মানস জ্যোতি শৰ্মা ৰক্ত জীৱন

  প্ৰিয় সতীৰ্থবৃন্দ    আপোনালোকক জনাবলৈ পায় সুখী হৈছো যে কালি গুৱাহাটী বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউত ত ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ গুৱাহাটীৰ দ্বীপশিখা ফাউণ্ডেশ্বনৰ লগত হোৱা এক আলোচনা চক্ৰত জন্মৰে পৰা ১৯ বছৰ বয়সৰলৈকে যি কোনো কেঞ্চাৰ ৰোগীৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা M.D. Mrs Mrinmoy Boruah বাইদেউয়ে আমাৰ ৰক্তই জীৱনৰ সদস্য সকলক আশ্বাস দিয়ে। লগতে ৰক্তই জীৱন স্বেচ্ছাসেৱী ৰক্তদাতা গোটৰ এডমিন দীপক ৰাজখোৱা দেৱৰ লগতে প্ৰাঞ্জল কটকী দেৱে আমাৰ ৰক্তই জীৱন গোটৰ তৰফৰ পৰা বি বৰুৱা কেঞ্চাৰ হস্পিতালত ভৰ্তি হোৱা প্ৰত্যেকজন কেঞ্চাৰ ৰোগী বাবে প্ৰয়োজন সাপেক্ষ…

Read More...

প্ৰকৃতিপ্ৰেমী যুৱক বুদ্ধদেৱ সাহা জটিল ৰোগত আক্ৰান্তআপোনাৰ মোৰ কিছু সহায প্ৰয়োজন

প্ৰকৃতিপ্ৰেমী যুৱক বুদ্ধদেৱ সাহা জটিল ৰোগত আক্ৰান্ত আপোনাৰ মোৰ কিছু সহায প্ৰয়োজন   এতিয়া আপোনাৰ মোৰ কিছু মৰম সহায় প্ৰয়োজন বঙাইগাঁও প্ৰকৃতি প্ৰমী যুৱক বুদ্ধদেৱ সাহাক। প্ৰকৃতিপ্ৰেমী  যুৱক বুদ্ধদেৱ সাহা জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান হায়দাৰাবাদৰ Asian Institute of Gastrology চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ পৰিয়ালৰ সদস্যই জনোৱা মতে সাহাৰ যকৃত সলনি কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিছে ৷ যাৰ বাবে অতি কমেও ৪০ লাখ টকাৰ প্ৰয়োজন ৷ ইতিমধ্যেই সাহাৰ বন্ধু বৰ্গই social media জড়িয়তে আৰ্থিক বৰঙণি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে ৷ এতিয়া মাথোঁ আপোনাৰ মোৰ মৰম সহায় প্ৰয়োজন পৰিয়ালটোক আপোনাৰ কিছু…

Read More...

বিলাসীপাৰা শগুনমাৰী গাঁও পঞ্চায়তৰ দুখন দলং অচলাৱস্থা

বিলাসীপাৰা শগুনমাৰী গাঁও পঞ্চায়তৰ দুখন দলং অচলাৱস্থা জহিৰুল ইছলামৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত শগুনমাৰী গাঁও পঞ্চায়তৰ দুখন দলং অচলাৱস্থা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দলং দুখনৰো ওপৰেদি দৈনিক স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে হাজাৰ হাজাৰ ৰাইজে যাতায়ত কৰে যদিও দলং খনৰ অচলাৱস্থা বাবে বহুতো পথচাৰী সদায় দুৰ্ঘটনা গ্ৰস্ত হৈ আহিছে। বহু দুৰ দুৰাণ্চলৰ পৰা টেট শিক্ষকে উক্ত গাঁৱত থকা বিদ্যালয় সমূহত পাঠদান কৰিবলৈ আহে যদিও পঞ্চায়তৰ দলং ৰ দূৰৱস্হা ই জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীৰ গৃহৰ গাত লাগি থকা শগুনমাৰী গাঁও পঞ্চায়তৰ…

Read More...

নগাঁৱত শ্বহীদ অনিল বৰাৰ স্মৃতি সৌধৰ পুতৌ  লগা অৱস্থা       মেৰামতি আৰু পৰিস্কাৰ কৰাত গুৰুত্ব নাই ছাত্ৰ সন্থাৰ

নগাঁৱত শ্বহীদ অনিল বৰাৰ স্মৃতি সৌধৰ পুতৌ  লগা অৱস্থা       মেৰামতি আৰু পৰিস্কাৰ কৰাত গুৰুত্ব নাই ছাত্ৰ সন্থাৰ   ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ পৱিত্ৰ স্মৃতিত নগাঁও নেহৰুবালিৰ কাষতে নিৰ্মিত স্মৃতি সৌধটোৰ জৰাজীৰ্ণ অৱস্থাই শ্বহীদ সকলক যে আমি প্ৰাপ্য সন্মান দিয়া নাই এই কথাই প্ৰমাণ কৰিছে। উল্লেখ্য, নগাঁও চহৰৰ দাঁতিকাষৰীয়া পলাশনিত জন্মগ্ৰহন কৰা অনিল বৰাৰ ১৯৭২ চনৰ ৭ অক্টোবৰত মৃত্যু হৈছিল। অসম বিৰোধী চক্ৰই হোজাইত নিষ্ঠুৰভাবে হত্যা কৰিছিল অনিল বৰাক। অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে বুলি সবল প্ৰতিবাদ কৰি তথা আন্দোলনত জপিয়াই পৰি আত্মবলিদান…

Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তবিংশতিতম দিক্ষান্ত  সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সপ্তবিংশতিতম দিক্ষান্ত                                সমাৰোহ হাইদৰ আলী মুখ্য অতিথি হিচাপে উপস্থিত আছে ৰাজ্যপাল জগদীশ মুখী,isro ৰ প্ৰাক্তন অধ্যক্ষ ডঃ কৃষ্ণস্বামী কস্তুৰীৰঞ্জন (Dr krishnaswami kasturirangan),শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচায্য,গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচায্য মৃদুল কুমাৰ হাজৰিকা,পঞ্জীয়ক সুৰেশ নাথ,ৰেক্টৰ হাৰিপ্ৰসাদ শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি এইবাৰ বিভিন্ন বিষয়ৰ 600 ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হব বিভিন্ন ডিগ্ৰী। শিল্পী নীলপৱন বৰুৱা আৰু প্ৰয়াত নাট্য শিল্পী শুক্লচাৰ্য ৰাভালৈ সন্মানীয় ডক্তৰেত ডিগ্ৰী । এই অনুষ্ঠানতে ডঃ সৰ্বেশ্বৰ চহৰীয়াক প্ৰদান কৰা হব ডি লিট ডিগ্ৰী

Read More...

লোকনায়ক অমীয় কুমাৰ দাস সোঁৱৰণী বঁটা ২০১৮ প্ৰদান অনুষ্ঠান

        লোকনায়ক অমীয় কুমাৰ দাস সোঁৱৰণী                   বঁটা ২০১৮ প্ৰদান অনুষ্ঠান হাইদৰ আলী বুধবাৰে  মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় লোকনায়ক অমীয় কুমাৰ দাস সোঁৱৰণী বঁটা ২০১৮ প্ৰদান অনুষ্ঠান। চাহ-শ্ৰমিকৰ ৭৫শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰীক এই অনুষ্ঠানত প্ৰদান কৰা হয় বিশেষ বঁটা। চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চাহ কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই প্ৰথমবাৰৰ বাবে আয়োজন কৰে এই অনুষ্ঠানৰ। এই অনুষ্ঠানত চাহ জনগোষ্ঠীৰ প্ৰায় ১৫০গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে…

Read More...

   তথ্য আৰু জনসংযোগ বিভাগৰ পদক্ষেপবিশ্বনাথৰ সাংবাদিক ভূচিত্ৰ দাধৰাক ১ লাখ টকাৰ চেক্ প্ৰদান

 তথ্য আৰু জনসংযোগ বিভাগৰ পদক্ষেপ  বিশ্বনাথৰ সাংবাদিক ভূচিত্ৰ দাধৰাক ১ লাখ টকাৰ চেক্ প্ৰদান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অভিলাষী আঁচনি সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিৰ অধীনত বিশ্বনাথ জিলাৰ সাংবাদিক ভূচিত্ৰ দাধৰাক আজি ১ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰা হয়। উপায়ুক্তৰ কাৰ্যালয় কক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সাংবাদিকগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে এই সাহায্যৰ চেকখন তুলি দিয়ে। নিজৰ বক্তব্যত উপায়ুক্তগৰাকীয়ে সাংবাদিকৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰাৰ লগতে এই আঁচনিসমূহৰ সুযোগ গ্ৰহণ কৰি নিজা নিজা…

Read More...

শিৱসাগৰৰ উপায়ুক্তৰ চাডেন ভিজিট 

শিৱসাগৰৰ প্ৰধান ডাক ঘৰত উপায়ুক্তৰ চাডেন ভিজিট                অধিকাংশ কৰ্মচাৰী অনুপস্থিত            শিৱসাগৰৰ পৰা অপূৰ্ব্ব ভূঞা আজি শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাতিপুৱা চাডেন ভিজিট দিয়ে শিৱসাগৰৰ প্ৰধান ডাক ঘৰত। জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সমিপতে থকা শিৱসাগৰৰ প্ৰধান ডাক ঘৰত উপায়ুক্ত গৰাকীয়ে আকস্মিক পৰিদৰ্শন কালত সৰহ সংখ্যক কৰ্মচাৰীৰ অনুপস্থিতি ধৰা পৰিল | অকতৃত্বশীল ভাৱে অনুপস্থিত থকা কৰ্মচাৰী সকলৰ বিৰুদ্ধে ডাক বিভাগৰ উৰ্দ্ধতম কতৃপক্ষক জনোৱাৰ লগতে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে এনে কাৰ্য্যৰ পৰা বিৰত থাকিবলৈ ডাক বিভাগৰ কৰ্মচাৰী সকলক…

Read More...

অশ্ৰুসিক্ত নয়নেৰে কৰুণানিধিক চিৰবিদায়

 কৰুণানিধিক চিৰবিদায়   ডি এম কেৰ পিতামহ তথা তামিলনাডুৰ পাঁচবাৰৰ মুখ্য মন্ত্ৰী এম কৰুণানিধিৰ অন্তিম যাত্ৰা ৷  আজি বিয়লি ৪ বজাত ভাৰতীয় ৰাজনীতিৰ এসময়ৰ ‘কিং মেকাৰ’ এইগৰাকী বৰ্ষীয়ান নেতাক ৰাজাজি হলৰ পৰা মেৰিনা বীচ্চলৈ তেওঁৰ সমৰ্থক তথা দলীয় নেতা-কৰ্মীয়ে সমদল কৰি লৈ যায় ৷ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা এই অন্তিম যাত্ৰাত শোকাভিভূত হৈ পৰে তেওঁৰ অগণন গুণমুগ্ধ ৷ জনপ্ৰিয় নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অহা লোকৰ ভিৰত ৰাজাজি হলৰ বাহিৰত পদপিষ্ট হৈ কমেও দুজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য ৩৩জন লোক আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, ৰাজাজি হলৰ পৰা মেৰিনা…

Read More...

Munmi Kalita নতুন ভিডিঅটো চাওঁ আহক

Munmi Kalita নতুন ভিডিঅটো চাওঁ আহক

Read More...

আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

         আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা বঙাইগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বীৰঝৰা কন্যা মহাবিদ্যালয়ে উলাহ মালহৰে ৰূপালী জয়ন্তী বৰ্ষযোৰা কায্যসুচীৰে পালন কৰি আছে ৷ উক্ত কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি Tradition is stumbling Block For Women’s Empowerment in India বিষয় লৈ আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে অহা ১৯ আগষ্ট ২০১৮ (দেওবাৰ) তাৰিখে ৷ প্ৰতিযোগী অসমীয়া আৰু ইংৰাজী মাধ্যমত অংশ গ্ৰহন কৰিব পাৰিব আৰু প্ৰতিটো মহাবিদ্যালয়ৰ পৰা দুজনকৈ প্ৰতিযোগী অংশগ্ৰহণ কৰিব পাৰিব ৷ বিশদভাৱে জানিবলৈ 8638675825 / 8638955292 / 7002525724 নং যোগাযোগ কৰিব পাৰে ৷

Read More...

মহানগৰীত চোৰৰ উপদ্ৰপ : লুটি নিলে ২৫ টাকৈ মোবাইল

BREAKING NEWS মহানগৰীৰ আৰ্য নগৰত চাঞ্চল্য , নিশা এটা (আদ্য পি জি ) নামৰ ছাত্ৰী বাস’ত চোৰৰ আতংক হোষ্টেলৰ সকলো ছাত্ৰীৰ মোবাইল লুটি নিলে চোৰে । গোচৰ তৰিলে ভৰলু আৰক্ষীক ।

Read More...

গহপুৰত পূৰ্ণগতিত স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচী

             গহপুৰত পূৰ্ণগতিত স্বচ্ছ সৰ্বেক্ষণ কাৰ্যসূচী স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা জল আৰু অনাময় সমিতিৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো মাহজোৰা কাৰ্যসূচীৰে যোৱা ১ আগষ্টৰ পৰা স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ ৰূপায়ণ কৰি থকা হৈছে। দেশৰ সৰ্ববৃহৎ স্বচ্ছতা অভিযানৰূপে পৰিগণিত হোৱা এই অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া এক স্বতন্ত্ৰ সংস্থাই দেশত স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ)ৰ কাম-কাজ নিৰীক্ষণ কৰিব আৰু কিছুমান নিৰ্দিষ্ট সূচকৰ ভিত্তিত ৰাজ্য আৰু জিলাসমূহক ৰেংকিং প্ৰদান কৰিব। বিশ্বনাথ জিলাৰ অন্যান্য প্ৰান্তৰ লগতে গহপুৰ মহকুমাতো স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ কাৰ্যসূচী ৰূপায়ণৰ…

Read More...

◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।

BREAKING NEWS ◆ কাশ্মীৰত পাক সন্ত্ৰাসবাদীৰে সংঘৰ্ষত মেজৰসহ চাৰিজন সেনা নিহত।   An Indian Army Major and three soldiers were martyred in a gun battle that also left two militants dead on Tuesday when an incursion bid from Pakistan was foiled on the Line of Control (LoC) in Jammu and Kashmir, a defence official said. Defence Ministry spokesman Colonel Rajesh Kalia said a group of militants tried to infiltrate to this side of the LoC in Bandipora’s Gurez sector, some 180 km north of Srinagar. “They were challenged when they…

Read More...

৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি

বিতৰ্কিত মন্তব্যৰে অৰুণ জেটলিৰ টুইট ৫০ বছৰত অসমত মুছলমান লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি :  জেটলি   ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি বিতৰ্কিত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলিৰ । অসমৰ জনসংখ্যা বৃদ্ধিৰ ওপৰত মন্তব্য কৰি জেটলিয়ে কয় , বিগত ৫০ বছৰ অসমত মুছলমান লোকৰ জনসংখ্যা ৩.৯ গুণে বৃদ্ধি পাইছে । জেটলিয়ে তেওঁৰ টুইটাৰ একাউণ্ট দ্বাৰা এই কথা প্ৰকাশ কৰিছে । ১৯৬১-২০১১ বৰ্ষলৈকে ৫০ বছৰে হিন্দু ধৰ্মলম্বী লোকৰ জনসংখ্যা বাঢ়িছে মাত্ৰ ২.৪ গুণ । আনফালে মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে গৈ ৩.৯ গুণ । আৰু ঠিক এই কাৰণেই অসমৰ জনবিনাশ বিপুলভাৱে প্ৰভাৱিত হৈছে…

Read More...