হৃদয়ৰ দলিচাত

হৃদয়ৰ দলিচাত হৃদয়বোৰ দলিচাৰ দৰে পাৰি ৰৈ থাকো স্বপ্নাতুৰ আলোকৰ দেশৰ সুগন্ধি পখিলাটিৰ সুবাস লবলৈ, দলিচাৰ দুয়োকাষ চিকুন কৰি ৰাখো দুভৰিৰ খোজেৰে দলিচাখন জীপাল কৰিবলৈ। মৰহা ফুলবোৰৰ সতেজ সুবাস বিচাৰি ফুৰো দলিচাৰ আটধৰি। মৰিচীকাৰ কলৰুল শুনো হৃদয়বোৰৰ কোঠালীত। গোপন ভাষাৰ আচোৰৰ আৰ্তনাদত উচপ খাই উঠে দলিচাৰ ৰাণী। ধৰিত্রী শ্ৰাৱণ, তেজপুৰ নিকামুল

Read More

পথ দুৰ্ঘটনাত পতিত হৈ সাংবাদিকৰ মাতৃৰ বিয়োগ

  পথ দুৰ্ঘটনাত সাংবাদিকৰ মাতৃৰ বিয়োগ   অসম খবৰ@অপূৰ্ব হাজৰিকা , নগাঁও ১৮ জুলাই:- নগাঁও জিলাৰ জাজৰিৰ শ্ৰী শ্ৰী হেমাৰবড়ি সত্ৰ নিবাসী, সৰবৰহী মহিলা তথা বটদ্ৰৱাৰ যুৱ সাংবাদিক মানসজ্যোতি মহন্তৰ মাতৃ নমিতা মহন্তৰ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৪ বছৰ। যোৱা ৬ জুলাইৰ দিনা বিয়লি ভাগিনৰ সৈতে মৰিগাঁৱৰ পৰা নিজ গৃহ হেমাৰবড়ি অভিমুখে মটৰচাইকেলেৰে আহি থকা অৱস্থাত ভালুকমাৰীৰ সমীপত এক দুৰ্ঘটনাত পতিত হৈ মূৰত বেয়াকৈ আঘাত পায় মহিলাগৰাকীয়ে। লগে লগে তেওঁক নগাঁৱৰ জি.ডি হস্পিতেলত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ…

Read More

কাকপথাৰত অৰুণাচলী সুৰা জব্দ

কাকপথাৰত অৰুণাচলী সুৰা জব্দ   অসম খবৰ @বিদ্যুৎ বৰুৱা কাকপথাৰ,১৮ জুলাই : তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি কালি নিশা এখন টাটা চুমুত কঢ়িয়াই অনা বৃহৎ পৰিমানৰ অৰুণাচলী সুৰা জব্দ কৰে ৷ AS 01 AE 3600 নম্বৰৰ টাটা চুমত অনা সুৰাখিনি অৰুণাচলৰ পৰা ডিৰাক কাকপথাৰ হৈ ডুমডুমাৰ বাঘজানলৈ নি থকা অৱস্থাত কাকপথাৰ আৰক্ষীৰ পহৰাদাৰী দলে পলায়নৰ চেষ্টা কৰা সুৰাভৰ্তি চুমু গাড়ীখন থানাৰ কিছু নিলগত জব্দ কৰে৷ ডুমডুমা থানাৰ অন্তৰ্গত বাঘজানৰ ৰিপু গগৈ নামৰ যুৱকজনে ব্যৱসায়ৰ বাবে সুৰাখিনি ক্ৰয় কৰি আনিছিল। ৰিপু গগৈক বৰ্তমান কাকপথাৰ আৰক্ষী থানাত সুধাপুছা অব্যাহত ৰাখিছে…

Read More

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত স্থান নাপালে বহু জ্যেষ্ঠ নেতাই

কংগ্ৰেছৰ ৱৰ্কিং কমিটিত স্থান নাপালে বহু জ্যেষ্ঠ নেতাই   অসম খবৰ, গুৱাহাটী জুলাই-১৮: মঙ্গলবাৰে অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ পৰা বাদ পৰিল দলটোৰ বহু জ্যেষ্ঠ নেতা। তাৰ পৰিৱৰ্তে দেখা গ’ল বহু কেইখন নতুন মুখ আৰ যুৱ শক্তি । আগন্তুক লোকসভা নিৰ্বাচনৰ লক্ষ্য কৰি ৰাহুল গান্ধী দ্বাৰা গঠিত হৈছে এই কমিটি ৱৰ্কিং কমিটি খন । কমিটি খনত বিভিন্ন ৰাজ্যৰ মুঠ ২৩ গৰাকী সদস্য ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও স্থান পাইছে । তাৰ বাহিৰেও সাংসদ গৌৰৱ গগৈ ও কমিটি খনৰ ১৯ গৰাকী আমন্ত্ৰিত সদস্যৰ ভিতৰত এজন সদস্য । কংগ্ৰেছৰ নতুনকৈ গঠিত হোৱা…

Read More

শোণিতপুৰীয়াৰ কৃৰ্তীত্ব

শোণিতপুৰীয়াৰ কৃৰ্তীত্ব অসম খবৰ ৰিপৰ্ট ১৮ জুলাই যোৰহাট অসম কৃষি বিশ্ববিদ্যায়ৰ ছাত্ৰী শ্ৰী অৰ্চিতা গোস্বামীয়ে দক্ষিন আফ্ৰিকাৰ জোহান্সবার্গৰ অন্তৰ্গত বেলাবেলাত অনুষ্ঠিত হৈ থকা ব্ৰিস্ক যুব সমাৰোহ – ২০১৮ ত অসমৰ পৰা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ ৰাষ্টীয় সেৱা যোজনাৰ জৰিয়তে এই সুযোগ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ২০১৮ চনৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত দিল্লীত অৰ্চিতাই ভাগ লোৱাৰ সুযোগ লাভ কৰিছিল। সমাৰোহত অৰ্চিতাই সত্ৰীয়া নৃত্যৰ লগতে বক্তৃতা প্ৰদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।তেওঁৰ সত্ৰীয়া নৃত্যৰ গুৰু শ্ৰী যোগেনদত্ত বায়ন। অৰ্চিতা, তেজপুৰ উদয়ন পথ নিবাসী বিদ্যুত পৰিষদৰ সহকাৰী মহাপ্ৰবন্ধক শ্ৰী অনিলচন্দ্ৰ গোস্বামী আৰু শোণিতপুৰ জাতীয় বিদ্যালয়ৰ…

Read More

ধেমাজি জিলা প্ৰশাসনৰ এন. আৰ. চি. সন্দৰ্ভত চিলাপথাৰ গোৰ্খা ভৱনত সজাগতা সভা

ধেমাজি জিলা প্ৰশাসনৰ এন. আৰ. চি. সন্দৰ্ভত চিলাপথাৰ গোৰ্খা ভৱনত সজাগতা সভা : অসম খবৰ@(সুনিতা শৰ্মা) চিলাপথাৰ, ১৮ জুলাই : NRC ৰ প্ৰস্তুতি আৰু বিদেশী চিনাক্তকৰণৰ নামত চিলাপথাৰত সংঘটিত হৈছে অদ্ভুত কাণ্ড।চিলাপথাৰ বিদেশী ন্যায়াধীকৰণে সংঘটিত কৰিছে এই আজব কাণ্ড । চিলাপথাৰ ডিমৌৰ সাতজন গোৰ্খা সম্প্ৰদায়ৰ লোকক বাংলাদেশী বুলি ৰায় প্ৰদান কৰিছে চিলাপথাৰ বিদেশী ন্যায়াধীকৰণে।এই বিষয়টো লৈ হতভম্ব হৈ পৰিছে গোর্খা সম্প্ৰদায়ৰ লোকসকল । গোর্খাসকলক বাংলাদেশী বুলি অভিহিত কৰা ঘটনাত জাঙুৰ খাই উঠিছে গোর্খা সম্প্ৰদায়ৰ লোকসকল ।গোৰ্খাসকল বাংলাদেশৰ পৰা অসমলৈ অহা নাছিল আজি চিলাপথাৰৰ গোর্খা ভৱনত অনুষ্ঠিত কৰা এক সজাগতা সভাত…

Read More

বাক্সাত সন্দেহ জনক এন ডি এফবিৰ দূৰ্ধষ কেডাৰ আটক

বাক্সাত সন্দেহ জনক এন ডি এফবিৰ দূৰ্ধষ কেডাৰ আটক অসম খবৰ ষ্টাফ ৰিপৰ্টা গুৱাহাটী জাহিদুল ইছলাম ১৭ জুলাই: বাক্সাৰ বৰবৰী আৰক্ষী আৰু ভাৰতীয় সেনাই চলোৱা যুটীয়া অভিযানত মঙলবাৰে আটক কৰে এজন সন্দেহ জনক এন ডি এফ বি সংবিজিত গোটৰ দূৰ্ধৰ্ষ সদস্য। আটকাধীন কেডাৰজনৰ নাম শিৱ বড়ো ওৰফে সুজলাং ৷ মেঘালয়ৰ যোৰাবাটৰ পৰা আটক কৰা হয় এন ডি এফ বি সংবিজিতৰ কেডাৰজনক ৷ শিৱ বড়ো ওৰফে সুজলাঙে ২০০৭ চনত এন ডি এফ বিত যোগদান কৰিছিল আৰু তাৰপিচত তিনিবছৰ ম্যানমাৰত প্ৰশিক্ষণ গ্ৰহণ কৰি মুম্বাইত আত্মগোপন কৰে ৷ অৱশেষত আৰক্ষী আৰু সেনাই সোমবাৰে…

Read More

ৰাজভৱনত আক্ৰাছুৰ ধৰ্ণা

ৰাজভৱনত আক্ৰাছুৰ ধৰ্ণা অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও ১৭ জুলাই পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আজি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত, কোচৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সহযোগত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ ধৰ্না কাৰ্যসূচী শেষত ৰাজ্যপাললৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ আজি ধৰ্ণা কায্যসুচীত অসমৰ বিভিন্ন জিলাৰ আক্ৰাছু আৰু কোচৰাজবংশী মহিলা সমিতি , চিলাৰায় সেনাৰ সদস্য সকল উপস্থিত থাকে ।

Read More

মঙ্গলদৈত আমছু অৱস্থান ধৰ্মঘট

মঙ্গলদৈত আমছু অৱস্থান ধৰ্মঘট অসম খবৰ ষ্টাফ ৰিপৰ্টাৰ উজ্জ্বল জোতি ডেকা,মঙলদৈ,১৭ জুলাই :- সংখ্যালঘুলোক সকলক সন্দেহজনক বাংলাদেশী ডি ভোটাৰ সজোৱা চক্ৰান্তৰ প্ৰতিবাদত নামত স্বদেশীক জাননী প্ৰেৰন বন্ধ কৰাৰ দাবীত সমগ্র ৰাজ্য লগতে আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আহ্বানত দৰং জিলা সংখ্যালঘু ইউনিয়নে পুথিভৰাঁল প্ৰাঙ্গনত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তিনিশতাধিক আমছু কৰ্মী উপস্থিত থাকে।

Read More

হিমাৰ ঘৰলৈ হেলিকপ্টাৰে অাহি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল

হিমাৰ ঘৰলৈ হেলিকপ্টাৰে অাহি মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল অসম খবৰ নগাঁও পৰা অপূৰ্ব হাজৰিকা ১৮ জুলাই “অসমীয়া নাৰী কিমান শক্তিশালী হব পাৰে , কিমান দৃঢ়তা তথা একাগ্ৰতা থাকিব পাৰে তাক প্ৰমান কৰি দেখুৱালে হিমা দাসে । ” হিমাৰ ঘৰত উপস্থিত হৈ এনে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰীগৰাকী অাজি উপস্থিত হয় অসম গৌৰৱ হিমা দাসৰ ধিঙস্থ বাসগৃহত । পুৱাৰে পৰা অাজি হিমা দাসৰ ধিঙৰ কান্ধুলিমাৰী গাঁৱত STOদেখা গল এক উদুলি মুদুলি পৰিবেশ । অনগ্ৰসৰ গাওঁখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অাদৰিবলৈ শিশুৰ পৰা পুৰুষ মহিলা বৃদ্ধলৈকে সকলো পুৱাৰ পৰা ভীৰ কৰে…

Read More

নগাঁৱত মহিলা সমাৰোহ

নগাঁৱত মহিলা সমাৰোহ অসম খবৰ নগাঁও পৰা অপূৰ্ব হাজৰিকা নগাঁও, মৰিগাঁও আৰু হোজাই জিলা সামৰি মঙ্গলবাৰে নগাঁৱত অনুষ্ঠিত হয় মহিলা সমাৰোহ। নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত অনুষ্ঠিত হোৱা এই সমাৰোহত তিনিওখন জিলাৰ কেইবা সহস্ৰাধিক আত্মসহায়ক গোটৰ মহিলা উপস্থিত থাকে। উল্লেখযোগ্য যে আত্মসহায়ক গোট সমূহক ২৫০০০ টকীয়া চেক প্ৰদানৰ উপলক্ষে সভাখন অনুষ্ঠিত কৰা হৈছিল । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতেৰে কেইবাটাও আত্মসহায়ক গোটৰ মহিলা সদ্যসক মঞ্চতে চেক প্ৰদান কৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ সৰ্বমুঠ ৯৩৯০টা আত্মসহায়ক গোটক এই পচিছ হাজাৰ টকীয়া চেক প্রদান কৰা…

Read More