হিমাৰ জয়যাত্রা অব্যাহত

হিমাৰ জয়যাত্রা অব্যাহত : হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা…   অসম খবৰ@(বি. কলিতা.)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী,১৩ জুলাই:- হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা। ইয়াতকৈ বেছি কি হ’ব পাৰে গৌৰৱৰ কথা অসম তথা অসমীয়াৰ বাবে ? হিমাৰ এই জয় যাত্ৰাত অসমীয়া গামোচাও জিলিকিল বিশ্বৰ আগত। অসম কন্যা হিমাৰ কৃতিত্বত উৎফুল্লিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সেয়েহে শুকুৰবাৰে তিনিচুকীয়াত হিমাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা । হিমা হ’ব অসম ক্ৰীড়া খণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। লগতে ৰাজ্যিক মৰ্য্যদাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হ’ব হিমা দাসক ।

Read More

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি

বিশ্বনাথত জিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি   অসম খবৰ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি ৯ জুলাই জিলা টাইকোৱানডো সন্থাৰ উদ্যোগত যোৱা ইং ০৮ জুলাই ২০১৮ তাৰিখে বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নছ্ মেকাৰ একাডেমীত দিনযোৰা কাৰ্য্যসূচীৰে বিশ্বনাথ জিলা টাইকোৱানডো প্ৰতিযোগিতা আৰু ৩৫ সংখ্যক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগীতালৈ প্ৰতিযোগিতালৈ বিশ্বনাথ জিলাৰ দলটি নিৰ্বাচিত কৰা হয় ৷ প্ৰতিযোগিতাখনি পুৱা ১০ বজাত বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ স্থায়ী সভাপতি দিৱ্যজ্যোতি বৰুৱাই পাতাকা উত্তোলন কৰে আৰু বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ কৰিকৰী সঞ্চালক পাৰ্থ হাজৰিকাই প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে ৷…

Read More

আজি বিশ্বকাপ ফুটবলৰ প্ৰথম ছেমি ফাইনেল

আজি বিশ্বকাপ ফুটবলৰ প্ৰথম ছেমি ফাইনেল ১৯৯৮ৰ বিশ্ব চেম্পিয়ন ফ্ৰান্সক প্ৰত্যাহ্বান জনাব বেলজিয়ামে ৷ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ ষ্টেডিয়ামত নিশা ১১.৩০ বজাত সকলোৰে লক্ষ্য স্থিৰ হ’ব ২২জন ফুটবল যোদ্ধাৰ ওপৰত ৷ মাজনিশালৈ স্পষ্ট হৈ পৰিব চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব কোন৷ ফ্ৰান্স নে বেলজিয়াম ৷ মেছীক খেলপথাৰত বন্দী কৰি ৰখাৰ দৰে ফ্ৰান্সে বেলিজয়ামৰ ইঞ্জিনস্বৰূপ হাজাৰ্ডক ৯০ মিনিট বন্দী কৰি ৰখিব লাগিব৷ তাৰেই কৌশল ৰচনাত ব্যস্ত ফ্ৰান্স৷ অৱশ্যে বেলজিয়ামৰ আন এক শক্তি ডে ব্ৰুই আৰু লুকাকু৷ হাজাৰ্ড অৱশ্যে দুৰ্দান্ত ফৰ্মত৷ ১৯৮৬ৰ পাচত প্ৰথমবাৰলৈ বিশ্বকাপৰ ছেমি ফাইনেলত খোজ দিবলৈ পোৱা বেলিজয়ামে কি অঘটন ঘটায়,…

Read More

শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা

শৰীৰ চৰ্চাবিদ মনোজ মহন্তৰ সফলতা ●চিংগাগাপুৰৰ পৰা অসমলৈ আনিলে ব্ৰঞ্জৰ পদক অসম খবৰ@বঙাইগাঁওঃ- বঙাইগাঁও চহৰৰ এগৰাকী শৰীৰ চৰ্চাবিদে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চহৰখন বাসিন্দা তথা শৰীৰচৰ্চাবিদ মনোজ মহন্তই যোৱা ১ জুলাইত ছিংগাপুৰৰ অনুষ্ঠিত মিষ্টাৰ এণ্ড মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে এই অনুষ্ঠান আয়োজন কৰিছিল ৱৰ্ড ফিটনেছ ফেডাৰেছনছ। উক্ত প্ৰতিযোগিতা ভাৰতবৰ্ষৰ ১৬ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে। লগতে বিশ্বৰ,৩৬ খন দেশৰ চাৰিশ অধিক প্ৰতিযোগিতা অংশগ্ৰহণ কৰা অনুষ্ঠানত অসমৰ ৫ গৰাকীয়ে অংশগ্ৰহণ কৰিছিল ।

Read More

অসমৰ প্ৰতিভাবান বেডমিন্টন খেলুৱৈ অনুশ্ৰিয়া দাস

অসম খবৰ, ৬ জুলাই : অসম তথা তেজপুৰ নগৰীৰ গৌৰব অনুশ্ৰিয়া দাস বেডমিন্টনৰ একগৰাকী উদীয়মান খেলুৱৈ হিচাপে নিজকে ভাৰতবৰ্ষৰ ভিতৰতে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ক্ৰীয়া জগতত অতি কম বয়সতে সুনাম অৰ্জন কৰি নিজৰ নাম সোণালী আক্ষৰেৰে স্বাক্ষৰিত কৰিছে।তেজপুৰৰ নতুনপাৰা নিবাসী দীপক দাসৰ দ্বিতীয় কন্যা অনুশ্ৰিয়া দাসে যোৱাবছৰ বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা বেডমিন্টন আম্পায়ৰৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হয়।দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰী অনুশ্ৰিয়া দাসৰ লগতে এই পৰীক্ষাত অসমৰ আৰু দুগৰাকী ক্ৰমে  অৰূপ উপাধ্যায়(তেজপুৰ) আৰু মুনমী বৰুৱা(গোলাঘাট) উৰ্ত্তীন হয়।উক্ত পৰীক্ষাত ভাৰতবর্ষৰ মুঠ ৪৮ জন অবৰ্তীন হৈ তাৰে ৩৭ জন উৰ্ত্তীন হৈছিল।

Read More

এছিয়ান গেমছলৈ অসম তথা তেজপুৰৰ জীয়ৰী ৰদালি বৰুৱা

অসম খবৰ, ৪ জুলাই : তেজপুৰ চহৰৰ গৌৰব তথা অসম গৌৰব টাইকোৱানডো খেলুৱৈ ৰদালি বৰুৱাই অহা ১৮ আগষ্টৰ পৰা জাকাৰ্টাত হ’ব লগা এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছে।অনুপম বৰুৱাৰ দ্বিতীয় কন্যা ৰদালি বৰুৱাই ৭৩ কি : গ্ৰা উৰ্ধ্বৰ শাখাত ভাগ লব।বিশ্ব ৰেংকিঙৰ ৫৩ নং স্হানত থকা খেলুৱৈগৰাকীয়ে বিগত বৰ্ষত ছিনিয়ৰ ৰাষ্টীয় আৰু সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যায় টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।উল্ল্যেখযোগ্য যে ৰদালিকে ধৰি অসমৰ মুঠ পাচ গৰাকী খেলুৱৈৱে এছিয়ান গেমছত দেশক প্ৰতিনিধিত্ব কৰিব।

Read More

ইনিয়েষ্টাৰ অৱসৰ…

অসম খবৰ,@ডিজিটেল নিউজ ডেস্ক, ৩ জুলাইঃ-  ২০১০ চনৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য ইনিয়েষ্টাৰৰ এই বিশ্বকাপেই আছিল শেষসীমা। অতি তিক্ত অভিজ্ঞতাৰে বৰ্ণিল আন্তৰ্জাতিক কেৰিয়াৰ সামৰিলে আতেন্দ্ৰ ইনিয়েষ্টাই। ২০১০ চনৰ ফাইনেলত তেওঁৰ গলেৰেই স্পেইনে প্ৰথমবাৰলৈ জয় কৰিছিল বিশ্বকাপ। ২০০৮ আৰু ২০১২ চনত ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ খিতাপ তেওঁৰ দখলতেই আছিল। বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীয়ে দেশক ১১৩ খন মেচত প্ৰতিনিধিত্ব কৰিছে। 

Read More

National Inter State Senior Athletics lived up to her fast rising sprint star status as she pocketed the gold in women’s 200m race

ASOM KHOBOR@(Jahidul Islam)NEWS DESK , GUWAHATI 28 June : National Inter State Senior Athletics lived up to her fast rising sprint star status as she pocketed the gold in women’s 200m race in a meet record-equalling time of 23.10 seconds to book a ticket for the Asian Games, on day two of the 58th National Inter State Senior Athletics Championships here on Wednesday. Running at lane number 7, the 18-year-old local favourite led the final race from start to the end as she left behind Dutee Chand (23.41) of Odisha…

Read More

বিশ্বকাপত ভাৰতৰ ১৭, ৯৮২ দৰ্শক 

@নিউজ ডেস্ক ,১০ জুন :- মস্কোত অহা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব ১২১ সংখ্যক ফিফা বিশ্বকাপ  বিশ্ব ৰেংকিংৰ ৯৭ সংখ্যক স্থানত থকা ভাৰতৰ  বাবে বিশ্বকাপৰ মূল পৰ্বত খেলাটো এতিয়া সপোন হৈয়ে আছে যদিও থমকি ৰোৱা নাই সমগ্ৰ দেশখনৰ অনুৰাগীসকল । নিজৰ ভালপোৱা দলটোকউৎসাহ জনাবলৈ ৰাছিয়াত উপস্থিত থাকিব বহু সংখ্যক ভাৰতীয় নাগৰিক । ফিফাৰ পৰা পোৱা তথ্য অনুসৰি অনুৰাগীসকলৰ বাবে ইতিমধ্যে ৫৪% টিকট মুকলি কৰি দিয়া হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় অনুৰাগীয়ে সংখ্যা ১৭,৯৮২ খন টিকট সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে ।

Read More

শিমলুগুৰিত আনন্দৰ বন্যা ৰাজস্হানত  অনুষ্ঠিত বিশ্ব মিক্স বক্সিং চেম্পিয়নচিপত  দহটাকৈ সোণৰ পদক অৰ্জন অসমৰ ১০ গৰাকী খেলুৱৈৰ

                          শিমলুগুৰিত আনন্দৰ বন্যা ৰাজস্হানত  অনুষ্ঠিত বিশ্ব মিক্স বক্সিং চেম্পিয়নচিপত  দহটাকৈ সোণৰ পদক অৰ্জন কৰি অসম তথা ভাৰতলৈ গৌৰব কঢ়িয়াই আনিলে শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ দহ গৰাকী খেলুৱৈয়ে অসম খবৰ , নাজিৰা -,১২মে’:-  ৪, আৰু ৫ মেত সুদুৰ ৰাজস্থানত অনুষ্ঠিত হোৱা  মিক্স বক্সিংৰ বিশ্ব চেম্পিয়ন চিপ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে সুবিধা লাভ কৰিছিল শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ১০ গৰকী প্ৰতিভাবান খেলুৱৈয়ে৷ আৰু আটাইকেইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে বিভিন্ন শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছ৷ বৰ্তমান উদিয়মান খেলোৱৈ সকল শিমলুগুৰিত উপস্হিত হৈছেহি৷…

Read More

ব্লেক বেল্ট ডিগ্ৰী সঞ্চিয়তালৈ

ব্লেক বেল্ট ডিগ্ৰী  সঞ্চিয়তালৈ অসম খবৰ, নিউজ ডেস্ক, চতিয়া, ১০ মে :- যোৱা ৫ আৰু ৬ মে’ তাৰিখে তেজপুৰ হেম বৰুৱা ভৱনত অনুষ্ঠিত হৈ যোৱা সপ্তম বাৰ্ষিক টেনচিন কান চটকান কেৰাটেৰ ৰাজ্যিক কৰ্মশালা আৰু ব্লেক বেল্ট প্ৰতিযোগীতাত তেজপুৰৰ সঞ্চিয়তা সুজান শৰ্মাই অংশগ্ৰহণ কৰি কাই(KAI) ৰ ব্লেক বেল্ট আৰু ষ্টাইল ব্লেক বেল্ট প্ৰতিযোগীতাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ব্লেক বেল্ট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় । যোৱা  ৬মে’ তাৰিখে সামৰণি অনুষ্ঠানত টেনচিন কান চটকান কাৰাটে ফেডাৰেচনৰ মূখ্য প্ৰশিক্ষক, এছিয়ান কাৰাটে ফেডাৰেচনৰ ‘এ’ গ্ৰেড বিচাৰক তথা কাৰাটে এছচিয়েছন অফ ইণ্ডিয়া (KAI) ৰ ৰেফাৰী কমিচনৰ…

Read More

লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলী ৰ সৌজন্যত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি

লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলী ৰ সৌজন্যত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি লতিবাৰী, পাকৰিবাৰী আৰু ইক্ৰাজুলীৰ সৌজন্যত আয়োজিত প্ৰাইজমাণি ক্ৰিকেট খেলৰ সামৰণি মেন অফ দা মেচ কিশোৰ লিম্বুলৈ (কালিপুৰ, L.P.E.)               অসম খবৰ@কুমাৰীকাটা: ৬ মে : তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ লতিবাৰী, পাকৰিবাৰী এম.ই.স্কুল খেল পথাৰত ১এপ্ৰিল ২০১৮ ইং তাৰিখৰ পৰা আৰম্ভ হোৱা প্ৰাইজমাণি ক্ৰিকেট খেলৰ আজি সামৰণি পৰে।  উক্ত খেলত বিভিন্ন ঠাইৰ পৰা খেলুৱৈ সকল আহি খেল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল বুলি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সভাপতি শ্ৰী নেৰচন বসুমতাৰী, শংকৰ ঘিমিৰে আৰু সম্পদক শ্ৰী নেত্ৰকুমাৰ ঘিমিৰে আৰু লক্ষ্মন…

Read More

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক আৰু গুৱাবাৰী শাখা কমিটিৰ উদ্যোগত ক্ৰিকেট খেল আৰম্ভ

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক আৰু গুৱাবাৰী শাখা কমিটিৰ উদ্যোগত ক্ৰিকেট খেল আৰম্ভ অসম খবৰ@ কুমাৰিকাটা: ৭ মে: বাক্সা জিলাৰ গোৱাবাৰী গোপীনাথ বৰদলৈ হাইস্কুল খেল পথাৰত আৰম্ভ হৈছে তৃতীয় বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা। বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তী উপলক্ষে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক আৰু গুৱাবাৰী শাখা কমিটিৰ উদ্যোগত আজিৰ খেল খন আৰম্ভ কৰা হয়। আজিৰ খেল খন শুভাৰম্ভ কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ , বাক্সা জিলাৰ সাধাৰণ সম্পাদক পৰিমল শিলে, সহযোগ কৰিলে নাগ্ৰিজুলি আঞ্চলিকৰ সম্পাদক মৃণাল বিশ্বাসে। লগতে উপস্হিত থাকিল স্থানীয়…

Read More