বঙাইগাঁও হাতীমুত্ৰাত পথ দুৰ্ঘটনা আহত

বঙাইগাঁও হাতীমুত্ৰাত পথ দুৰ্ঘটনা আহত অসম খবৰ ষ্টাফ ৰিপৰ্টা বঙাইগাঁও বঙাইগাঁও জিলাৰ অন্তৰ্গত হাতীমুত্ৰাত আজি দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে টেম্পু (এপে) আৰু স্কুটিৰ মাজত মুখামুখী সংঘৰ্ষ হয় । সংঘৰ্ষৰ ফলত চাৰিজন ব্যক্তি আহত হয় ৷ আহত সকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসাল লৈ প্ৰেৰণ কৰে ৷ বাতৰি প্ৰেৰণ কৰা সময়লৈকে কোনো এজন লোকৰ সংকট জনক খবৰ অহা নাই ‌।

Read More

অতব্য হাবিৰে আবিত্ৰ “অচ্যুত ভ্ৰবনত” চফাই কায্যসূচী “অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ”

অতব্য হাবিৰে আবিত্ৰ “অচ্যুত ভ্ৰবনত” চফাই কায্যসূচী  অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ টীয়কৰ পৰা অঞ্জন প্ৰকাশ:-  জীৱনৰ প্ৰতি নিয়ত সময় অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ বাবে যুঁজি যুঁজি সাহিত্যৰ পথাৰখন চহকি কৰি চিৰ বিদায় লোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্বনি কবি নামেৰে চিৰ পৰিচিত “বিনন্দ চন্দ্ৰ বৰুৱাৰ” দেৱৰ দৰে মনিষী সকলৰ বিষযে জাতিৰ এই জতিল সন্ধিক্ষণত উঠি অহা উত্তৰসুৰি সকলৰ মাজত চৰ্চা হোৱাটো আজিৰ সময়ত অতিব প্ৰযোজনীয় বিষয় এই সকল ব্যক্তিৰ সৃষ্টিৰাজী,জীৱন শৈলী অদিবোৰৰ জ্ঞানে  এটা প্ৰজন্মক জীৱনৰ যে শুদ্ধ বাট দেখাব তাত কোনো সন্দেহ নাই…

Read More

ৰাইজক দিয়া প্ৰতিশ্ৰুতি আজিও সম্পূৰ্ণ নহ’ল

ৰাইজক দিয়া প্ৰতিশ্ৰুতি আজিও সম্পূৰ্ণ নহ’ল অসম খবৰ গহপুৰ পৰা পৰাশ শইকীয়া ১৭ জুলাই যোৱা বছৰৰ ১৫ জানুৱাৰীত আধাৰশিলা স্থাপন কৰা ডুবিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰংগমঞ্চ নিৰ্মাণ কাৰ্য আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল । বিধায়ক পুঁজিৰ অন্তৰ্গত ৰংগমঞ্চটোৰ বাবে ২ লাখ টকা আবণ্টন দিয়া হয় যদিওঁ আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল ৰংগ মঞ্চ টো কাম । ইফালে আন্তঃগাথঁনিত নামত বৃহৎ ফাট মেলা হে পৰিলক্ষিত হৈছে । ৰাইজে বিষয়া ঠিকাদাৰ ও চৰকাৰী পক্ষক বাৰম্বাৰ আহ্বান জনাই আহিছিল যদিও বিফল হোৱা হে দেখা গ’ল ।

Read More

বিশ্বনাথ জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ

বিশ্বনাথ জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰস্তুতিৰ কাম প্ৰায় সম্পূৰ্ণ অসম খবৰ ষ্টাফ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি ১৭ জুলাইঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত কালি অনুষ্ঠিত এক বৈঠকত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অলপতে প্ৰকাশ পাবলগীয়া সম্পূৰ্ণ খচৰা তালিকাৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা আৰু নাগৰিকপঞ্জীৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰে জিলাখনৰ সমগ্ৰ ৫২ টা এন আৰ চি সেৱা কেন্দ্ৰৰ দায়িত্বত থকা এল.আৰ.চি.আৰ.(LRCR)সকল, চি.আৰ.চি.আৰ.(CRCR)সকল তথা চক্ৰ বিষয়াসকলৰ পৰা জিলাখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰস্তুতিৰ অগ্ৰগতি আৰু সংশ্লিষ্ট দিশসমূহৰ বিষয়ে বুজ লয়। প্ৰাপ্ত তথ্য অনুসৰি, জিলাখনত এন.আ.চি.ৰ সম্পূৰ্ণ খচৰাৰ…

Read More

চতুৰ্দশ বিত্ত আয়োগৰ অনুদান আৰু অন্যান্য আঁচনিৰ কামকাজৰ পৰ্যালোচনা বিশ্বনাথ জিলা পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ

চতুৰ্দশ বিত্ত আয়োগৰ অনুদান আৰু অন্যান্য আঁচনিৰ কামকাজৰ পৰ্যালোচনা বিশ্বনাথ জিলা পৰিষদৰ নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ অসম খবৰ ষ্টাফ ৰিপৰ্ট বিশ্বনাথ চাৰিআলি, ১৭ জুলাইঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত এক বিশেষ বৈঠকত বিশ্বনাথ জিলা পৰিষদৰ অধীনৰ উন্নয়ন খণ্ডসমূহত চলি থকা চতুৰ্দশ বিত্ত আয়োগৰ অনুদান আৰু অন্যান্য আঁচনিসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। উল্লেখ্য যে ৰাজ্য চৰকাৰৰ এক অধিসূচনা অনুযায়ী বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই অলপতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰক জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব ন্যস্ত কৰা হয়। জিলা পৰিষদখনৰ…

Read More

অসম এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস অসম খবৰ, ষ্টাফ ৰিপৰ্টা গুৱাহাটী জুলাই-১৭ ৰাজ্যিক বিজেপিৰ এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰত তথা অসমৰ নাম বিশ্ব দৰবাৰত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাসৰ বাসগৃহত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাস । নগাওঁ জিলাৰ কান্দুলিমাৰি গাৱস্থিত অসম এক্সপ্ৰেছ হিমা দাসৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জনালী দাস সাক্ষাৎ কৰি কন্যাৰ জয়ৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ২৭ লাখ কাৰ্য্যকৰ্তাৰ হৈ হিমাৰ পিতৃ-মাতৃক সন্মানিত কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে হিমা দাসৰ বাসগৃহৰ পৰাই এক সংবাদমেলো সংশোধন কৰি উল্লেখ কৰে যে, হিমাই স্বদেশৰ মাটিত ভৰি দিয়াৰ দিনাই অসম প্ৰদেশৰ ৩৮খন সাংগঠনিক জিলা আৰু ৩০৩খন সাংগঠনিক মণ্ডলৰ কাৰ্য্যকৰ্তাই নিজ নিজ জিলা আৰু মণ্ডলত অভিনন্দন জনোৱাৰ উপৰিও বিমানবন্দৰত কেন্দ্ৰীয় ভাবে ৰাজ্যিক সমিতিয়ে জনাব বুলি তেওঁ ঘোষণা কৰে। উল্লেখ যে, পূৰ্বেও হিমাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা সময়ত বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জীত দাসে হিমাৰ বাসগৃহত উপস্থিত হৈ হিমাক সম্ভৰ্ধনা জ্ঞাপন কৰিছিল। সভাপতি গৰাকীয়ে হিমাই জীৱনত আৰু সাফল্য অৰ্জন কৰিবলৈ সফল হ’ব বুলি আশা ব্যক্ত কৰি পূৰ্বৰ দৰে ভৱিষ্যতৰ দিনবোৰটো হিমাৰ জীৱনত সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহন কৰাৰ বাবে সৰ্বানন্দ সোনোৱাল ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক, ভাৰতীয় জনতা পাৰ্টি তথা অসম প্ৰদেশৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰে।

অসম এক্সপ্ৰেছ হিমা দাসৰ বাসগৃহত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস অসম খবৰ, ষ্টাফ ৰিপৰ্টা গুৱাহাটী জুলাই-১৭ ৰাজ্যিক বিজেপিৰ এক প্ৰেছ বিবৃতি জৰিয়তে জানিবলৈ দিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰি ভাৰত তথা অসমৰ নাম বিশ্ব দৰবাৰত সোণালী আখৰেৰে লিখিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাসৰ বাসগৃহত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত দাস । নগাওঁ জিলাৰ কান্দুলিমাৰি গাৱস্থিত অসম এক্সপ্ৰেছ হিমা দাসৰ পিতৃ ৰঞ্জিত দাস আৰু মাতৃ জনালী দাস সাক্ষাৎ কৰি কন্যাৰ জয়ৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা ২৭ লাখ…

Read More

বালিপৰাত শিক্ষক হেমেন্দ্ৰ শইকীয়াৰ শিশু উপযোগী দুখনকৈ গ্ৰন্থ উন্মোচন

অসম খবৰ ষ্টাফ ৰিপৰ্টা বালিপাৰা ১৭ জুলাই বালিপৰা অঞ্চলৰ শিক্ষক হেমেন্দ্ৰ শইকীয়াৰ দুখনকৈ শিশু তথা শিক্ষক উপযোগী গ্ৰন্থ আজি শুভ উন্মোচন কৰা হয় । বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত আজি শিক্ষা বিষয়া মনীষ ঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে শিক্ষক তথা গ্ৰন্থ দুখনৰ লেখক, সংকলক হেমেন্দ্ৰ শইকীয়াই । শিশু সাহিত্যক্ষেত্ৰত অৰিহণা যোগোৱাৰ লক্ষ্যৰে শিক্ষক হেমেন্দ্ৰ শইকীয়াই লিখি উলিওৱা ” মহা মহা পুৰুষৰ জীৱনৰ চানেকিৰে ” শীৰ্ষক জীৱনী গ্ৰন্থ আৰু অসমীয়া পুৰণি তথা জনপ্ৰিয় পদ্যৰ সংগ্ৰহ পদ্য সংকলন ” পুৰণি সোণালী কবিতা সংকলন ” শীৰ্ষক গ্ৰন্থ…

Read More

কাকপথাৰ সোণজান গাওঁৰ শাৰীৰিক ভাৱে বিশেষ সক্ষম (মুকবধিৰ) এজন ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ

কাকপথাৰ সোণজান গাওঁৰ শাৰীৰিক ভাৱে বিশেষ সক্ষম (মুকবধিৰ) এজন ছাত্ৰই আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ  কাকপথাৰৰ পৰা দ্বীপেন লহকৰ ১৮ জুলাই তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অসম অৰুণাচলৰ সীমান্তবৰ্তী অতি পিছ পৰা সোণজান বিষ্ণুপুৰ গাওঁৰ নিবাসী ৰূপেশ্বৰ বৰগোহাঁই আৰু স্বৰ্ণলতা বৰগোহাঁইৰ জ্যেষ্ঠ পুত্ৰ মাধুৰ্য্য বৰগোহাঁইয়ে আন্তঃৰাষ্ট্ৰীয় বধিৰ ক্ৰিকেটত, ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। ক্ৰীড়াত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে সোণালী সুযোগ লাভ কৰা মাধুৰ্য্য বৰগোহাঁই হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা নিৰ্বাচিত হোৱা এক মাত্ৰ খেলুৱৈ। চলিত বৰ্ষত গুৱাহাটী কাহিলীপাৰাস্থিত ভাউৰি দেৱী চেৰাউগী মুকবধিৰ…

Read More

বাংৰুলুত নামঘৰৰ স্থাপন শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত

বাংৰুলুত নামঘৰৰ স্থাপন  শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত অসম খবৰ, ষ্টাফ ৰিপৰ্টাৰ গুৱাহাটী, ১৭ জুলাই:- সুদূৰ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ ৰাজধানী বঙ্গালুৰুত সগৌৰৱেৰে জিলিকিছে নামঘৰ । শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ উদ্যোগত স্থাপন কৰা হৈছে  নামঘৰটো  । জানিব পৰা মতে, নামঘৰটোত “গুৰু আসন” প্ৰতিস্থাপন কৰা হয়। বঙ্গালুৰুত বসবাস কৰা অসমীয়া সমাজৰ উপস্থিতিত উদ্বোধন কৰা হয় অসম তথা অসমীয়াৰ আবেগৰ চিহ্ন প্ৰতীক প্ৰথমটো নামঘৰ। বাংৰুলুৰ মাৰুঠি নগৰত সাজি উলিওৱা হৈছে নামঘৰটো।

Read More

বিশ্বনাথত চাৰিআলি আৰু চিৰাংত   আমছু  প্ৰতিবাদ

বিশ্বনাথত চাৰিআলি আৰু চিৰাংত   আমছু  প্ৰতিবাদ অসম খৱৰ ষ্টাফ ৰিপৰ্টাৰ  বিজনীৰ পৰা লিটন বসাক ১৭ জুলাইঃ চিৰাং জিলাৰ বিজনী জিলা সমিতিৰ উদ্যােগত সদৌ অসম সংখ্যালঘু  ছাত্ৰ ইউনিয়ন (আমছু) ৰ  আজি  ২ঘন্টীয়া অৱস্হান ধৰ্মঘট পালন কৰে । বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত  সম্প্ৰতি পূৰ্ণ গতিত  এন, আৰ, চি, ৰ কাম চলি থকা  সময়ছোৱাত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক সীমান্ত আৰক্ষীয়ে ডি. ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু  সন্দেজনক বিদেশীৰ নামত প্ৰকৃত ভৰতীয় নগৰিকক নৰ্বিচাৰ জাননী প্ৰেৰন বন্ধ কৰাৰ দাবিত এই ধৰ্মঘট । লগতে সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ অসম চৰকাৰ হায় হায়, অসম চৰকাৰৰ গৃহবিভাক হায়…

Read More

বিলাসীপাৰাত জিলা আমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট

বিলাসীপাৰাত জিলা আমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট   অসম খবৰ@(জহিৰুল ইছলাম) বিলাসীপাৰা, ১৭ জুলাই:- সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ আহ্বানত বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ সীমান্ত আৰক্ষীয়ে ডি ভোটাৰ সজোৱাৰ চক্রান্তৰ প্ৰতিবাদত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। সমগ্ৰ অসমৰ লগতে বিলাসীপাৰা জিলা আমছুয়ে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত আজি ৰাতিপুৱা ১১ বজাৰ পৰা ১ বজা লৈ সীমান্ত আৰক্ষীয়ে ডি ভোটাৰ সজোৱাৰ চক্রান্তৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট পালন কৰে। বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলৰ নেতৃত্বত মহকুমাধিপতিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীলৈ সীমান্ত আৰক্ষীয়ে NRC কাম সম্পূৰ্ণ নোহোৱাকৈ…

Read More

“অচ্যুত ভৱনত” চফাই কাৰ্যসূচী “অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ”

আটব্য হাবিৰে আৱৰি থকা “অচ্যুত ভৱনত” চফাই কাৰ্যসূচী “অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ” অসম খবৰ@টীয়কৰ পৰা অঞ্জন প্ৰকাশ:- জীৱনৰ প্ৰতি নিয়ত সময় অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ বাবে যুঁজি যুঁজি সাহিত্যৰ পথাৰখন চহকী কৰি চিৰ বিদায় লোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্বনি কবি নামেৰে চিৰ পৰিচিত “বিনন্দ চন্দ্ৰ বৰুৱাৰ” দেৱৰ দৰে মনিষী সকলৰ বিষয়ে জাতিৰ এই জতিল সন্ধিক্ষণত উঠি অহা উত্তৰসুৰি সকলৰ মাজত চৰ্চা হোৱাটো আজিৰ সময়ত অতিব প্ৰযোজনীয় বিষয়। এই সকল ব্যক্তিৰ সৃষ্টিৰাজী,জীৱন শৈলী অদিবোৰৰ জ্ঞানে  এটা প্ৰজন্মক জীৱনৰ যে শুদ্ধ বাট দেখুৱাব তাত কোনো সন্দেহ নাই । কিন্ত লক্ষণীয়…

Read More