অভিমান

  অভিমান   তোমাক লৈ পোখা মেলা  মোৰ অভিমান বোৰ , এদিন সুউচ্চ শৃংগৰ শিখৰ পাইছিল। ধূলিয়ৰি সপোন বোৰে ৰিঙিয়াই মাতিছিল। আকাশ ,বতাহ আৰু  তুমি  সচাঁকৈয়ে বৰ আপোন আছিল মোৰ। …………………………………. মোৰ অনুভৱ বোৰ , হৃদয়ংগম কৰিবলৈ জানো শিকিলা ? প্ৰতিশ্ৰুতি বোৰ ইতিহাস হ’ল… বুজা নুবুজাৰ তাড়নাত হাহিঁবোৰো  ক’ত বা হেৰাল? তুমি জানো দেখিছা……!!             হিমাংশু শইকীয়া

Read More

দুৱৰিত নিয়ৰৰ টোপাল

দুৱৰিত নিয়ৰৰ টোপাল     কাঁহ পৰি নিজান হৈ পৰা  কাহিলি পোৱা । ফেঁচু চৰাই জনীৰ মাতত যেন  পোহৰে মোৰ ডাঙি চাইছে ।  ভালে হৈছে , এটি নতুন দিনৰ আগমন হৈছে । অনন্ত অতল হৈ বিয়পি থকা আকাশখনে   উচুপি উঠিছে । ডাৱৰৰ মাজে মাজে লুকা ভাকু খেলি  নাচি বাগি থকা জোনটিয়ে  কান্দি কাটি অৱশ হৈ পৰিছে । দুৱৰিৰ দলিচাত জিকমিকাই থকা  নিয়ৰৰ টোপালবোৰ  আনন্দত নাচি উঠিছে । কিন্তু…… কিন্তু সিহঁতে নাজানে ! সিহঁতৰ মৃত্যু যে সমাগত  ক’ৰবাৰপৰা ঢপঢপাই পাখী কোবাই  ফেঁচাজনী উৰি গৈছে । হয়তোঁ তাইৰ আপোন ঘৰখনলৈ ।  আৰু………

Read More

অনুভৱ

অনুভৱ দুখীয়া পজাতে জ্বলিল চাকি গছি দুখৰে অন্ত নাই, পজাটিত পোহৰে আৱৰিলেও  সেই পজাত আন্ধাৰে সদায়। ৰাতিৰে জোনাকী থাকে তিৰবিৰ কৰি, থাকে আন্ধাৰত পোহৰত চিটিকাই, তাৰে দুখ জানো উমান লৈ আন্ধাৰে ধৰালৈ পোহৰ নমায়। আকাশৰে পৰা সৰিল তৰাটি ,তালৈ ছাগে আকাশৰো মৰম নাই , ধৰাৰ বুকুতো সি মৰম নাপায় নোহোৱা হৈ যায়। গছৰে জেতুকা থাকে হৈ সেউজীয়া ,ৰ’দৰ পোহৰত থাকে হাহিঁ খিলখিলাই, কোনোৱাই চিঙি আনি দিলে কাৰোৱাৰ হাতত জেতুকাৰ তেজ বোলায়। নিজৰ শোক বিলিন হৈ যাব নিজৰ লগতে হয়তো তোমাতকৈ তোমাক বুজিব পৰা আন কোনোৱে নাই।   ✍🏻সুমন জ্যোতি বৰা.

Read More

বিশ্বনাথত মৃতদেহ উদ্ধাৰ

     বিশ্বনাথত মৃতদেহ উদ্ধাৰ বিশ্বনাথত ৮ মাহ পূৰ্বে সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে। বিশ্বনাথৰ মাজুলিগড় চাহবাগিছাৰ শান্তিপুৰত জ্যেষ্ঠ ভাতৃ দীপক তছা আৰু জোৱায়েক সুদৰ্শন তছাই মিলি যোৱা জানুৱাৰী মাহত হত্যা কৰিছিল ভাতৃ দিপেন তছাক। হত্যাৰ এদিনৰ পিছৰ ঘৰৰ সমীপৰ দিৰিং নদীৰ পাৰত পুতি থৈছিল দিপেনৰ মৃতদেহ। কালি হত্যাকাৰী দিপক আৰু পত্নীৰ মাজত কাজিয়া লগাত দীপকৰ পত্নীয়ে স্হানীয় ৰাইজক ঘটনাৰ সবিশেষ জানিবলৈ দিয়াত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত হৈছিল এই ঘটনা। বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী দীপক আৰু সুদৰ্শনক। দণ্ডাধীশৰ   উপস্থিতত   গাত খান্দি মৃতদেহ…

Read More

নগাঁৱৰ পহুকটা চেঁ‌চামুখত সন্ধানহীন মহিলা

      নগাঁৱৰ পহুকটা চেঁ‌চামুখত সন্ধানহীন মহিলা অপূৰ্ব হাজৰিকা নগাঁও জিলাখনত নাৰীজনিত বিভিন্ন ঘটনাই সংবাদ মাধ্যমৰ লগতে সাধাৰণ জনতাৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হৈ থকাৰ সময়তে নগাঁও চহৰৰ দাঁ‌তি কাষৰীয়া অঞ্চল পহুকটা চেঁ‌চামুখৰ পৰা এগৰাকী মহিলা সন্ধানহীন হৈ আছে। জানিব পৰা মতে, নগাঁও জিলাৰ ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত পহুকটা চেঁ‌চামুখৰ প্ৰিয়ঙ্কা বৰা নামৰ মহিলাগৰাকী যোৱা সাত আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। নগাঁও জিলাৰে কন্দলিৰ মহিলাগৰাকী পহুকটা চেঁ‌চামুখৰ মুন বৰাৰ সৈতে তিনি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে নগাঁ‌ও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে আৰু এই…

Read More

অসম খবৰ ১ লাখৰ অধিক views দিয়া বাবে পাঠক সমাজলৈ ধন্যবাদ

অসম খবৰ ১ লাখৰ অধিক views দিয়া বাবে পাঠক সমাজলৈ                                                             ধন্যবাদ   অসম খবৰৰ অসমৰ অন্যতম জনপ্ৰিয় ৱেব নিউজ পৰ্টেল অসম খবৰ অতি কম সময়ৰ ভিতৰত জনগণৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা অসম খবৰ আজি পৃথিৱীৰ চুকে-কোণে। অসমৰ অসমীয়া জাতি, ভাষা আৰু জাতীয় সম্পদৰ স্বাৰ্থত জন্ম লাভ কৰা অসম খবৰে আজি ১ ( এক লাখ ) লাখৰো অধিক ৰাইজৰ কাষত থিয়…

Read More

বিদ্যুৎ যোগান বিচাৰি তিতাবৰ নগৰত পথৰ কাষতেই শক্তি মন্ত্রীক  পূজা–অৰ্চনা 

বিদ্যুৎ যোগান বিচাৰি তিতাবৰ নগৰত পথৰ কাষতেই শক্তি মন্ত্রীক                                    পূজা–অৰ্চনা   ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গৃহ সমষ্টি তিতাবৰত অনুষ্ঠিত হৈছে এই বিশেষ পূজা–অৰ্চনা।কিন্তু এই পূজা-অৰ্চনা আকৌ ভগৱানক উদ্দেশ্যি কৰা হোৱা নাই। এই পূজা-অৰ্চনা হৈছে কেৱল ৰাজ্যৰ শক্তি মন্ত্ৰী গৰাকীক টোপনিৰ পৰা সাৰ পোৱাবৰ বাবেহে।কাৰণ সমষ্টিটোৰ নগৰ সমিতিখনৰ অধীনত থকা ২ নং ৱাৰ্ডৰ এক বৃহত্তৰ অঞ্চলত স্বাধীনতাই ৭২ বছৰ অতিক্ৰম কৰাৰ পিছতো হোৱা নাই বিদ্যুৎ যোগান। নগৰ সমিতিখনৰ এলেকাধীন ২ নং বেবেজীয়া মহুৰামুখ নগাঁৱত…

Read More

হাঁহচৰাত ৰাইলুং চেতিয়া গাৱত হাঁহচৰা প্ৰেছ ক্লাৱৰ  বিনামূলীয়া প্ৰাণী পৰীক্ষণ

হাঁহচৰাত ৰাইলুং চেতিয়া গাৱত হাঁহচৰা প্ৰেছ ক্লাৱৰ  বিনামূলীয়া                              প্ৰাণী  পৰীক্ষণ সজাগত অসম খবৰ উজনিঅসম  শিৱসাগৰ জিলাৰ হাঁহচৰা প্ৰেছ ক্লাৱৰ উদ্যোগত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু নৰ্থ ইষ্ট পিপুলচ ৰাইট ৰ সহযোগত ৰাইলুং হাঁহচৰা চেতিয়া নামঘৰৰ প্ৰাংগনত আজি এটি বিনামূলীয়া ভ্ৰাম্যমাণ   প্ৰাণী  পৰীক্ষণ, বিশুদ্ধিকৰণৰ শিৱিৰ অনুষ্ঠিত হৈ যায়।উল্লেখ্য যে হাঁহচৰা ৰাইলুং চেতিয়া গাৱৰ এটা পৰিয়ালত আৰ্চেনিকৰ ফলত  ১০ জনকৈ লোক অচিন ৰোগত আক্ৰান্ত হোৱাৰ খৱৰ সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছৰে পৰা গাওঁখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। সমগ্ৰ বিষয়টোত…

Read More