীস্থিত এচ আই আৰ ডিৰ সমীপত এক বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গহপুৰ আঞ্চলিকৰ সভাপতি প্ৰাচুৰ্য বৰুৱা আৰু সম্পাদক কুমুদ দাস সহিতে স্থানীয় ৰাইজে গহপুৰৰ মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি গৰাকীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। যোৱা তিনিবছৰ ধৰি উক্ত কাৰ্যালয়টোত বিষয়া কৰ্মচাৰীৰ অনুপস্থিতি তথা গাফিলতিৰ বাবে পৰিত্যক্ত হৈ পৰাৰ অভিযোগ তুলি উক্ত স্মাৰক পত্ৰখন প্ৰদান কৰে।লগতে গহপুৰ আঞ্চলিকৰ অসম জাতীয়তাবাদী যুৱ পৰিষদে ৰাজ্যিক গ্ৰামোন্নয়ন ও…

Read More

কুমাৰীকাটাত গোৰ্খা ছাত্ৰ সন্থাৰ জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি বিভিন্ন দল সংগঠন তথা ব্যক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহা সময়তে তামুলপুৰ মহকুমাটো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। আজি সন্ধিয়া বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাই কুমাৰীকাটাত বিশাল জোঁৰ সমদল কাৰ্য্যসুচী ৰূপায়ণ কৰে। সন্ধিয়া ৬ বজাত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ কুমাৰীকাটাৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ ঢেকীয়াবস্তীস্থিত কাৰ্যালয়ৰ পৰা কুমাৰীকাটা-জালাহ পথ হৈ কুমাৰীকাটা স্থিত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ গো বেক, নৰেন্দ্ৰ মোদী গো বেক , নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ বাতিল কৰক, গোৰ্খা ছাত্ৰ…

Read More

বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত এদিনীয়া কাৰ্য্যসূচি লৈ আহিছে অখিল ভাৰতীয় প্ৰদৰ্শনী বাছ অভিযান

চিৰাঙ জিলাৰ বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে বিজনী চহৰত এদিনিয়া কাৰ্য্যসূচী লৈ আহিছে অখিল ভাৰতীয় প্ৰদৰ্শনী বাছ অভিযান ।তেওঁলোকৰ অভিজান যাত্ৰা আৰম্ভ কৰিছে ১৩আগষ্ট ২০১৭ চনৰ শুভ আৰম্ভ কৰে ।ইতিমধ্য ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্ত পৰিভ্ৰমন কৰি পোন প্ৰথম বাৰৰ বাবে অসমত প্ৰবেশ কৰিছে। বিজনী প্ৰজাপিতা ব্ৰক্ষ্ম কুমাৰী সেৱাকেন্দ্ৰৰ উদ্যোগত বিজনী চহৰত প্ৰবেশ কৰে ।তেওঁলোকৰ উদ্যাস হৈছে কেনেকৈ মানব জীৱন তো পৰিৱৰ্তন কৰিব পাৰি বিশেক কৈ উঠি অহাপ্ৰজন্মৰ যৌৱক সকলে কেনেকৈ জীবনতো পৰিবৰ্তন কৰিব পাৰে সেয়া আত্মা -পৰম আত্মা লগত ধেয়ান কৰি নিজৰ মনক শান্ত কৰা, সমাজত…

Read More

বিজনীত ৪৮ নং চোৱাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ উদযাপন 

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বিজনী ৪৮ নং চোৱাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে শতবাৰ্ষিকী অনুষ্ঠান উদযাপন কৰে ।বিদ্যালয় খনৰ শতবাৰ্ষিকি উপলক্ষ্যে মঙ্গলবাৰ ৰাতিপুৱা ৭.৩০ বজাত শতবৰ্ষৰ দ্বাৰ মুকলি কৰে উপদেষ্টা শতবৰ্ষিকী উদযাপন সমিতিৰ শ্ৰীযুত ধৰ্মেশ্বৰ ৰায় । ৮ বজাত বিদ্যালয়ৰ পতকা উত্তলন কৰে শ্ৰীযুত হিলেশ্বৰ ৰায় সভাপতি বিদ্যালয় পৰিচালনা সমিতি । ৰাতিপূৱা ৮.১৫ বজাত শতবাৰ্ষিকী উদযাপন সমিতিৰ পতকা উত্তলন কৰে ।উত্তলক সভাপতি শতবাৰ্ষিকী উদযাপন সমিতিৰ শ্ৰীযুত অৰ্জুন চন্দ্ৰ ৰায় । পূৱা ৮.৩০ বজাত স্মৃতি তৰ্পন । তৰ্পক সম্পাদক শতবাৰ্শিকী সমিতিৰ শ্ৰীযুত পৰেন চন্দ্ৰ ৰায়, বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত…

Read More

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী বৰগাঙত বিহালীৰ প্ৰাক্তন ছাত্ৰ কৰ্মী সন্মিলনৰ অৱস্থান ধৰ্মঘট

বিহালী প্ৰাক্তন ছাত্ৰ কৰ্মী সন্মিলনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিহালীৰ প্ৰাণকেন্দ্ৰ বৰগাঙ চেন্টাৰৰ মাজমজিয়াত এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ন কৰা হয় । দিনৰ ১০ বজাৰ পৰা ১ বজালৈকে ৰূপায়ন হোৱা এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা বাংলাদেশী হিন্দুয়ে হওঁক বা মুছলমানে হওঁক অসম এৰি যাবই লাগিব, অসম চুক্তি ৰূপায়ন কৰক, সতীৰ্থ মুখ্যমন্ত্ৰী আপুনি আছু কৰিছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰেই বাতিল কৰক, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰক আদি শ্লোগানৰ জৰিয়তে সংগঠনটোৱে দাবী তুলি ধৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ…

Read More

ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা

    ভোগালীত কাজিৰঙাৰ বনকৰ্মীলৈ উদ্যান কৰ্তৃপক্ষৰ পৰা চিৰা পিঠা আৰু ক্ৰীমৰ টোপোলা   আজি ভোগালীৰ উৰুকা ৷ সমগ্ৰ ৰাজ্য চাৰিওফালে উখল মাখল পৰিৱেশ ।মাঘ মানে ভোগ সকলোৱে আজি নিশা এসাঁজ ভাল কৈ খাব মিলিজুলি । এই ভোগৰ বিহু পৰা পৰিয়ালৰ মাজত উপভোগ কৰিব নাপায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মী সকলৰ গাত । এই ভোগৰ পৰা বঞ্চিত থকা বন কৰ্মী  সকলক আজি দেখা গ’ল । আনন্দৰ উৎসৱ । ভোগালীৰ আনন্দত ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়ত কাজিৰঙাৰ গভীৰ অৰণ্যত জাতীয় সম্পদ গঁড়ৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাত ব্যস্ত হৈ আছে বনকৰ্মীসকল ৷ ভোগলী…

Read More

জামুগুৰিহাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুৱ-ছাত্ৰৰ মুণ্ডনৰে প্ৰতিবাদ, অসম জ্বলোৱাৰ হুংকাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত জামুগুৰিহাতটো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷আজি জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জামুগুৰি আঞ্চলিক সমিতিয়ে সমুহীয়া মুণ্ডনৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুণ্ডন কাৰ্যসুচীত অংশগ্ৰহণ কৰি যুৱ-ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক সমিতিৰ সভাপতি প্ৰকাশ শইকীয়াই কয় কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ’ব ৷ সময় থাকোতেই চৰকাৰে বিধেয়ক বাতিল কৰক ৷অন্যথা অসম জ্বলি যাব ৷ যুৱ-ছাত্ৰৰ এই প্ৰতিবাদী কাৰ্যসুচীত মুণ্ডন কাৰ্যসুচীত অংশ গ্ৰহণ কৰে যুৱ-ছাত্ৰৰ জামুগুৰি আঞ্চলিকৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা ,উপসভাপতি সঞ্জীৱ দাস উপদেষ্টা বিশ্বজিৎ…

Read More

বিশ্বনাথত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে উকীল সন্থাৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধীতা কৰি আজি বিশ্বনাথৰ উকীল সন্থাই এক প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে। সমগ্র অসমৰ লগতে আজি কৰ্মবিৰতিৰ আৰু সমদলৰ জড়িয়তে উকীল সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব বিল বাতিল কৰক, অবৈধ বাংলাদেশী হাই হাই, আদি শ্ল’গানে উত্তাল কৰি তুলে বিশ্বনাথৰ উকীল সন্থা কাৰ্যালয় । বিশ্বনাথৰ উকীল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কায্যসূচী জড়িয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি প্ৰয়োজনত হ’লে বিধেয়ক খনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপা লগতে সময়ত আইন অমান্য আন্দোলন গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিয়ে বিশ্বনাথ উকীল সন্থাই।  

Read More

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ

অগপৰ ৩ মন্ত্ৰী অতুল বৰা, ফণীভূষণ আৰু কেশৱ মহন্তই মুখ্যমন্ত্ৰীক দাখিল কৰিলে পদত্যাগ পত্ৰ     বহু জল্পনা কল্পনা তথা অসমৰ ৰাইজৰ হেচাত অৱশেষত   মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ অনুমতি দিয়াৰ লগে লগে অসম গণ পৰিষদৰ তিনি মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিলে মুখ্য মন্ত্ৰী হাতত । গুৱাহাটীৰ বাহিৰত থকা মুখ্যমন্ত্ৰীগৰাকী দিছপুৰত প্ৰায় ৫ মান  বজাত  উপস্থিত হয় যদিও প্ৰায় ৮ মান  বজাতহে মন্ত্ৰী কেইজনক   সাক্ষাতৰ বাবে লাভ  কৰে৷ উল্লেখ্য যে,   নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বিৰোধিতাৰে সোমবাৰে দিল্লীত কেন্দ্ৰীয়…

Read More