জানিবলগীয়া কিছু কথা…

জানিবলগীয়া কিছু কথা   ১. চাৰি যুগ – সত্য, ত্ৰেতা, দ্বাপৰ, আৰু কলি ৷ ২. চাৰি বেদ – ঋগবেদ, যজুৰ্ব্বেদ, সামবেদ , অথৰ্ববেদ ৷ ৩. চাৰি আশ্ৰম – ব্ৰক্ষচাৰ্য্য , গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস ৷ ৪. পাঁচ ইন্দ্ৰিয় – চকু , কাণ, নাক, জিভা, ছাল ৷ ৫. সাত ৰং – বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া , সুমথিৰা বা কমলা , ৰঙা (ৰং কেইটাৰ প্ৰথম আখৰকেইটা লগ লগাই “বেঘনীসেহাসুৰ” পোৱা যায় ৷ ) ৬. ছয় ঋতু – বসন্ত, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত ৷

Read More...

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য…..

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য….. ধ্ৰুৱতৰা উত্তৰ আকাশৰ এটি নক্ষত্ৰ। পৃথিৱীৰ পৰা প্ৰায় 430 আলোকবৰ্ষ আঁতৰত থকা এই তৰাটোক Polaris বা Pole Star বুলিও কোৱা হয়। পৃথিৱীৰ পৰা দূৰত্ব অনুসৰি যিহেতু ধ্ৰুৱতৰাৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 430 বছৰ সময়ৰ প্ৰয়োজন, সেয়েহে আজি আপুনি দেখা এই ধ্ৰুৱতৰাটো প্ৰকৃততে 430 বছৰ আগৰ ধ্ৰুৱতৰাহে। আজিৰ তাৰিখৰ ধ্ৰুৱতৰাটো পৃথিৱীত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবা বংশধৰে আজিৰ পৰা 430 বছৰ পিছতহে দেখা পাব। সময়ৰ আগবঢ়াৰ লগে-লগে ৰাতিৰ আকাশত প্ৰতিটো তৰাই আপাততঃ পূৱৰ পৰা পশ্চিমলৈ স্থান সলনি কৰে যদিও ধ্ৰুৱতৰাটো বৰ্তমান পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ থিক উত্তৰ দিশত…

Read More...