১৬ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন

এইবাৰো উত্তপ্ত হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন    ১৬ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন৷ অহা ১০ আগষ্টত এই অধিবেশন সমাপ্ত হ’ব৷ মুঠ ১৮ দিন এই অধিবেশন চলিব৷ চৰকাৰী ৱেবছাইটৰ তথ্য অনুসৰি সংসদৰ দুই সদনত যথাক্ৰমে ২৭ আৰু ৪৮খন বিধেয়ক গৃহীত কৰিবলৈ বাকী আছে৷ কিন্তু গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত পাঁচখন বিধেয়কক লৈ সংসদত প্ৰচণ্ড উত্তাল পৰিস্থিতি সৃষ্টি হোৱাটো নিশ্চিত৷এইবোৰ বিধেয়ক উপৰি আন কেতবোৰ ইছ্যুক কেন্দ্ৰ কৰি বিৰোধী দলবোৰে সংসদ অচল কৰি তোলাৰো সম্ভাৱনা আছে৷ ইতিমধ্যে সংসদৰ অধিবেশন আৰম্ভ হোৱাৰ আগৰে পৰাই বিৰোধী কংগ্ৰছ আৰু শাসকদল বিজেপিৰ নেতৃবৃন্দৰ মাজত বাক-বিতণ্ডায়ো চৰম পৰ্যায়…

Read More

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন

১৯ জন ACS ৰাজপত্ৰিত বিষয়ালৈ চমন   পুনৰ ১৯জন ৰাজপত্ৰিত বিষয়ালৈ চমন ডিব্ৰুগড় আৰক্ষীৰ। ১৮ জুলাইত কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিব লাগিব বিষয়াকেইজনে। ২০১৬ চনত নিযুক্তি লাভ কৰিছিল বিষয়াকেইজনে। ৰাকেশ পালক উৎকোচ দি চাকৰি লোৱাৰ সন্দেহত হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰিব তদন্তকাৰী আৰক্ষীয়ে। চমন জাৰি কৰা বিষয়াসকলৰ ভিতৰত আছে ১৩জন ACS, ৩জন APS আৰু এজনকৈ DTO, কৰ অধীক্ষক আৰু কৰ পৰিদৰ্শক। চমন জাৰি কৰা বিষয়াকেইগৰাকী হ’ল ক্ৰমে ACS বিষয়া উৎপল ভূঞা, বৰ্ণালী দাস, সুশোভন দাস, ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, মঞ্জুৰ ইলাহী লস্কৰ, মুন মজুমদাৰ, মণিকা টেৰনপী, মুস্তাফা আহমেদ বৰভূঞা, মহম্মদ ছাইবুৰ ৰহমান…

Read More

বুৰৈ ঘাটত সাহায্য প্ৰদান সমাজ কৰ্মী চলিহা 

বুৰৈ ঘাটত সাহায্য প্ৰদান সমাজ কৰ্মী চলিহা   অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ গহপুৰৰ পৰা পৰাশ শইকীয়া ১৫ জুলাই গহপুৰ বৰঙাবাৰী নিবাসী সাংস্কৃতি প্ৰেমী যাদৱ চলিহা দেৱে ব্যক্তিগত ভাৱে গৰাখহনীয়াত ভুক্তভুগি ৫ টা পৰিয়ালৰ কন কন শিশুকে ধৰি প্ৰায় ৩০ জন ব্যক্তিক প্ৰদান কৰে বস্ত্ৰ । বিভিন্ন সময়ত আৰ্তজনৰ কাষত থিয় হৈ সহায় আগবঢ়াই অহা যাদৱ চলিহা এগৰাকী যুৱ সমাজ কৰ্মী ও শিক্ষাৰ লগত জৰিত ব্যক্তি।ৰাইজৰ দুখ সহ্য কৰিব নোৱাৰা এইগৰাকী ব্যক্তিয়ে মহিলাসকলক আজি চাদৰ ,পুৰুষ সকলক চাৰ্ট,টাৱেল আৰু কন কন শিশু সকলকো চাৰ্ট,গেঞ্জী প্ৰদান কৰে। বিশেষকৈ কন কন শিশু সকলৰ…

Read More

সমাজ সেৱীকা মৃত্যুত শোক প্ৰকাশ অসম খবৰ পৰিয়ালৰ

সমাজ সেৱীকাৰ মৃত্যুত  শোক প্ৰকাশ অসম খবৰ  যোৱা ১৪ জুলাই ২০১৮ তাৰিখে শনিবাৰে পুৱতি নিশা প্ৰায় ১ বাজি ১৫ মিনিটত যোৰহাটৰ নিবাসী সমাজ সেৱিক বিনু বৰুৱা অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম খবৰ পৰিয়ালে । অসম খবৰ পৰিচালক সঞ্চালক অশ্বিনী গগৈ লগতে সমুহ সদস্য/ সদস্যাই ।  ২/৮/১৯৬৫ জন্ম গ্ৰহণ কৰা বিনু বৰুৱাই ৫৩ বয়সতে মৃত্যু সাৱটি ল’ব লগা হোৱা ঘটনাই যোৰহাট লগতে অঞ্চলটোত এক শোকৰ ছাঁ পৰে । যোৰহাট জিলাৰ টীয়ক মুদৈজান ৰজাবাৰী নপমা গাঁৱৰ ৺শৰত চন্দ্ৰ বৰুৱা পত্নী আছিল বিনু বৰুৱা । অসম খবৰ পৰিয়ালে শোক প্ৰকাশ কৰাৰ…

Read More

চিৰাংত সজাগতা সভা

চিৰাংৰ বিজনীত অন্ধবিশ্বাস, কু-সংস্কাৰৰ ওপৰত সজাগতা সভা   অসম খবৰ@ষ্টাফ ৰিপৰ্টাৰ বিজনীৰ পৰা লিটন বসাক , ১৫ জুলাই :- চিৰাং জিলা বিজনী ড°আম্বেদকাৰ প্ৰেক্ষাগৃহত আজি ১১ মান বজাত (prerona NGO) নামৰ স্বেচ্ছাসেৱী সংগঠনটো ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে । প্ৰতিষ্ঠা দিৱস উপলক্ষ্য স্বেচ্ছাসেৱী সংগঠনটো উদ্যোগত অন্ধবিশ্বাস, কু-সংস্কাৰ,ভাতৃত্ববোধৰ অভাৱৰ ওপৰত এখন সজাগতা সভা অনুস্থিত কৰে । উক্ত আনুষ্ঠানত বহু কেইজন বুদ্ধিজীৱি লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অন্ধবিশ্বাস, কু-সংস্কাৰৰ, ওপৰত সজাগ হ’বলৈ ৰাইজক আহ্বান জনায় সংগঠনটোৱে । ইফালে এন জি অ’ prerona ৰ ৪ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে প্ৰথমে পতকা উত্তোলন…

Read More

সতীৰ্থ মহামিলন আৰু সংকল্প যাত্রা বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ,সতীৰ্থ মহামিলন আৰু সংকল্প যাত্রা অসম খবৰ@ ষ্টাফ ৰিপৰ্টাৰ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম ১৫ জুলাই:- অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত সতীৰ্থ মহামিলন আৰু সংকল্প অনুষ্ঠান উদ্দীপন দুৰ্জেয অভিযান, কংগ্ৰেছ নজোয়ান গুৱাহাটী লৈ ২৬ বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ। উক্ত যাত্ৰা পথত সাংবাদিকৰ আগত সাক্ষাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ) কয়, মহামিলন আৰু সংকল্প উদ্দেশ্যত যাতে আমি সফল হ’ব পাৰো তাৰ বাবে সতীৰ্থ সকলক অৱগত কৰে। এই যাত্ৰাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

Read More

আজি বিশ্ব ফুটবলৰ মহাৰণ

ফ্ৰান্স নে ক্ৰ’ৱেচিয়া ? আজি বিশ্ব ফুটবলৰ মহাযুদ্ধ।অধীৰ অপেক্ষাত বিশ্বৰ ফুটবলপ্ৰেমী।৪৫লাখ জনসংখ্যাৰ দেশ ক্ৰ’ৱেচিয়া।যুদ্ধৰ মাজত থকা এই সৰু দেশখনে এইবাৰ যুদ্ধত নামিছে খেলপথাৰত।বিশ্বৰ ফুটবলপ্ৰেমীৰ আৱেগ নিজৰ পক্ষত নিবলৈ সক্ষম হৈছে ক্ৰ’ৱেচিয়াৰ দলে। ক্ৰ’ৱেচিয়াৰ বাবে এই সুযোগ দুবাৰ নাহে। ফুটবলৰ সকলো কৌশল প্ৰয়োগ কৰিব ক্ৰ’ৱেচিয়াই। লক্ষ্য চেম্পিয়ন হোৱাৰ। বিশ্বকাপ নিজৰ ভূমিলৈ নিব লাগিব। ফ্ৰান্স নি:সন্দেহে শক্তিশালী।প্ৰতিখন মেচতে ফ্ৰান্সে অতি উন্নত খেল প্ৰৰ্দশন কৰি আহিছে।ক্ৰ’ৱেচিয়া দলক উৎসাহিত কৰিবলৈ ৰাছিয়াতে আছে দেশৰ ৰাষ্ট্ৰপতি গৰাকী। নিশা ৮.৩০ বজালৈ সকলোৰে অধীৰ অপেক্ষা-কাৰ শিৰত জিলিকিব বিশ্ব চেম্পিয়নৰ মুকুট !

Read More