কৰ্ণাটক বিধানসভাৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিলে কৰ্ণাটক চৰকাৰে

বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। য’ত সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সন্মানৰ চকুৰে চোৱা হৈছে। কিন্তু এইখন দেশতে বাৰে বাৰে লাঞ্চিত  হয়, আক্ৰান্ত হয় সংবাদ মাধ্যম। এনে এক অবাঞ্চিত কাণ্ড শেহতীয়াকৈ সংঘটিত হৈছে কৰ্ণাটকত। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে বিধানসভা গৃহৰ ভিতৰত। এই নিষেধাজ্ঞা আৰোপ কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনে যাবতীয় জাননীও জাৰি কৰিছে। বিধানসভা গৃহৰ বাহিৰতহে মন্ত্ৰী-বিধায়ক অথবা বিষয়াসকলে সংবাদ মাধ্যমৰ আগত কথা ক’ব- সেই কথাও স্পষ্ট কৰি দিয়া হৈছে।

Read More

জাঁজী-হাঁহচৰাত কৃষি মন্ত্ৰীৰ কনভয়ত ডাম্পাৰৰ খুন্দা

অসম খবৰ@টীয়ক : ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ কনভয়ত ডাম্পাৰৰ খুন্দা। এই ঘটনা সংঘটিত হৈছে আজি পুৱা ৭ বজাত যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁ‌জী হাঁহচৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত। অৱশ্যে দুৰ্ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী গাড়ীত নাছিল। প্ৰাপ্ত বাতৰি মতে কৃষি মন্ত্ৰী অতুল বৰাক ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা আনিবলৈ বুলি গোলাঘাটৰ পৰা ৰাওনা হোৱা ৫ খন নিৰাপত্তাৰক্ষীৰ বাহনৰ কণভয়টো জাঁজী হাঁহচৰা চাৰিআলি অতিক্ৰম কৰাৰ পাছতে বিপৰীত দিশৰ পৰা শিলগুটি কঢ়িয়াই অনা AS.04.AC.8859 নম্বৰৰ তীব্ৰবেগী ডাম্পাৰ খনে কণভয়টোৰ শেষত গৈ থকা   AS.25.DC.1311 নম্বৰৰ নিৰাপত্তাৰক্ষীৰ জীপখনত প্ৰচণ্ড খুন্দা মাৰে ।…

Read More

প্ৰাতঃ খবৰ

● বাংলাদেশীক দীৰ্ঘম্যাদী ভিছা প্ৰদানৰ বিৰোধিতা কৰিছে অগপই।অগপৰ সভাপতি অতুল বৰাই স্পষ্ট কৰি দিলে যে কেৱল এন আৰ চি প্ৰকাশ হ’লেই অসম বিদেশীমুক্ত নহয়। ● আমগুৰিৰ ‘এফ’ ছেক্টৰত সীমান্ত পহৰা চকী নিৰ্মাণ কৰাত বাধা নগা লোকৰ।পৰিস্হিতিৰ প্ৰতি লক্ষ্য কৰি দুয়োখন ৰাজ্যৰ বিষয়া সকলে আতঁৰি অহাৰ ব্যৱস্হা কৰে। ● গণ প্ৰহাৰৰ ঘটনা ৰোধৰ বাবে কেন্দ্ৰই আইন প্ৰণয়ন কৰিব।দেশজুৰি এনে ঘটনা বৃদ্ধি পাবলৈ লৈছে। গণ প্ৰহাৰ সন্দৰ্ভত লোকসভাত আলোচনা । ● সংসদত মন্ত্ৰী বাবুল সুপ্ৰিয়‌ই ক’লে-নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা হ’ব । ● আজি পাকিস্তানত নিৰ্বাচন।তিনি লাখ সেনাই নিৰীক্ষণ কৰিব…

Read More

অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত বলিউডৰ অভিনেত্ৰী

পোন প্ৰথম বাৰৰ বাবে অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত বলিউডৰ অভিনেত্ৰী অসম খবৰ@ নগাঁও, ২৫ জুলাই: প্ৰয়াত পূৰ্ণধৰ কলিতাৰ সোঁৱৰণত লিন্টন কলিতাৰ প্ৰযোজনাৰে কিং অফ মেল’ডি ” কুমাৰ চানু” ৰ কণ্ঠত মুক্তি পাবলগীয়া ” জোনাকী হাঁহি” নামৰ অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত পোন প্ৰথম বাৰৰ বাবে অসমৰ ৰাইজে দেখিবলৈ পাব বলিউডৰ মোহময়ী অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ ” পূজা হেগডে”ক ।

Read More

পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ

পাকিস্তানৰ ইতিহাসত মুখ্য ন্যায়াধীশ ৰূপে অধিস্থিত প্ৰথমগৰাকী মহিলা ন্যায়াধীশৰ অসম খবৰ@গুৱাহাটী,২৫জুলাই: পাকিস্তানৰ বেলুচিস্তান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ৰূপে নিযুক্তি লাভ কৰিছে দেশখনৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। চৈয়দা টাহীৰ চাফদা হৈছে পাকিস্তানৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ। ইছলামধৰ্মী দেশখনৰ ইতিহাসত ই এক অতি অবৰ্ণনীয় ঘটনা ৰূপে পৰিলক্ষিত হৈছে। উল্লেখ যে, বেলুচিস্তানৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহম্মদ নুৰ মেছকানজিয়ৰ অৱসৰৰ পাছতে তেওঁৰ স্থানত নিযুক্তি দিয়া হৈছে চৈয়দা টাহীৰ চাফদাক। চলিত বছৰৰ আগন্তুক মাহৰ পৰা তেওঁ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। এই বিষয়ে পাকিস্তানৰ মুখ্য ন্যায়াধীশ চাকিব নিছাৰে দেশখনৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। পাকিস্তানৰ বেলুচিস্তানত ১৯৫৭…

Read More

জম্মু-কাশ্মীৰত সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমূল সংঘৰ্ষ

গুৱাহাটী, জুলাই-২৫: জম্মু-কাশ্মীৰত পুনৰ সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। জম্মু-কাশ্মীৰৰ অনন্তনাগত সংঘটিত হৈছে এই গুলিয়াগুলি ঘটনা। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱাৰ লগে-লগে সুৰক্ষাকৰ্মীয়ে সমগ্র অঞ্চলটো ঘেৰি লৈ অভিযান চলাই। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে ৰাতিপুৱা ৪ বজাৰ পৰা এই অভিযান চলিছে । অভিযানৰ সময়ত সুৰক্ষাকৰ্মীয়ে অনন্তনাগৰ লালচৌকৰ এটা বাসগৃহৰ ভিতৰত ২ টা সন্ত্ৰাসবাদীক ঘেৰি লয়। সন্ত্ৰাসবাদী ২ টা লস্কৰ-এ-তৈয়বাৰ সদস্য বুলি প্ৰকাশ। পুৱা ৪ বজাৰ পৰাই সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলি চলি আছে। ঘটনাৰ গম্ভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে । বৰ্তমানলৈকে সংঘৰ্ষস্থলীৰ পৰা কোনো…

Read More

অনিৰ্দিষ্ট কাললৈ বন্ধ এক’লেণ্ড

BREAKING NEWS অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ’ল এক’লেণ্ড । কামৰূপ জিলা প্ৰশাসনে বন্ধ কৰি দিলে এক’লেণ্ড । দূষিত পানী ব্যৱহাৰ কৰা হৈছিল এক’লেণ্ডত । অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ নেতৃত্বত এক’লেণ্ডৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল । এক’লেণ্ডৰ পানী অনুপযোগী বুলি প্ৰমাণিত হোৱাত বন্ধ কৰি দিয়া হয় ।

Read More