বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত

  গাঁৱে-ভূঞে থকা প্ৰতিভাৱান শিল্পীয়ে অডিচনত অংশ লৈ নিৰ্বাচিত হৈ SUNDAY নামৰ নিৰ্মাণ হ’ব লগা অসমীয়া চিনেমাত অভিনয়ত সুযোগ লোৱাৰ সুবিধা লওক অহা ৩ ছেপ্টেম্বৰত বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হ’ব লগা অডিচনত l

Read More

অসম চৰকাৰৰ মৎস্যমিএ আচঁনি আজিও সফলহৈ নুঠিল 

  অসম চৰকাৰৰ মৎস্যমিএ আচঁনি আজিও সফলহৈ নুঠিল                 তেজপুৰৰ পৰা মৃন্ময় শইকীয়া , মৎস্যমিএ আচঁনি খন আৰম্ভ হৈছিল ২০০৮ চনত অসমৰ প্ৰতিটো ব্লকত ৬/৭ জনকৈ মৎস্যমিএক জিলা সমূহৰ গ্ৰামোন্নয়নৰ আৰ্থিক সাহায্যত অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰহাৰ মীন মহাবিদ্যালয়ৰ সৌজন্যত ১৬ দিনীয়া মৎস্যমিএ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷ যি সকল প্ৰাৰ্থীয়ে সফল ভাৱে প্ৰশিক্ষন গ্ৰহণ কৰিলে তেওঁলোক নিজৰ এলেকাৰ, ব্লকৰ যোগেদি গাওঁ পঞ্চায়ত সমূহত এলেকা নিৰ্বাচন কৰি অস্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহন কৰিছিল ৷ জিলা মীন বিষয়া কাযালয় যোগেদি মৎস্যমিএ সকলৰ কাম আছিল –…

Read More

কেশৱ মহন্তৰ হিমাৰ প্ৰতিমূৰ্ত্তি পকেটৰ টকাৰে নিৰ্মানৰ ঘোষণাৰ পাছতে  তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলৰ

  কেশৱ মহন্তৰ হিমাৰ প্ৰতিমূৰ্ত্তি পকেটৰ টকাৰে নিৰ্মানৰ ঘোষণাৰ পাছতে  তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলৰ অপূৰ্ব হাজৰিকা: ইণ্ডোনেচিয়াৰ জাকাৰ্টাত চলি এচিয়ান গেমচত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় অভিলেখ স্থাপন ৰূপৰ পদক দখল কৰি সুনাম অৰ্জন কৰা হিমা দাসৰ জীৱন্ত কালতে আন এক কৃতিত্বৰ অধিকাৰী হ’বলৈ ধৰিছে। আজি দৌৰ ৰাণী হিমাৰ নগাঁও জিলাৰ ধিঙৰ কান্ধুলিমাৰীৰ গৃহত উপস্থিত হৈ ৰাজ্যৰ জলসম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই ব্যক্তিগতভাৱে হিমাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি ঘোষণা কৰে। ধিঙৰ বিভিন্ন দল-সংগঠনৰ অনুৰোধত মন্ত্ৰীগৰাকীয়ে কৰা এই ঘোষণাত ধিংবাসী উৎফুল্লিত হৈ পৰিছে যদিও হিমাৰ একাংশ গুণমুগ্ধই কেশৱ মহন্তই কৰা ঘোষণাক…

Read More

পিছ পৰাৰ বাবে নহয় আগত যোৱাৰ বাবে অযোগ্য হিমাঃ সকলোৰে আশা ধুলিসাৎ

  পিছ পৰাৰ বাবে নহয় আগত যোৱাৰ বাবে অযোগ্য হিমাঃ সকলোৰে আশা ধুলিসাৎ কোকিলাৰ পৰা ইয়াছিন আলী কাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছত মহিলাৰ ৪০০ মিটাৰত ৰূপৰ পদক জিনা অসমৰ হিমা দাস আজি অনুষ্ঠিত মহিলাৰ ২০০ মিটাৰৰ ছেমিৰ পৰাই বাহিৰ হৈছে। পিছে দৌৰত পিছপৰা বাবে নহয়, আধা ছেকেণ্ড আগতেই দৌৰা বাবেহে, অৰ্থাৎ ভুল আৰম্ভণিৰ বাবেহে হিমাক অযোগ্য ঘোষণা কৰা হ’ল। ফলত প্ৰতিযোগিতাখনত দ্বিতীয়টো পদক জিকাৰ স্বপ্ন ধূলিসাৎ হ’ল হিমাৰ। গোটেই দেশবাসীৰ লগতে অসমৰ সকলো ৰাইজে আশাৰে বাট চাই আছিল আজিৰ হিমাৰ প্ৰদৰ্শনৰ বাবে। কিন্তু আৰম্ভণিৰ খোজটোৱেই দুৰ্ভাগ্য আনি দিলে প্ৰতিভাশালী…

Read More

তামুলপুৰৰ মেছগুৰীত বন্য হস্তীৰ মৃত্যু

  তামুলপুৰৰ মেছগুৰীত বন্য হস্তীৰ মৃত্যু কুমাৰীকাটা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মেছগুৰীত এটা মাইকী বন্য হস্তীৰ মৃত্যু হয় ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীটোৰ বিদ্যু স্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ বগাজুলী,গুৱাবাৰী,নাগ্ৰিজুলী আদি অঞ্চলত বহু দিন ধৰি বন্যহস্তীৰ জাক এটাই বিচৰন কৰি আছিল ৷ হাতীৰ জাকতো কেইবাটাও ভাগত বিভক্ত হৈ বিভিন্ন প্ৰান্তত মানুহৰ ঘৰ দুৱাৰ ভাঙি তাণ্ডৱ চলায় আছিল ৷ নিশা খাদ্যৰ বাবে জনাঞ্চলৈ সোমায় আহোতে নৈৰ পাৰত ধাননী পথাৰৰ কাষত হাতীটোৰ মৃত্যু হয় ৷ বন বিভাগৰ লোক…

Read More

হাতীচোঙত ৪২’ ৰ বীৰ ছহিদ তিলক ডেকাক সশ্ৰদ্ধ স্মৰণ

  হাতীচোঙত ৪২’ ৰ বীৰ ছহিদ তিলক ডেকাক সশ্ৰদ্ধ স্মৰণ                                                                         বেবেজীয়া, ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈ ১৯৪২ চনৰ ২৮ আগষ্ট তাৰিখে বৃটিছৰ আগমন ৰ সংকেত দিবলৈ গৈ বাৰপুজীয়াত বৃটিছ সৈন্য বাহিনীৰ ধাৰাসাৰ গুলীবৰ্ষণত প্ৰাণ আহুতি দিয়া বীৰ ছহিদ তিলক ডেকাক আজি তেখেতৰ ৭৬ সংখ্যক মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰে নগাঁও জিলাৰ হাতীচোঙ বাসী ৰাইজে।…

Read More

বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাল‍্যবিবাহৰ  বিৰুদ্ধে বিৰোধিতা

  বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বাল‍্যবিবাহৰ বিৰুদ্ধে   বিৰোধিতা যোৱা ২৬ আগষ্টত বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত হকোডবা গাঁওৰ নিবাসী ফজৰ আলী নামৰ ব্যক্তিৰ ছোৱালী নাছিমা খাতুনক দলনী বিল গাঁওৰ নিবাসী অমৰ আলী নামৰ ব্যক্তি জনৰ লৰা জহিৰুল হকে প্ৰায় সন্দিয়া ৭ টা মান বজাত ভাৰতীয় সংবিধানৰ নিৰ্ধাৰিত বয়স 18 বছৰৰ তলৰ ছোৱালীক বিয়া বাহপাশত আবদ্ধ কৰায়। সেয়ে কালি ২৭ আগষ্ট তাৰিখে উক্ত বাল্য বিবাহৰ বিৰুদ্ধে বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত যোগীঘোপা থানাত এক অভিযোগৰ           ভিত্তি  বাল্য বিবাহৰ লগত জড়িত ব্যক্তিগসকলক অতি   শীঘ্ৰে আইনগত…

Read More

বিলাসীপাৰাত আক্রাছুৰ ক’লা পতাকা উত্তোলন

  বিলাসীপাৰাত আক্রাছুৰ ক’লা পতাকা উত্তোলন বিলাসীপাৰা ৰ পৰা জহিৰুল ইছলামৰ  ধুবুৰী জিলাৰ বিলাসীপাৰাত কোচৰাজবংশী জনগোষ্ঠীক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত আজি ৰাতিপুৱা ১০.০০ বজাত বিলাসীপাৰা আক্রাছু আঞ্চলিক সমিতিৰ কাৰ্যালয়ত ক’লা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰা হয়। উক্ত প্ৰতাৰণা দিৱসত আক্রাছুৰ ধুবুৰী পুৱ জিলাৰ মুখ্য উপদেষ্টা গিৰি ৰায়,আক্রাছুৰ বিলাসীপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছানি সিংহ , আঞ্চলিক সদস্য ক্রমে জগত সিংহ, নিউটন সিংহ, জগত ৰয়, বিট্টু ৰয়ৰ লগতে অৰ্ধ শতাধিক আক্রাছুৰ কৰ্মী সকলে উপস্থিত থাকি ক’লা পতাকা উত্তোলন কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চৰম…

Read More

 বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক 

  বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক  চিৰাঙৰ পৰা লিটন বসাক যোৱা জুলাই মাহত কাম কৰিবলৈ দিল্লীলৈ যোৱা মুলা বসুমতাৰী (৩৫) নামৰ চিৰাঙৰ ৰুনিখাতা থানাৰ অন্তৰ্গত গৰছিংপাৰা গাঁওৰ লোকজন দিল্লীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত যোৱা ২১ আগষ্ট বিহাৰৰ মানছিং ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হয় । পৰিয়ালৰ লোকে উক্ত অঞ্চলত গৈ বিচাৰী নাপাই চিৰাঙৰ ৰুনিখাতা থানাত এজাহাৰ দিছে । যদি কোনো সদাসয় লোকে এই লোকজনৰ সন্ধান পায় তেন্তে 9954239498 নম্বৰত মোমায়েক মোকনাথ বসুমতাৰী আৰু দাদা লক্ষীশ্বৰ বসুমতাৰীক অৱগত কৰিবলৈ পৰিয়ালৰ সুত্ৰে জনাইছে ।

Read More

২৪ বছৰে আনক উজ্বলাই নিজে জ্বলি বিনা পাৰিশ্ৰমিকৰে অৱসৰ লোৱা এজন দুৰ্ভগীয়া শিক্ষকৰ কৰুণ কাহিনী

  ২৪ বছৰে আনক উজ্বলাই নিজে জ্বলি বিনা পাৰিশ্ৰমিকৰে অৱসৰ লোৱা এজন দুৰ্ভগীয়া শিক্ষকৰ কৰুণ কাহিনী চকু পানী টুকি আবেগিক পৰিবেশত বিদায় দিলে সতীৰ্থ আৰু ছাত্ৰ-ছাত্ৰীয়ে জীৱনৰ প্ৰায় সংখ্যক কাল ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জ্ঞানৰ পোহৰ বিলাই নিজে ঘোৰ অমানিশাৰ ফালে গতি কৰা এজন নগঁঞা শিক্ষক। বিনা বেতনৰে দীৰ্ঘদিন শিক্ষকতা কৰি চকু পানী টুকি খালি হাতে অৱসৰ গ্ৰহন কৰিলে আকৌ এজন শিক্ষকে। এই দুৰ্ভগীয়া শিক্ষক গৰাকীৰ নাম সতীন্দ্ৰ নাথ বৰা। তেখেতৰ ঘৰ নগাঁৱৰ চকলাঘাটত।  এই গৰাকী শিক্ষকে নগাঁও জিলাৰ বট্টদ্ৰৱা সমষ্টিৰ জাজৰি বেলতল স্হিত বীৰ চিলাৰায় মধ্য ইংৰাজী বিদ্যালয়ত ২৪ বছৰ…

Read More

সাহিত্যিক আৰু সাংবাদিক পেঞ্চন প্ৰাপ্ত ইন্দ্ৰ প্ৰসাদ শইকীয়া – অমিতাভ বৰুৱাক জিলা সাহিত্য সভাৰ সভাপতিৰ সম্বৰ্ধনা জ্ঞাপন 

  সাহিত্যিক আৰু সাংবাদিক  পেঞ্চন প্ৰাপ্ত ইন্দ্ৰ প্ৰসাদ শইকীয়া – অমিতাভ বৰুৱাক জিলা সাহিত্য সভাৰ সভাপতিৰ সম্বৰ্ধনা জ্ঞাপন  ইতিমধ্যে ৰাজ্য চৰকাৰে ২০১৮ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘোষণা কৰা অনুযায়ী সাহিত্যিক পেঞ্চন প্ৰাপ্ত বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সাহিত্যিক, একাধিক গ্ৰন্থ প্ৰণেতা নিবন্ধ কাৰ জনপ্ৰিয় কবি ইন্দ্ৰ প্ৰসাদ শইকীয়া আৰু বিশ্বনাথ তথা শোণিতপুৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক বৰগাংৰ অমিতাভ বৰুৱাক বিশ্বনাথ জিলাৰ সাহিত্য সভাৰ সভাপতি হিৰণ্য হাজৰিকাই সম্বৰ্ধনা জ্ঞাপন কৰে। বৰগাং শুকানখুটিস্থিত “প্ৰতীক্ষা ” ভৱনত যোৱা কালি ২৬ আগষ্টত সন্ধিয়া আয়োজন কৰা এক গাম্ভীযপূৰ্ণ অনুষ্ঠানত সাহিত্যিক পেঞ্চিণ প্ৰাপ্ত শইকীয়াৰ ৭০ দশকৰ পৰা সাহিত্যজগত খনলৈ আগবঢ়োৱা…

Read More

অসমীয়া বোলছবি জগতৰ বলিষ্ঠ অভিনেতা গুন মহন্ত অাৰু নাই

  অসমীয়া বোলছবি জগতৰ বলিষ্ঠ অভিনেতা গুন মহন্ত অাৰু নাই :নগঁঞাবাসীয়ে হেৰুৱালে এগৰাকী বিশিষ্ট শিল্পীক সকলো সতীৰ্থই শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনালে গুন মহন্তক। এক শোকাকুল পৰিৱেশৰ মাজত গুন মহন্তৰ নশ্বৰ দেহ নগাঁও মহাবিদ্যালয়লৈ অনা হয় । মহাবিদ্যালয়ত অধ্যক্ষকে প্ৰমুখ্য কৰি সকলোৱে শ্ৰদ্ধা নিবেদিলে এই গৰাকী শিল্পীলৈ। অাজি পুৱা এক হৃদৰোগত অাক্ৰান্ত হৈ সকলোককে এৰি এই ধৰণীৰ পৰা বিদায় ললে গুন মহন্তই।

Read More