বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক

বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক   বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত এক বিশেষ বৈঠকত অসম চৰকাৰৰ বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগকেইটাৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৰে চলি থকা অৰুণাচলী মদৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৱকাৰী বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। বিশ্বনাথ জিলাত মীনপালনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনক মৎস্য উপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ…

Read More...

পথাৰত নাই পানী:কৃষকৰ হাহাকাৰ অৱস্থা

নদুৱাৰৰ জলসিঞ্চন বিভাগৰ ল’ৰা ধেমালিত অতিষ্ঠ ৰাইজ অসম খবৰ@তেজপুৰৰ পৰা মৃন্ময় শইকীয়া ২১ জুলাই : পথাৰত নাই পানী, প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাত মূুৰে কপালে হাত দিছে নদুৱাৰৰ কৃষক ৰাইজে ৷ ৰ’দৰ তাপত পথাৰ চিৰাল ফাট দিছে ।  সমস্যাত পৰিছে কৃষক সকল ৷ আজি কেবা দিনো ধৰি প্ৰখৰ ৰ’দত পথাৰৰ পানী শুকাই যোৱাৰ লগতে কঠিয়াসমূহ পানীৰ অভাৱত ৰঙচুৱা হৈ পৰিছে ৷  আনহাতে ওচৰৰ খাল -পুখুৰী আদিৰ পৰা পানী সিচিচে যদিও কোনো আশাৰ বতৰা দেখা নাই কৃষক সকলে তাকে লৈ চিন্তাত পৰিছে কৃষক সকল ৷ যাৰ বাবে খেতি পথাৰত পানী দিব…

Read More...

গোলাঘাটত ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

গোলাঘাটত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী । উদ্বোধক ড° হিমন্ত বিশ্ব শৰ্মাই ( প্ৰতিকৃতি ) অসম খবৰ@ৰাইজৰ সংবাদ, গোলাঘাটঃ ১৪ জুলাইঃ ৰাজ্যজুৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰাজপথৰ বাবে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে আজি গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু )ৰ গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক ধোদৰ আলিত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । আহাৰ প্ৰচণ্ড ৰ’দৰ উত্তাপকো কেৰেপ নকৰি জিলাখন জিলা সমিতিৰ লগতে নগৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক ধোদৰ আলিটো নিৰ্মান কৰিবলৈ একেমুখে দাবী জনায় । পূৰ্বৰে পৰা আন্দোলনৰ…

Read More...

গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ

গোলকগঞ্জ বজাৰৰ হাক্কানী খানকাহ মছজিদ আৰু পূৰনি দুৰ্গা মন্দিৰঃ গোলকগঞ্জ বজাৰৰ মাজ মজিয়াত অবস্থিত এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠান। দুয়োখনৰ মাজৰ দূডঃঃ কেবল বেৰ এখন। পূৰনি দুৰ্গা মন্দিৰৰ মাটি দান কৰে গোলকগঞ্জৰ জমিদাৰ প্ৰধানী পৰিয়ালে। এই দুয়োখন ধৰ্মীয় প্ৰতিষ্ঠানৰ গাতেই লাগি আছে 40 টা পৰিয়ালৰ সৰু এখন মুছলমান গাঁও। প্ৰধানী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ এই পৰিয়াল সমূহ। এই গাঁওৰে এজন ব্যক্তি দুৰ্গা মন্দিৰৰ সদস্য। এই গাঁও খনত বঙাইগাঁও জিলাৰ চলন্ত পাৰাৰ পৰা এজন শিক্ষক আহি আধা বিঘা মাটি কিনিলৈ ঘৰ বনায়। শিক্ষকজন যথেষ্ট ধাৰ্মিক আছিল। সকলোৱে তেখেতক সেখ হুজুৰ বুলি মাতিছিল। তেখেত…

Read More...

বিহালী গ্ৰীণ চচাইটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন

বিহালী গ্ৰীণ চচাইটিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন অসম খবৰ@ ডিজিটেল ডেস্ক©বিশ্বনাথ,বিহালী ৬ জুন:– “আমি বিহালীত থাকি বিশ্বৰ পৰিবেশৰ কথা ভাবিছো । প্ৰতি বছৰে ৰাষ্ট্ৰসংঘই প্ৰদূষণ কৰা একোটা একোটা বিষয়ৰ ওপৰত সজাগ হ’বলৈ এই দিৱস পালন কৰিবলৈ দিয়ে, এই বাৰ প্লাষ্টিকৰ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছে । আজি আমি প্লাষ্টিকৰ প্ৰতিৰোধ কৰিবলৈ সজাগতা সভা পাতি , কিন্তু আমি হাতত প্লাষ্টিকৰ পানীৰ বটল লৈ এই সজাগতা সভা পাতিছো”— এই বক্তব্য নিদিষ্ট বক্তা তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° সঞ্জীৱ উপাধ্যায়ৰ । কাৰ্যসূচী মতে পুৱা ১১ বজাত তিনি গৰাকী বয়োজেষ্ঠ ব্যক্তিৰ দ্বাৰা বৃষৰোপন,কৰে…

Read More...

বিশ্বনাথত টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: বিশ্ব পৰিবেশ দিৱস পালন

বিশ্ব পৰিবেশ দিৱস উদযাপন টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: অসম খবৰ@ত্ৰিদিপ দাস, বিশ্বনাথ, ৫ জুন:- সমগ্র দেশৰ লগতে বিশ্বনাথ জিলাৰ বিভিন্ন চৰকাৰী আৰু বে-চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানতো বিশ্ব পৰিৱেশ দিৱস টি উদযাপন কৰা হয় । এই ক্ষেত্ৰত পিচ পৰি নগল বিহালীত অৱস্থিত চাৰিলাইন যুক্ত পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনীয়াৰিং প্ৰা: লি: কৰ্মচাৰীসকলো । সংস্থাটোৰ নাজবৰৰ অৱস্থিত অস্থায়ী কাৰ্যালয়ত প্ৰকল্প বিষয়া সুৰজিৎ দাসৰ নেতৃত্বত আৰু এম কে নাথ,বিভাষ দাস,নিজাম হালদাৰ আৰু অনান্য বহু বিষয়া কৰ্মচাৰিৰ সহযোগত নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰায় দুশ জোপা গছ পুলি শিবিৰৰ চৌহদত ৰোপন কৰি সুন্দৰভাৱে বিশ্ব পৰিবেশ দিৱস উদযাপন…

Read More...

চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন

চাও লুং ছ্যুকাফাৰ মৈদামত লোহাৰ বেৰা স্থাপন   অসম খবৰ@শান্তনু কোঁৱৰ, মৰাণ ৫ জুন :-১২২৮ খ্ৰীঃত পাটকাই গিৰিপথেদি অাহি এই সৌমাৰখণ্ডত বৰ অসমৰ ভেটি স্থাপন কৰা বৰ অসমৰ প্ৰথমজন স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ মৈদামত সদৌ অসম কোঁৱৰ বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অাৰু কীতিচিহ্ন সংৰক্ষণ সমিতিৰ সহযোগত লোহাৰ বেৰা স্থাপন কৰা হয় । যোৱা ৩ জুন তাৰিখে চৰাইদেউ জিলাৰ ৰজাবাৰীত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানৰে সৈতে এই বেৰা স্থাপন কৰা হয়। অাজিকোপতি উপেক্ষিত অাৰু অৱহেলিত ৰূপত থকাটো বিচাৰ্যৰ বিষয়। এইখিনিতে উল্লেখ্য যে চৰাইদেওৰ মৈদাম ক্ষেত্ৰৰপৰা মাত্ৰ ১:৮ কি:মি দূৰত্বত অৱস্থিত এই মৈদামক…

Read More...

সকলো চৰকাৰী কাৰ্যলয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ আহ্বান বিশ্বনাথ জিলা উপায়ুক্তৰ

বিশ্বনাথত জিলাৰ সকলো চৰকাৰী কাৰ্যালয়ত আৰু শিক্ষা অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ আহ্বান উপায়ুক্তৰ অসম খবৰ™@ বিশ্বনাথ চাৰিআলি, ৪ জুন :- এক প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ মূল বাণীৰে সমগ্ৰ বিশ্বতে মঙ্গল বাৰে পালন কৰা হ’ব বিশ্ব পৰিৱেশ দিৱস । মন কি বাত অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও দেশবাসীক এক প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়াৰ আহ্বান জনাইছে । এই মহান উদেশ্যৰ প্ৰতি সহযোগিতা অগবঢ়োৱাৰ উদ্দেশ্যে ৫ জুনত উদযাপন হ’ব লগা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলাৰ সমুহ চৰকাৰী বিদ্যালয়ৰ লগতে চৰকাৰী কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি আৰু প্লাষ্টিক মুক্ত পৰিৱেশ…

Read More...

বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ স্বৰূপ চন্দ্ৰ মহনৰ বিয়োগ

বিশিষ্ট সমাজকৰ্মী, ৰাজনীতিবিদ স্বৰূপ চন্দ্ৰ মহনৰ বিয়োগ সমগ্ৰ মাহমৰা, বিশ্ৰামপুৰ অঞ্চলত শোকৰ ছাঁ অসম খবৰ@(অসীম জ্যোতি ফুকনৰ ফেচবুক প’ষ্টৰ পৰা) মাহমৰা,বিশ্ৰামপুৰ,৪ জুন :-  বিশিষ্ট সমাজকৰ্মী,শিক্ষক তথা ৰাজনীতিবিদ মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰ অঞ্চলৰ জজলী গাওঁৰ নিবাসী স্বৰূপ চন্দ্ৰ মহনৰ বিয়োগ ঘটে । যোৱা কিছুদিন ধৰি বিভিন্ন ধৰণৰ অসুখত ভুগি থকা মহনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলৰ লোকৰ মাজত শোকৰ ছাঁ পৰে ।

Read More...

সহায়ৰ আহ্বান :-

সহায়ৰ প্ৰয়োজন:- অসমৰ যুৱ-সমাজৰ এগৰাকী সফল মহিলা bodybuilder নাম- কুইন বুঢ়াগোঁহাই (Queen Buragohain) । দেশ-বিদেশত সন্মান বঁটাৰে প্ৰৌজ্জ্বল তেওঁ । Miss Assam, India-ৰ পিছত এইবাৰ সাজু হৈছে Miss Universe Fitness -লৈ । এই World Championship, Singapore -ত খেলিবলৈ যোৱাত আৰ্থিকভাৱে সহায় কৰিব পৰা যাব নেকি ? তাই বহুতো ঠাইত খবৰ কৰিছিল কিন্তু কোনোৱে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবে মানসিক ভাৱে ভাঙি পৰিছে । সেয়েহে যদি আমি কিছু পৰিমাণে সহায় কৰোঁ অাৰু সকলোৱে সহায়ৰ হাত অাগবঢ়ালেহে তাই Miss Universe Fitness, Singapore -ত খেলিব যাবলৈ সক্ষম হ’ব । সেয়েহে অাহকচোন অামি সকলোৱে…

Read More...

নলবাৰীত টীম বাইকাৰ্ছ ইউনাইটেডৰ উদ্যোগত হেলমেটৰ সজাগতা সভা আৰু বাইক ৰেলী

নলবাৰীত টীম বাইকাৰ্ছ ইউনাইটেডৰ উদ্যোগত হেলমেটৰ সজাগতা সভা আৰু বাইক ৰেলী   অসম খবৰ@ নলবাৰী,৩ জুন :-  টীম বাইকাৰ্ছ ইউনাইটেড,অসমৰ উদ্যোগত অাৰু বাইকাৰ্ছ ব্ৰাডাৰহুদ,নলবাৰীৰ সহযোগত নলবাৰীৰ ভাঙুৰা গোঁষাই থানত অাজি এটা “নো হেলমেট নো পেট্ৰল”ৰ সজাগতা সভা অনুষ্ঠিত হয় । অাজিৰ এই অনুষ্ঠানত নলবাৰী সদৰ ভাৰপ্ৰাপ্ত অাৰক্ষী বিষয়া বদৰুল ইছলাম,কমাৰকুছি অাৰক্ষী চকীৰ বিষয়া জগদীশ কলিতা,নলবাৰী যান-বাহন শাখাৰ ৰবীন তালুকদাৰ উপস্হিত থাকে।উল্লেখ্য যে টীম বাইকাৰ্ছ ইউনাইটডৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম বিভিন্ন প্ৰান্তৰ বাইকাৰ্ছে ৰেলিৰে অাহি অংশ গ্ৰহণ কৰে ।

Read More...

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন

মায়ামৰা সাংস্কৃতিক সংঘৰ তিনি দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন অসম খবৰ@ বিহালী, ৩০ মে: – শ্ৰী শ্ৰী অনিৰুদ্ধ দেবৰ সেবক সকলে তথা বিহালী আধাখনা মায়ামৰা সাংস্কৃতিক সংঘ আৰু যুবক সংঘৰ সহযোগত আজিৰে পৰা তিনিদীনিয়া কাৰ্যসূচীৰে আধাখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাগবত পাঠৰ আয়োজন কৰা হৈছে । বলুভদ্ৰ বৰুৱা সভাপতি আৰু লক্ষী বৰাক সম্পাদক হিচাপে লৈ এখন আদৰণি কমিটি গঠন কৰা হয় । অনুষ্ঠানৰ কাৰ্যসূচী অনুুসৰি পুৱা ৯ বজাত ৫ শতাধিক লোকৰ সতে শোভাযাত্ৰা কৰি বিয়লি ২ বজাৰ পৰা ভাগবত পাঠ আৰম্ভণি কৰা হয়। ভাগৱত পাঠত অংশ গ্ৰহণ কৰে — শংকৰ দাস, সদানন্দ…

Read More...

বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ লতিবাৰী গাওঁত স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীৰ আধাৰশিলা স্থাপন   অসম খবৰ@ধীৰজ উপাধ্যায়,কুমাৰীকাটা, ৩০ মে :-  বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, শিংৰামাৰী গাঁৱৰ পকী পথ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক ইমানুৱেল মোছাহাৰীয়ে আজি  পাকৰিবাাৰী চ‌‌’কত এখনি আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ পিছতে এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত বিধায়ক গৰাকীয়ে কয় যে- কুমাৰীকাটা নাগ্ৰীজুলি চ’কৰ পৰা প্ৰায় ৫ কি.মি. ভিতৰুৱা ৰাস্তাৰ  পকীকৰণ আগন্তুক তিনি বছৰৰ ভিতৰত সম্পুৰ্ণ কৰিবলৈ চেষ্টা কৰিম বুলি ৰাইজক আশ্বাস দিয়ে । উক্ত সভাত তামুলপুৰ মহকুমাৰ এম. চি. এল.এ বিজিত গৌৰা নাৰ্জাৰী, বি.টি.চি ৰ প্ৰাক্তন এম. চি.এল.এ বাসুদেৱ উপাধ্যায় ৰ…

Read More...

নাজিৰাত অষ্ঠি ৰোগৰ চিকিৎসক ডঃ আৰ কে খান্ডেলৱাল

নাজিৰাত অষ্ঠি ৰোগৰ চিকিৎসক ডঃ আৰ কে খান্ডেলৱাল অসম খবৰ, নাজিৰা- নাজিৰা এমচি ক্লাৱৰ উদ্যোগত আয়োজন কৰা হাড় আৰু গাঠিৰ এক বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰাত ডেৰশতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা হয় ৷  ৮ মে মংগল বাৰে আয়োজন কৰা উক্ত চিকিৎসা শিবিৰত চিকিৎসা প্ৰদান কৰে ।  পাটনাস্হিত বন এণ্ড জইন্ট কেয়াৰ চেন্টাৰৰ চাৰ্জন ডঃ ৰবি কুমাৰ খান্ডেলৱালে৷ নাজিৰাৰ লগতে শিৱসাগৰ ডিব্ৰুগড় জিলাৰ হাড় আৰু গাঠিৰ বিষত ভোগা শতাধিক ৰুগীয়ে এই শিবিৰত আহি বিনামূলীকৈ চিকিৎসাৰ সুবিধা লাভ কৰে৷

Read More...