দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক

দুৰ্নীতি নিবাৰক শাখাৰ জালত এইবাৰ যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক অসম খবৰ@জাহিদুল ইছলাম,ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী ১৩ জুলাই:- যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাক উৎকোচ লোৱাৰ অভিযোগত আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে। ঔষধ পৰিদৰ্শক যুগল বৰুৱাক ২০,০০০ হাজাৰ টকা উৎকোচ লওঁতে হাতে লোটে ধৰা পৰে ঔষধ পৰিদৰ্শক বৰুৱা , জানিব পৰা মতে, যোৰহাট জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই ফাৰ্মাচিষ্ট এজনক উৎকোচ বিচাৰি পূৰ্বৰে পৰাই হাৰাশাস্তি কৰি আহিছিল সেই মৰ্মে ফাৰ্মাচিষ্টগৰাকীয়ে কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত , ফাৰ্মাচিষ্টগৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দল গুৱাহাটীৰ পৰা গৈ…

Read More

বিলাসীপাৰাত বন্তি প্ৰজ্বলন কৰি মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ হত্যাৰ প্ৰতিবাদ সাব্যস্ত আমছুৰ

বিলাসীপাৰাত বন্তি প্ৰজ্বলন কৰি মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ হত্যাৰ প্ৰতিবাদ সাব্যস্ত আমছুৰ ———————————— অসম খবৰ@(জহিৰুল ইছলাম)বিলাসীপাৰা,১৩ জুলাই:- ধুবুৰী জিলাৰ বিলাসীপাৰাত বন্তি প্ৰজ্বলন কৰি মেধাৱী ছাত্রী ৰাধা কুমাৰী প্ৰসাদৰ হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে বিলাসীপাৰা জিলা আমছুয়ে। আজি সন্ধিয়া ৬. ৩০ বজাত বিলাসীপাৰা গান্ধী চকত বন্তি প্ৰজ্বলন কৰি বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলে কয় যে অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে। মুখ্যমন্ত্ৰী সোণোৱালে ক্ষমতা দখল কৰাৰ পিছৰ ধৰ্ষণ কাৰ্য্য বৃদ্ধি পাইছে। প্ৰতিটো মুহূৰ্ততে ৰাজ্য খনৰ বিভিন্ন অঞ্চলত ধৰ্ষণ হৈ থকা দেখা গৈছে।…

Read More

হিমাৰ জয়যাত্রা অব্যাহত

হিমাৰ জয়যাত্রা অব্যাহত : হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা…   অসম খবৰ@(বি. কলিতা.)ষ্টাফ ৰিপৰ্টাৰ,গুৱাহাটী,১৩ জুলাই:- হাতত জাতীয় পতকা আৰু ডিঙিত অসমীয়া গামোচা। ইয়াতকৈ বেছি কি হ’ব পাৰে গৌৰৱৰ কথা অসম তথা অসমীয়াৰ বাবে ? হিমাৰ এই জয় যাত্ৰাত অসমীয়া গামোচাও জিলিকিল বিশ্বৰ আগত। অসম কন্যা হিমাৰ কৃতিত্বত উৎফুল্লিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। সেয়েহে শুকুৰবাৰে তিনিচুকীয়াত হিমাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা । হিমা হ’ব অসম ক্ৰীড়া খণ্ডৰ ব্ৰেণ্ড এম্বেছাদৰ। লগতে ৰাজ্যিক মৰ্য্যদাৰে সম্বৰ্ধনা জনোৱাৰ লগতে নগদ ধনেৰেও পুৰস্কৃত কৰা হ’ব হিমা দাসক ।

Read More

প্ৰথম বাৰৰ বাবে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

প্ৰথম বাৰৰ বাবে ভাৰত ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প   অসম খবৰ@(বি.কলিতা.)ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী,১৩ জুলাই: দেশৰ ৰাজধানী দিল্লীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত খোজ দিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দিল্লীত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণাঢ্য অনুস্থান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে। উল্লেখ যে, ইয়াৰ পূৰ্বে ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে মুখ্য অতিথি ৰূপে উপস্থিত আছিল যুক্তৰাষ্ট্ৰখনৰ অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বাৰাক অ’বামা।

Read More

চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে থলুৱা মাছৰ দাম

চালানি মাছ নিষিদ্ধকৰণৰ পাছত হুৰাহুৰে বাঢ়িছে থলুৱা মাছৰ দাম ◆ নীৰৱ  চৰকাৰ-প্ৰশাসন … অসম খবৰ@(বি.কলিতা.)ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী,১৩ জুলাই: ৰাজ্য চাৰকাৰ খনে চালানি মাছৰ ক্ষেত্ৰত কৰা নিষিদ্ধকৰণৰ পাছতেই মাছৰ বজাৰত থলুৱা মাছৰ দাম অকাশলঙ্ঘী হোৱা পৰিলক্ষিত হৈছে। বিষাক্ত ফৰ্মেলিনযুক্ত চালানি মাছৰ আমদানি বন্ধ কৰাৰ পাছত ৰাজ্যখনত থলুৱা মাছৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে। চলিত মাহৰ ১১ জুলাইত ১০ দিনৰ বাবে চালানি মাছ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। চৰকাৰৰ মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মীন বিভাগে “ঘৰে-ঘৰে পুখুৰী, ঘৰে-ঘৰে মাছ” এই আঁচনি খনৰ বাবদ ধার্য্য পুঁজি আজি পৰ্যন্ত মুকলি কৰি…

Read More

অৱশেষত আৰক্ষীৰ জেৰাত স্বীকাৰ অপৰাধীৰ ◆ ৰাধা কুমাৰী আৰু লালিমা দেৱীৰ হত্যাৰ কথা

অৱশেষত আৰক্ষীৰ জেৰাত স্বীকাৰ অপৰাধীৰ ◆ ৰাধা কুমাৰী আৰু লালিমা দেৱীৰ হত্যাৰ কথা অসম খবৰ@(বি.কলিতা) ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ১৩ জুলাই: অসম আৰক্ষীৰ এক বৃহৎ সফলতা। ৰাধা কুমাৰী আৰু লালিমা দেৱীৰ হত্যাৰ ঘটনা মাৰ নাযাওঁতে বৃহস্পতিবাৰে আৰক্ষীৰ মাৰথন জেৰাত হত্যাকাৰীৰ বিষ্ফোৰক স্বীকাৰোক্তি। দীপক দাস ওৰফে বাবুৱে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁৱে হত্যা কৰিছিল ৰাধা কুমাৰীক আৰু লালিমা দেৱীক। ধৃত দীপকে প্ৰকাশ কৰা মতে, হত্যাকাণ্ডত জড়িত আছিল আন এজন লোকো। জানিব পৰা মতে, পখণ্ড দীপক তিনিচুকীয়া ৰেল ষ্টেচনত চাহ দোকানী আছিল যদিও কিছুদিনৰ পৰা ৰেলত কাপোৰ বিক্ৰী কৰিছিল। প্ৰাপ্ত তথ্য অনুসৰি,…

Read More