জামুগুৰিহাটত যুবকৰ অকাল বিয়োগ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উজৰাচুক গাওঁৰ বিমান নাথৰ একমাত্ৰ পুত্ৰ কৌশিক নাথ(২৪)ৰ অাজি পুৱা ৯:৩০ বজাত অকাল বিয়োগ ঘতে ৷যোৱা দুদিন ধৰি প্ৰেংকাইটিচ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ ডাউন-টাউন হস্পিটালত চিকিৎসাধীন অৱস্থাত আজি পূৱা ৯:৩০ বজাত কৌশিকৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ শা পৰে ৷ উজৰাচুক গাওঁ নিবাসী যুৱ ফ্ৰাৰ্মাচিচ কৌশিক নাথৰ মৃতদেহ আজি বিয়লি গুৱাহাটীৰ পৰা উজৰাচুকস্থিত নিজা বাস গৃহ পোৱাৰ লগে লগে এক শোকাকুল পৰিবেশ সৃষ্টি হয় ৷ কৌশিক নাথৰ মৃতদেহত শেষ শ্ৰদ্ধান্ঞ্জলী জ্ঞাপন কৰে উজৰাচুক গাওঁ উন্নয়ন সমিতি ,উজৰাচুক গাঁও উন্নয়ন মহিলা সমিতি,নদুৱাৰ নাথ…
Read MoreDay: August 13, 2018
অসম হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে দেৰগাঁও থানাত গোচৰ
অসম হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে দেৰগাঁও থানাত গোচৰ দেৰগাঁৱৰ পৰা অৰুপ কুমাৰ ৰায় অসম হিন্দু মহা সভাৰ ৰাজ্যিক সভাপতি নিলোৎপল বৰুৱাই হিমাক্ষী গগৈক বেশ্যা বুলি কৈ তাই স্বামী ইছফাকুলক হত্যা কৰা হত্যাকাৰী জনক চাব্বাচী দিয়াৰ বিৰুদ্ধে ইছফাকুলৰ পত্নী হিমাক্ষী গগৈয়ে দেৰগাওঁ আৰক্ষী চকীত এখন কেচ ৰুজু কৰে ।
Read Moreগোৱাত কিকবস্কিং খেলিব জামুগুৰিহাটৰ সুৰজিতে নিজা খৰচত চলাইছে অনুশীলন
গোৱাত কিকবস্কিং খেলিব জামুগুৰিহাটৰ সুৰজিতে নিজা খৰচত চলাইছে অনুশীলন অহা ৬ছেপ্তেম্বৰৰ পৰা গোৱাত অনুষ্ঠিত হব লগা সৰ্বভাৰতীয় কিকবস্কিং প্ৰতিযোগিতাত অসমৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে জামুগুৰিহাটৰ এজন যুৱকে।জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰভগীয়া গাঁৱৰ প্ৰশান্ত বৰুৱা আৰু দীপিকা বৰুৱাৰ পুত্ৰ সুৰজিত বৰুৱা(পাপু)ই এই সুযোগ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।সুৰজিতে অলপতে অনুস্থিত হৈ যোৱা উত্তৰ পূব কিকবস্কিং প্ৰতিযোগিতাত সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল।জামুগুৰি জুনিয়ৰ কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ সুৰজিতে অসম কিকবস্কিং এছ’চিয়েছনৰ তৰফৰ পৰা ৫৪কেজি অনুৰ্ধৰ পুৰুষৰ শাখাত খেলাৰ সুযোগ লাভ কৰিছে।পিছে দুৰ্ভাগ্যৰ কথা যে যি সময়ত ৰাজ্য চৰকাৰে ক্ৰীড়াৰ নামত…
Read Moreমৰিগাঁও ভুৰবন্ধাত পাকিস্থান প্ৰেমি এজন যুবকক গ্ৰেপ্তাৰ
মৰিগাঁও ভুৰবন্ধাত পাকিস্থান প্ৰেমি এজন যুবকক গ্ৰেপ্তাৰ মৰিগাঁৱৰ পৰা পুলিন কাকতি মৰিগাঁও সদৰ থানাৰ অন্তগত ভুৰবন্ধাত আজি জেহিৰুল ইছলাম নামৰ এজন পাকিস্থান প্ৰেমি এজন যুবকক মৰিগাঁও সদৰ থানা আৰক্ষীৱে গ্ৰেপ্তাৰ কৰে ।জানিবঁ পৰা যায় যে ধৃত জেহিৰুল ইছলামে নিজৰ ফেচবুক একাউন্টত নিজৰ ফটোত মেৰে পেহছান পাকিস্থান (পাকিস্থান মোৰ পৰিছয় )লিখা ফটো ফ্ৰেম লগাই আপড্ৰেত দি আৰক্ষী হাতত গ্ৰেপ্তাৰ হব ল’গা হয়।ধৃত যুবক জনৰ ঘৰ মৰিগাঁও জিলাৰ সদৰ আৰক্ষী থানা অন্তগত ভুৰবন্ধাৰ থানাগৰা নুৰ মুন্চি পুত্ৰ ।
Read Moreলক্ষীমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন নিৰৱ ভুমিকাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী
লক্ষীমপুৰত বেতন বঞ্চিত শিক্ষকৰ আমৰণ অনশন নিৰৱ ভুমিকাত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডিজিটেল ডেক্স,লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া দেশৰ লগতে অসমৰ জনসাধাৰনেও ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে প্ৰস্তুতি কৰি থকাৰ সময়তে লক্ষীমপুৰ জিলাত আমৰন অনশন বহিব লগা হৈছে ১৯৯১ আৰু ১৯৯৬ চনত নিযুক্তি লাভ কৰা প্ৰা: শিক্ষক সকলে । বিশদ খবৰ অনুসৰি ১৯৯১ চনত নিযুক্তি লাভ কৰা প্ৰা: শিক্ষক সকলক পুৰ্বৰ চৰকাৰে চাৰি মাহৰ পাৰিতোষিক প্ৰদান কৰাৰ পাছৰে পৰা কোনো ধৰনৰ পাৰিতোষিক প্ৰদান কৰা নাছিল কৰ্মচাৰি সকলক । যাৰফলত কৰ্মচাৰি সকলে আদালতৰ কাষচাপিছিল কৰ্মচাৰ সকল । কিন্তু আদালতত এই…
Read Moreচিৰাং জিলা বিজনীত চৰকাৰৰ সচ্ছ ভাৰত নমুনা
চিৰাং জিলা বিজনীত চৰকাৰৰ সচ্ছ ভাৰত নমুনা লিটন বসাক চিৰাং জিলা বিজনী এটা অতি গুৰুত্বপূৰ্ণ পথ এই পথতো জড়িয়তে বহু কেইখন গাৱৰলৈ প্ৰতি দিনে শ শ যান বাহন অহা যোৱা কৰে । বিশেষকৈ এই পথটো জড়িয়তে কেবাখনো বিদ্যালয় ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে । গুৰুত্বপূৰ্ণ বিষয় যে বিজনী এই পথতো এতিয়া দূৰ্গন্ধময় পৰিবেশৰ ফলত সম্পূৰ্ণ ভাৱে অহা বন্ধ হোৱা লগতে মানুহ অহা যোৱা কৰিবলৈ অনুপুযোগী হৈ পৰিছে ।বিজনী বজাৰ দোকান পোহাৰ মানুহৰ ঘৰৰ পেলোনীয় জাবৰ জোথৰ আদি আনি এই পথতোত পেলাই ৰখাৰ ফলত ক্ৰমানয়ে এতিয়া দূৰ্গন্ধময় পৰিবেশ সৃষ্টী হৈছে।…
Read Moreখোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত নৱাগত আদৰণি সভা
খোৱাং পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত নৱাগত আদৰণি সভা মৰাণৰ পৰা কুশল ভূঞা, আজি খোৱাংৰ অগ্ৰণীণ নাৰী শিক্ষানুষ্ঠান পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ত ছাত্ৰী একতা সভাৰ উদ্যোগত নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ হৰেন চমুৱা দেৱে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰীৰ একতা সভা সাধাৰন সম্পাদিকা মনালিছা কোঁৱৰে। আদৰণি ভাষণ আগবঢ়াই স্নিগ্ধা শইকীয়াই। এই সভাতেই মহাবিদ্যালয় খনৰ দুখন আলোচনী ক্ৰমে ”পিথুবৰীয়ান” আৰু ”স্নিগ্ধস্নাতা” উন্মোচন কৰে। উক্ত সভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° বৰুণ দে লগতে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ , সদৌ…
Read Moreশিৱসাগৰত দিনদুপৰতে ৰাজপথত শিক্ষকক চুৰিকাঘাত
শিৱসাগৰত দিনদুপৰতে ৰাজপথত শিক্ষকক চুৰিকাঘাত উজনি অসম সমাগত স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত চাৰিওফালে নিৰাপত্তাৰক্ষীয়ে গিজগিজায় থকা অৱস্থাত আজি দিন দুপৰতে শিৱসাগৰৰ ৰাজপথত এজন শিক্ষকক চুৰিকাঘাটৰ ঘটনা সংঘটিত হয়।শিৱসাগৰ চহৰৰ ভূঞা অট’মবাইলৰ সন্মুখত বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত চুৰিৰে উপৰ্যুপৰি আঘাত ৩২ বছৰীয়া যুবকৰ ৷ গুৰুতৰ ভাবে আহত শিক্ষক আজমল শ্বাহ আলী ৷ কৈৱৰ্ত দলনি এম ই স্কুলৰ শিক্ষকজনক ষ্টেচন চাৰিআলিৰ প্ৰয়াত বিমল বৰুৱাৰ পুত্ৰই আক্ৰমন কৰে বুলি জানিবলৈ দিছে আহত শিক্ষকজনে ৷ ব্যক্তিগত শত্ৰুতাৰ বাবেই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আহত শিক্ষক আজমল শ্বাহ আলী ৷…
Read Moreটীয়কত অজগৰ সাপ উদ্ধাৰ
টীয়কত অজগৰ সাপ উদ্ধাৰ TEOK: যোৰহাট জিলাৰ টীয়কৰ চিৰাম মিচিং গাঁৱত এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয়। জানিব পৰা মতে গাঁৱৰ এজন ব্যক্তিয়ে বাৰীলৈ যাওতে বাহঁগছৰ ওপৰত সাপটো প্ৰত্যক্ষ কৰি ৰাইজৰ আগত অৱগত কৰে আৰু লগে লগে গাঁৱৰ ৰাইজে অশেষ কষ্ট কৰি অজগৰ সাপটো নমাই আনি এটা বস্তাত ভৰাই থয় আৰু বনবিভাগৰ লগত যোগাযোগ কৰি চমজাই দিয়ে।খবৰটো বিয়পি যোৱাৰ পাছতেই সাপটো চাবলৈ অঞ্চলটোত সাধাৰণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে
Read Moreবিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিদ্যালয় শ্মশান যাত্রা
বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিদ্যালয় শ্মশান যাত্রা বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ চৰাণ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শ্মশান যাত্রাত পৰিণত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে বাহাদুৰ কাটি এম ভি স্কুলৰ প্ৰধান শিক্ষক সাহজাহান আলীয়ে চৰকাৰী বিভাগৰ সকলো নিয়ম নীতি ভংগ কৰি গাফিলতি ভাৱে সদায় বিলাসীপাৰা বজাৰত ঘুৰা ফুৰা কৰি দৰমহা ভোগ কৰা অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিদ্যালয় খনৰ পাঠদান নাই আৰু মধ্যহ্ন ভোজনৰ আহাৰৰ কোনো খবৰ নাই। বিদ্যালয়ত শিক্ষক সকলৰ অনিয়মীয়া উপস্থিতি। বিদ্যালয়ৰ তলা খোলা নহয়। আবুল হুছেন শিক্ষকৰ পুত্রই বহু দিন ধৰি বিদ্যালয়ৰ পাঠদান দিয়া…
Read Moreখাৰুপেটীয়াত আমছুৰ সংবাদমেল
খাৰুপেটীয়াত আমছুৰ সংবাদমেল দৰঙৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত এন,আৰ,চিৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীসকলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি পৰিকল্পিত ভাবে প্রকৃত ভাৰতীয় নাগৰিকক এন,আৰ,চিৰ পৰা কৰ্তন কৰিবলৈ গভীৰ ষডযন্ত্র চলাইছে অভিযোগ আমছুৰ শ্বেখ আব্দুল্লাহ, খাৰুপেটীয়া এন,আৰ,চিৰ,ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ হস্তক্ষেপৰ দাবী আমছুৰসংখ্যালঘু অধ্যুষিত অঞ্চলসমুহত এন,আৰ,চিৰ দায়িত্বত থকা একাং বিষয়া/কৰ্মচাৰীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি নিজৰ ইচ্ছানুৰি প্রকৃত ভাৰতীয় নাগৰিকৰ বৈধ নথি পত্রৰে এন,আৰ,চিৰ প্র-পত্র জমা দিয়া সংখ্যালঘু ৰাইজক পৰিকল্পিত এন,আৰ,চিৰ পৰা কৰ্তন কৰাৰ…
Read Moreপ্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে
প্ৰকৃত দর্শকক স্পর্শ কৰা নাই অসমীয়া ছবিয়ে অভিনন্দন গোস্বামী কিছুদিন পূর্বে মুক্তি লভা অসমীয়া ছবি ‘অন্তৰীণ’ ৰ প্ৰসংগতে কেইটিমান কথা মনলৈ আহিল৷ ফেচবুকযোগে বিভিন্নজনৰ পষ্টত পঢ়িবলৈ পালো যে এটা দর্শনীত নূন্যতম ২০ জন দর্শক হলেহে সেই দর্শনী ছবিগৃহ কতৃপক্ষই প্ৰদর্শন কৰিবলৈ সক্ষম হব , তাতোকৈ কম হলে কোনোপধ্যেই ছবি প্ৰদর্শিত নহয়, কাৰণ চিনেমা হলৰ মালিকে নিজেই লোকচান ভৰি কোনো দর্শনী প্ৰদর্শন কৰিব নোৱাৰে৷ তাকে লৈ আকৌ বির্তকৰ সৃষ্টি হ’ল, অসমীয়া চিনেমা আমাৰ মানুহে নাচায়! ‘বাহুবলী-২’ চাবলৈ ১ কিলোমিটাৰমান দীঘল শাৰী পতা দর্শকৰ মাজৰ পৰা অন্ততঃ ২০ জন মানে আগ্ৰহ প্ৰকাশ…
Read Moreলোকসভা প্ৰাক্তন সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু
বিগত ৪০ দিন ধৰি চলি থকা চিকিৎসাৰ অন্তত সোমবাৰে পুৱাৰ ভাগত প্ৰাক্তন লোকসভা সাংসদ সোমনাথ চেটাৰ্জীৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৯ বছৰ। চেটাৰ্জী ১৪ তম লোকসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ লগতে ১০ বাৰ সাংসদ ৰূপেও নিৰ্বাচিত হৈছিল । সোমনাথ চেটাৰ্জী সম্বন্ধীয় কেইটামান বিশেষ তথ্য:- ১. সোমনাথ চেটাৰ্জীৰ জন্ম ১৯২৯ চনৰ ২৫ জুলাইত অসমৰ তেজপুৰত। তেখেতৰ পিতৃ নিৰ্মল চন্দ্ৰ চেটাৰ্জী আৰু মাতৃ বিনাপানী দেৱী। নিৰ্মল চন্দ্ৰ চেটাৰ্জী এজন অধিবক্তা তথা অখিল ভাৰতীয় হিন্দু মহাসভাৰ লগত জড়িত আছিল। ২. তেখেতে কলকাতা আৰু ব্ৰিটেইনত শিক্ষা লাভ কৰিছিল। তেখেতে ব্ৰিটেইনৰ…
Read Moreপাকিস্তানৰ কয়লা খনিত ভয়ংকৰ গেছ বিস্ফোৰণ: নিহত ৪
নিউজ ডেস্ক@নতুন দিল্লী: সোমবাৰে দিনৰ ভাগত পাকিস্তানৰ সঞ্জদী গাঁৱৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ গেছ বিস্ফোৰণ। গেছ বিস্ফোৰণটোৰ ফলত খনিতটোত কৰ্মৰত ৪ জন কৰ্মী নিহত হোৱাৰ লগতে অন্য ১৩ জন কৰ্মী এতিয়াও কয়লা খনিটোত আৱদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। বিস্ফোৰণটো পাকিস্তানৰ কেৱতা চহৰৰ পৰা প্ৰায় ৫০ কি:মি: দূৰত স্থিত সঞ্জদীত গাঁৱত সংঘটিত হৈছে। দেশখনৰ স্থানীয় আৰক্ষী অধীক্ষক ৱজীত খানে জনোৱা অনুসৰি কয়লা খনিটোত মিথেন গেছৰ প্ৰভাৱৰ ফলতে বিস্ফোৰণটো সংঘটিত হয় বুলি জনায়। আৰক্ষী অধীক্ষক ৱজীত খানে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত আছে বুলিও জানিবলৈ দিয়ে যদিও…
Read Moreজম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা অপহৰণ , পাছত হত্যা
নিউজ ডেস্ক@সোমবাৰে পুৱাৰ ভাগত জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোৰ কেইবাটাও ঠাইত গুলিৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হোৱা দেখা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি উক্ত মৃতদেহটো জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ গুলজাৰ আহমদ ভট নামৰ ব্যক্তিগৰাকী বুলি চিনাক্ত কৰা হৈছে । উল্লেখ যে, দেওবাৰে জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ পৰা সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা অপহৰণ কৰি কৰিছিল আৰু পাছত ব্যক্তিগৰাকীক গুলিয়াই হত্যা কৰে। আৰক্ষী প্ৰশাসনে জনোৱা মতে, দেওবাৰে নিশা পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে গুলজাৰ আহমদ ভটক তেওঁৰ নিজ বাসগৃহৰ পৰা প্ৰথমে অপহৰণ কৰিছিল। ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি…
Read More