অশ্ৰুসিক্ত নয়নেৰে কৰুণানিধিক চিৰবিদায়

 কৰুণানিধিক চিৰবিদায়   ডি এম কেৰ পিতামহ তথা তামিলনাডুৰ পাঁচবাৰৰ মুখ্য মন্ত্ৰী এম কৰুণানিধিৰ অন্তিম যাত্ৰা ৷  আজি বিয়লি ৪ বজাত ভাৰতীয় ৰাজনীতিৰ এসময়ৰ ‘কিং মেকাৰ’ এইগৰাকী বৰ্ষীয়ান নেতাক ৰাজাজি হলৰ পৰা মেৰিনা বীচ্চলৈ তেওঁৰ সমৰ্থক তথা দলীয় নেতা-কৰ্মীয়ে সমদল কৰি লৈ যায় ৷ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই অন্তিম যাত্ৰাত শোকাভিভূত হৈ পৰে তেওঁৰ অগণন গুণমুগ্ধ ৷ জনপ্ৰিয় নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অহা লোকৰ ভিৰত ৰাজাজি হলৰ বাহিৰত পদপিষ্ট হৈ কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ৩৩জন লোক আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, ৰাজাজি হলৰ পৰা মেৰিনা…

Read More...

৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি

বিতৰ্কিত মন্তব্যৰে অৰুণ জেটলিৰ টুইট ৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি   ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিৰ । অসমৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত মন্তব্য কৰি জেটলিয়ে কয় , বিগত ৫০ বছৰ অসমত মুছলমান লোকৰ জনসংখ্যা ৩.৯ গুণে বৃদ্ধি পাইছে । জেটলিয়ে তেওঁৰ টুইটাৰ একাউণ্ট দ্বাৰা এই কথা প্ৰকাশ কৰিছে । ১৯৬১-২০১১ বৰ্ষলৈকে ৫০ বছৰে হিন্দু ধৰ্মলম্বী লোকৰ জনসংখ্যা বাঢ়িছে মাত্ৰ ২.৪ গুণ । আনফালে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে গৈ ৩.৯ গুণ । আৰু ঠিক এই কাৰণেই অসমৰ জনবিনাশ বিপুলভাৱে প্ৰভাৱিত হৈছে…

Read More...

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচন : বিৰোধীৰ প্ৰাৰ্থী বন্দনা চৱন বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচন৷ এই পদৰ বাবে বিৰোধী পক্ষই প্ৰক্ষেপ কৰিছে সাংসদ বন্দনা চৱনক৷ ৫৭ বৰ্ষীয় বন্দনা চৱন শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ সাংসদ৷ উল্লেখ্য, ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষই মাৰাথন বৈঠকত মিলিত হৈ আছে৷ শাসনাধিষ্ঠিত এন ডি এই ইতিমধ্যে প্ৰক্ষেপ কৰিছে হৰিবংশ নাৰায়ণ সিঙক৷ এন ডি এৰ অংশীদাৰ তথা নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি(ইউ)ৰ সাংসদ হৰিবংশ নাৰায়ণ সিং৷

Read More...

মহাৰাষ্ট্ৰত ১৭ লাখ চৰকাৰী কৰ্মচাৰীৰ বিদ্ৰোহ

শাসকগোষ্ঠীলৈ বৃহৎ প্ৰত্যাহ্বান নমাই তিনিদিনীয়া ধৰ্মঘট ঘোষণা কৰিছে মহাৰাষ্ট্ৰৰ ১৭ লক্ষাধিক চৰকাৰী কৰ্মচাৰীয়ে । সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ দাবীতেই এই ধৰ্মঘট কাৰ্যসূচী । প্ৰতিবাদী কৰ্মচাৰী সমাজৰ অভিযোগ মতে আয়োগৰ পৰামৰ্শসমূহ দেৱালীৰ পূৰ্বে কাৰ্যকৰী কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেয়া অহা ২০১৯ বৰ্ষৰ জানুৱাৰীৰপৰাহে প্ৰযোজ্য হ’ব বুলি চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰে । প্ৰাপ্ত তথ্য অনুসৰি সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰাৰ বাবে ব্যয় হ’ব ২১,০০০ কোটি টকা । কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত চূড়ান্ত অচলাৱস্থাৰ আশংকা কৰা হৈছে মহাৰাষ্ট্ৰত ।

Read More...

লোকসভাত এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত হেঁচা…

Read More...

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ

বেনজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ ওপৰত দ্ৰোণ আক্ৰমণ বেনেজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলচ মাদুৰোৰ শনিবাৰে এখন কাৰ্যসূচী চলি থকা সময়তে তেওঁৰ ওপৰত হোৱা এক আক্ৰমণত কথমপি ৰক্ষা পৰে। মাদুৰো শনিবাৰে ৰাজধানী কৰাকচত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ ৮১ তম বৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত এক সমাৰোহত ভাষণ দি থকাৰ সময়তে সংঘটিত হয় এটা প্ৰকাণ্ড বিস্ফোৰণ। মুহূৰ্ততে সভাখনত উপস্থিত লোকসকলৰ মাজত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়। আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি গৰাকীৰ অংগৰক্ষকে তেওঁৰ সম্মুখত বেলিষ্টিক ঢাল লৈ থিয় হয় আৰু মাদুৰোক ঘটনাস্থলীৰ পৰা তুৰন্তে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে। উক্ত বিস্ফোৰণটোত মুঠ ৭ জন সেনা জোৱান আঘাত হোৱা…

Read More...

নাগৰিকপঞ্জী উন্নীতকৰণ দাবীত কঁপিল মেঘালয়

        ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবীত কপিল মেঘালয়   অসম খবৰ  ডিজিটেল ডেক্স  ৩ আগষ্ট অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত চলি থকা সময়ত মেঘালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী জনালে হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে । হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে মেঘালয়ত ইনাৰ লাইন পাৰ্মিট আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ দাবীত মেঘালয়ৰ ৰাজপথ অৱৰোধ কৰে । উল্লেখ যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা তালিকা প্ৰকাশৰ পিছত মেঘালয় আৰু নাগালেণ্ডৰ জাতীয় সংগঠন আৰু প্ৰশাসনে অবৈধ বিদেশী যাতে সুমাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাইছে ।

Read More...

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ অসম খবৰ বৰ্ণালী কলিতা গুৱাহাটী, আগষ্ট-০৩: দেশত ভয়াবহ ৰূপত বৃদ্ধি পাই আহিছে কিকিৰ সন্ত্ৰাস। ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ। কিকিৰ চেলেঞ্ছৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ সমান্তৰালকৈ বঙ্গালুৰু আৰক্ষীয়েও জাৰি কৰিছে সতৰ্কবাণী। এই চেলেঞ্ছৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ প্ৰশাখনে। উল্লেখ যে, কিকিৰ এই চেলেঞ্ছৰ বাবে দেশত এতিয়ালৈ সংঘটিত হৈছে বহু দুৰ্ঘটনা। ৰাজ্য দুয়োখনৰ সুৰক্ষা দিশটোৰ ফালে লক্ষ্য ৰাখিয়ে প্ৰশাখনৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। বৃহস্পতিবাৰে বেংগালুৰু আৰক্ষীয়ে অফিচিয়েল টুইটাৰ যুগে টুইট কৰি জনাই যে, “যদি কোনো লোকে কিকিৰ চেলেঞ্ছ লৈ…

Read More...

নিহত ২ সন্ত্ৰাসবাদী

পুনৰ অশান্ত জম্ম-কাশ্মীৰ: সুৰক্ষাবাহিনীৰ           গুলিত নিহত ২ সন্ত্ৰাসবাদী অসম খবৰ গুৱাহাটী, আগষ্ট-০৩: শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ সোপোৰ জিলাত ভাৰতীয় সুৰক্ষাবাহিনীৰ মাজত পুনৰ সংঘটিত হয় ভয়াৱহ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত সুৰক্ষাবাহিনীৰ হাতত ২ টাকৈ সন্ত্ৰসবাদী নিহত হয়। তথাপিও সুৰক্ষাবাহিনীয়ে সুৰক্ষাৰ দিশৰ পৰা এই পৰ্যন্ত অঞ্চলটোত অভিযান চলাই আছে। জানিব পৰা মতে, সুৰক্ষাবাহিনীয়ে বৃহস্পতিবাৰে ৰাতিয়ে সন্ত্ৰসবাদীৰ সম্ভেদ পাইছিল। তাৰপাছতেই আৰম্ভ হৈছিল অভিযান। খবৰ অনুযায়ী দুয়োটা সন্ত্ৰসবাদী সোপোৰ জিলাত দ্রুছু গাঁৱখনত কূটঘাটৰ উদ্দেশ্যেৰে আত্মগোপন কৰি আছিল। তাৰপাছত সুৰক্ষাবাহিনীৰ দলটোৱে সমগ্ৰ অঞ্চলটোক ঘেৰিলৈ দুয়োটা সন্ত্ৰসবাদীক গুলিয়াই নিহত কৰে।

Read More...

কৰ্ণাটক বিধানসভাৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্ণাটক চৰকাৰে

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। য’ত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সন্মানৰ চকুৰে চোৱা হৈছে। কিন্তু এইখন দেশতে বাৰে বাৰে লাঞ্চিত  হয়, আক্ৰান্ত হয় সংবাদ মাধ্যম। এনে এক অবাঞ্চিত কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিধানসভা গৃহৰ ভিতৰত। এই নিষেধাজ্ঞা আৰোপ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনে যাবতীয় জাননীও জাৰি কৰিছে। বিধানসভা গৃহৰ বাহিৰতহে মন্ত্ৰী-বিধায়ক অথবা বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কথা ক’ব- সেই কথাও স্পষ্ট কৰি দিয়া হৈছে।

Read More...

পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ

পাকিস্তানৰ ইতিহাসত মুখ্য ন্যায়াধীশ ৰূপে অধিস্থিত প্ৰথমগৰাকী মহিলা ন্যায়াধীশৰ অসম খবৰ@গুৱাহাটী,২৫জুলাই: পাকিস্তানৰ বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ৰূপে নিযুক্তি লাভ কৰিছে দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। চৈয়দা টাহীৰ চাফদা হৈছে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। ইছলামধৰ্মী দেশখনৰ ইতিহাসত ই এক অতি অবৰ্ণনীয় ঘটনা ৰূপে পৰিলক্ষিত হৈছে। উল্লেখ যে, বেলুচিস্তানৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ নুৰ মেছকানজিয়ৰ অৱসৰৰ পাছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে চৈয়দা টাহীৰ চাফদাক। চলিত বছৰৰ আগন্তুক মাহৰ পৰা তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। এই বিষয়ে পাকিস্তানৰ মুখ্য ন্যায়াধীশ চাকিব নিছাৰে দেশখনৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। পাকিস্তানৰ বেলুচিস্তানত ১৯৫৭…

Read More...

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত স্থান নাপালে বহু জ্যেষ্ঠ নেতাই

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত স্থান নাপালে বহু জ্যেষ্ঠ নেতাই   অসম খবৰ, গুৱাহাটী জুলাই-১৮: মঙ্গলবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ পৰা বাদ পৰিল দলটোৰ বহু জ্যেষ্ঠ নেতা। তাৰ পৰিৱৰ্তে দেখা গ’ল বহু কেইখন নতুন মুখ আৰ যুৱ শক্তি । আগন্তুক লোকসভা নিৰ্বাচনৰ লক্ষ্য কৰি ৰাহুল গান্ধী দ্বাৰা গঠিত হৈছে এই কমিটি ৱৰ্কিং কমিটি খন । কমিটি খনত বিভিন্ন ৰাজ্যৰ মুঠ ২৩ গৰাকী সদস্য ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও স্থান পাইছে । তাৰ বাহিৰেও সাংসদ গৌৰৱ গগৈ ও কমিটি খনৰ ১৯ গৰাকী আমন্ত্ৰিত সদস্যৰ ভিতৰত এজন সদস্য । কংগ্ৰেছৰ নতুনকৈ গঠিত হোৱা…

Read More...

১৬ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন

এইবাৰো উত্তপ্ত হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন    ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন৷ অহা ১০ আগষ্টত এই অধিবেশন সমাপ্ত হ’ব৷ মুঠ ১৮ দিন এই অধিবেশন চলিব৷ চৰকাৰী ৱেবছাইটৰ তথ্য অনুসৰি সংসদৰ দুই সদনত যথাক্ৰমে ২৭ আৰু ৪৮খন বিধেয়ক গৃহীত কৰিবলৈ বাকী আছে৷ কিন্তু গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত পাঁচখন বিধেয়কক লৈ সংসদত প্ৰচণ্ড উত্তাল পৰিস্থিতি সৃষ্টি হোৱাটো নিশ্চিত৷এইবোৰ বিধেয়ক উপৰি আন কেতবোৰ ইছ্যুক কেন্দ্ৰ কৰি বিৰোধী দলবোৰে সংসদ অচল কৰি তোলাৰো সম্ভাৱনা আছে৷ ইতিমধ্যে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ আগৰে পৰাই বিৰোধী কংগ্ৰছ আৰু শাসকদল বিজেপিৰ নেতৃবৃন্দৰ মাজত বাক-বিতণ্ডায়ো চৰম পৰ্যায়…

Read More...

প্ৰথম বাৰৰ বাবে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

প্ৰথম বাৰৰ বাবে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প   অসম খবৰ@(বি.কলিতা.)ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,১৩ জুলাই: দেশৰ ৰাজধানী দিল্লীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত খোজ দিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দিল্লীত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য অনুস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখ যে, ইয়াৰ পূৰ্বে ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে মুখ্য অতিথি ৰূপে উপস্থিত আছিল যুক্তৰাষ্ট্ৰখনৰ অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বাৰাক অ’বামা।

Read More...

ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ

ৰাজ্যসভাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ অসম খবৰ@(বি.কলিতা)ষ্টাফ ৰিপৰ্টৰ,গুৱাহাটী, ১২ জুলাইঃ- ৰাজ্যসভাৰ দ্বাৰা লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি চলিত মাহৰ ১৮ জুলাই পৰা ১০ আগষ্ট পৰ্যন্ত চলিবলগীয়া বৰ্ষাকালীন অধিবেশনত ৰাজ্যসভাৰ সংসদসমূহে নিজৰ নিজৰ মাতৃভাষাত মন্তব্য আগবঢ়াব পাৰিব। ৰাজ্যসভাই আগন্তুক অধিবেশনৰ বাবে আৰু নতুনকৈ ৫ টাকৈ ভাষা সংলগ্ন কৰিছে। এতিয়াৰে পৰা সিন্ধী, কাশ্মীৰী,ড’গৰী, কংকনী আৰু সংথলী এই ভাষাকেইটাত সংসদত মন্তব্য দিব পাৰিব বুলি ৰাজ্যসভাৰ অধ্যক্ষ মাননীয় ভেংকেয়া নাইডু ডাঙৰীয়াই ঘোষণা কৰে। তদুপৰি তেওঁ উল্লেখ কৰে যে, মাতৃভাষাই হৈছে নিজৰ নিজৰ মন্ত্যৱসমূহ দাঙি ধৰাৰ বাবে উত্তম তথা উপযুক্ত মাধ্যম। দেশৰ ২২টা ভাষাত ভাষণ দিয়াৰ…

Read More...