Breaking News মাকুমৰ বাইপাচত পথ দূৰ্ঘটনা

  Breaking News মাকুমৰ বাইপাচত পথ দূৰ্ঘটনা। দুতবেগী বাহনে নিয়ন্ত্ৰন হেৰুৱাই বাগৰিল ন’লাত। সংকটজনক অৱস্থাত গাড়ীৰ চালকক চিকিৎসালয়ললৈ প্ৰেৰণ কৰা হ’য়। চালকজনৰ নাম পুৰ্ণ দেউৰী বুলি জানিব পৰা গৈছে।

Read More...

বৰদোৱা-বেবেজীয়াৰ লগতে নগাঁৱৰ বিভিন্ন স্থানত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি

  বৰদোৱা-বেবেজীয়াৰ লগতে নগাঁৱৰ বিভিন্ন স্থানত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি। সেই উপলক্ষে সত্ৰ-নামঘৰত পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ মহা আয়োজন চলিছে। সমান্তৰালভাৱে নগাঁও জিলাৰ বৰদোৱা-বেবেজীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন স্থানত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰিছে। ইয়াৰ উপৰি আই-মাতৃ, উষা-কীৰ্তনেৰে বৰদোৱা থান মুখৰিত হৈছে। আনহাতে, মাধৱদেৱৰ তিৰোভাৱ তিথি অনুষ্ঠান উপলক্ষে বৰদোৱা থানতেই আজি নিশা মাধৱদেৱৰ অনুপম সৃষ্টি দধিমঠন ভাওনা প্ৰদৰ্শিত হ’ব। ঠিক সেইদৰে…

Read More...

উজনি অসমৰ ক্রমে প্ৰধান খেতি হৈ পৰা চাহ খেতি বৰ্তমান সংকটৰ গৰাহঁত ক্ষুদ্ৰ চাহ খেতি কৰি স্বাৱলম্বী হোৱা হাজাৰ হাজাৰ খেতিয়কৰ উৎপাদিত কেচা পাত বৰ্তমান বিক্ৰী নোহোৱা অৱস্থা

  উজনি অসমৰ ক্রমে প্ৰধান খেতি হৈ পৰা চাহ খেতি বৰ্তমান সংকটৰ গৰাহঁত ক্ষুদ্ৰ চাহ খেতি কৰি স্বাৱলম্বী হোৱা হাজাৰ হাজাৰ খেতিয়কৰ উৎপাদিত কেচা পাত বৰ্তমান বিক্ৰী নোহোৱা অৱস্থা। যি সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত চাহ পাতৰ উৎপাদন খৰচ বাঢ়ি গৈ আছে ,কিন্তু সেই অনুপাতে কেচা পাতৰ দাম কমিহে গৈ আছে। আজি কেইবাবছৰ ধৰি উজনি অসমৰ চাহপাতৰ দাম পোন্ধৰ, বিশ টকাতেই সীমাবদ্ধ হৈ আছে, আনহাতে চাহপাত উৎপাদন কৰিবলৈ খেতিয়কক প্ৰয়োজন হোৱা সাৰ, কীটনাশক ঔষধ, ভিটামিন ইত্যাদিৰ দাম বাঢ়ি গৈ আছে। ৰাজ্যৰ অৰ্থনীতিত তথা সমগ্র ভাৰতবৰ্ষৰ অৰ্থনীতিত বৈদশীক মুদ্ৰা অৰ্জন…

Read More...

বিশ্বনাথৰ বিহালীৰ বটিয়ামাৰীত হাতী পোৱালী উদ্ধাৰ

  বিশ্বনাথৰ বিহালীৰ বটিয়ামাৰীত হাতী পোৱালী উদ্ধাৰ আজি দিনৰ বাৰমান বজাত বিশ্বনাথৰ বিহালীৰ বটিয়ামাৰীত এটা হাতী পোৱালি উদ্ধাৰ হয় । হাতী পোৱালিটো স্থানীয় ৰাইজে উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে ।  

Read More...

বাক্সাৰ নিকাছিত অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি- বাৰ্ষিক অধিবেশন

মুছলপুৰ@ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত নিকাছিৰ ইন্দ্ৰলাল পাঠক ছোৱালী স্কুলত আজি এদিনীয়া কাৰ্যসূচীৰে অসম নেপালী নাট্য সন্মিলনৰ ত্ৰি বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। ইন্দ্ৰলাল পাঠক ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা অসম নেপালী নাট্য সন্মিলনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে অসম নেপালী নাট্য সন্মিলনৰ সভাপতি জ্ঞান বাহাদুৰ ছেত্ৰীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন দিয়া হয়। দিনৰ ১ বজাত জ্ঞান বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত এখন মুকলি সভা আয়োজন কৰা হয়। মানুহৰ জীৱন পৰিক্ৰমা এখনি নাটক সকলোৱে একোটা ভাও লৈ জীয়াই থাকে আৰু মৃত্যুৰ লগে লগে এই নাটকৰ সামৰণি পৰে । এই মন্তব্য…

Read More...

গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ প্ৰথম সাহিত্যকীৰ্তী কৰতল কমলক দৃশ্য-শ্ৰব্য মাধ্যমেৰে…

https://youtu.be/kpNOXqX5_lU গুৰু শ্ৰীমন্ত শংকৰ দেৱৰ প্ৰথম সাহিত্যকীৰ্তী  #কৰতল_কমল ক দৃশ্য শ্ৰব্য মাধ্যমেৰে আপোনালৈ আগবঢ়াম অহা 6চেপ্তেম্বৰ 2018 তাৰিখে অসমীয়া ভাদ মাহৰ এই পবিত্ৰ ক্ষনত আমাৰ এই প্ৰচেস্টাক হাত উজান দিব বুলি আন্তৰিক আগ্ৰহেৰে বাট চাই ৰ’লো #Promo #কৰতল_কমল_কমল_দল_নয়ন উপৰুক্ত লিংকটো চাবলৈ আৰু ভগাই দিবলৈ অনুৰুধ জনালো..        

Read More...

কাজিৰঙাৰ নৰ্ডান ৰেঞ্জ আৰু STF য়ে যুটীয়া অভিযান চলাই জব্দ কৰিচে ৭০ হাজাৰ

  Breaking কাজিৰঙাৰ নৰ্ডান ৰেঞ্জ আৰু STF য়ে যুটীয়া অভিযান চলাই জব্দ কৰিচে ৭০ হাজাৰ টকা ৷ চোৰাং চিকাৰী মিৰ্জাট আলিয়ে নিজৰ ঘৰত লুকুৱাই ৰাখিচিল গড়ৰ খড়্গ বিক্ৰি কৰি পোৱা ধন ৷ চতিয়া ৪ নং ভোজমাৰীৰ মিৰ্জাটৰ ঘৰৰ পৰা উদ্ধাৰ হয় ধনখিনি ৷ অভিযানকাৰী দলে লগতে জব্দ কৰিচে HDFC বেংকৰ এখন পাচবুক, এখন ATM কাৰ্ড আৰু এটা মোবাইলফোন ৷ HDFC বেংকৰ একাউন্টৰ জড়িয়তেই চিকাৰীটোৱে লেনদেন চলাইচিল খড়্গ বিক্ৰি কৰি পোৱা ধনৰ ৷ ২৯ মেত শিলডুবিত গড় হত্যা কৰা মিৰ্জাট আলি সম্প্ৰতি চিকাৰী পলাতক৷

Read More...

মিৰ্জা তিনিআলিৰ ৰেল ক্ৰচিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা

  মিৰ্জা তিনিআলিৰ ৰেল ক্ৰচিং গেটত ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটী হাইদৰ আলী’ৰ   ৰেল কৰ্মচাৰীৰ গাফিলতিৰ বাবে বন্ধ নহ’ল ৰেল ক্ৰচিংৰ গেট । যাৰফলত শিলভৰ্তি ট্ৰাকক প্ৰচণ্ড খুণ্ডা মাৰে চলন্ত যাত্ৰীবাহি ৰেলে । সংকতজনক অৱস্থাত ট্ৰাকচালক আৰু হেণ্ডিমেন । এক প্ৰতিবেদন । কিছূমাহ পূৰ্বে উজনি অসমত এটা পৰিয়ালে ৰেল কৰ্মচাৰীৰ গাফিলতিৰ বাবে ৰেলৰ খুণ্ডাত মৃত্যুক আকোৱালি লয় । পুনৰ মিৰ্জাৰ তিনিআলিত ৰেলকৰ্মচাৰীৰ গাফিলতিত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । কাম্যাখ্যা-যোগীঘোপা সংযোগী পথেৰে ধুবুৰীৰ পৰা কাম্যাখ্যা ষ্টেচন অভিমুখে আহি থকা যাত্ৰীবাহি ৰেলে মহতিয়াই নিলে AS-25-BC-1188 নম্বৰৰ শিলভৰ্তি ট্ৰাকক যাৰ ফলত…

Read More...

সাংসদ ৰেমেন  ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কংগ্রেছী খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ পথ,ড্রেইন নিৰ্মাণৰ দাবীত কংগ্রেছীৰ প্রতিবাদ 

  সাংসদ ৰেমেন  ডেকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কংগ্রেছী খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডৰ পথ,ড্রেইন নিৰ্মাণৰ দাবীত কংগ্রেছীৰ প্রতিবাদ  শ্বেখ আব্দুল্লাহ খাৰুপেটীয়া দৰং জিলাৰ খাৰুপেটীয়া নগৰৰ অতি ব্যস্ততা পুৰ্ন পথ হিচাপে পৰিচিত খাৰুপেটীয়াৰ মহাবীৰ ৰোড | উক্ত পথটোৰ ওপৰত নগৰ সমিতিয়ে পুনৰ নিৰ্মানৰ কাৰনে বোকা মাটি পেলোৱাৰ ফলত পথত যাতায়ত কৰাৰ তীব্র সমস্যাৰ সন্মুখীন হোৱা বুলি দলগাৱঁৰ কংগ্রেছী বিধায়ক ইলিয়াছ আলীৰ উপস্থিতিত একাংশ কংগ্রেছ কৰ্মী সকলে খাৰুপেটীয়া মহাবীৰ ৰোডত অৱস্থিত জৈন মন্দিৰৰ সন্মুখত কিছু সংখ্যক কংগ্রেছ কৰ্মীসকলে আজি দিনৰ ১১ বজাত খাৰুপেটীয়া নগৰৰ মহাবীৰ ৰোডত অৱস্থিত জৈন মন্দিৰৰ সন্মুখত দলগাৱঁৰ কংগ্রেছী…

Read More...

ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

  ঢকুৱাখনা ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন                      ঢকুৱাখনা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধিনৰ এখন অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনাৰ ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ চতুৰ্বিংশতিতম ২০১৮-১৯ বৰ্ষৰ নৱাগত আদৰণী সভাখন দিনজোৰা কাৰ্য্যসূচীৰে যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণি সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ পুনিৰাম মৰাঙে।ইয়াৰ পিছতে ছাত্ৰ একতা সভাৰ উপ-সভাপতি জগন্নাথ পায়েঙে স্মৃতি তৰ্পণ আৰু প্ৰবক্তা বিদ্যুৎ দলেয়ে বৃক্ষ ৰোপন কৰে । পুৱা ৯ বজাত প্ৰাচীৰ পত্ৰিকা “ৰেঙাম সোৱণশিৰি” উন্মোচন কৰে প্ৰবক্তা বিজুলতা পায়েঙে। ১০ বজাৰ…

Read More...

উজনি অসমৰ সন্ত্ৰাস সৃষ্টি কৰা ডকাইট , এ টি এম চোৰ আব্দুল মজিদ আলি গ্ৰেপ্তাৰ । দেৰগাঁৱত চাঞ্চল্য সৃষ্টি 

  উজনি অসমৰ সন্ত্ৰাস সৃষ্টি কৰা ডকাইট , এ টি এম চোৰ আব্দুল মজিদ আলি গ্ৰেপ্তাৰ । দেৰগাঁৱত চাঞ্চল্য সৃষ্টি      দেৰগাঁও উজনি অসমত চোৰ ডকাইটৰে এক প্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি অহা চুৰি চক্ৰৰ মূল খলনায়ক আব্দুল মজিদ আলি নামৰ এটা কুখ্যাত ডকাইত ও প্ৰৱঞ্চকক যোৱা কালি বোকাখাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই গ্ৰেপ্তাৰ কৰে ‌। উজনি অসমৰ কেবাটাও চুৰি ডকাইটি ঘটনাৰ লগত জড়িত এ টি এম লুট ঘটনা মহা নায়ক আব্দুল মজিদ আলি নামৰ লোকজন দেৰগাঁৱৰ ইছলাম নগৰৰ । ধৃত ডকাইটিয়ে আজি কিছু বছৰৰ পৰা যোৰহাট…

Read More...

মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান

  মৰিগাঁওত মণ্ডল বিজেপি উদ্যোগত প্ৰাক্তন প্ৰধান মন্ত্ৰী অতল বিহাৰী বাজপেয়ী আদ্যশ্ৰাদ্ধ অনুস্থান                                                                    মৰিগাঁও পৰা পুলিন কাকতি মৰিগাঁও জিলা কোঁৱৰ গাঁও সোনাই পুৰিয়া ৰঙ্গ মঞ্চৰ প্ৰাঙ্গনত ভুৰবন্ধা মণ্ডল বিজেপি আৰু কোঁৱৰ গাঁও বুথ সমিতি সমুহৰ সহযোগত আদ্যশ্ৰাদ্ধ ও শ্ৰদ্ধানঞ্জলি অনুস্থান আয়োজন কৰে। এটা সোনালী যুগৰ অৱসান ঘটিল,ভাৰতবৰ্ষৰ মহীৰূহ ,যুগদ্ৰষ্টা তথা প্ৰক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপ্ৰেয়ী মৃত্যুত…

Read More...

  ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক 

  ধুবুৰী জিলাত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক  বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ  –ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে |  উল্লেখ্য যে, পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জ, আগমনি,বহলপুৰ,কাজিগাওঁ,বগৰীবাৰী,মহামায়াৰ,বিলাসীপাৰা লগতে চাপৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পালিত হয় | ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ কৰ্মী সকলে ।  স্মৰ্তব্য যে, কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আজিৰে পৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত ধুবুৰীৰ চাপৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধৰ সমৰ্থক সকলে ।  

Read More...

চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ 

  চিৰাং জিলা বিজনী বড়োবজাৰ ডাইনী সন্ধেহত বিপিন বসুমতাৰী                           একাংশ দুস্কৃতি কাৰিৰ প্ৰহাৰ          চিৰাংৰ পৰা লিটন বসাক  চিৰাংজিলাৰ বিজনী থানাৰ অন্তৰ্গত বড়োবজাৰ মেদুলী পাৰৰ গাওঁৰ যোৱা শনি বাৰৰ নিশা প্ৰায় ১১বজাৰ বিপিন বসুমতাৰীক নিজৰ বাহ গৃহৰ পৰা একাংশ দুস্কৃতি কাৰিয়ে ঘৰৰ পৰা উলিয়াই আনি বেয়াকৈ প্ৰহাৰ কৰে । পিছত বড়ো বজাৰ আৰক্ষী বিষয়া ঘটনা স্থলিতি উপস্থিত হয় আৰু বিপিন বসুমতাৰীক বঙাইগাওঁ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰন কৰে । উক্ত চিকিৎসালয় ত বিপিন বসুমতাৰী(৭০) ৰ…

Read More...