ৰক্তদাতা

   ৰক্তদানৰ জৰিয়তে প্ৰশংসা       বুটলিবলৈ সক্ষম হৈছে                 ৰক্তদাতা  দুবছৰত ২৭২০ বাৰ ৰক্তদান ৰক্তদাতাৰ সদস্যৰ অসম খবৰ,জামুগুৰিহাট জোন বৰা ,১ আগষ্ট :ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইজনমান সচেতন যুৱকৰ প্ৰচেষ্টাত ২০১৬ চনৰ ২ জুলাইত জন্মগ্ৰহণ কৰা ৰক্তদাতা(এইচ.বি.এছ) নামৰ স্বেচ্চাসেৱী সংগঠনটোৱে ৰক্তদানৰ জৰিয়তে সমগ্ৰ ৰাজ্যত এক আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷কোনো দৰিদ্ৰ ৰোগীৰ তেজৰ প্ৰয়োজন হ’লেই এই স্বেচ্চাসেৱী সংগঠনটোৰ লগত ৰোগীগৰাকীৰ পৰিয়ালৰ লোকে যোগাযোগ কৰিলেই তাৎক্ষণিকভাৱে সংগঠনটোৰ স্বেচ্চাসেৱকসকলৰ জৰিয়তে যোগাৰ কৰি দিয়ে প্ৰয়োজনীয় তেজ৷যাৰ জৰিয়তে তেজৰ বাবে হাহাকাৰ কৰি দালালৰ জৰিয়তে বৰ্ধিত মূল্যত…

Read More...

উচ্চ শব্দ সৃষ্টিকাৰী বাইক আৰোহীৰ বাবে সমস্যাত জামুগুৰিহাটবাসী

জামুগুৰিহাটত উচ্চ শব্দ প্ৰাবল্য সৃষ্টিকাৰী বাইক আৰোহীয়ে সমস্যাত পেলাইছে ৰাইজক শোণিতপুৰ জিলাৰ জামুগুৰিহাটত একাংশ বাইক চালকৰ অতপালি আৰু বাইকৰ বিকট শব্দই এতিয়া অতিষ্ঠ কৰি তুলিছে জনসাধাৰণক৷বিকট শব্দৰে তীব্ৰ গতিত বাইক চলোৱাৰ ফলত সমস্যাত পৰিছে সৰ্বসাধাৰণ ৰাইজ৷জামুগুৰিহাট,কুসুমটোলা,ইটাখোলা আদি স্থানৰ লগতে ভিতৰুৱা স্থানতো এইসকল বাইক চালকৰ বাইকৰ বিকট শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰাৰ ফলত হৃদৰোগকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীৰ জীৱণলৈও নামি আহিছে ভাবুকি৷ইয়াৰোপৰি গ্ৰামাঞ্চলৰ বহুতো ভিতৰুৱা স্থানত থকা বিদ্যালয়সমুহৰ কাষৰ পথেদি যেতিয়া উচ্চ প্ৰাবল্যৰ শব্দৰ সৃষ্টি কৰি এইসকল বাইক চালকে তীব্ৰ গতিত অহা যোৱা কৰে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী…

Read More...

মেধাৱী ছাত্ৰক সহায়ৰ হাত চিকিৎসক ডাঃ কল্লোল ভূঞাৰ

মেধাৱী ছাত্ৰ জ্ঞানদ্বীপক সহায়ৰ বাবে আগবাঢ়ি আহিছে চিকিৎসক ডা.কল্লোল ভূঞা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯১.৩ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ বৰ্তমান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত “অংক”ত মূখ্য বিষয় হিচাপে লৈ নামভৰ্তি কৰি শিক্ষাজীৱন আগবঢ়াই নিবলৈ গৈ আৰ্থিক দুৰৱস্থাৰ বাবেই গভীৰ অনিশ্চয়তাত পৰা জামুগুৰিহাটৰ ওপৰ টলকাবাৰী গাঁৱৰ কৃষক ধৰ্মেশ্বৰ বৰাৰ পুত্ৰ জ্ঞানদ্বীপ বৰাৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতেই অজস্ৰজন আগবাঢ়ি আহিছে দূৰ্ভগীয়া মেধাৱী ছাত্ৰজনক সহায়ৰ হাত আগবঢ়াবলৈ৷ইতিমধ্যে তেজপুৰস্থিত বে-চৰকাৰী স্বেচ্চাসেৱী সংগঠণ ৰক্তদাতা(এইচ.বি.এছ.);টেট শিক্ষক আশীষ প্ৰবাল হাজৰিকাকে ধৰি জামুগুৰিহাটৰ বহুকেইগৰাকী শুভাকাংক্ষীয়ে মেধাৱী দৰিদ্ৰ ছাত্ৰগৰাকীক আৰ্থিক সহায় আগবঢ়োৱাৰ পিছতেই আজি বিশ্বনাথ চাৰিআলিৰ…

Read More...

জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তৰ সাফল্য

জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তৰ সাফল্য অসম খবৰ জোন বৰা ,জামুগুৰিহাট,১ আগষ্ট: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া মহাবিদ্যালয় যোৰহাটৰপৰা ২০১৫-১৮ বৰ্ষত কণ্ঠ সংগীত বিষয়ত স্নাতক পৰীক্ষাত জামুগুৰিহাটৰ কৃষ্ণাজ্যোতি মহন্তই সন্মানসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷বৰগীত পৰিবেশনৰ জৰিয়তে ইতিমধ্যেই সমগ্ৰ জিলাখনতেই এক সুনাম ৰচিবলৈ সক্ষম হোৱা কৃষ্ণাজ্যোতি মহন্ত হ’ল জামুগুৰিহাটৰ চেচাসত্ৰ গাঁও নিৱাসী ভৱ গোস্বামী আৰু পাৰুল গোস্বামীৰ বোৱাৰী আৰু যোৰহাট নিবাসী জোৎস্না মহন্ত আৰু প্ৰয়াত গোবিন মহন্তৰ জীয়ৰি তথা সাৰঙ্গজ্যোতি গোস্বামীৰ পত্নী৷কৃষ্ণাজ্যোতিৰ এই ফলাফলে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সমগ্ৰ জামুগুৰিহাটবাসীক উৎফুল্লিত কৰি তুলিছে৷

Read More...

মৰনফান্দত পৰিনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টাৰিয়নী ৰাজগড় সংযোগি পথ

মৰনফান্দত পৰিনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ          টাৰিয়নী ৰাজগড় সংযোগি পথ অসম খবৰ ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া ১ আগষ্ট পৰিৱৰ্তনৰ কথা কৈ বিজেপি চৰকাৰখনে দিছপুৰ দখন কৰা পাছতে ৰাজ্যৰ সকলো বাটপথ নিৰ্মাণ কৰা যি ফুলজাৰি মৰা কথা কৈছিল সেই সকলো যেন অসাৰ প্ৰতিপন্ন হোৱা পৰিলক্ষীত হৈছে । বিশেষ ভাৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ প্ৰতাপী মন্ত্ৰী দম্পত্তি ভৰত নৰহ আৰু ৰাণী নৰহৰ গৃহ সমষ্টিৰ ওপৰিও বাসগৃহৰ পৰা তিনি কি,মি, দুৰত্বত থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাৰিয়নী ৰাজগড় সংযোগি প্ৰায় ৮ কি,মি, গড়কাপ্তানী পথছোৱা বিগত ২০০৫ বৰ্ষতে নিৰ্মাণ…

Read More...

শৌলমাৰীত বাঁহেৰে নিৰ্মাণ কৰে শৰাইঘাট সদৃশ দুখলপীয়া দলং

 শৌলমাৰীত বাঁহেৰে নিৰ্মাণ কৰে শৰাইঘাট সদৃশ                              দুখলপীয়া দলং অসম খবৰ বঙাইগাঁওৰ পৰা ইয়াছিন আলী  ১ আগষ্টঃ এয়া শৰাইঘাট, বগীবিল, নৰনাৰায়ণ সেতু নহয় এয়া হৈছে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ ৰাইজে বাঁহেৰে নিৰ্মিত দুখলপীয়া সাকৌঃ বহু বছৰ আগৰে পৰাই স্থানীয় ৰাইজৰ দান বৰঙণিৰে সাজি আহিছে সাকৌ খন । দলং খন নিৰ্মাণ কৰোতে অতি কমেও ১ৰ পৰা ১.৫ লাখ টকা খৰছ কৰিব লগা হয় প্ৰতি বছৰে । যি টকা স্থানীয় ৰাইজেই…

Read More...

ৰঙিয়াৰ  আই টি আই স্হাপন হ’ল কিন্তু মুকলি নহ’ল

ৰঙিয়াৰ  আই টি আই স্হাপন হ’ল কিন্তু মুকলি নহ’ল  অসম খবৰ ৰঙিয়াৰ পৰা হেমেন কলিতা ১ আগষ্ট ৰঙিয়াৰ তুলসীবাৰীৰ পৰা নাতিদূৰৈৰ মাহতলী গাঁৱত স্থাপন কৰা আই টি আই চেন্টাৰটোৰ আজিও পাঠদান আৰম্ভ নহ’ ল। বৰ্তমান এৰাবাৰীলৈ পৰ্যৱসিত হোৱা এই কেন্দ্ৰটো ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা আৰু সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ সংসদীয় সচিব ঘনশ্যাম কলিতাই ২০১৬ চনৰ ১ মাৰ্চৰ দিনা আৰম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে শুভ উদ্ধোধন কৰিছিল। উদ্বোধনীৰ সম্পূৰ্ণ দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিকোপতি কেন্দ্ৰটো সক্ৰিয় হৈ নুঠিল। আনহাতে, কেন্দ্ৰটোৰ নামত নিৰ্মিত বিশাল ঘৰবিলাক এতিয়া হাবি-জংঘলেৰে পৰিপূৰ্ণ হৈ একো একোটা ভূত বাংলালৈ…

Read More...

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত মইনুল হকক ফাঁচি

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত               মইনুল হকক ফাঁচি                আনজন অভিযুক্ত  চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড অসম খবৰ নগাঁও অপূৰ্ব হাজাৰ ,১ আগষ্ট যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰাত জড়িত মূল অভিযুক্ত দুজনৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি ৰায়দান দিয়ে আদালতে। হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দিয়া এই ৰায়দানত মূল অভিযুক্ত মইনুল হকক (৩৭৬ এ আৰু ৩০২ ধাৰা) ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক  (২০১, ৩০২ ধাৰা) যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। চেলিমুদ্দিনক কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে…

Read More...

বিশ্বনাথত উত্তৰ অসম সংমণ্ডলৰ আয়ুক্ত ডঃ এম অংগমুথু

বিশ্বনাথত উত্তৰ অসম সংমণ্ডলৰ আয়ুক্ত ডঃ এম অংগমুথু অসম খবৰ   বিশ্বনাথ চাৰিআলি, ১ আগষ্টঃ_ উত্তৰ অসম সংমণ্ডলৰ আয়ুক্ত ডঃ এম অংগমুথুৱে আজি বিশ্বনাথ জিলা ভ্ৰমণ কৰি জিলাখনত এন আৰ চি-ৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পৰৱৰ্তী পৰিস্থিতিৰ বুজ লয়। জিলা উপায়ুক্তৰ সভাগৃহত অনুষ্ঠিত এক বৈঠকত আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষীৰ আন আন শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বিয়লি ভাগত আয়ুক্তগৰাকীয়ে গহপুৰ ভ্ৰমণ কৰি একেধৰণৰ এখন বৈঠকত অতিৰিক্ত উপায়ুক্ত তথা গহপুৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি…

Read More...

Dr. M Angamuthu visited Biswanath

   Commissioner, NAD Dr. M Angamuthu visited            Biswanath Asom Khobor Biswanath Chariali, 1st August: Dr. M Angamuthu, the Commissioner of the North Assam Division has visited the Biswanath District today to review the law and order scenario of the District. He held a meeting with District and Police Administration of Biswanath on Post Draft Publication of complete draft NRC at Conference hall of the Deputy Commissioner, Biswanath. He reviewed on various aspects related to post draft publication of complete NRC and Law & Order situation…

Read More...

জি অাই এমটি, তেজপুৰত নতুন অধ্যক্ষ যোগদান ন-শিক্ষাৰ্থীৰ অাদৰণি

জি অাই এমটি, তেজপুৰত নতুন  অধ্যক্ষ যোগদান   ন-শিক্ষাৰ্থীৰ অাদৰণি   অসম খবৰ তেজপুৰ  ১ আগষ্ট উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম খন PPP (Public Private Partnership) আৰ্হিত স্থাপিত অভিযান্ত্ৰিক শিক্ষানুষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী (জিআইএমটি, তেজপুৰ)ত আজি নতুনকৈ ড০ বুলজিৎ বুঢ়াগোহাঁই অধ্যক্ষ হিচাপে যোগদান কৰে ।  ইফালে দিনজোৰা কাৰ্য্যসূচীৰে ন-শিক্ষাৰ্থীসকলক আদৰণি জনোৱা হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি হিচাপে আয়োজিত একেটা অনুষ্ঠানতে শিক্ষানুষ্ঠানখনৰ নৱনিযুক্ত অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁইকো সম্ভাষণ জনোৱা হয়। এইখিনিতে উল্লেখযোগ্য, ৰাজ্যখনৰ বিশিষ্ট কেৰিয়াৰ কাউন্সিলাৰ তথা গুৱাহাটীস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ ডীন ষ্টুডেণ্টচ ৱেলফেয়াৰ (Dean Students’ Welfare) হিচাপে…

Read More...

হেৰাইছে গুৱাহাটীৰ সাংবাদিক জাহিদুল ইছলামৰ ফোন

                  হেৰাইছে অসম খবৰৰ গুৱাহাটীৰ সাংবাদিক জাহিদুল ইছলামৰ এটা Samsung j7 ফোন Dispur Police Station হেৰাই যোৱা বুলি জানিব পৰা গৈছে । লগতে এখন jio চিম jio নম্বৰ 7002071518 কোনো ব্যক্তিয়ে যদি ফোনটো পাইছে এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে 8486569351 নহ’লে অসম খবৰ যিকোনো এজন সাংবাদিকৰ হাতত ফোনটো জমা দিবলৈ অনুৰোধ জনাইছে । নহ’লে অসম খবৰ সঞ্চালক জনাব পাৰে 8404052898

Read More...

বিজনী শিয়ালমাৰীত মহিলাই মেৰামতি কৰিলে ভংঙা দলং

 বিজনী শিয়ালমাৰীত মহিলাই      মেৰামতি কৰিলে ভংঙা দলং অসম খবৰ বিজনীৰ পৰা লিটন বসাক ১ আগষ্টঃ চিৰাঙ জিলাৰ বিজনী শিয়ালমাৰী অঞ্চলৰ মহিলায় নিজৰ শ্ৰমদান কৰি পুৰনী কাঠৰ দলং মেৰামত কৰা দৃশ্য । মহিলাই হাতে হাতে বাহঁ কঢ়িয়াই আনি ভঙা কাডৰ দলং খন মেৰামতি কৰে । আনহাতে দল খন মেৰামতি বাবে ৰাইজৰ পৰা ১০/২০টকাকৈ দান বৰঙনি সংগ্ৰহ কৰা কৰে ।

Read More...

খৰাং বতৰে চিৰাল ফাঁট মেলিছে কোকিলাৰ খেতি পথাৰ

খৰাং বতৰে চিৰাল ফাঁট মেলিছে কোকিলাৰ খেতি পথাৰ          খবৰ লবলৈ আহৰি নাই কৃষি বিভাগৰ   অসম খবৰ  বঙাইগাঁওৰ পৰা ইয়াছিন আলী  ১ আগষ্টঃ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কোকিলা অঞ্চলত শালিখেতিত পানীৰ অভাৱত চিৰাল ফাট মেলিছে বুলি জানিব পৰা গৈছে।  কিছু খেতি মৰহি যাওঁ যাওঁ অৱস্থা । চৰকাৰী সা-সুৱিধা নোহোৱাকৈ মূৰৰ ঘাম মাটিত পেলাই জাকত জিলিকা কৈ গঢ়ি তোলা শালিখেতিত মৰহি যাব ধৰাত কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে একমাত্ৰ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি বছৰ বছৰ ধৰি…

Read More...

আজিৰে পৰা “বিশ্ব স্তনপান সপ্তাহ” পালন

সপ্তাহজোৰা সচেতনতা বৃদ্ধিৰ অভিযানেৰে আজিৰে পৰা “বিশ্ব স্তনপান সপ্তাহ” পালন গুৱাহাটী, আগষ্ট-০১: “মাতৃদুগ্ধ”এটি শিশুৰ জন্মৰ পিছত জীৱনৰ প্ৰথমটো প্ৰাকৃতিক আহাৰ। সন্তান জন্মৰ পাছৰ পৰা আহাৰ হিচাপে এই দুগ্ধ এটি শিশুৰ বাবে অতি প্ৰয়োজনীয়। ইয়াত নৱজাতকৰ প্ৰয়োজনীয় পুষ্টি আৰু শক্তি অধিক মাত্ৰাত পোৱা যায়। মাতৃদুগ্ধত ৰোগ প্ৰতিৰোধক ক্ষমতাও বহু পৰিমাণে থাকে। মাতৃদুগ্ধই শিশুক ডায়েৰীয়া, নিউমোনিয়া আদি বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাৰ লগতে শিশুৰ পৰিপুষ্টিত সহায় কৰে। মাতৃদুগ্ধৰ দ্বাৰা এটি শিশুৰ বোধশক্তি তথা চেতনাৰ বিকাশ ঘটে। সন্তান জন্মৰ ঠিক এঘণ্টাৰ ভিতৰত এগৰাকী মাতৃয়ে স্তনপান কৰোৱাটো বাঞ্ছনীয়। সন্তানৰ ৬ মাহ বয়স নোহোৱা পৰ্যন্ত কেৱল…

Read More...