কুমাৰীকাটাত পথ দুৰ্ঘটনাৰ ফলত চাৰিজন কিশোৰ আহত

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ বগাজুলীত আজি বিয়লি প্ৰায় ৪ মান বজাত টেম্পো ভেন (মাল টনা) দুৰ্ঘটনাগ্ৰস্থ হয়। দুৰ্ঘটনাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে চাৰিজন কিশোৰৰ। কিশোৰ কেইজন বিকাশ বৈশ্য, সঞ্জয় বৈশ্য, ৰনবিল মণ্ডল আৰু ৰোহিত শৰ্মাৰ লগতে চালকজন ৰাখাল চৰকাৰ। চালকসহ চাৰিজন কিশোৰ কেইজনক তামুলপুৰৰ জেষ্ঠ সাংবাদিক দ্বিজেন্দ্ৰ নাথ পাঠকে নিজৰ গাড়ীৰে কুমাৰীকাটাৰ ৰাজ্যিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্ত্তি কৰে আৰু লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

Read More...

গহপুৰত স্বাধীনতা দিৱস উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি

অসম খবৰ,গহপুৰ,১০আগষ্ট: সমগ্র দেশৰ লগতে গহপুৰতো গহপুৰৰ মহকুমা প্ৰশাসনৰ উদ‍্যোগত ৭২ সংখ্যক স্বাধীনতা দিৱসটো উদ্ যাপনৰ ব‍্যাপক প্ৰস্তুতি চলোৱা হৈছে । অহা ১৫ আগষ্টত গহপুৰ হাইস্কুল খেলপথাৰত উদ্ যাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ ঘোষিত কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত গহপুৰ নগৰ এলেকাত প্ৰভাত ফেৰী আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন,৬ বজাত নিজ নিজ বাসস্থান, ব‍্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আদিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন,৭ বজাত চৰকাৰী, বেচৰকাৰী আৰু বিভিন্ন শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে পুৱা ৮ বজাৰ ভিতৰত ছাত্র-ছাত্ৰী, শিক্ষক সমন্বিতে শোভাযাত্ৰা কৰি গহপুৰ হাইস্কুল খেলপথাৰত উপস্থিত হ’ব । পুৱা ৮.৪৫ বজাত গহপুৰ নগৰৰ…

Read More...

জটিল ৰোগত অাক্ৰান্ত এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ বিননি

জটিল ৰোগত অাক্ৰান্ত এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ বিননি     অসম খৱৰ, নগাঁও::: নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ জামুগুৰিৰ  এটি দৰিদ্ৰ কৃষক পৰিয়াল । পৰিয়ালটোৰ মুৰব্বী ৰানা কাকতিয়ে অতি কষ্টেৰে খেতি বাতি কৰি তিনিজনীয়া সংসাৰখন জোৰা-টাপলি মাৰি চলাই নিছিল । পত্নী মৌচুমী অাৰু একমাত্ৰ কনমানি সন্তান পৰান জ্যোতিৰ মুখত হাঁহি বিলাবলৈ সদায়ে চেষ্টা চলাই অাহিছিল ৰানা কাকতিয়ে । দুখৰ মাজতো সুখ অনুভৱ কৰিছিল পত্নী মৌচুমীয়ে । একমাত্ৰ সন্তান পৰানে  ভালদৰে পঢ়া শুনা কৰি তেওঁলোকৰ চকুৰপানী মচি এদিন ঘৰখনলৈ  অানন্দ অানিব । কিন্তু দুখীয়াৰ যেন দুখ অাতৰ নহয় এই সংসাৰত ।…

Read More...

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র

আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীত অসমকন্যা আকাংক্ষাৰ চিত্র ইউনেস্কোই কাজাকিস্থানৰ আলমাটীত আয়োজন কৰা আন্তৰ্জাতিক চিত্রকলা মহোৎসৱত ভাৰতৰ পৰা নিৰ্বাচিত হৈছে অসম কন্যা  আকাংক্ষা কাশ্যপৰ অঁকা ছবি। ইউনেস্কোৰ  ‘আস্থানা -দ্যা চিটি অৱ পিচ্ ‘ শীৰ্ষক বিষয়টিৰ ওপৰত বিশ্বৰ বহুকেইখন দেশৰ বাৰৰ পৰা সোতৰ বছৰ বয়সৰ ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীয়ে অংশ গ্ৰহণ কৰে। এই চিত্র প্ৰদৰ্শনীত নতুন দিল্লীৰ ইউনেস্কো ক্লাৱ এন্ড এচোছিয়েশ্বন অৱ ইন্ডিয়া (CUCAI)ই ভাৰতৰ বিশ হেজাৰ ছাত্র-ছাত্রীৰ মাজৰ পৰা অসম কন্যা বাৰ বছৰীয়া আকাংক্ষাই অঁকা চিত্র আন্তৰ্জাতিক চিত্র প্ৰদৰ্শনীৰ বাবে বাচনি কৰে। নগাঁৱৰ জ্যোতি চিত্রাংকন বিদ্যালয়ৰ ছাত্রী আকাংক্ষা কাশ্যপ নগাঁৱৰ ছয় আলিৰ…

Read More...

ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ

কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে নগাঁও থানাত যৌন নিৰ্যাতনৰ গোচৰ গোচৰ দিয়াৰ দুদিনৰ পিছত অভিযোগকাৰীয়ে  পুনৰ গোচৰ উঠাই লোৱাৰ আবেদন কেৱল ৰেলতেই স্বয়ং ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইৰ হাততেই সুৰক্ষিত নহয় নাৰী।  ক্ৰমবৰ্দ্ধিত নাৰী নিৰ্যাতন, ধৰ্ষণৰ ঘটনাই দেশবাসীক চিন্তিত কৰি তোলাৰ সময়তে ভাৰতবৰ্ষৰ এজন দ্বায়িত্বশীল জ্যোষ্ঠ বিজেপি নেতা তথা মন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এগৰাকী মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগে তীব্ৰ জোকাৰণি তুলিছে ৰাজ্যৰ ৰাজনীতিত। কেন্দ্ৰীয় ৰেলৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী কম বয়সীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত যোৱা দুই আগষ্টত এক এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ…

Read More...

পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা

পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰীৰ পখুৰীপাৰত লক্ষণ বৈশ্য ( ২৪) নামৰ ব্যক্তি গৰাকী পাৰিবাৰীক কাণ্ডৰ ফলত নিজে দাৰে ৰেপী আত্মহত্যা কৰে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে উক্ত ব্যক্তি গৰাকীয়ে যোৱা কিছু দিনৰ পৰা মানসিক চিন্তাত ভাগৰি পৰিছিল । ৰাতিপুৱা প্ৰায় ১০ বজাত দাৰে ডিঙিত ৰেপী নিজেই আত্মহত্যা কৰে ।

Read More...

বিনা বেতনেৰে অৱসৰ প্ৰাপ্ত শিক্ষকৰ বিদায়ী সম্বৰ্ধনা সভা আৰু সংবাদমেল

◆অসম শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ ◆শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক‍্যমঞ্চ আৰু গহপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক‍্যমঞ্চৰ সহযোগিত ◆বিনা বেতনেৰে অৱসৰ প্ৰাপ্ত শিক্ষকৰ বিদায়ী সম্বৰ্ধনা সভা আৰু সংবাদমেল ■স্থান: গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ■তাৰিখে : ১১/৮/২০১৮ ■ সময় :দিনৰ ১২ বজাত

Read More...

প্ৰত্যাহ্বানক জীৱনৰ লক্ষ্য হিচাপে লোৱা আৰক্ষী বিষয়গৰাকী …!

প্ৰত্যাহ্বানেই যাৰ লক্ষ্য এগৰাকী সাহসী আৰক্ষী বিষয়া দেবেন বৰা প্ৰদীপ লস্কৰ,কলিয়াবৰ জীৱনকো তুচ্ছ কৰি প্ৰয়োজনত নিজৰ প্ৰাণ দিবলৈ কুন্ঠাবোধ নকৰা এজন অত্যুৎসাহি দক্ষ আৰক্ষী বিষয়া । দেশ আৰু জাতিক ভালপোৱা প্ৰকৃতিৰ প্ৰতি আছে তেওঁৰ অদম্য প্ৰেম।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা আৰক্ষী বিষয়া দেবেন বৰাই ২০১৪ চনৰ জুলাই মাহত জখলাবন্ধ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰে। সেই সময়ত উদ্যান খনত চোৰাং চিকাৰীয়ে চলাই আছিল দৌৰাত্ম।মাহটোতে তিনি-চাৰিটাকৈ গঁড নিধন কৰি বন বিভাগৰ লগতে চৰকাৰ খনৰ নিদ্ৰা হৰণ কৰিছিল। ৰাজ্যখনৰ চৌদিশে গঁড় হত্যাৰ প্ৰতিবাদত…

Read More...

কাইলৈ উন্মোচিত হ’ব ‘নাট্যতত্ত্ব আৰু আলোচনা’

কাইলৈ উন্মোচিত হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত  ‘নাট্যতত্ত্ব আৰু আলোচনা‘ গুৱাহাটী : ১০আগষ্ট@ অহা ১১ আগষ্ট শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ চিত্ৰ ৰঞ্জন নাথৰ দ্বাৰা সম্পাদিত ‘নাট্যতত্ত্ব আৰু আলোচনা’ নামৰ এখন প্ৰবন্ধ সংকলন গুৱাহাটীৰ দিঘলীপুখুৰী পাৰত অৱস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আবেলি ৪ বজাত উন্মোচন কৰা হ’ব । নাটকৰ বিভিন্ন বিষয়ৰ, ৫১২ পৃষ্ঠাৰ প্ৰায় আঠচল্লিশটা প্ৰবন্ধৰে সংকলিত উক্ত গ্ৰন্থখনি উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে। উল্লেখ্য যে, গ্ৰন্থখনত নাটকৰ তাত্বিক দিশসমূহৰ আলোচনা কৰাৰ লগতে অসমীয়া কেইখনমান উল্লেখযোগ্য নাটকৰ ওপৰত বিদ্যায়তনিক আলোচনা আগবঢ়োৱা…

Read More...