উন্নয়নে ঢুকি পাব কেতিয়া ?

স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম কৰাৰ পাছতো উন্নয়নহীন এখন জিলা  পশ্চিম কাৰ্বি আংলং উন্নয়নে ঢুকি পাব কেতিয়া ? অসম খবৰ  ৩ আগষ্ট: – পশ্চিম কাৰ্বি আংলং অতি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন জিলা । স্বকীয় সাংস্কৃতিৰে সমৃদ্ধ এই অঞ্চলটোত তিৱা ,কাৰ্বি , খাচি আদি বিভিন্ন জনজাতীয় লোক সকলে সমিল-মিলে অতীজৰে পৰা বসবাস কৰি আহিছে । মূলতঃ কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰশীল এই অঞ্চলৰ লোকসকল অতি শান্তি প্ৰিয় । পশ্চিম কাৰ্বি আংলং জিলাৰ অতিকৈ মনোৰম অঞ্চল হ’ল আমৰি অঞ্চল যত জনজাতীয় বয়ন শিল্প ,কুঁতিৰ শিল্প , লোক কৃষ্টি-সংস্কৃতিৰে পৰি-পূৰ্ণ । এই অঞ্চলতটো পশ্চিম কাৰ্বি…

Read More...

মৰিগাঁৱত এন.আৰ. চি. খচৰাত বিদেশী পৰিয়ালৰ নাম

মৰিগাঁৱত এন আৰ চি ৰ খচৰাত ৩৯ টাকৈ         বিদেশী পৰিয়ালৰ নাম অসম খবৰ মৰিগাঁও, ২ , আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত মৰিগাঁৱত সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।এটা দুটা নহয়, ৩৯ টাকৈ বিদেশী পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে সদ্য প্ৰকাশিত এন আৰ চি তালিকাত । আনকি বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান দিয়া বিদেশীৰ নামো এই খচৰাত অন্তৰ্ভুক্ত হৈছে। উল্লেখ্য যে,এখন আৰু চি ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়াত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।আচৰ্যজনক কথা এয়ে যে, বিদেশী ন্যায়াধিকৰনে অবৈধ বিদেশী বুলি চিনাক্ত কৰা মৰিগাঁও সদৰ…

Read More...

ওদালগুৰি শিক্ষা খণ্ডত ভাৰাতীয়া শিক্ষকেৰে চলিছে পাঠদান

ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৪৭নং ১নং লিচিং প্ৰাথমিক বিদ‍্যালয়খনত এগৰাকী শিক্ষক থকাৰ পিছতো আঠ মাহে ভাৰাতীয়া শিক্ষকেৰে চলাই আছে বিদ‍্যালয়খন । বিদ্যালয়খনৰ ৰঞ্জিত সিং বড়ো নামৰ এগৰাকী শিক্ষকৰ বিপৰীতে ৯জন ছাত্ৰ-ছাত্ৰী আছে যদিও শিক্ষকগৰাকী বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে মাহিলি ২০০০ টকা বেতন দি এগৰাকী স্থানীয় মহিলাকহে পাঠদানৰ দায়িত্ব দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । আনহাতে, বিদ‍্যালয়খনত মধ্যাহ্ন ভোজনৰ কোনো ব‍্যৱস্থা নথকাত ধন আত্মসাৎ কৰাৰো অভিযোগ কৰিছে ৰাইজে । নিউজ এএছএনৰ প্ৰতিনিধি উপস্থিত হোৱাৰ সময়ত বিদ্যালয়খন বন্ধ থকা পৰিলক্ষিত হয় । বিদ‍্যালয়খনৰ কাৰ্যালয়ত তলা লাগি থকাৰ বিপৰীতে পৰিত্যক্ত বিদ‍্যালয়খনৰ ভিতৰখন গৰু-ছাগলীৰ গড়াললৈ…

Read More...

বঙাইগাঁৱত ৰাইজে আটক কৰিলে বাইক চোৰ

বঙাইগাঁও চহৰৰ মাজমজিয়াত ৰাইজে      আটক কৰিলে বাইক চোৰ   অসম খবৰ বঙাইগাঁও ০৩ আগষ্ট আজি দুপৰীয়া বঙাইগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয় আৰু এ এছ টি চি বাচ আস্থান সংযোগী পথত তথা গান্ধী ময়দানৰ ওচৰত এটা চোৰে বাইক চুৰিৰ চেষ্টা চলাই থকা একাংশ লোকে প্ৰত্যক্ষ কৰি চোৰটোক খেদি আহে৷লগে লগে চোৰটোৱেও এখন অট’ত উঠি পলায়নৰ চেষ্টা কৰে৷কিন্তু অট’ চালকে অট’খন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ৰখাই দিয়ে৷লগে লগে পিছে পিছে খেদি অহা লোকসকলে চোৰটোক হাতেলোটে কৰায়ত্ব কৰি লপাথপা দিয়ে৷ চোৰটোৰ পৰা চুৰি কাৰ্যত ব্যৱহৃত দুটা বিশেষ সঁজুলিও উদ্ধাৰ কৰে৷ইতিপূৰ্বে উপায়ুক্তৰ কাৰ্যালয়ত…

Read More...

নুমলীগড়ৰত বান সাহাৰ্য্য প্ৰদান

নুমলীগড়ৰত বান সাহাৰ্য্য প্ৰদান অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অসম খবৰ,নুমলীগড়, ৩ আগষ্ট :- নুমলীগড়ৰত বিভিন্ন ঠাই বানত বুৰ যোৱাৰ সময়ত বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু মৰঙী শাখাৰ প্ৰতিনিধি সকলে খাদ্য সামগ্ৰী বিতৰন কৰাৰ লগতে বান পৰিস্হিতি বুজ লয়।

Read More...

চল্লিশ দিনে সন্ধান নাই তিনি সন্তানৰ পিতৃ

চল্লিশ দিনে সন্ধান নাই তিনি সন্তানৰ পিতৃ                  শ্ৰমিক পুতুল ডেকাৰ ঠিকাদাৰ সহ দুজনৰ বিৰুদ্ধে থানাত এজাহাৰ   অসম খবৰ মৰিগাঁৱৰ পৰা পুলিন কুমাৰ কাকতি, ৩ আগষ্ট : চুবুৰিয়া ৰাজ্য অৰুণাচলত কাম কৰিবলৈ গৈ জিলা খনৰ এজন শ্ৰমিক যোৱা চল্লিশ দিন ধৰি সন্ধানহীন হৈ থকাত জিলাখনত চাঞ্চল্য সৃষ্টি কৰিছে।সন্ধানহীন হৈ থকা লোক জন হৈছে মৰিগাঁও জিলা লাহৰীঘাট সমষ্টিৰ লাহৰীঘাট থানাৰ অন্তৰ্গত লাউভুৰুঙা গাঁৱৰ প্ৰয়াত নৰেন ডেকা পুত্ৰ পুতুল ডেকা (৩৫)।আজিৰ পৰা প্ৰায় চল্লিশ দিনৰ আগতে একেখন থানাৰে অন্তৰ্গত তুলসীবড়ী গা্ঁৱৰ নুৰ ইছলাম নামৰ…

Read More...

হালোৱাটিঙত নাগালেণ্ডৰ বিৰুদ্ধে ১৩টা  জাতীয় সংগঠনৰ অথৰ্নৈতিক অৱৰোধ

চুবুৰীয়া ৰাজ্য নাগালেণ্ডে অসমৰ ভূমিত আগ্ৰাসন চলোৱাৰ প্ৰতিবাদত আজিৰেপৰা সদৌ টাই,আহোম ছাত্ৰ সন্থা , আহোম সেনা , বৃহত্তৰ অসমীয়া যুৱ মঞ্চ , কৃষক মুক্তিকে ধৰি ১৩ টাকৈ সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, যোৱা ২৩ জুলাইত অসম চৰকাৰে সীমান্তৱৰ্তী অঞ্চলটোত সীমান্ত পহৰা চকী স্থাপনৰ যো-জা চলাওঁঁতেই নাগালেণ্ড আৰক্ষী প্ৰশাসনৰ প্ৰতক্ষ্য সহযোগত শতাধিক নগা যুৱকে হাতে হাতে দা -যাঁঠী লৈ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি নিৰ্মাণকাৰী সংস্থাক পিচুৱাই পঠিওৱাৰ লগতে পৰৱৰ্তী সময়তো এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছিল । নগাই অসমৰ ভূমি বেদখল কৰি সীমান্ত পৰীক্ষণ চকী…

Read More...

হিমা দাসৰ ঘৰত উপস্থিত পাঞ্জাৱ পুলিচ কামাণ্ডেন্ট দল : হিমাক জনালে অভিনন্দন

স্বৰ্ণ কন্যা হিমা দাসৰ ঘৰত উপস্থিত হ’ল পাঞ্জাৱ পুলিচ কামাণ্ডেন্ট দল অসম খবৰ@ নগাঁও,৩ আগষ্ট: তীৰ্থ নগৰীত পৰিনত হৈছে নগাওঁ জিলাৰ ধিং অঞ্চল । হিমাৰ অভূতপূৰ্ব সাফল্যৰ পাছতেই ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ অাগমন ঘটিছে ধিঙৰ ৩ নং কান্ধুলিমাৰীৰ বাসগৃহত । শুকুৰবাৰেও দেখা গল হিমাৰ ঘৰত পুৱাৰে পৰা মানুহৰ ভীৰ । ৰাজ্যৰ বিভিন্ন লোকৰ লগতে সুদূৰ পাঞ্জাৱৰ পৰা উপস্থিত হলহি পাঞ্জাৱ পুলিচৰ কামাণ্ডেন্ট বলৱিন্দৰ সিং ( PPS ) , অাৰক্ষী দল। অধীক্ষক ৰনবীৰ সিং( PPS ) সহ উচ্চ প্ৰদস্থ অাৰক্ষী বিষয়াৰ দল অতি ভিতৰুৱা গাঁৱৰ পৰা বিশ্ব জয় কৰা…

Read More...

পথাৰত নামিল বিধায়ক সঞ্জয় কিশান

হাতত নাঙল-কোৰ লৈ পথাৰত বিধায়ক সঞ্জয় কিশান   অসমৰ চৌদিশে এতিয়া শাওনৰ পথাৰত কৃষক সকল ব্যস্ত হৈ পৰাৰ সময়তেই হাতত নাঙল-কোৰ লৈ তিনিচুকীয়াৰ লাইপুলি মৰাণকৰি গাৱঁ‌ৰ খেতি পথাৰত ৰাইজৰ সতে দেখা গ’ল তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিশানক। কামৰ সৰু বৰ নাই তাকেই আদৰ্শ হিচাপে প্ৰমাণ কৰি দেখুৱাব খুজিছে বিধায়ক গৰাকীয়ে । Markowitz & Mellencamp A Track Record of Success in Defense Litigation Practice Areas Joint Degree Click edit button to change this text. Lorem ipsum dolor sit amet, consectetur adipiscing elit. Real Estate Click edit button to change this text.…

Read More...

নাগৰিকপঞ্জী উন্নীতকৰণ দাবীত কঁপিল মেঘালয়

        ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ দাবীত কপিল মেঘালয়   অসম খবৰ  ডিজিটেল ডেক্স  ৩ আগষ্ট অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কাম উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ক্ষীপ্ৰ গতিত চলি থকা সময়ত মেঘালয়ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ দাবী জনালে হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে । হাইনিট্ৰেপ য়ুথ্ছ কাউন্সিলে মেঘালয়ত ইনাৰ লাইন পাৰ্মিট আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ দাবীত মেঘালয়ৰ ৰাজপথ অৱৰোধ কৰে । উল্লেখ যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা তালিকা প্ৰকাশৰ পিছত মেঘালয় আৰু নাগালেণ্ডৰ জাতীয় সংগঠন আৰু প্ৰশাসনে অবৈধ বিদেশী যাতে সুমাব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাইছে ।

Read More...

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ

ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ অসম খবৰ বৰ্ণালী কলিতা গুৱাহাটী, আগষ্ট-০৩: দেশত ভয়াবহ ৰূপত বৃদ্ধি পাই আহিছে কিকিৰ সন্ত্ৰাস। ব্লু- হোৱেলছৰ পিছত এইবাৰ কিকিৰ চেলেঞ্ছ। কিকিৰ চেলেঞ্ছৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ সমান্তৰালকৈ বঙ্গালুৰু আৰক্ষীয়েও জাৰি কৰিছে সতৰ্কবাণী। এই চেলেঞ্ছৰ পৰা জনসাধাৰণক আঁতৰি থাকিবলৈ আহ্বান জনাইছে দুয়োখন ৰাজ্যৰ প্ৰশাখনে। উল্লেখ যে, কিকিৰ এই চেলেঞ্ছৰ বাবে দেশত এতিয়ালৈ সংঘটিত হৈছে বহু দুৰ্ঘটনা। ৰাজ্য দুয়োখনৰ সুৰক্ষা দিশটোৰ ফালে লক্ষ্য ৰাখিয়ে প্ৰশাখনৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী। বৃহস্পতিবাৰে বেংগালুৰু আৰক্ষীয়ে অফিচিয়েল টুইটাৰ যুগে টুইট কৰি জনাই যে, “যদি কোনো লোকে কিকিৰ চেলেঞ্ছ লৈ…

Read More...

মোনাবাৰীত বন্যহস্তীৰ তাণ্ডৱ,

বিহালীৰ মোনাবাৰীত বন্যহস্তীৰ তাণ্ডৱ,         চৰকাৰী বিদ্যালয় ভাঙি চূৰমাৰ অসম খবৰ  অম্লান কাশ্যপ চাহাৰ ৩  আগষ্ট :- যোৱা নিশা প্ৰায় ২.৩০ মান বজাত মোনাবাৰী চাহ বাগিছাৰ হাটখোলা লাইনত এজাক বনৰীয়া হাতীয়ে উপদ্ৰপ চলাই চৰকাৰী বিদ্যালয় ভাঙি পেলাই । লগতে মধ্যহ্ন ভোজনৰ চাউল খাই অনিষ্ট কৰে । সেয়ে আজি পুৱা বিদ্যালয়ত উপস্থিত হৈ স্থানীয় সমাজ সেৱক সাগৰ খণ্ডাইত , মোনাবাৰী আটছাৰ সভাপতি ৰবীন তচা , লগতে ৰুহিত তচা , ঘনশ্যাম চুণ্ডী , বিমল চুণ্ডী , মন্টু সোনা , দহিত জগদলা আৰু স্থানীয় ৰাইজে বিদ্যালয়তখনত উপস্থিত হৈ পৰিস্থিতৰ বুজ…

Read More...

নিহত ২ সন্ত্ৰাসবাদী

পুনৰ অশান্ত জম্ম-কাশ্মীৰ: সুৰক্ষাবাহিনীৰ           গুলিত নিহত ২ সন্ত্ৰাসবাদী অসম খবৰ গুৱাহাটী, আগষ্ট-০৩: শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ সোপোৰ জিলাত ভাৰতীয় সুৰক্ষাবাহিনীৰ মাজত পুনৰ সংঘটিত হয় ভয়াৱহ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত সুৰক্ষাবাহিনীৰ হাতত ২ টাকৈ সন্ত্ৰসবাদী নিহত হয়। তথাপিও সুৰক্ষাবাহিনীয়ে সুৰক্ষাৰ দিশৰ পৰা এই পৰ্যন্ত অঞ্চলটোত অভিযান চলাই আছে। জানিব পৰা মতে, সুৰক্ষাবাহিনীয়ে বৃহস্পতিবাৰে ৰাতিয়ে সন্ত্ৰসবাদীৰ সম্ভেদ পাইছিল। তাৰপাছতেই আৰম্ভ হৈছিল অভিযান। খবৰ অনুযায়ী দুয়োটা সন্ত্ৰসবাদী সোপোৰ জিলাত দ্রুছু গাঁৱখনত কূটঘাটৰ উদ্দেশ্যেৰে আত্মগোপন কৰি আছিল। তাৰপাছত সুৰক্ষাবাহিনীৰ দলটোৱে সমগ্ৰ অঞ্চলটোক ঘেৰিলৈ দুয়োটা সন্ত্ৰসবাদীক গুলিয়াই নিহত কৰে।

Read More...

ৰিত্ৰী বহ্মক প্ৰবন্ধকৰ দায়িত্বভাৰ ভুৰবন্ধা ইউ বি আইত

ৰিত্ৰী বহ্মক প্ৰবন্ধকৰ দায়িত্বভাৰ ভুৰবন্ধা ইউ বি আইত অসম খবৰ   মৰিগাঁৱৰ পৰা পুলিন কুমাৰ কাকতি  ৩ আগষ্ট : মৰিগাঁৱৰ জিলাৰ সদৰ সমষ্টি অন্তগত ভুৰবন্ধাৰ ইউ বি আই শাখা প্ৰবন্ধক গোপাল চন্দ্ৰ শইকীয়া হাটিগাঁও শাখালৈ বদলি কৰন হোৱাত এই শাখাত নৱ নিযুক্ত শাখা প্ৰবন্ধক ধৰিত্ৰী বক্ষ্মই দায়িত্ব গ্ৰহণ কৰে আৰু সকলোৱে সহায় সহযোগ কামনাকৰা লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে।এই নৱ নিযুক্ত দায়িত্ব গ্ৰহণ অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এখন বিদায় সভা অনুস্থিত কৰে ভুৰবন্ধা ইউ বি আই কৰ্মচাৰী সকলে ।উক্ত সভাতে এই শাখা সদ্য প্ৰাক্তন প্ৰবন্ধক গোপাল শইকীয়াক এখন খৰাই আৰু গামোচা আগবঢ়াই।…

Read More...

নগাঁৱৰ চামগুৰিৰ বালিজুৰি কাজিৰঙাত

নগাঁৱৰ চামগুৰিৰ বালিজুৰি কাজিৰঙাত বৃহস্পতিবাৰে নিশা বন্যহস্তীয়ে চলালে সন্ত্ৰাস অসম খবৰ, অজয় হোকাই মৰিগাঁও আগষ্ট-০৩ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বালিজুৰি কাজিৰঙাত থকা প্ৰাথমিক বিদ্যালয়খনৰ আবাসগৃহটো।বিদ্যালয়খনৰ গুদামঘৰত থকা মধ্যাহ্ন ভোজনৰ চাউলৰো বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীয়ে।উল্লেখ্য যে প্ৰায় এপ্তাহৰ ভিতৰতে বন্যহস্তীয়ে বালিজুৰি লগতে পাশ্ববৰ্তী অঞ্চলসমূহত কেইবাটাও বাসগৃহ, ব্যৱসায় প্ৰতিষ্ঠান আৰু ফাৰ্মাচি ভাঙি লণ্ডভণ্ড কৰে।স্থানীয় ৰাইজে চাপানালা খণ্ড বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে ।ৰাইজৰ অভিযোগ বনকৰ্মীৰ ম’ৱাইলত ৰিচাৰ্জ নথকা তথা বন বিভাগৰ বাহনত বিজুতি হোৱাৰ অজুহাত দেখুৱাই ঘটনাস্থলিলৈ নাহে বন বিভাগৰ লোক ।

Read More...