আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :

 আকাশবাণী গুৱাহাটী :: খ শাখা :: ১৭ আগষ্ট (শুকুৰবাৰ) :   কাইলৈ সন্ধিয়া ৭বাজি ১৫ মিনিটৰ পৰা প্ৰচাৰ কৰিবলগীয়া LIVE PHONE IN অনুষ্ঠান HELLO YUVAVANI ৰ অতিথি – কণ্ঠশিল্পী অনিন্দিতা পাল।। অনুষ্ঠানটি চলি থকাৰ সময়ত শ্ৰোতাসকলে 0361-2661876,0361-2662325 – এই দুটি নম্বৰত ফোন কৰি আমাৰ অতিথিৰ সৈতে কথা পাতিব পাৰিব।।   শুনিবলৈ নাপাহৰিব কাইলৈ সন্ধিয়া ৭ বাজি ১৫ মিনিটত Hello Yuvavani…   #MW 289.9mtre, 1035khz (আকাশবাণী গুৱাহাটী : খ শাখা)

Read More...

সতীৰ্থ’৯৭ ৰ সৈতে  কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলে  পালন কৰিলে ৭২ তম স্বাধীনতা দিৱস। 

সতীৰ্থ’৯৭ ৰ সৈতে  কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলে  পালন কৰিলে ৭২ তম স্বাধীনতা দিৱস।    অসম খবৰ , উজনি অসম  দেশৰ ৭২ তম স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰত সতীৰ্থ’ ৯৭ এক ব্যতিক্ৰমী কাৰ্য্যসুচী ৰূপায়ন কৰে। পালন কৰে কৌমুদালয়ৰ বিশেষ ভাৱে সক্ষম শিশুসকলৰ লগত স্বাধীনতা দিৱস।  শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ পৰা ১৯৯৭ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰসকল পুনৰ মিলিত হৈ সতীৰ্থ’ ৯৭ নামৰ এক অনুষ্ঠানৰ জন্ম দিয়ে আৰু শিৱসাগৰত সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক উন্নতিৰ বাবে কাম কৰিবলৈ আগবাঢ়ি অহা এই অনুষ্ঠানটোৱে স্বাধীনতা দিৱস উপলক্ষে শিৱসাগৰ চহৰৰ সমীপৰ ৰংঘৰ চাৰি…

Read More...

মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।

মানৱদৰদী ৰাজনীতিবিদ নতুন ভাৰত নিৰ্মাতা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ শিৱসাগৰবাসীৰ ।   অসম খবৰ উজনিঅসম    মানৱদৰদী ৰাজনৈতিক নেতা তথা নতুন ভাৰত নিৰ্মাতা, আদৰ্শবাদী ও মূল্যবোধ ৰাজনীতিৰ পিতামহ , বিচক্ষণ  নেতা দেশৰ তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰি দেশৰ ৰাজনৈতিক নেতাসকলৰ বাবে এক আদৰ্শ নজিৰ ৰাখি থৈ যোৱা  জনপ্ৰিয় নেতা অটল বিহাৰী বাজপেয়ীৰ বিয়োগত গভীৰ শোঁক প্ৰকাশ কৰিছে শিৱসাগৰ বৌদ্ধিক সমাজে । ন সপ্তাহ ধৰি দিল্লীৰ এইমছ চিকি$সালয়ত চিকি$সাৰত অৱস্থাত আজি বিয়লী ৫ বাজি ৫ মিনিটত  শেষ নিশ্বাহ ত্যাগ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে…

Read More...

শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall) 

শিৱসাগৰত ১৭ আগষ্ট মুকলি হ’ব( Stylf baazar) ষ্টাইল  বাজাৰ  নতুন শ্বপিং মহল ( Shopping mall)    আন আন ৰাজ্যৰ গ্ৰাহকৰ মন জয় কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ষ্টাইল বাজাৰ এতিয়া অসমৰ কেইবাখনো জিলাত । আন ৰাজ্যৰ লগতে  অসমৰ গ্ৰাহক সকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে বহু জাতি কোম্পানী ষ্টাইল বাজাৰে  । ভাৰতবৰ্ষত  ৪৫টাতকৈও অধিক শ্বপিং মহল থকা ষ্টাইল  বাজাৰে কিছু দিন পূৰ্বে তেজপুৰ চহৰত মুকলি কৰিলে এটা শ্বপিং মহল । সেই শ্বপিং মহলটোৱে অতি কম দিনৰ ভিতৰত  গ্ৰাহকৰ মন জয় কৰিবলৈ সক্ষম হ’ল। তাৰ  পিচতে অলপতে নগাঁওতটোও এটা  মুকলি…

Read More...

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী নৈ শিশু শিল্পী অৰ্ণৱৰ শ্ৰদ্ধাঞ্জলি

  ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ী নৈ শিশু শিল্পী অৰ্ণৱৰ শ্ৰদ্ধাঞ্জলি   কাৰবি আংলং জিলাৰ বকলীয়াঘাট ৰজা পথাৰ তিনি আলিৰ শিশু শিল্পী অৰ্ণৱে দাৰফাঙে  ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ বাতৰিটো পায় তেখেতৰ বিদেহী আত্মাৰ সৎগতিৰ কাৰণে নিজ হাতে ৰং তুলিকাৰ বোলনিৰে  এখন ছবি অংকন কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।।

Read More...

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷ 

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মহাপ্ৰস্থান ৷  অসম খৱৰ , ১৬ আগষ্ট : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আজি এই পৃথিৱীৰ পৰা মহাপ্ৰস্থান ঘটিছে ৷ বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা ৯ সপ্তাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল ৷ ১১ জুনত তেওঁক AIIMS ভৰ্ত্তি কৰোৱা হৈছিল আৰু সেইদিনাৰ পৰা চিকিৎসাধীন হৈ থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি AIIMS শেষনিশ্বাস ত্যাগ কৰে ৷ ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্ম গ্ৰহন কৰিছিল আৰু আজি ২০১৮ চনৰ ১৬ আগষ্ট তাৰিখে ,  ৯৩  বছৰত তেওঁ মহাপ্ৰস্থান ঘটে ৷ মূল্যবোধৰ ৰাজনীতিৰ অন্যতম বাটকটীয়া আছিল…

Read More...

কলিয়াপানী ব্লকত টীয়ক আছুৰ তলা বন্ধ কাৰ্যসূচী*

    টীয়কৰ পৰা অঞ্জন প্ৰকাশ,১৬ আগষ্ট: টীয়ক বিধানসভা সমষ্টিত শিপিনীৰ বাবে আবন্তিত সূতা আৰু তাঁতশাল বিতৰণত ব্যাপক অনিয়ম হোৱাৰ কথা দীৰ্ঘদিনীয়া। ২০১৬-১৭ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ প্রায় ১৫ লাখ টকা সূতা-তাতশাল বিতৰণৰ নামত নামমাত্ৰ বিতৰণ কৰি পুঁজি আত্মসাৎ কৰাৰ পাছত টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ যোৱা ৩০ জুলাইত ১৫ দিনৰ সময়সীমা বান্ধি দি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছিল। কিন্তু কলিয়াপানী উন্নয়ন খণ্ড আৰু মধ্য যোৰহাট উন্নয়ন খণ্ডত হোৱা এই কেলেংকাৰীৰ সম্পৰ্কত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত…

Read More...

Government Holiday Tomorrow

Declares Government holiday tomorrow Chief Minister Sarbananda Sonowal declares government holiday tomorrow in view of the demise of former PM Atal Behari Vajpayee. All govt and non govt offices, establishments and institutions will remain closed. A seven-day mourning has been declared by the Centre.

Read More...

প্ৰাক্তন প্ৰধানমন্ত্ৰৰ বিয়োগত শোক প্ৰকাশ

প্ৰাক্তন প্ৰধানমন্ত্ৰৰ বিয়োগত শোক প্ৰকাশ   অসম খবৰ,  ১৬ আগষ্ট: ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ প্ৰিয় তথা এজন শক্তিশালী নেতা ভাৰতবর্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত তেখেতৰ স্মৃতিৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে কাইলৈ চৰকাৰী বন্ধ ঘোষণা কৰিছে। কাইলৈ সকলো চৰকাৰী – বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় আৰু অফিচ বন্ধ ঘোষণা কৰা হৈছে

Read More...

চতিয়া সমষ্টিত কংগ্ৰেছৰ স্বাধীনতা দিৱস উদযাপন৷      

#চতিয়া সমষ্টিত কংগ্ৰেছৰ স্বাধীনতা দিৱস উদযাপন৷       অসম খবৰ,জামুগুৰিহাট,১৬ আগষ্ট:যোৱাকালি চতিয়া সমষ্টিৰ নদুৱাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু চতিয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ সহযোগত ব্লক কংগ্ৰেছৰ চৈৱাৰীস্থিত কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত দিনজোৰা কাৰ্য্যসুচীৰে দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসটি উদযাপন কৰে৷নদুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি গীতালী ভট্টৰাইয়ে পতাকা উত্তোলন কৰাৰ পিছতেই নদুৱাৰ ব্লক কংগ্ৰেছৰ চৈৱাৰীস্থিত নতুন কাৰ্য্যালয়টি মুকলি কৰে জ্যেষ্ঠ কংগ্ৰেছী মদন দাসে৷পুৱা ১০ বজাৰপৰা চতিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাত অঞ্চলটোৰ ৩০ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীক সম্বৰ্ধনা জনোৱাৰ লগতে যুৱ কংগ্ৰেছৰ নৱ নিৰ্বাচিত জিলা সভাপতি মুকুট দাস,উপ…

Read More...

#ইটাখোলাত দিকৰাই নদীত ছাত্ৰৰ সলিল সমাধি৷

#ইটাখোলাত দিকৰাই নদীত ছাত্ৰৰ সলিল সমাধি৷                    অসম খবৰ,জামুগুৰিহাট,১৬ আগষ্ট:স্বাধীনতা দিৱসৰ উলহ মালহৰ মাজতেই ইটাখোলাৰ দিকৰাই নদীত সাতুৰিবলৈ গৈ এজন ছাত্ৰৰ সলিল সমাধি হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিলে অঞ্চলবাসীক৷ইটাখোলাৰ দিকৰাই বাগানৰ বাসিন্দা গাজিলাল তচাৰ পুত্ৰ কৌস্তভ তচা(১৫)ই যোৱাকালি সমনীয়াৰ সৈতে দিকৰাই নদীত গাঁ ধুবলৈ গৈ সন্ধানহীন হৈ পৰে৷দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন সন্ধানহীন হৈ পৰাৰ খৱৰ বিয়পি পৰাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটিত৷ইটাখোলা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লগে লগে তেজপুৰস্থিত এন.ডি.আৰ.এফ.ৰ উদ্ধাৰকাৰী বাহিনীক যোগাযোগ কৰি পৰৱৰ্তী সময়ত প্ৰায় চাৰিঘন্টা সময়জুৰি চলোৱা…

Read More...

প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতি

দীৰ্ঘদিন ধৰি এইমছত ভৰ্তি হৈ থকা প্রাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্য অৱনতি ঘটিছে।  বিগত তিনি দিন ধৰি তেওঁক ভেন্টিলেটেৰত ৰখা হৈছিল। বুধবাৰে এইমছৰ নিৰ্দেশকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লবলৈ এইমছত উপস্থিত হয়। বুধবাৰে পুৱাৰ পৰাই অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকজনক । এইমছৰ  বিশেষজ্ঞ চিকিৎসকৰ দল এটাই বাজপেয়ীৰ স্বাস্থ্যৰ অহৰ্নিশে পৰ্যবেক্ষণ কৰি আছে।  এইমছৰ নিৰ্দেশক ডাঃ ৰণদীপ গুলেৰিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে সাক্ষাৎ কৰিবলৈ যায় আৰু মোদীক অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ সম্বন্ধীয় তথ্যৰ বিষয়ে অৱগত কৰায়।

Read More...