আই. চি.ইউ 

  আই. চি.ইউ             ✍🏾ডাঃ মিঠুন চন্দ্ৰ দাস   এবুকু উৎকন্ঠা সাবটি পৰিয়াল বৰ্গ আছে আই, চি,ইউৰ বাহিৰত বহি অসহায় ব্যক্তিজন যেন শৰশয্যাত নিৰুপায় পৰিয়াল বৰ্গ আছে আৰোগ্যৰ অপেক্ষাত   কত ৰুগ্ন ব্যক্তি জটিল অস্ত্ৰপোচাৰৰ অন্তত আই, চি,ইউ কক্ষ ত্যাগ কৰিছে সুস্থিৰ হৈ স্থানান্তৰিত হৈছে ৱাৰ্ডলৈ কিন্তু অপৰিবৰ্তিত জীৱন যুজত হাৰ নমনা যুঁজাৰুজন     অসহায় তেওঁ, অবিৰত ভাবে যুঁজি গৈছে আই চি ইউৰ ভেন্টিলেশ্বনৰ সহায়লৈ যমদূতৰ সৈতে     ট্ৰেকিঅ’ ষ্টোমী পৰিণতিত আজি বাকৰুদ্ধ আকাৰে ইংগীতে বুজাব বিচাৰে মনৰ কথা কিন্তু সন্মুখদৰ্শী অসমৰ্থ বুজিবলৈ তেওঁৰ…

Read More...

🌷 माँ भारती 🌷

🌷 माँ भारती 🌷 **************************   यहाँ बार बार जनम लेना है मुझे , हे ईश्वर विनम्र प्रार्थना करूँ तुझे ।   मेरी वतन की मिट्टी है चंदन सी , माथे पर तिलक सजाए सदा ही । इसकी खुशबु के हम हैं मतवाले , भारत भूमि की हम हैं रखवाले ।   यहाँ बार बार जनम लेना है मुझे,  हे ईश्वर विनम्र प्रार्थना करूँ तुझे ।   इसकी रंग से रंगे फूल कितने , फलों में मिठास भरे हैं जितने । सूरज की किरणें तिमिर भगाए , पंछी की कलरव…

Read More...

পাৰ কৰিছো তুমিহীন যন্ত্ৰনাৰ এটি এটি ৰাতি,

    পাৰ কৰিছো তুমিহীন যন্ত্ৰনাৰ এটি এটি ৰাতি, যন্ত্ৰনাদায়ক প্ৰতিটো ৰাতিৰ নষ্টালজিয়াই আমনি কৰে  তোমাক সুৱৰি। পাৰ কৰিছো হৃদয়স্পন্দন বঢ়াই তোলা  শব্দহীন অমানিশাৰ পদুলি।    চিৰিংকৈ মৰা বুকুৰ শব্দটোত  কিয় জানো  এক অজান ভয়ে ছানি ধৰে?  সুখেৰে ভৰপূৰ জীৱনৰ পজাতো কিয় বাৰো হঠাতে তুমিহীনতাত,  দুখেৰে জৰ্জৰিত এটি পজালৈ মোক উভটাই নিয়ে?    যন্ত্ৰনাৰ এটি এটি ৰাতি পাৰ কৰি পুৱা তোমাক বিচাৰি দুনয়নে হাবাথুৰি খাই ফুৰে, হাতৰ আঙুলিয়ে এনড্ৰইড ফোনটোত বাৰে বাৰে তোমাৰ নম্বৰটোকেই ডায়েল কৰে। ৰিং হোৱাৰ লগে লগে এক বিচাৰি নোপোৱা সপোনে মোক আকৌ মাতি নিয়ে। ”হেল’ ”…

Read More...

স্বপ্ন  বিভোৰ এটি স্বপ্ন   স্বপ্ন বিলাসী এটি স্বপ্নৰ আটধৰি,  স্বপ্ন বিভোৰ এটি স্বপ্নক বিচাৰি, ৰৈছিলো তোমাৰ হৃদয়ৰ বুলনিত।  স্বপ্ন পিপাসি দু-স্বপ্নক সুৱৰি তোমাৰ নামৰ মই আকিছিলো ছবি। তেতিয়া মই অনুভব কৰিছিলো  মই মাথোঁ সুৰুজৰ সন্মুখত দেখোৱা এগচি বন্তি। দাপোনত জিলিকিছিল এখনি ছবি, তাতো লিপিৱদ্ধ হৈছিল তোমাৰ লেখনি। বজাৰত নিলাম আজি কৃত্ৰিম হাহি,  সহজতে উপলব্ধ হেজাৰখন হৃদয়ৰ চানেকি।  নাজানো তুমি ক’ত আজি?  তুমিওঁ হয়তো নাজানা  মই যে আজিওঁ এই কবিতাৰেই  প্ৰেমিক।।                            ধৰিত্রী শ্ৰাৱণ

Read More...

ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো :)

  ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো :)Rupamjyoti আৰু Pranjit দাক বহুত ধন্যবাদ।আপোনালোকে চাই জনাবচোন Posted by Uddipta Kumar Bhattacharyya on Tuesday, August 29, 2017 ঘৰলৈ গৈছিলো। তাতেই মানুহখিনিক লৈ এই কামটো কৰিলো 🙂 Rupamjyoti আৰু Pranjit দাক বহুত ধন্যবাদ। আপোনালোকে চাই জনাবচোন…

Read More...

মোৰ হৃদয়ৰ এলবাম

মোৰ হৃদয়ৰ এলবাম তুমি ওভটি অহা হ’লে মোৰ হৃদয়ৰ এলবামত সজালো হেতেন গঢ়ি তোলা কেইখনমান নতুন ফটো। কেতিয়াবা বিষাদগ্ৰস্ত সেই এলবামটোৱে ইতিকিং কৰি মোক কয় তুমি আহিছিলা বুলি। তেতিয়া মাথোঁ মই চাই ৰওঁ এলবামটিৰ পদুলি। কিজানি তুমি আকৌ আহি জ্বলোৱাহি নুমাই যোৱা বন্তিগছি, আকৌ অতীত হব খোজা এলবামটিত দুখনমান নতুন ফটোৰ সুৰাগ যুগোৱাহি, মাথোঁ মই চাই ৰওঁ সেই সোণাৰু ভৰা বাটতি। ধৰিত্ৰী শ্ৰাৱণ তেজপুৰ

Read More...

হৃদয়ৰ দলিচাত

হৃদয়ৰ দলিচাত   হৃদয়বোৰ  দলিচাৰ দৰে পাৰি ৰৈ থাকো  স্বপ্নাতুৰ আলোকৰ দেশৰ সুগন্ধি পখিলাটিৰ সুবাস লবলৈ,  দলিচাৰ দুয়োকাষ চিকুন কৰি ৰাখো দুভৰিৰ খোজেৰে দলিচাখন জীপাল কৰিবলৈ। মৰহা ফুলবোৰৰ সতেজ সুবাস বিচাৰি ফুৰো  দলিচাৰ আটধৰি। মৰিচীকাৰ কলৰুল শুনো  হৃদয়বোৰৰ কোঠালীত। গোপন ভাষাৰ আচোৰৰ আৰ্তনাদত  উচপ খাই উঠে দলিচাৰ ৰাণী।                       ধৰিত্রী শ্ৰাৱণ    

Read More...

হৃদয়ৰ দলিচাত

হৃদয়ৰ দলিচাত হৃদয়বোৰ দলিচাৰ দৰে পাৰি ৰৈ থাকো স্বপ্নাতুৰ আলোকৰ দেশৰ সুগন্ধি পখিলাটিৰ সুবাস লবলৈ, দলিচাৰ দুয়োকাষ চিকুন কৰি ৰাখো দুভৰিৰ খোজেৰে দলিচাখন জীপাল কৰিবলৈ। মৰহা ফুলবোৰৰ সতেজ সুবাস বিচাৰি ফুৰো দলিচাৰ আটধৰি। মৰিচীকাৰ কলৰুল শুনো হৃদয়বোৰৰ কোঠালীত। গোপন ভাষাৰ আচোৰৰ আৰ্তনাদত উচপ খাই উঠে দলিচাৰ ৰাণী। ধৰিত্রী শ্ৰাৱণ, তেজপুৰ নিকামুল

Read More...

কিছু তোমাৰ পৰা

কিছু তোমাৰ পৰা কিছু শব্দ তোমাৰ পৰা কিছু মোৰ পৰা…. আনমনা হৃদয়ৰ কিছু নিবিড় অন্তৰংগৰ আচোঁৰ দুয়ো দুয়োৰে পৰা। হৃদয়ৰ বুলনিত ছন্দহীন কিছু আলাপৰ ব্যংগ অংশাদাৰিত্ব এভাগ মোৰ পৰা এভাগ তোমাৰ পৰা। তুমি মই মিলি ভালপোৱা ৰঙীন ৰংবোৰো আজি পৃথক ধূসৰ ডাৱৰৰ লেখিয়া। শব্দহীন কবিতাৰ পংক্তিত শব্দৰেই ৰং বোলোৱা তুমিটো আছিলা প্ৰকৃতিৰ মধুৰ মালিতা, সময়ৰ কোবাল সুতত সুতি সলোৱা জীৱনৰ গতি আচম্বিত তুমিটো নাজানা…।। ধৰিত্রী শ্ৰাৱণ 10/07/18

Read More...

অমানিশা

অমানিশা তুমি কেনে আছা ? কেতিয়াবা বিচাৰানে তুমি অতীতত কোৱাৰ দৰে  “মই তোমাক সদায় কাষত বিচাৰো”৷ তুমি সুখি নে ? দিব পাৰিছেনে মই দিব নাৱাৰা বোৰ তেওঁ , তেওঁ তোমাৰ বাবে সুখ কিনিব পাৰিছে জানো ? মই আগৰ দৰে নাই , কলমটোক বেয়া পাব লৈছো, কবিতা লিখা ডায়েৰীখনো শেষ হ’ব হ’ল ৷ আকাশৰ ফালে চাই সপোন দেখাৰ সময় নাই , হয়তো অহংকাৰী হ’ব লৈছো ৷ তোমাক ভাল পাব এৰি দিয়া নাই , সেয়ে হয়টো সংগ্ৰাম কৰিছো চহকী হোৱাৰ আশাত ৷ তুমি ভাল পোৱা ফোনকলটো অচিনাকী হৈ গ’ল ছাগে , সেয়ে…

Read More...

জীৱন

জীৱন জীৱনৰ আদি  শূণ্যৰ বুকুত,  জীৱনৰ অন্ত শূণ্যৰ গহ্বৰত। মাজত থমকি ৰয়, কেবল পোৱা নোপোৱাৰ এবুকু মৌন প্ৰত্যাশা…  গৈ থাকে জীৱন, গৈ থাকে নিৰন্তৰে, সুখ আৰু প্ৰাপ্তিৰ সন্ধানত। ওভটি নাচায় এৰি অহা বাট, মাথো জীৱনৰ ৰৈ যায়  এক চিনাকী ঠিকনা…..  য’ত নহয় তৃপ্তিৰ অবসান।                                            ধৰিত্রী শ্ৰাৱণ,  তেজপুৰ  

Read More...

শৰৎৰ সেমেকা গধূলি

  শৰতৰ এটি চিনাকী আবেলি কিনকিনীয়া বৰষুণৰ অভিমান ফালি পশ্চিমৰ বুকুচাত অস্তৰাগ বেলিটোৰ  ভাগৰুৱা জিৰণি আকাশৰ সাঁচতীয়া নীলা সাজ পিন্ধি  কপালৰ সেওঁতাত সেন্দুৰীয়া ৰং বোলালে সোঁৱণসিৰিৰ বুকুত সোণ জিলিকে। শুকুলা ডাৱৰে সম্ভাষণ জনোৱা পাৰিজাত ফুলৰ সুবাসৰ ৰাগীত চিটিকি পৰা ক’লা প্ৰতিচ্ছৱিটোৱে  উন্মাদ পানীৰ সৈতে নৃত্যৰ আখৰা পাতে। চেঁচা বতাহীজনীৰ গানৰ গুণগুণনি কানে কানে সুহুৰুয়াই কহুঁৱা বনে অজানিতে সাৰ পায় দৰদী প্ৰণয়ৰ বুকু ভেদি যায়  চিনাকি চিনাকি গহীন সুৰটি ভাঁহি আহে অচিন বাঁহীৰ ফাকেদি। ক্লান্তিৰ হুমুনিয়াহ কাঢ়ি ভাগৰুৱা নাৱৰীয়াই ঘৰমূৱা বাট বুলি বিলীন হয় সন্ধিয়াৰ ঠিকনা বিচাৰি শেষ হয় সেই চিনাকি…

Read More...

আই… ধৰিত্ৰী শ্ৰাৱণ

আই… আই, এতিয়া বেলিটোৱে বিদায় মাগিছে পৃথিৱীৰ বুকুলৈ সন্ধিয়া নামিছে , চৰাইবোৰো দেখোন ঘৰমূৱা হৈছে , আই, মোৰ তোলৈ বৰকৈ মনত পৰিছে । আই, ঘৰে ঘৰে বন্তি জ্বলিছে তই দিয়া সন্ধিয়াৰ বন্তিগছি, মোৰ দেখোন চাবলৈ মন গৈছে আই, এতিয়া সন্ধিয়া হৈছে তই পঢ়াৰ বাবে গালি দিয়া সময়কন আহি পৰিছে, আজি দেখোন গালিবোৰো মনত পেলাই ভাল লাগিছে । আই, মোৰ অকলশৰীয়া পৃথিৱীত এতিয়া সন্ধিয়াৰ জোনাক নামিছে , ঘৰলৈ যাবলৈ দেখোন বৰকৈ মন গৈছে । তই ৰন্ধা টেঙা জোলকণ খাওগৈ যেন লাগিছে , মনটোৱে তোক দুনাই মতিছে। ইয়াত সকলোবোৰ যান্ত্ৰিক আই….. হাঁহি…

Read More...

বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে এটি কবিতা…

(বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে ) 🍃☘ধৰিত্রী 🌲🌳      📝ধৰিত্রী শ্ৰাৱণ ধৰিত্রী তুমি নতুন সুৰুযৰ একাজলী ৰদৰ চানেকি, ধৰিত্রী তুমি সেউজী ধৰণীৰ সেউজী বণনি। তোমাৰ কোলাতেই ঠণ ধৰি উঠা আমি হলো তোমাৰ ফুলনি, তপোবনৰ ছায়াত বহি সৌন্দৰ্য্য লভা তুমি হলা আমাৰ জননী। জাগা জননী, জাগা ধৰিত্রী, সুৰক্ষা দিম,ৰাখিম তোমাক আপোন কৰি। ধৰিত্রীৰ বুকুতেই প্ৰাণ পাব জীৱকুলৰ ছবি। মনুষ্য আমি, ধ্বংস হব নিদিও গছ গছনি, প্ৰদূষন ৰোধিম আমি হাতে হাত ধৰি। প্ৰতিদিনাই বৃক্ষ ৰোপন কৰিম ঘৰৰ পদুলিত….।।  

Read More...

ষ্টেচনৰ সেই মধুৰ সন্ধিয়াটি…

ষ্টেচনৰ সেই মধুৰ সন্ধিয়াটি… 📃ধৰিত্রী শ্ৰাৱণ     অচিনাকী চহৰত আজি কাৰ কিৰিলি, মোক চাই মাৰিব জানো কোনোবাই এটি চিনাকী হাঁহি? অচিনাকী ভাষাৰ অচিনাকী চিনাকী হাজাৰ প্ৰতিচ্ছৱি। অকলে বহি ৰৈছো ৰৈছো ষ্টেচনৰ কাষত, চিনাকী মুখ বিচাৰি। হৃদয় খুলি শিলচৰৰ সেইজাক বতাহত উৰুৱাই দিছিলো মোৰ মনটি, ফাগুনৰ পচোৱাজাকে চুই গৈছিল হৃদয় খুলি কোৱা মনৰ ভাষাটি। ষ্টিট লাইটৰ ৰঙা-বগা পোহৰত প্ৰতিফলিত হৈছিল মোৰ ছাঁ টি, শাৰী শাৰী ট্ৰেইনৰ লানিত সংগী হৈছিল মোৰ, এজন বিদেশী। ষ্টেচনৰ সেই মধুৰ সন্ধিয়াটিত আপোন হৈ পৰিছিল, শিলচৰৰ প্ৰতিজন ৰেল যাত্ৰী।

Read More...