পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন

পূৱ বুৰৈত আছুৰ শৈক্ষিক সভা/আছু গোট গঠন   অসম খবৰ,গহপুৰ,১৯ আগষ্ট : গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত টকৌবাৰীস্থিত পূৰ্ৱ বুৰৈ উচ্চ মাধ‍্যমিক বিদ‍্যালয়ত পূৰ্ব বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ উদ‍্যোগত আজি বিয়লি এখন শৈক্ষিক সভা অনুষ্ঠিত হয় । পূৱ বুৰৈ আঞ্চলিক ছাত্র সন্থাৰ সভাষত দীপক বৰাৰ সভাপতিত্বত সম্পাদক ৰীংকু দাসে আঁত ধৰা সভাখনত বিদ‍্যালয়খনৰ শতাধিক ছাত্র-ছাত্ৰী উপস্থিত থাকে । সভাখনত মুখ্য অতিথিৰ আসনৰ পৰা চমু বক্তব্য প্ৰদান কৰি গহপুৰ মহকুমা ছাত্র সন্থাৰ সভাপতি ভূবনেশ্বৰ তাঁতীয়ে শিক্ষাই এটা জাতিৰ অগ্ৰগতিৰ মূল চালিকা শক্তি বুলি উল্লেখ কৰি জাতি, মাটি আৰু ভেটিৰ সুৰক্ষাৰ…

Read More...

অসম চুক্তি প্ৰতাৰণাৰ দলিল

অসম চুক্তি প্ৰতাৰণাৰ দলিল: ১৯৭১ ৰ ভিত্তিত NRC ক লৈ হৰ্ষোল্লাসৰ কৰা সকলে ১৯৮০ ত ১৯৫১ চনক ভিত্তিবৰ্ষ বিচাৰিছিল- ছহিদ হৈছিল ৮৫৫ জন : সমুজ্জল ভট্টাচাৰ্যক সংবাদ মেলত প্ৰত্যাহ্বান অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ :  সমূজ্জল ভট্টাচাৰ্যক বদন,মীৰজাফৰ আৰু লালুকসোলাৰে তুলনা     অসম সংবাদ ,উজনি অসম : অসম চুক্তি প্ৰতাৰণাৰ দলিল ৷ ১৯৫১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ দাবীৰে আছুক উভতি ধৰিলে অসম প্ৰেমী যুব- ছাত্ৰ সমাজে ৷ সমূজ্জল ভট্টাচাৰ্যক বদন- বিভিষণ- মীৰজাফৰৰে তুলনা কৰি সংবাদ মেলত অসম প্ৰেমী যুব ছাত্ৰৰ দাবী— সমূজ্জল ভট্টাচাৰ্য অসমৰ অভিভাবক নহয় | ভাৰতৰ অন্য…

Read More...

গহপুৰত সৰ্প দংশনত শিশুৰ মৃত্যু

গহপুৰত সৰ্প দংশনত শিশুৰ মৃত্যু   অসম খবৰ,গহপুৰ,১৯ আগষ্ট : গহপুৰৰ ককিলা মাজগাঁৱত  এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী তমন্না শৰ্মাক আজি পুৱা ভাগতে নিজা বাসগৃহত সৰ্পই দংশন কৰে । কনমানি গৰাকীক ততাতৈয়াকৈ গহপুৰৰ অসামৰিক চিকিৎসালৈ নিয়া হয় কিন্তু অসামৰিক চিকিৎসালত উপযুক্ত চিকিৎসক নথকা বাবে বৰগাংস্থিত কেথলিক মিচন হস্পিতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । ছাত্ৰীগৰাকীৰৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি পৰিয়ালৰ লোকে এতিয়াও প্ৰাণ পাই উঠিব বুলি বেজৰ সহায় লৈছে। কণমানি ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাই বৃহত্তৰ ডুবিয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Read More...

জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা    

জামুগুৰিহাটত উন্মুক্ত ট্ৰেনচফৰমাৰক লৈ শংকা যিকোনো মূহুৰ্ত্ততে হব পাৰে দুৰ্ঘটনা            অসম খবৰ, জামুগুৰিহাট ১৯আগষ্ট-জামুগুৰিহাটত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে এক ভয়ংকৰ দূৰ্ঘটনা ।হয় অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ জামুগুৰিহাটস্হ কায্যলয়টোৰ চুড়ান্ত হেমাহিৰ বাবেই বৃহত্তৰ অঞ্চলটোত যিকোনো মূহুৰ্ত্ততে সংঘটিত হব পাৰে যিকোনো ঘটনা।জামুগুৰিহাটৰ দৈনিক বজাৰৰ ওচৰৰ দাদুল হোমিঅ ফাৰ্মাচীৰ সন্মুখৰ ট্ৰেন্সফৰমাৰটোৱেই অঞ্চলটোৰ বহু পৰিয়াললৈ কঢ়িয়াই আনিব পাৰে কাল অমানিশা ।বিদ্যুত বিভাগৰ অকৰ্মণ্যতা আৰু হেমাহিৰ বাবেই বহু উচ্চ ক্ষমতাসম্পন্ন এই ট্ৰেণচফৰমাৰটো হাবি জংঘলেৰে আবৰি ধৰিছে।কোনো ধৰনৰ আবুৰ নথকা এই ট্ৰেণচফৰমাৰটোৰ তলতেই আনকি বৃহস্পতিবাৰে জামুগুৰিহাটত বহা সাপ্তাহিক বজাৰখনৰ বহু…

Read More...

বিলাসীপাৰাত গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ ৰ জিলা সমিতি ৰ শপত গ্ৰহণ অনুষ্ঠান 

বিলাসীপাৰাত গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ ৰ জিলা সমিতি ৰ শপত গ্ৰহণ অনুষ্ঠান    আজি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থাগাৰত ৰাতিপুৱা ১১বজাত  বিলাসীপাৰা জিলা গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদ ৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। শপত গ্ৰহণ অনুষ্ঠানত শতাধিক গৰিয়া-মৰিয়া দেশীয় জাতীয় পৰিষদৰ কৰ্ম কৰ্তা সকলে উপস্থিতিত বিলাসীপাৰা জিলা সমিতিৰ শপত বাক্য পাঠ কৰে।   বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলাম

Read More...

খাৰুপেটীয়াত কংগ্ৰেছৰ দলীয় কৰ্মী সভা

খাৰুপেটীয়াত কংগ্ৰেছৰ দলীয় কৰ্মী সভা ———————————————————- “ডি”ভোটাৰ সৃষ্টিকাৰি প্ৰফুল্ল কুমাৰ মহন্তই এতিয়া ঘৰিয়ালৰ চকু পানী টুকিছে:: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ———————————————————- বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰিছে ভাৰতীয় নাগৰিকৰ:ৰিপুন বৰা খাৰুপেটিয়া ১৯ আগষ্ট:: ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত ভাৰতীয় নাগৰিকৰ মাজত” ডি” ভোটাৰৰ সৃষ্টি কৰি  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এতিয়া ডি ভোটাৰৰ নামত ঘৰিয়াল চকু পানী টুকিছে। এই মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ । আজি দৰঙৰ খাৰুপেটীয়া অসম ক্লাবত কংগ্ৰেছৰ দলগাও আৰু বেছিমাৰি ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰায় সহশ্ৰাধিক লোকৰ উপস্থিতিত দৰং জিলা…

Read More...

চাপাগুৰি এমি স্কুলৰ প্ৰাঙ্গনত চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভাৰ সহযোগত চিন্তন বৈঠক

  চাপাগুৰি এমি স্কুলৰ প্ৰাঙ্গনত চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভাৰ সহযোগত চিন্তন বৈঠক চিৰাংৰ পৰা লিটন বসাক১৯ আগষ্টঃ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু চাপাগুৰি শাখা সাহিত্য সভা ৰ সহযোগত অনুষ্ঠিত হয় ,উক্ত চিন্তন সভাত ড° পৰমানন্দ ৰাজবংশী। ২০২১ চনত ৰাজ্য খনত অনুষ্ঠিত হবলগীয়া লোকপিয়লত অসমীয়া ভাষা ৰ লগতে স্থানীয় জনজাতী য় ভাষা সমূহ সংখ্যালঘুত পৰিণত হৈ সাংঘাতিকভাৱে সংকটৰ সন্মখীন হব ।চৰকাৰৰ ভাষানীতি শিক্ষা নীতি নিয়োগনীতি নথকাৰ বাবেই স্থানীয় মাতৃ ভাষা সমূহ বিলীন হব ধৰিছে ।মাতৃ ভাষা নজনা লোকক অামি চৰকাৰী চাকৰি কৰিবলৈ নিদিওঁ। বুলি…

Read More...

বাজপায়ীদেৱৰ মহাপ্ৰয়াণত টীয়ক বাণিজ্য সন্থাই গভীৰ শোক প্ৰকাশ কৰে

  প্ৰাক্তন প্ৰধানমন্ত্ৰী, দূৰদৰ্শী ৰাজনীতিক, নৱভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপায়ীদেৱৰ মহাপ্ৰয়াণত টীয়ক বাণিজ্য সন্থাই গভীৰ শোক প্ৰকাশ কৰে ।‌ সন্থাৰ উদ্যোগত আজি গধুলি ৬ বজাত টীয়কৰ ASTC বাছ আস্থান সমীপত ৰাজহূৱাভাৱে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে ।‌ অনুষ্ঠানত সমূহ টীয়কবাসী আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতা টীয়ক বাণিজ্য সন্থাই কামনা কৰিছে ।‌

Read More...

নগাঁৱৰ জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি

  নগাঁৱৰ জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বৃহত্তৰ জাজৰি অঞ্চলৰ সংবাদ ক্ষেত্ৰখনৰ লগত জড়িত হৈ থকা লোকসকলক সামৰি গঠিত জাজৰি প্ৰেছ ক্লাৱৰ ১২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে দিনযোৰা বিস্তৃত কাৰ্যক্ৰমণিকাৰে স্থানীয় জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সফল সামৰনি পৰে ৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত শিক্ষাবিদ ফইজুৰ ৰহমানে স্মৃতি তৰ্পন কৰাৰ অন্তত ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰাইজমানী চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সুৰেশ হাজৰিকাৰ বৰগীতৰ পাছতেই ১১ বজাৰ পৰা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মঞ্জুল কটকীৰ সভাপতিত্বত অনুষ্ঠিত হয় এক মুকলি সভা।সভাৰ অাৰম্ভনিতে প্ৰাক্তন…

Read More...

বিলাসীপাৰাত বিনামূলীয়া দক্ষতা অভিযানৰ অধিনত বিশেষ প্ৰদৰ্শনী  অনুষ্ঠান

  বিলাসীপাৰাত বিনামূলীয়া দক্ষতা অভিযানৰ অধিনত বিশেষ প্ৰদৰ্শনী                                                         অনুষ্ঠান বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামন দেওবাৰ – ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত অসম দক্ষতা বিকাশ সন্মিলন অধিনত গোটেই অসমৰ লগতে জিলা দক্ষতা বিকাশ কেন্দ্ৰ ধুবুৰীৰ জিলা প্ৰকল্প বিষয়া ৰাফিউল ইছলাম আৰু বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আজি দিনৰ ১১:০০ বজাত স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষা গৃহত এখন বিনামূলীয়াকৈ দক্ষতা অভিযানৰ অধিনত বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয় । উক্ত…

Read More...

ভূৰবন্ধাত মণ্ডল বিজেপি আৰু বুথ সমিতি সভাপতি সকলৰ সহযোগত শ্ৰদ্ধানঞ্জলি অনুস্থান

  মৰিগাঁওৰ পৰা পুলিন কাকতি  ১৯ আগষ্ট :ভূৰবন্ধাত বিজেপি মণ্ডল সমিতি আৰু বুথ সমিতি সভাপতি সকলৰ সহযোগত ভুৰবন্ধাৰ ৰাস মন্দিৰ প্ৰাঙ্গন শ্ৰদ্ধানঞ্জলি অনুস্থান । এটা সোনালী যুগৰ অৱসান ঘটিল,ভাৰতবৰ্ষৰ মহীৰূহ ,যুগদ্ৰষ্টা তথা প্ৰক্তন প্ৰধান মন্ত্ৰী  অটল বিহাৰী বাজপ্ৰেয়ী মৃত্যুত সমগ্ৰ  ভাৰতবৰ্ষ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ ভূৰবন্ধাটো ভূৰবন্ধাৰ ৰাস মন্দিৰ প্ৰাঙ্গনত শ্ৰদ্ধানঞ্জলী অনুস্থান আয়োজন কৰিছে।উক্ত  অনুস্থানটোত উপস্হিত থাকে ভূৰবন্ধাৰ মণ্ডল সভাপতি দুৰ্গা দলৈ, সম্পাদক কনক দাস ,মৰিগাঁও জিলা বিজেপি কোষাধ্যক্ষ যাদব কোঁৱৰ,তিৱা স্বাৱত্ব পৰিষদৰ সদস্য উজ্জ্বল বৰা,জিলা OBC মৰ্চা সভাপতি চন্দন দলৈ,ST মৰ্চা বিনয় কোঁৱৰ সহ মণ্ডল সমিতি বিষয় -ববিয়া…

Read More...

ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান কফি আন্নানৰ দেহাৱসান

অসম খবৰ, কোকিলা ১৯ আগষ্টঃ ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধান কফি আন্নানৰ দেহাৱসান আৰু নাই।     ছুইজাৰলেণ্ডত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে আন্নানে। ১৯৯৭ চনৰ পৰা ২০০৬ চনলৈ ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল কফি আন্নানে। আন্নানে শান্তিৰ নোবেল বঁটাৰেও বিভূষিত হৈছিল ঘানাৰ কূটনীতিবিদজন। ছিৰিয়াত শান্তি প্ৰতিষ্ঠাৰ বাবে লৈছিল বিশেষ উদ্যোগ।

Read More...

কুলাংগাৰ তিনি পুত্ৰৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পিতৃৰঃ দৃষ্টান্তমূলক শাস্তিৰ দাবী ৰাইজৰ

কুলাংগাৰ তিনি পুত্ৰৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পিতৃৰঃ দৃষ্টান্তমূলক শাস্তিৰ দাবী ৰাইজৰ কোকিলাৰ পৰা ইয়াছিন অসম খবৰঃ১৯ আগষ্টঃ “`ৰাজ্যত পুনৰ পুত্ৰৰ হাতত অপদস্ত পিতৃ। কিছুদিন পূৰ্বৰে পৰা বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈছে পুত্ৰৰ হাতত পিতৃ মাতৃ অপদস্ত, লাঞ্ছিত, বঞ্ছিতৰ প্ৰচাৰ । কিছুদিন পূৰ্বে শিৱসাগৰ জিলাত পুত্ৰৰ বাবেই আত্মহত্যা কৰিছিল পিতৃ মাতৃ তাৰ পিছতেই বৰপেটাত পুত্ৰ-পুত্ৰবোৱাৰীৰ ভয়ত ঘৰ এৰি আনৰ ঘৰত আশ্ৰয় লৈছিল মাতৃয়ে। সি দিনা বৃদ্ধ মাতৃক কুলাংগাৰ পুত্ৰই উঠাই দিছিল কলং নৈৰ কোবাল সোঁতত। আকৌ প্ৰায় তেনে এক ঘটনা সংঘটিত হল বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনস্থ তথা ঘেৰুকাবাৰী…

Read More...