গোলাঘাটত ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

গোলাঘাটত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদেৰে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী । উদ্বোধক ড° হিমন্ত বিশ্ব শৰ্মাই ( প্ৰতিকৃতি ) অসম খবৰ@ৰাইজৰ সংবাদ, গোলাঘাটঃ ১৪ জুলাইঃ ৰাজ্যজুৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰাজপথৰ বাবে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে আজি গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু )ৰ গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক ধোদৰ আলিত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । আহাৰ প্ৰচণ্ড ৰ’দৰ উত্তাপকো কেৰেপ নকৰি জিলাখন জিলা সমিতিৰ লগতে নগৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক ধোদৰ আলিটো নিৰ্মান কৰিবলৈ একেমুখে দাবী জনায় । পূৰ্বৰে পৰা আন্দোলনৰ…

Read More...

দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

দেশৰ আগশাৰীৰ চিকিৎসকৰ দ্বাৰা চানমাৰিত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ডিজিটেল ডেস্ক,গুৱাহাটীঃ- আজি দিনযোৰা কাৰ্যসূচীৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। অটল অমৃত অভিযানৰ উদ্যোগত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ সহযোগত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ এই শিবিৰ অনুষ্ঠিত হয়। উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰত বৃক্কজনিত ৰোগ, হৃদৰোগ, স্নায়বিক ৰোগ, নৱজাতকৰ ৰোগ, কৰ্কট ৰোগ, জুয়ে পোৰা আদি বিভিন্ন ৰোগৰ চিকিৎসা দেশৰ কেইবাখনো আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ অভিজ্ঞ চিকিৎসকৰ দ্বৰা আগবঢ়োৱা হয়। আজিৰ এই স্বাস্থ্য পৰীক্ষা শিবিৰত উপস্থিত থকা উল্লখযোগ্য চিকিৎসা প্ৰতিষ্ঠানকেইটাৰ ভিতৰত আৰ্টেমিছ, গুড়গাঁও,…

Read More...

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিমাপুৰত গৰজি উঠিল মানৱাধিকাৰ সংগঠন ডিমাপুৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মানৱ অধিকাৰ সংগঠন আৰু নাগৰিক সমাজ। আজি এই উদ্দেশ্যে ডিমাপুৰৰ ছাৰামতী হোটেলত অনুষ্ঠিত প্ৰতিবাদী সভাত মানৱ অধিকাৰ সংগঠনসমূহ আৰু বিভিন্ন পৰ্যায়ৰ সচেতন নাগৰিক সমাজে প্ৰস্তাৱিত বিধেয়কখনৰ বিষয়বস্তু আৰু ইয়াৰ ফলত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰে। লগতে প্ৰস্তাৱিত বিধেয়কখন অঞ্চলটোৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব, ভূমি আৰু ভৱিষ্যতৰ প্ৰতি চৰম ভাবুকি বুলিও সকলোৱে মত পোষণ কৰে। সেয়েহে এনেধৰণৰ সাম্প্ৰদায়িক, অসাংবিধানিক আৰু খিলঞ্জীয়াবিৰোধী বিধেয়কখন কোনোপধ্যে ৰূপায়ণ কৰিব দিয়া নহ’ব বুলি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নৰ্থ-ইষ্টাৰ্ন ষ্টেট…

Read More...

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

চিৰাঙৰ বিজনী মাজৰাবাৰীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ ◆ দুজনক গ্ৰেপ্তাৰ অসম খবৰ @ বিজনী ১৪ জুলাইঃ- চিৰাং জিলাৰ বিজনীত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে বন বিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে বিজনীৰ মাজৰাবাৰীত অতৰ্কিতে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বহু মূল্যবান চোৰাং কাঠৰ কুণ্ডা। জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য দহ লক্ষাধিক টকাতকৈও অধিক হ’ব যদিও চৰকাৰী মূল্য হিচাপত ৭/৮ লাখ টকা হ’ব বুলি জনাইছে বন বিভাগৰ লোকে। ইফালে মাজৰাবাৰীৰ উক্ত স্থানতে অবৈধ ভাবে স্থাপন কৰা অবৈধ কাঠ ফলা মিল(মেচিন) এটা আছিল যদিও বন বিভাগৰ অভিযানৰ আগতীয়া সম্ভেদ…

Read More...

পাকিস্তানত বোমা বিস্ফোৰণ, নিহতৰ সংখ্যা ১৩৩

পাকিস্তানত বোমা বিস্ফোৰণ, নিহতৰ সংখ্যা ১৩ অসম খবৰ@(বি. কলিতা) গুৱাহাটী, জুলাই-১৪: দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণত কঁপিল পাকিস্তান। চলিত মাহৰ ২৫ তাৰিখে দেশখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে সংগঠিত হৈছে কূটঘাট। সন্ত্ৰাসবাদীৰ দ্বাৰা এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত নিহতৰ সংখ্যা ১৩৩ ৰ বিপৰীতে ১২৫ জন আহত হোৱা বুলিজানিব পৰা গৈছে যদিও নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বেলুচিস্তান আৱামী দলৰ নেতা চিৰাজ ৰায়চানি নিহত হয় এই বিস্ফোৰণত। জানিব পৰা মতে, এখন সভাত উপস্থিত থকা জনসাধাৰণক উদ্দেশ্যে সংঘটিত হৈছে এই বিস্ফোৰণ। উক্ত সভাখনতে উপস্থিত আছিল চিৰাজ ৰায়চানি। ইছলামীক…

Read More...

বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক

বহিঃৰাজ্যত নিৰ্যাতিত অসমীয়া মহিলা সাংবাদিক অসম খবৰ@(বি.কলিতা) ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী, ১৪ জুলাই :- এইবাৰ বহিঃৰাজ্যৰ আৰক্ষীৰ দ্বাৰা অশালীন ব্যৱহাৰৰ অভিযোগ তুলিছে অসমীয়া মহিলা সাংবাদিক গৰাকীয়ে। উত্তৰপ্ৰদেশৰ গাজিবাদত আৰক্ষী প্ৰশাসনৰ দ্বাৰা অসমীয়া মহিলা সংবাদিকক অশালীন ব্যৱহাৰ। ঘটনাৰ বিবৃত্তি অনুসৰি, অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে মহিলা গৰাকীৰ বাসগৃহত সত্যতা নিৰূপনৰ বাবে উপস্থিত হোৱাৰ সময়তে মহিলা সাংবাদিক গৰাকীৰ সৈতে দুৰ্ব্যৱহাৰ কৰে উত্তৰপ্ৰদেশ আৰক্ষীত কৰ্মৰত আৰক্ষী দেৱেন্দ্ৰ সিং নামৰ বিষয়াজনে। উল্লেখ যে, মহিলা গৰাকীৰ প্ৰকৃত ঘৰ গুৱাহাটীত যদিও এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকতৰ লগত জড়িত হোৱা হেতুকে কৰ্মসূত্ৰে মহিলা গৰাকী উত্তৰপ্ৰদেশৰ গাজিবাদত বসবাস কৰিছিল। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২:১০…

Read More...

নৰ্থ- ইষ্ট ডিভা ২০১৮ ত উজলিল জামুগুৰিহাটৰ জীয়ৰী

নৰ্থ- ইষ্ট ডিভা ২০১৮ ত উজলিল জামুগুৰিহাটৰ জীয়ৰী অসম খবৰ@মৃন্ময় শইকীয়া,জামুগুৰিহাট ,১৪ জুলাই : গুৱাহাটীত অনুষ্ঠিত নৰ্থ – ইষ্ট ডিভা ২০১৮ ত অসমৰ লগতে জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে শোণিতপুৰ জিলাৰ ন-দুৱাৰ ,অন্তৰ্গত জামুগুৰিহাটৰ ধলাইবিল অঞ্চলৰ মহেশ্বৰ শইকীয়া আৰু চন্দনা শইকীয়াৰ জীয়ৰী নয়না শইকীয়াই । তেওঁ দ্বিতীয় ৰানাৰ্চ আপ হিচাপে সফলতাৰ জখলা বগাইছে ৷ নয়না শইকীয়াৰ কষ্ট আৰু একাগ্ৰতাৰ ফলত আৰু তেওঁৰ এই বৃহৎ সাফলতাক সমূহ অসমবাসীৰ লগতে জামুগুৰিহাটবাসী ৰাইজে শলাগ লোৱাৰ উপৰিও উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷ সংস্কৃতিৰ কেন্দ্ৰবিন্দু স্বৰূপ বৰ্তমান জামুগুৰিহাটৰ উঠি প্ৰতিজন নৱপ্ৰজন্মই নিজৰ সুপ্ত প্ৰতিভাৰ জৰিয়তে নিজৰ…

Read More...