মহানগৰীত পুণৰ চিলনী চোৰৰ আতংক

                      হাইদৰ আলী                         মালীগাওঁ মহানগৰীত পুণৰ চিলনী চোৰৰ আতংক   মালিগাঁও উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ত সংঘটিত হ’ল এনে এক ঘটনা। এগৰাকী মহিলাৰ পৰা ধনৰ বেগ কাঢ়ি নিলে দুই যুৱকে। জুৰী দাস নামৰ এগৰাকী মহিলাই SBIৰ মালিগাঁও শাখাৰ পৰা চল্লিশ হাজাৰ টকা উলিয়াই প্ৰৱেশ কৰিছিল উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ কাৰ্যালয়ত। তেনেতে বাইকত অহা দুই যুৱকে মহিলাগৰাকীৰ পৰা কাঢ়ি লৈ যায় হাতৰ বেগটো। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ…

Read More...

  বানপ্ৰীতক বান শিবিৰত গৈ সাহায্য প্ৰদান অসম জন মৰ্চাৰ কেন্দ্রীয় সমিতিৰ

  বানপ্ৰীতক বান শিবিৰত গৈ সাহায্য প্ৰদান অসম জন মৰ্চাৰ কেন্দ্রীয় সমিতিৰ মানস বৰুৱা,অসম খবৰ,নুমলীগড়, –নুমলীগড়ৰ বানপিৰিতৰ মাজত অসম জন মৰ্চাৰ কেন্দ্ৰীয় সমিতিৰ মোঃ ছাইফুল ইছলাম চৌধুৰী (অধিবক্তা)ৰাজ্যিক সভাপতি,ৰাজীৱ হাজৰীকা,সহ:সম্পাদক,ৰাজ্যিক আহি উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে বান শিবিৰৰ বানাক্ৰান্ত ৰাইজক খোৱাৰ সামগ্ৰী প্ৰদান কৰে।

Read More...

যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান সম্বৰ্দ্ধনা

নায়েৰ আলগাত যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান                              (আলকাছ)ক বিপুল                   সম্বৰ্দ্ধনা ধুবুৰী জিলাৰ নায়েৰ আলগাত বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ছাফিজুৰ ৰহমান (আলকাছ)ক বিপুল সম্বৰ্দ্ধনা জ্ঞাপন কৰে। নায়েৰ আলগা বজাৰ কমিটিৰ সভাপতি এন্তাজ আলীৰ নেতৃত্বত, নায়েৰ আলগা ব্লক কংগ্ৰেছৰ উপ-সভাপতি আলহাজ জয়নাল আবেদিন আৰু কোকৰাঝাৰ জিলাৰ এন এছ ইউ আইৰ সভাপতি জয়নুদ্দিন সেখৰ ফালৰ পৰা নৱ নিৰ্বাচিত যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ) ক বিপুল…

Read More...

তেৰ বছৰীয়া অৰ্নৱ দাৰফাঙে নিজৰ প্ৰতিভাৰ বলত সমগ্ৰ অসমতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়

তেৰ বছৰীয়া অৰ্নৱ দাৰফাঙে নিজৰ প্ৰতিভাৰ বলত                      সমগ্ৰ অসমতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়   কাৰ্বি আংলং বুলি কলে প্ৰাকৃতিক সম্পদেৰে ভৰা এখন ঠাইৰ কথা মনলৈ আহে । কাৰ্বি আংলং অকল প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ঠাই তেনে নহয় ইয়াত আছে বিশেষ বিশেষ প্ৰতিভা সম্পৰ্ণ ব্যক্তি । আজি আমি তেনে এক প্ৰতিভাৰ গৰাকীক চিনাকি কৰাই দিব বিচাৰিছো যিয়ে নিজৰ প্ৰতিভাৰ বলত সমাজত এক বিশেষ স্থান দখল কৰিব সক্ষম হৈছে তেওঁ হ’ল অৰ্নৱ দাৰফাং । অৰ্নৱ দাৰফাঙে নিজৰ প্ৰতিভাৰে ৰাইজৰ সমাদৰ লাভ কৰি…

Read More...

বিধস্ত বাট -পথ , বাটে-পথে ৰাইজৰ ককৰ্থনাৰ সন্মুখীন  মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধি

বিধস্ত বাট -পথ , বাটে-পথে ৰাইজৰ ককৰ্থনাৰ সন্মুখীন                    মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধি   নগাঁও জিলাৰ পুৰণিগুদামত সোমবাৰে কংগ্ৰছে পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বঢ়মপুৰ যুৱ কংগ্ৰেছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ লগতে বিভিন্ন গ্ৰাম্য পথ মেৰামতি কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত তীব্ৰ যান-জোঁটৰ সৃষ্টি হয়।  প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি ৰাজ্য চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে। উক্ত সময়তে গোলাঘাটৰ পৰা নগাঁৱৰ মাজেৰে গুৱাহাটী অভিমুখে আহি থকা…

Read More...

অকমণ্য আৱকাৰী বিভাগৰ কাৰ্যালয়ত তলা ওলমালে,

অকমণ্য আৱকাৰী বিভাগৰ কাৰ্যালয়ত তলা ওলমালে, অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ টিয়ক নগৰ সমিতিয়ে, প্ৰতিবাদৰ তিনি                                               ঘন্টাৰ পাছতেই ৪ জনকৈ চুলাই বেপাৰীক আটক                          টীয়কৰ পৰা অঞ্জন প্ৰকাশ আজি টিয়কস্থিত আৱকাৰী বিভাগৰ কাৰ্যালয়ত তলা ওলমালে অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজ,অসমৰ টিয়ক নগৰ সমিতিয়ে ৷ বিগত সময়ত বহুবাৰ জিলা আৱকাৰী বিভাগ তথা টিয়ক ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদানৰ লগতে প্ৰতিবাদী…

Read More...

চিৰাঙৰ বিজনী ডোঙাগাওঁত অৰ্ধগলিত  মৃত্যদেহ উদ্ধাৰ 

চিৰাঙৰ বিজনী ডোঙাগাওঁ ত অৰ্ধগলিত                      মৃত্যদেহ উদ্ধাৰ লিটন বসাক চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ডোঙাগাওঁ ত ৰামু সুত্ৰধৰ( ৪০) অৰফে (মোৰা)নামৰ অৰ্ধগলিত মৃত্য দে উদ্ধাৰ হয় সোমবাৰ ৰাতি পূৱা । ৰামু সুত্ৰধৰ লোক জন যোৱা শুক্ৰ বাৰৰ পৰা সন্ধানহীন হৈ আছিলে । ৰামু সুত্ৰধৰ লোকজন ১১দিন পূৰ্বে পৰিমল দাসৰ ঘৰৰ পুখুৰীৰ মেতেকা আতৰাবলৈ গৈছিলে তাৰ পিছত ঘৰলৈ উভতি নহাত বিজনী থানাত এজাহাৰ দাখিল কৰিছিলে ৰামু সুত্ৰধৰ ঘৰৰ লোকে। ৰহস্য জনক ভাবে সোমবাৰ ৰাতি পূৱা সুৰেন নামৰ লোকজন ধাননী পথাৰৰ হাল মাৰিব…

Read More...

লোকসভাত এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত আলোচনা

এছচি/এছটি সংশোধন বিধেয়কৰ ওপৰত সোমবাৰে লোকসভাত আলোচনা হোৱাৰ সম্ভাৱনা দেখা গৈছে। তেনেক্ষেত্ৰত বিজেপিয়ে সকলোবোৰ সাংসদলৈ জাৰি কৰিছে হুইপ। কংগ্ৰেছ সহ প্ৰায় ভাগ বিপক্ষ ৰাজনৈতিক দলে এই বিধেয়কখনৰ সমৰ্থনত মাত মতাৰ সম্ভৱনা আছে। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী থাৱৰ চন্দ্ৰ গহলতে বিধেয়কখন সংসদত উত্থাপন কৰিছিল। উল্লেখ যে, সংশোধিত বিধেয়কখনৰ লগতে এছচি-এছটি ধাৰাটো পুৰণি মূল স্বৰূপত আহিব। চলিত বৰ্ষৰ ২১ মাৰ্চত দিল্লী উচ্চতম ন্যায়ালয়ে ১৯৮৯ ৰ ধাৰাৰ অধীনত জাৰি কৰা গোচৰ সমূহত তৎকালীন ভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰা প্ৰতিবন্ধকতা লগাইছে। ন্যায়ালয়ৰ এই আদেশটোৰ পিছত বিপক্ষ দল সমূহৰ উপৰিও দলিত সংগঠন সমূহে চৰকাৰৰ ওপৰত হেঁচা…

Read More...

কাইলৈৰ গাঁও মহাাবিদ্যালয়ৰ উপস্থিত থাকিব ৰাজ্যপাল-মুখ্যমন্ত্ৰী

কাইলৈৰ পৰা ছদিনীয়া বিস্তৃত কাৰ্যসুচীৰে নগাঁও মহাাবিদ্যালয়ৰ                                        মহাৰজত জয়ন্তী উপস্থিত থাকিব ৰাজ্যপাল-মুখ্যমন্ত্ৰী নগাঁৱৰ কলংপৰীয়া শিক্ষানুষ্ঠানখনত এতিয়া উখল মাখল পৰিবেশ । জাকে জাকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহিছে আৰু এসময়ত পঢ়া শিক্ষানুষ্ঠানখনৰ ভিতৰত ঘূৰি-পকি চাই পঢ়া দিনৰ স্মৃতি ৰোমন্হন কৰিছে । কোনোবাই কৈছে ‘ এই খিনিতে আমাৰ মেজৰৰ ক্লাচৰূমটো আছিল ‘ , এই খিনিতে আমি ক্লাছ নাথাকিলে আদ্দা মাৰিছিলো ‘ , ‘ আমি পঢ়া দিনৰ ঘৰকেইটা নাইচোন ‘ … আৰু কত যে কি…

Read More...

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধূলা আঞ্চলিক সমিতি গঠন

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধূলা আঞ্চলিক সমিতি গঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰং জিলা সমিতিৰ উদ্যোগত যোৱা ইং ৫আগষ্ট ২০১৮তাৰিখে ধূলা এক্সেলেণ্ট ৰেইজ একাডেমী প্ৰাংগণত ধূলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি গঠন কৰা হয়। এই সভা আৰু সমিতি খনত বিশেষ ভাবে নেতৃত্ব প্ৰদান কৰে স্থানীয় যুৱক নুৰ আবু জাহেৰে ছিদ্দিক আৰু ছফিকুল ইছলামে। উক্ত সভা খনত সভাপতিত্ব কৰে স্থানীয় ব্যক্তি বাবুল হাজৰিকা। সভাত উপস্থিত থাকে ক্ৰমে KMSS কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক গোপী শইকীয়া,নবৰুদ্দিন আহমেদ,সদস্য কুটুবুদ্দিন আহমেদ, দৰং জিলা সমিতিৰ সম্পাদক খইবৰ মণ্ডল,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী ছাঁদ্দাম হুছেইন।সভাত সকলোৱে সুন্দৰ…

Read More...

কাকপথাৰ, ডুমডুমা, ধলা, তালাপ বন্ধ ঘোষণা আটছাৰ 

কাকপথাৰ, ডুমডুমা, ধলা, তালাপ আদি কৰি তিনিচুকীয়া জিলাৰ বৃস্তিৰ্ণ অঞ্চলসমূহ            বন্ধ ঘোষণা আটছাৰ     শিক্ষা বিভাগৰ বিৰুদ্ধে ৰাষ্টীয় ঘাই পথত টায়াৰ জ্বলাই প্ৰতিবাদ কাকপথাৰৰ পৰা বিদ্যুৎ বৰুৱা : মহাবিদ্যালয়ত নামভৰ্তি নোপোৱা ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্তিৰ সুবিধা কৰি দিয়াৰ দাবীত আজি তিনিচুকীয়া জিলাৰ ডুমডুমা, কাকপথাৰ, বৰহাপজান, ধলা, তালাপ, ফিল’বাৰীকে ধৰি বৃস্তিৰ্ণ অঞ্চলসমূহ আটছাই ২৪ ঘন্টীয়া বন্ধ ঘোষণা কৰিছে ৷ এই বৃহত্তৰ অঞ্চলটোত প্ৰায় পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতি বছৰে নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে ৷ তাৰোপৰি সমগ্ৰ অঞ্চলটোত বাৰখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে মাত্ৰ এখন…

Read More...

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

মহানগৰীত সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰ্মসংস্থাপন বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ । মহানগৰীৰ জ্যোতিকুছিত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ উদ্দেশ্যে সোমবাৰে উদ্বোধন কৰে ‘পিংকিছ মেকআপ ষ্টুডিঅ”। পিংকিছ মেকআপ ষ্টুডিঅ’ত অতি কম খৰচতে যুৱতী-মহিলাসকলক সৌন্দৰ্যচৰ্চা কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব । এই সম্পৰ্কত পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতীসকলক বিভিন্ন ধৰণৰ সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে তেওঁলোক স্বাৱলম্বী হ’ব পাৰে…

Read More...

গোসাইগাঁৱৰ চৌতাৰাত কোচ ৰাজবংশী সন্মিলনীৰ ৰেল অৱৰোধ কাৰ্য্যসূচী

শ্ৰীৰামপুৰৰ পৰা বিশ্বজিৎ চৌধুৰী 6 আগষ্ট, আজি কোচ-ৰাজবংশী সন্মিলনীৰ আঠ  ঘন্টীয়া ৰেলপথ অৱৰোধ কৰি জনজাতিকৰণৰ দাবীত প্ৰতিবাদ জনাই পৰিবেশ উত্তাল কৰি তোলে। যশৱন্তপুৰ এক্সপ্ৰেছ আৱদ্ধ পশ্চিমবংগ নিউ কোচবিহাৰ ষ্টেচনত আৰু বাতিল উজনিমুৱা কামাখ্যা ইন্টাৰচিটী এক্সপ্ৰেছ লগতে নামনিমুৱা বি জি পেছেঞ্জাৰ যাত্ৰীবাহী ৰেলখন।যাত্ৰীবাহী ৰেল  আবদ্ধ হৈ পৰাত যাত্ৰীবাহীসকলে হাৰাশাস্তিত ভুগিবলগা হয়। এই প্ৰতিবাদত কোচ ৰাজবংশী সন্মিলনীৰ হেজাৰ হেজাৰ যুৱক-যুৱতীসকলে প্ৰতিবাদত উপস্হিত হৈ no st no rest,আক্ৰাছু জিন্দাবাদ, বি জে পি গো বেক,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। পিছত প্ৰতিবাদকাৰিসকলে বিভিন্ন দাবীক লৈ গোসাইগাঁৱ মহকুমাৰ মহকুমাধিপতি উইলনিয়াৰ্ছ দৈমাৰীৰ হাতত এটা…

Read More...

মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা।

               হাইদৰ আলি গুৱাহাটী মহানগৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত ৰবিবাৰে অনুষ্ঠিত হয় এক বঁটা প্ৰদান তথা পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা। নৱপ্ৰভাত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অনুসুচিত জাতি প্ৰাণ বঁটা আৰু অনুসুচিত জাতি যুৱ প্ৰতিভা বঁটা ২০১৮ প্ৰদান কৰা হয়। অসম অনুসুচিত জাতি প্ৰাণ বঁটা প্ৰদান কৰা হয় ৬০ দশকৰ মোহময়ী অভিনেত্ৰী জ্ঞানদা কাকতিক। এই বঁটাত আছে ২৫ হাজাৰ টকাৰ চেক, এখন স্মাৰক, প্ৰশস্তি পত্ৰ আৰু এটা জাপি। আনহাতে অসম অনুসূচীত জাতি যুৱ প্ৰতিভা বঁটা শিশু সাহিত্যিক যুগল লোচন দাস আৰু চিত্ৰ শিল্পী…

Read More...

বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শাখা সমিতি গঠন

বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ           শাখা সমিতি গঠন অসম খবৰ বিশ্বনাথৰ বিশেষ প্ৰতিনিধি,৬আগষ্টঃ  :- অসম চাহ জfনজাতি ছাত্ৰ সন্থা বিহালী শাখা সমিতিৰ নেতৃত্বত আজি বিহুপুখুৰী প্ৰাথমিক গোট গঠন কৰা হয় । অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে শাখা সমিতিৰ সভাপতি বাবুল গোৱালা আৰু সভাৰ উদেশ্য বাখ্যা কৰে ৰবিন তছাই | সভাত উপস্থিত থাকে বিহালী শাখা সমিতিৰ উপ সভাপতি আনন্দ গোৱালা, বিৰজু তছা, সহ – সম্পাদক ভগিৰথ গোৱালা, প্ৰচাৰ সম্পাদক তৰুণ তাঁতি , শিক্ষা ও সাহিত্য সম্পাদক হৰেশ তছা আৰু অসম চাহ মজদুৰ সংঘৰ বিহুপুখুৰী শাখা সমিতিৰ…

Read More...