অৰুণাচল প্ৰদেশৰ পৰা অবৈধ বিদেশীক খেদিব সদৌ অৰুণাচল ছাত্র সন্থাই

অৰুণাচল প্ৰদেশৰ পৰা অবৈধ বিদেশীক খেদিব সদৌ অৰুণাচল ছাত্র সন্থাই :সদৌ অৰুণাচল ছাত্র সন্থাই ১৫ আগষ্ট ৰ ভিতৰত অৰুণাচল প্ৰদেশ এৰিবলৈ আহ্বান জনাইছে অবৈধ নাগৰিক সকলক । অসমত এন আৰ চি ৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠন AAPSU য়ে অৰুণাচলত থকা অবৈধ বিদেশীক নিদিষ্ট সময় সীমাৰ ভিতৰত তাৰ পৰা উলাই আহিবলৈ হুংকাৰ দিছে । তাৰ লগে লগে অসমত শংকা হৈছে যে তেওঁলোক তাৰপৰা আহি পুনৰ অসমত বসতি কৰিবলৈ ল’ব বুলি, সেইয়ে আজি গহপুৰ আছুৰ নেতৃত্বত গহপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত বিষয়া ৰিংকু বড়োক স্মাৰক পত্ৰ প্ৰদান কৰে লগতে…

Read More...

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ                    সফল সমাপ্তি   উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ…

Read More...

প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ 

প্ৰতিভাৰ সন্ধান বিচাৰি অসম খবৰৰ আৱিস্কাৰ                            প্ৰথম খণ্ড অসম খবৰ  কোকিলাৰ পৰা ইয়াছিন আলী  ৪ আগষ্টঃ বঙাইগাঁও জিলাৰ চাকলা প্ৰথম খণ্ডৰ ৰুহুল আমিনৰ পুত্ৰ জাহিৰ খানৰ হাতৰ পৰশত জিলিকি উঠে মহৎ মহৎ ব্যক্তিসকল ছবি, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি। অষ্টম শ্ৰেণীত অধ্যয়ন কৰা জাহিৰ খান গৰমৰ বন্ধৰ সময় খিনি অপচয় নকৰি বিভিন্ন কলা বিদ্যাত পাৰ কৰে। আচলতে এই বয়সৰ সকলোৱে বন্ধৰ সময় খিনি আলহীৰ ঘৰ, খেল ধেমালি আদি লৈ ব্যস্ত থকা দেখা যায়। ঠিক সেইসময়তে ব্যতিক্ৰমী ৰূপ…

Read More...

ৰাজ্যিক চিকিৎসালয় খনত ডাক্টৰ আছে নাৰ্ছ নাই যদি নাৰ্ছ আছে ডাক্তৰ নাই

  এখন ৰাজ্যিক চিকিৎসালয় থকা স্বত্বেও বেজৰ ওচৰত ৰোগীঃ ৰাজ্যিক চিকিৎসালয় খনত ডাক্টৰ আছে নাৰ্ছ নাই যদি নাৰ্ছ আছে ডাক্তৰ নাই আকৌ যদি নাৰ্ছ আছে ডক্টৰো আছে তেন্তে পৰ্যাপ্ত ঔষধ নাইঃ   অসম খবৰঃ কোকিলাৰ পৰা ইয়াছিন আলী  ৪ আগষ্টঃ বঙাইগাঁও জিলাৰ বৃহত্তৰ কোকিলা অন্চলত স্বাস্থ্য সেৱাৰ ফোপোলা স্বৰূপ। স্বাস্থ্য সেৱাৰ অভিলাষী আঁচনি ধোঁৱাচাঙত পৰিনত হৈছে কোকিলাত। এইখন অঞ্চলত আছে এখন ৰাজ্যিক চিকিৎসালয় কিন্তু দূৰ্ভাগ্যজনক কথাটো হ ল যে উপযুক্ত চিকিৎসা ব্যৱস্থা নথকাৰ বাবে বেজৰ আশ্ৰয় লবলগীয়া হৈছে ৰোগীৰ । কাৰণ ডক্টৰৰ অনিয়মীয়া উপস্থিতি, নাৰ্ছৰ অভাৱ আদি সমস্যাৰ বাবে চিকিৎসালয়…

Read More...

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা

দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা গুৱাহাটী মহানগৰীৰ পশ্চিম সমষ্টিৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাৰ। অনুষ্ঠানটোত বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানৰ প্ৰতি আকৰ্ষণ আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীখন। ২০০০ চনতে প্ৰতিষ্ঠিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ত প্ৰতি বছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো বিজ্ঞান দিৱস উদযাপনৰ অংশ হিচাপে ৪ আগষ্ট তাৰিখে শনিবাৰে বিজ্ঞান প্ৰদৰ্শনী কাৰ্যসূচীটো অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ বিজ্ঞান বিভাগৰ শিক্ষক হেমেন বৈশ্যৰ তত্বাৱধানতে প্ৰায় ১৫০ টা…

Read More...

কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ পদত অসম সন্তান হৃষীকেশ ৰয়

কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰিব অসম সন্তান হৃষীকেশ ৰয়ে এইবোৰ কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিব গৈ আছে অসমৰ আন এগৰাকী সুযোগ্য সন্তান ন্যায়াধীশ হৃষীকেশ ৰয়। কেৰেলা উচ্চ ন্যায়ালয়ৰৰ মুখ্য ন্যায়াধীশৰ ৰূপে নিযুক্তি লাভ কৰিছে ন্যায়াধীশ ৰয়ে। ৰয়ক শুকুৰবাৰে কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দায়িত্বভাৰ গটাই দিয়ে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰয়ৰ নিযুক্তি পত্ৰত সাক্ষৰ প্ৰদান কৰি ন্যায়াধীশৰূপে নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কৰ্মৰত আছিল ৰয়। চলিত বৰ্ষৰ ২৮ মে’ত তেওঁক কেৰেলা উচ্চ উচ্চ ন্যায়ালয়ললৈ বদলি কৰা হৈছিল। তাৰপাছত মে’…

Read More...

গোলাঘাট জিলা বান পৰিস্থিতিৰ পৰ্য্যালোচনা সভাত কৃষি মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট, 4 আগষ্ট : অসম চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী অতুল বৰা আৰু জলসম্পদ মন্ত্ৰী শ্ৰী কেশৱ মহন্তই যোৱা নিশা গোলাঘাট জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজন এখন পৰ্য্যালোচনা সভাত ভাগ লৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানৰ পৰ্যালোচনা কৰে ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সভাপতিত্বত আয়োজন হোৱা সভাখনত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ’জলিনা তিৰ্কীৰ লগতে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰা, আৰক্ষী অধিক্ষক মানবেন্দ্ৰ দেৱ ৰয়, অতিৰিক্ত উপায়ুক্ত অৰ্পাহ বাগ্লাৰী, শ্যামল ক্ষেত্ৰ গগৈ, উৎপল দ’লে, বিভিন্ন ৰাজহ চক্ৰ বিষয়া, সংশ্লিষ্ট চৰকাৰী…

Read More...

ধুবুৰীত মমতাৰ বিৰুদ্ধে মৌন সমদল

ধুবুৰীত মমতাৰ বিৰুদ্ধে মৌন সমদল   এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰম্ভ কৰিছে কুটিল ৰাজনীতি । বৃহস্পতিবাৰে শিলচৰলৈ তৃণমূল কংগ্ৰেছৰ আঠজনীয়া মন্ত্ৰী আৰু সাংসদ-বিধায়কৰ প্ৰতিনিধি দল পঠিয়াই ৰাজনৈতিক মুনাফা আদায়ৰ ব্যৰ্থ চেষ্টাৰ পিছৰে পৰাই অসমত জ্বলিছে প্ৰতিবাদৰ জুই । বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শুকুৰবাৰে সন্ধিয়া ধুবুৰী সচেতন মঞ্চৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় । শ শ ৰাইজে হাতে হাতে মমবাতি লৈ মৌন প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা মৌন…

Read More...

ভালুকৰ চাঙীত পৰিণত টীয়কৰ মিনি ষ্টেডিয়াম 

ভালুকৰ চাঙীত পৰিণত টীয়কৰ মিনি ষ্টেডিয়াম  খেলপথাৰৰ অবিহনে হ’ল বন্য প্ৰানীৰ চৰনীয়া পথাৰ , সৰব অসমপ্ৰেমী যুব ছাত্ৰ সমাজ     অজিৰ পৰা ২০ টা বৰ্ষৰ পূৰ্বতে টীয়কীয়া ৰাইজৰ বিপুল দাবীৰ বিনীময়ত সেইসময়ৰ তথা বৰ্তমানৰ বিধায়ীকা ৰেনুপমা ৰাজখোৱাই টীয়কৰ জগদুৱাৰত  ১৯৯৯ চনৰ ৮ জানুৱাৰি তাৰিখেঅসমৰ সিহং যুৱক প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ স্মৃতিত আধাশিলা স্থাপন কৰিছিল এখন মিনি ষ্টেডিয়াম কিন্তু বিভাগৰ দুৰ্বলতা তথা স্থানীয় জনপ্ৰতিনিধীৰ সোপাধিলা মানসিকতাৰ বাবেই অজিও ২০ বছৰৰ পাছতো নিৰ্মান সম্পূৰ্ণ ন’হল খেলপথাৰ। আৰু ক্ৰমাৎ হাবিলৈ পয্যবাসিত হোৱা এই ষ্টেডীয়াম অজি বন্য প্ৰাণী মুক্ত বিচৰন ক্ষেত্ৰ। কিন্তু…

Read More...

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল

উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডোৰ সফল সমাপ্তি   অসম খবৰ বিশ্বনাথ চাৰিআলি ৪ আগষ্ট -: উত্তৰ পূব ভাৰত মাণ্ডলীক টাইকোৱানডো প্ৰতিযোগিতা জৱাহৰ নবোদয় বিদ্যালয় শোনিতপুৰ, বিশ্বনাথত ১, ২ আৰু ৩ আগষ্টতলৈকে অনুষ্ঠিত হৈ যায় ৷ উক্ত খেল খনত উত্তৰ পূৰ্বঞ্চলৰ অসম মেঘালয় আৰু মনিপুৰকে ধৰি মুঠ ৯৫ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সভাপতি দিব্যজ্যোতি বৰুৱাই ৷ খেলখনি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সম্পাদক তথা চেম্পিয়নছ মেকাৰ একাদেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে ৷ বিশ্বনাথ নবোদয় বিদ্যালয়ৰ অধক্ষ্য…

Read More...

জম্মু-কাশ্মীৰত ভাৰতীয় সুৰক্ষাবাহিনীৰ হৈয়ে সন্ত্ৰসবাদীৰ সংঘৰ্ষ: নিহত ৪ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত নিহত ৪ সন্ত্ৰাসবাদী আজি পুৱাৰ ভাগত দক্ষিণ কাশ্মীৰৰ ছৌপিয়ান জিলাৰ কিলৰা গাঁৱত ভাৰতীয় সুৰক্ষাবাহিনী আৰু সন্ত্ৰাসবাদীৰ এটা দলৰ মাজত এক তুমূল সংঘৰ্ষৰ সৃষ্টি হয়। এই সংঘৰ্ষত ভাৰতীয় সুৰক্ষাবাহিনীৰ হাতত ৪ টা সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শুকুৰবাৰে ৰাতিয়ে গাঁওখনত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ সম্ভেদ পোৱাৰ হোৱাৰ পিছতে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি অভিযান আৰম্ভ কৰিছিল। তাৰপাছতে আৰম্ভ হৈছিল সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। শুকুৰবাৰে ৰাতি হোৱা সংঘৰ্ষত এজন সন্দেহ জনক সন্ত্ৰাসবাদী নিহত হয়। পাছত সন্ত্ৰাসবাদীটো লস্কৰ-এ-তৈয়াব্বা বাহিনীৰ সদস্য উমৰ মালিকৰ বুলি…

Read More...

গহপুৰত পানীত পৰি শিশু মৃত্যু

গহপুৰত পানীত পৰি শিশু মৃত্যু গহপুৰৰ বাকৰি নামৰ গাওঁখনত কালি সন্ধ্যা প্ৰায় ৭ মান বজাত সংঘতিত হ’ল এক কৰুণ ঘটনা। পানীত পৰি কৰুণ মৃত্যুক সাবটিলে বাকৰি পঞ্চায়তৰ অৰ্ন্তগত আখৈফুটা গাঁৱৰ নেশ তেলি নামৰ ব্যক্তি জনে। সন্ধিয়া নিজ ঘৰৰ পৰা বাকৰি চেন্টাৰলৈ বজাৰ কৰাৰ উদেশ্যে ওলাই গৈছিল ব্যক্তিজন।কিন্তু দুৰ্ভাগ্যবসত বাকৰি চেন্টাৰৰ এটা জানত চাইকেল সহ পিছলি পৰে জানটোত।অৱশ্যে চাইকেলখন পাৰতে ৰৈ গ’ল যদিও ব্যক্তিজনক স্থানীয় ৰাইজে বচাবলৈ সক্ষম নহ’ল। অৱশ্যে যাদৱ নেৱাৰ ,জিতুমনি শৰ্মা,চিতা চলিহাই কিছু পলমকৈ হ’লেও সাহসিকতাৰে জানটোত নামিছিল যদিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত দুখ প্ৰকাশ কৰিছে।

Read More...

ৰঙিয়াৰ কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ প্ৰস্তুতি

ৰঙিয়াৰ কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ প্ৰস্তুতি   অহা ৫ আগষ্টত বাক্সা জিলাৰ নাগ্ৰীজুলিস্থিত নাগ্ৰীজুলি উচ্চ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গণত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন অনুষ্ঠিত হ’ব । নাগ্ৰীজুলি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিতব্য এই অধিবেশনৰ কাৰ্যসূচী অনুসৰি ৫ আগষ্টৰ পুৱা ৮ বজাত খাটৰবাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ মনোহৰ দাসে উদ্বোধন কৰিব পৰিবেশ নিকাকৰণ কাৰ্যসূচী ৷ ৮-৩০ বজাত পতাকা উত্তোলন কৰিব তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃণাল দাসে ৷ ৯-০০ বজাত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ উপসভাপতি জীৱন চৌধুৰীয়ে স্মৃতি তৰ্পণ কৰিব আৰু ৯-৩০ বজাত…

Read More...

অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট

“অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট” দেশৰ চৌদিশে মহিলা সকলৰ ওপৰত চলি থকা বৰ্বৰ অত্যাচাৰ, হত্যা, ধৰ্ষণ, বলৎকাৰ আদিৰ পৰা মহিলা সকল সুৰক্ষিত পাবলৈ তথা নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অসম সংগ্ৰামী মহিলা ঐক্য মঞ্চই দুঘণ্টা যোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচী দিনৰ ২ বজাত সমাপ্ত হয়।এই কাৰ্যসূচীৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী দেৱলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে সমগ্ৰ ভাৰতৰ লগতে অসমতো মহিলা সকলৰ ওপৰত চলি থকা নিৰ্বিচাৰ শাৰীৰিক…

Read More...