মোৰ হৃদয়ৰ এলবাম

মোৰ হৃদয়ৰ এলবাম তুমি ওভটি অহা হ’লে মোৰ হৃদয়ৰ এলবামত সজালো হেতেন গঢ়ি তোলা কেইখনমান নতুন ফটো। কেতিয়াবা বিষাদগ্ৰস্ত সেই এলবামটোৱে ইতিকিং কৰি মোক কয় তুমি আহিছিলা বুলি। তেতিয়া মাথোঁ মই চাই ৰওঁ এলবামটিৰ পদুলি। কিজানি তুমি আকৌ আহি জ্বলোৱাহি নুমাই যোৱা বন্তিগছি, আকৌ অতীত হব খোজা এলবামটিত দুখনমান নতুন ফটোৰ সুৰাগ যুগোৱাহি, মাথোঁ মই চাই ৰওঁ সেই সোণাৰু ভৰা বাটতি। ধৰিত্ৰী শ্ৰাৱণ তেজপুৰ

Read More

নায়েৰ আলগা মায়াৰ চৰত  গছ পুলি বিতৰণ

নায়েৰ আলগা মায়াৰ চৰত  গছ পুলি বিতৰণ     অসম খবৰ বিলাসীপাৰা,২৩ জুলাই:-  ধুবুৰী জিলাৰ বিলাসীপাৰা কৃষি কাৰ্যালয়ৰ অধীনস্হ নায়েৰ আলগা আৰু মায়াৰ চৰ গাঁও পঞ্চায়তত কালি দিনজোৰা কাৰ্যসুচীৰে কৃষি কল্যাণ অভিযানৰ সৌজন্যত পাঁচশ পৰিয়ালৰ মাজত গছ পুলি বিতৰণ কৰা হয়। উল্লেখ্য যে কৃষি কল্যাণ অভিযানৰ তৰফৰ পৰা নায়েৰ আলগা গাঁও পঞ্চায়তৰ ১ম খণ্ড আৰু মায়াৰ চৰ গাঁও পঞ্চায়তৰ মায়াৰ চৰ ১ম খণ্ড গাঁৱৰ পাঁচশ পৰিয়ালৰ মাজত উন্নত জাতৰ ধানৰ বীজ,মুখমাহ লগতে লিছু, নাৰিকল, আম, মথুৰি আম, চিতাচাপৰি আদি গছ পুলি বিতৰণ কৰে। কৃষি বিজ্ঞানী মুস্তাফিজুৰ ৰহমান, নিলাক্ষী নাথ,আৰু গ্ৰামসেৱক নুৰ…

Read More

সোণাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

সোণাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা     অসম খবৰ সোণাৰীৰ পৰা মুন আহমেদ,২৩ জুলাই:-চৰাইদেউ জিলাৰ সোণাৰী পৌৰসভাৰ অন্তৰ্গত সোণাৰী কলেজৰ নিচেই কাষত আজি প্ৰায় ৭ বাজি ১০ মিনিটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।  ঘটনাৰ পিছত গুৰুতৰ ভাৱে আহত হয় চালকজন ।  উল্লেখযোগ্য যে দ্ৰুত বেগেৰে পশ্চিম দিশৰ পৰা আহি থকা বাহনখনে পচণ্ড জোৰেৰে বিদ্যুত খুটাত খুন্দা মাৰে আৰু বিদ্যুত পৰিবাহী তাঁৰ চিঙি মূল ৰাস্তাৰ ওপৰত পৰে ।  লগে লগেই অঞ্চলটোত ব্যহত হয় বিদ্যুত সংযোগ ।  উক্ত ঘটনাৰ পিছতেই স্থানীয় লোকৰ সমাগম ঘটে , স্থানীয় লোকে বিদ্যুত বিভাগৰ সৈতে যোগাযোগৰ অন্তত…

Read More

বিজনীত আমছু প্ৰতিবাদ

বিজনীত আমছু প্ৰতিবাদ ‌‌মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্রতিমূর্তি দাহ  অসম খবৰ বিজনীৰ পৰা লিটন বসাক ২৩ জুলাই:- চিৰাং জিলা বিজনী কাউৱাটীকাত বিজনী জিলা অামছু সমিতিৰ উদোগত আজি ‌‌মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্রতিমূর্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বহু চৰ্চিত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) প্রস্তুতকৰণৰ কাম ২০১৫ চনৰ পৰা অসমৰ সর্ব স্তৰৰ ৰাইজৰ পূৰ্ণ সহায়-সহযোগিতাত চলি থকাৰ সময়তে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি ১৯৯৭ চনৰ ভোটাৰ তালিকাত ডি ভোটাৰ হিচাপে চিহ্নিত নোহোৱা লাখ লাখ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে অসম…

Read More

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা অইলৰ তেলৰ পাইপ ফুটি বৃহৎ পৰিমাণৰ খাৰুৱা ‌তেল (ক্ৰুড) নষ্ট    অসম খবৰ  (নেকিব আহমেদ)যোৰহাট, ২৩ জুলাইঃ এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল যোৰহাট নগৰ |  যোৰহাট গড়মূৰৰ চাই মন্দিৰৰ সমীপত অ এন জি চিৰ তেল পৰিবাহী পাইপ ফাঁটি আজি যোৰহাটৰ গড়মূৰৰ অঞ্চলৰ নপাম শংকৰপুৰৰ এক বৃস্তিত অঞ্চল তেলে বুৰাই পেলোৱাত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল সমগ্ৰ অঞ্চল | তেলৰ পাইপ ফটা বিষয়ে জনাৰ পাছত যোৰহাট , বৰহোলা ONGCৰ এটা দল আহি উক্ত পাইপ মেৰামতি কৰে আৰু মুখ্য ঠাইৰ পৰা তেল বন্ধ কৰি দিয়ে…

Read More

বিলাসীপাৰাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বিলাসীপাৰাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ     অসম খবৰ বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ২৩ জুলাই:- অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশনা মৰ্মে সমগ্ৰ অসমৰ লগতে বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ মিছা প্ৰতি শ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। আজি ৰাতিপুৱা ১১বজাতবিলাসীপাৰা চহৰৰ পৰা বাইক ৰেলিৰে আহি বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ বেনাৰ প্লে কাৰ্ড লৈ বিভিন্ন ষ্লগানেৰে যুৱ কংগ্ৰেছ কৰ্মী সকলে আকাশ পাতাল উত্তাল কৰি তোলে। বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ)ৰ নেতৃত্বত আৰু বিলাসীপাৰা পুৱ সমষ্টিৰ যুৱ কংগ্ৰেছৰ…

Read More

গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন

উজ্জ্বলা আঁচনিৰ গেছ-চিলিণ্ডাৰ ক’লা বজাৰত গহপুৰত উজ্জ্বলা যোজনা আঁচনিৰ নামত ব্যাপক লুন্ঠন     অসম খবৰ@গহপুৰ,২৩জুলাই : ভাৰতৰ দৰিদ্ৰ পৰিয়ালৰ মহিলা সমূহৰ মুখত হাঁহি অনাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ২০১৬ চনৰ মে’ মাহত আৰম্ভ কৰে উজ্জ্বল যোজনা। এই যোজনাৰ অধীনত দুখীয়া মহিলা সকলক সশক্তিকৰন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিনামূলীয়াকৈ ৰন্ধন গেছ প্ৰদান কৰাৰ লক্ষ্য আগত ৰাখি।সেই ৰন্ধন গেছ সমূহ প্ৰকৃত দুখীয়া পৰিয়ালৰ মহিলাই পোৱা পৰিৱৰ্তে বজাৰত তিনি হাজাৰ পৰা চাৰি হাজাৰ টকাত উপলব্ধ হৈছে । গহপুৰ সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ বাবে অহা ৰন্ধন গেছৰ বৃহৎ দুৰ্নীতি হোৱা গোপন তথ্য মতে কালি ককিলা মাজ…

Read More

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ

মিছেছ নগাঁও’ খিতাপ কৃষ্ণা নাথ বৰালৈ অসম খবৰ নগাঁও ২৩ জুলাই নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েচনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে Jhorna Medhi য়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতীয় ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি ডেইজী বৰাই মিছেছ টেলেণ্টেড, ৰিতা বৰদলৈ বৰাই মিছেছ মোষ্ট পপুলাৰ, কৃষ্ণা নাথ বৰাই মিছেছ বিউটিফুল স্মাইল, লীমা দেৱ ৰয়ে মিছেছ…

Read More

বিহালীৰ ৰৌমাৰীত চাঞ্চল্যকৰ

বিহালীৰ ৰৌমাৰীত চাঞ্চল্যকৰ    হত্যাকাণ্ডহত্যাৰ অভিযোগত এজাহাৰ দাখিল অসম খবৰ  বিহালী ২৩ জুলাই বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত যোৱা ২১ জুলাই তাৰিখে সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷  পৰিয়ালৰ অভিযোগ মতে, দুটি সন্তানৰ পিতৃ দিলীপ মণ্ডল(৩১) নামৰ যুৱক জনক দিলীপ মণ্ডলৰ শহুৰ লালমোহন মণ্ডল,শাহুৱেক জনক আৰু বিজয় মণ্ডলে পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিৱলৈ চেষ্ঠা কৰিছে ৷পোহৰলৈ অহা তথ্য অনুসৰি, যোৱা ১৯ জুলাই তাৰিখে পুৱা ৮•৩০ বজাত জোঁৱাই দিলীপ মণ্ডল আৰু শহুৰেক লালমোহন মণ্ডলৰ মাজত পাৰিবাৰিক বিষয়ত বাক্ বিতণ্ডা সৃষ্টি হয় ৷ বাক্ বিতণ্ডা ক্ৰমাৎ জটিল পৰিস্থিতিলৈ গতি কৰি…

Read More

হিমালৈ ৰাহুল গান্ধীৰ অভিনন্দন পত্ৰ

হিমালৈ ৰাহুল গান্ধীৰ অভিনন্দন পত্ৰ    প্ৰদেশ কংগ্ৰেছৰ এক লাখ টকাৰ সাহায্য অসম খবৰ নগাঁও ২৩জুলাই -: ইণ্ডিয়ান এক্সপ্রেছ তথা স্বৰ্ণৰাণী হিমা দাসৰ ধিঙৰ কান্ধুলীমাৰী ঘৰখনলৈ আজিও অব্যাহত আছে শুভাকাংক্ষীৰ লগতে বিভিন্ন দল-সংগঠন আৰু ৰাজনৈতিক নেতাৰ। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ হিমাৰ গাঁ‌ৱৰ ঘৰখনত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি ব্ৰেদবত শইকীয়া। প্ৰদেশ কংগ্ৰেছৰ দুই নেতাৰ লগত হিমাৰ ঘৰত উপস্থিত হয় বিধায়ক ৱজেদ আলী চৌধুৰী, আব্দুল খালেক, প্ৰাক্তন মন্ত্ৰী গৌতম বৰাকে আদি কৰি বহু সংখ্যক কংগ্রেছী নেতা-কৰ্মী। প্ৰদেশ কংগ্ৰেছৰ দলটোৱে হিমাৰ পিতৃ-মাতৃক অভিনন্দন জনোৱাৰ লগতে দলৰ…

Read More

বিলাসীপাৰাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী অসম খবৰ@(জহিৰুল ইছলাম)-বিলাসীপাৰা ২৩ জুলাই:- অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশনা মৰ্মে সমগ্ৰ অসমৰ লগতে বিলাসীপাৰা পুৱ আৰু পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদ মিছা প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। আজি দিনৰ ১১বজাত বিলাসীপাৰা চহৰৰ পৰা বাইক ৰেলিৰে আহি বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ চৌহদত বেনাৰ,প্লে কাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে যুৱ কংগ্ৰেছ কৰ্মী সকলে আকাশ পাতাল উত্তাল কৰি তোলে। বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ)ৰ নেতৃত্বত আৰু বিলাসীপাৰা পুৱ সমষ্টিৰ যুৱ…

Read More

এ পি এছ ই কেলেংকাৰীত আৰক্ষীৰ জালত দৰঙৰ  অধিবক্তা তথা বিজেপি নেতা 

 এ পি এছ ই কেলেংকাৰীত আৰক্ষীৰ জালত দৰঙৰ  অধিবক্তা তথা বিজেপি নেতা  অসম খবৰ@উজ্জ্বল জোতি ডেকা, মঙলদৈ ২৩ জুলাই :- ডিব্ৰুগড় আৰক্ষীয়ে এইবাৰ আটক কৰিছে এ পি এছ চি কেলেংকাৰীৰ লগত জড়িত দুজন দালালক । গ্ৰেপ্তাৰ হোৱা দালাল দুজন হৈছে সুৰজিত চৌধুৰী আৰু শৈলেন শৰ্মা বৰুৱা। ইয়াৰে সুৰজিত চৌধুৰী নামৰ এই ব্যক্তিজন এ পি এছ চি কাণ্ডৰ মূল নায়ক ৰাকেশ পালৰ অতি ঘনিষ্ঠ আৰু কেংলকাৰীত অভিযুক্ত হৈ জেলৰ ভাত খোৱা মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীৰ স্বামী। আনপিনে ৰাকেশ পালৰ আন এজন দালালক আৰক্ষীয়ে দৰঙৰ পৰা আটক কৰে। মঙলদৈ…

Read More