বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন

  বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে যি নামঘৰ প্ৰতিষ্ঠা কৰি গল সেই নামঘৰে আজিও অসমীয়াৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত জামুৱনীৰ ৪ প্ৰাথমিকৰ সহযোগত জামুৱনীৰ দৰিকুৰীয়া নামঘৰত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন সফলতাৰে অনুষ্ঠিত হৈ যায় । পুৱা ৮ বজাত বিহালী আঞ্চলিক শাখাৰ সভাপতি প্ৰতাপ বৰাই ধৰ্ম ধব্বজা উত্তোলন কৰা অনুষ্ঠানটিত সমাৰোহ উদ্ধোধন কৰে জয়ন্ত বৰাই । ইয়াৰ পিছতে শিশু শাখাৰ, যুৱ শাখাৰ আৰু আই মাতৃ শাখাৰ বৰগীত,…

Read More...

বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক

বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক   বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত এক বিশেষ বৈঠকত অসম চৰকাৰৰ বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগকেইটাৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৰে চলি থকা অৰুণাচলী মদৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৱকাৰী বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। বিশ্বনাথ জিলাত মীনপালনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনক মৎস্য উপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ…

Read More...

জিঅাইএমটি, তেজপুৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক দে’ উদযাপন

জিঅাইএমটি, তেজপুৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক দে’ উদযাপন অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যনছৰ নিৰ্দেশনা অনুযায়ী ২৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰত বৰ্ষৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ লগতে জিঅাইএমটি, তেজপুৰতো চাৰ্জিকেল ষ্ট্ৰাইক দে উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ এ অাই চি টি ই, কমিটিৰ উদ্যোগত অায়োজিত অনুষ্ঠানটোত অামন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় স্থল সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন লোহিত চন্দ্ৰ ভূঞাই। উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ অাগবঢ়োৱা ভাষণত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিভাগ, তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিস্তৃত বাখ্যা অাগবঢ়ায়। তদুপৰি বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো দেশ অাৰু জনতাৰ সুৰক্ষাৰ হেতুকে সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ ৰোৱা সামৰিক জোৱানসকলৰ…

Read More...

তামুলপুৰত পুষ্টি অভিযান,ৰাজপথত সজাগতা সমদল

ৰাষ্ট্ৰীয় পৰিপুষ্টি মাহ উপলক্ষে যোৱা ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ পালন কৰি থকা পৰিপুষ্টি মাহৰ এক অংশ হিচাপে আজি তামুলপুৰ সংহত শিশু উন্নয়ণ প্ৰকল্পৰ সৌজন্যত এক সজাগতা সমদল উলিওৱা হয়। বাক্সাৰ তামুলপুৰত আজি দিনৰ ১০ বজাত উলিওৱা এই সমদলটোৰ শুভাৰম্ভ কৰে তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰীয়ে। সমদলত অংশগ্ৰহণকাৰী সকলে শৰীৰৰ পুষ্টিৰ বাবে পানী উতলাই ঠাণ্ডা কৰি খাব লাগে, স্বাস্থ্যই পৰম ধৰ্ম, পানীত থকা আপদকালীন পদাৰ্থ চেকি আঁতৰাব লাগে, সুস্থ মাতৃয়েহে সুস্থ সন্তান জন্ম দিব পাৰে আদি লিখিত বিভিন্ন বেনাৰ-ফেষ্টোন প্ৰদৰ্শন কৰাৰ লগতে শ্লোগান দিয়ে। সমদলটো তামুলপুৰ সংহত…

Read More...

  BISWANATH বিশ্বনাথ কলেজ শিক্ষকৰ দ্বাৰা ’কিতাপ পঢ়োঁ আহা’

 বিশ্বনাথ কলেজ শিক্ষকৰ দ্বাৰা ’কিতাপ পঢ়োঁ আহা’ ম’বাইল ফোনৰ সম্প্ৰসাৰণৰ লগে লগে ফেচবুক WhatsApp, টুইটাৰ, ইউ টিউৱে জনমানসত ধুমুহাৰ সৃষ্টি কৰি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে মানসিকতা সলনি কৰি দেখা গৈছে ৷ বৰ্তমান কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ পূৰ্বতকৈ বহুত বেছি গুণ কমি গৈছে ৷ থিক তেনে সময়তে বিশ্বনাথ কলেজ শিক্ষক গোট আৰু অসম কলেজ শিক্ষক সংস্থাৰ শোণিতপুৰ মণ্ডলে বিশ্বনাথৰ কুঁৱৰী অঞ্চলৰ হৰেশ্বৰ গোৱালা এম, ই স্কুলত দিনজোৰা কাৰ্যসূচীৰে ’’কিতাপ পঢ়োঁ আহা” নামেৰে এটি সজাগতা অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠান টিৰ পতাকা উত্তোলন কৰি শোণিতপুৰ মাণ্ডলিকৰ সভাপতি ডঃ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই ছাত্ৰ-ছাত্ৰীৰ…

Read More...

বিশ্বনাথলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ “পেড মেন” খ্যাত নয়ন শইকীয়াই

বিশ্বনাথলৈ পুণৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ        “পেড মেন” খ্যাত নয়ন শইকীয়াই   আপোনালোকে হয়টো চুপাৰমেন , স্পাইডাৰমেন অথবা হিটমেনৰ কাল্পনিক চৰিত্ৰৰ অভিনেতা তথা বোলছবি বহুবাৰ দেখিছে বিশেষকৈ কিছুদিন পূৰ্বে ভাৰতীয় ছবিজগতত অতিকৈ চৰ্চা লাভ কৰা অক্ষয় কুমাৰ অভিনীত “পেড মেন” ৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে । বাস্তৱ জীৱনৰ ওপৰত আধাৰিত পেডমেনৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ অসমৰ লগতে উত্তৰ পুৰ্বাঞ্চলত অসমৰ পেড মেন হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নয়ন শইকীয়াৰ আন এক সুখবৰে সমগ্ৰ বিশ্বনাথৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে । বিশ্বনাথ চাৰিআলিৰ গড়েহাগীস্থিত এই যুৱকজন কলকাতাত হোটেল…

Read More...

প্ৰেম – খন্তেকীয়া অনুভৱ

“”প্ৰেম – খন্তেকীয়া অনুভৱ “             – অবিনাশ সন্দিকৈ             6001239580    মই তোমাৰ প্ৰেমিক নহয়, নহওঁ তুমি হীনতাত কোঙা তথাপি তোমাক ভাল লাগে , লিখিব খোজো কিছু শব্দ  তোমাৰ নামত ।   সেই যে বেলি লহিওৱাৰ পৰত তোমাৰ সতে দেখা- দেখি , কিছু নিৰৱ হৈছিলো জানা  খন্তেকৰ বাবে । বিছন্ন কৰিছিল মোৰ মনটোক  তোমাৰ মিঠা বৰণীয়া  ওঠৰ হাহিটিয়ে ।   দৃঢ় হৈছিলো মই তোমাৰ প্ৰেমত নপৰো, কিছু মিঠা সম্পৰ্ক শেষ হৈ যায় এই স্বাৰ্থপৰ যেন লগা শব্দটিত ।  …

Read More...

হেপাহ

হেপাহ   হেপাহ থাকিল বুলি জোনটো চুব নোৱাৰোঁ মই   মন গল বুলি সাগৰ সাতোৰিব নোৱাৰোঁ মই   আশাঁ কৰিলোঁ বুলি বিচৰাটো পাৱ নোৱাৰোঁ মই   যুজাৰু মন আছে বুলি সকলোৰে লগত যুজিব নোৱাৰোঁ মই   বিষাদ আছে বাবে জীৱনত আনান্দৰ মাদকতা পাইছো মই   তথাপি  আজি হিচাৱ কৰিছো মই কি পালোঁ কি হেৰুৱালো  আৰু হেৰুৱাম নো কি …??              মৃদুল বৰ্মন

Read More...

आज मैं मेरी डायरी के पन्नों में से एक पुरानी पन्ना आप सभी के समक्ष रख रही हूँ…..*

😔*आज मैं मेरी डायरी के पन्नों में से एक पुरानी पन्ना आप सभी के समक्ष रख रही हूँ…..*   *आहोम राज्य की राजधानी शिवसागर दर्शन*           24 दिसंबर 2004 ,शुक्रवार को हमारे “नटराजम् संगीत ओ चित्रकला विद्यालय के शिक्षक शिक्षिका तथा छात्र छात्रा और हमारे दो पड़ोसी चाची, माँ सभी रात की लगभग 1 बजे बस से शिवसागर के लिए रवाना हुए । ठंड का मौसम और बाहर कुहासा छाया हुआ था । रात की सन्नाटे को चीर कर हमारे बस आगे बढ़ने लगी और हमलोग…

Read More...

স্তব্ধ চাৰিটা হাহি

স্তব্ধ চাৰিটা হাহি                          জিন্তু ভুঞা                          দূৰভাষ:৭০০২১৩৪৫১৮   এটা আশাৰ দিনৰ অন্ত পৰিল আজি হেৰাই গল সেই আশা সেই সপোন দুয়ু দুয়ু হাতত ধৰি দিয়া  প্ৰতিশ্ৰুতিৰ অন্ত পৰিল আজি, ক‍াল অমানিশা নামি আহিল  সিদিনা সন্ধিয়া যেন কাল আছিল॥ কি হৈ গল? কত হেৰাই গল সেই আশা কত উতি গল সেই সপোন॥ চাৰিটা হাহি স্তব্ধ হৈ পৰিল নিমাত হৈ পৰিল মাথো মাত্ৰ ভাহি আহিল চিঞৰ  “আমাক বছোৱা আমি…

Read More...

যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা

যুৱ উৎচ্ছৃংখলতা: বৰ্তমান সমাজ ব্যবস্থা                                    ✍জিন্তু ভুঞা              বৰ্তমানৰ যুৱ সমাজে ঠিৰাং কৰিব এখন দেশৰ ভৱিষ্যত। কিন্তু বৰ্তমান যুৱ সমাজ “যুৱ-উৎচ্ছৃংখলতা” নামৰ কলংকৰে কলংকিত, যি ভৱিষ্যতৰ বাবে নমাই আনিছে কাল অমানিশা। ইয়াৰ বাবে দায়ী কোন? যুৱ সমাজ নিজেই, নে বৰ্তমান সমাজ ব্যবস্থাই বাধ্য কৰাইছে তেওলোকক??           যদি এজন যুৱক সমাজৰ বাবে নকৰিব লগীয়া কাম কৰে প্ৰথমতে আঙুলিয়াই তেওৰ পিতৃ মাতৃলৈ ই কিমান যুক্তি পুৰ্ণ?…

Read More...

নতুনত্ব

নতুনত্ব   অবিনাশ দাস  নলবাৰী   নতুনত্বৰ সোৱাদ কিবা  পাইছা নেকি ? ওঁহো,এতিয়ালৈ কোনো  নতুনত্বই জীৱন দুৱাৰত আলোড়িত কৰিব পৰাকৈ খুন্দিওৱা নাই নহয়,নতুনত্ব আনিবলৈ চেষ্টা কৰা নাই ৷   কেতিয়াবা বিবেকক মই শুধো কিয় মৰি মৰি জীয়াই আছো ! সন্মুখত অনিশ্চত ভবিষ্যতৰ  এক কন্টকমই যাত্ৰা ৷ অনুভৱ হয় মৰিবলৈ হে জীয়াই আছো ৷   মনযায় কেতিয়াবা আত্মিকতাৰ  বান্ধোনত খাপ খুৱাই পাখিত পাখি লগাই আকৌ এক নতুন যাত্ৰা আৰম্ভ কৰিবলৈ ৷ কিন্তু ক্ষন্তেকৰ বাবে স্তব্ধ হয় মৌন ওঁঠৰ ৰঙীন ভাষা ৷ নেপথ্যৰ আত্মিকতাই যদি মিথ্যা হয় ৷উত্তৰণত যদি ব্যঘাত হয় নতুনত্বৰ…

Read More...

তুমি দিয়া দুখৰ অবিহনে মই দুখীয়া হৈ পৰিম

তুমি দিয়া দুখৰ অবিহনে মই দুখীয়া হৈ পৰিম   -দেৱজিৎ লাহন   দুচকুত উদাসীনতাৰ কাজল সানি তুমি মোলৈ পঠাইছা তোমাৰ ভ্ৰুকুটিৰ সুতীব্ৰ ঘৃণা বিদ্ৰুপৰ হাঁহিটোৱে অশান্ত কৰিছা মোৰ হৃদয়। তোমাৰ মৌনতাত মোৰ বোবা ক্ৰন্দন।…   ক্ৰোধ,আক্ৰোশেৰে ৰুদ্ৰমূৰ্তি ধৰি আঘাত কৰিছা মোক তোমাৰ খঙাল মনৰ অসহিষ্ণু তীক্ষ্ণ তৰোৱালেৰে, বজ্ৰ কঠোৰ বাক্য বাণেৰে ।   অনাদৰৰ পাত্ৰ কৰি দলিয়াই দিছা মোক অৱজ্ঞাৰ এৰাসুঁতিত তোমাৰ ক্ষমাহীন নিষ্ঠুৰ হাতেৰে।   এনেকৈয়ে তুমি মোক দুখবোৰ দিছা-যি দুখেৰে মই ক্ৰমশঃ  চহকী হৈ পৰিছোঁ পৰিশ্ৰমৰ চেণ্ডেল নিপিন্ধাকৈয়ে।… চহকী হ’বলৈ আৰুনো কি লাগে?   তুমি দিয়া দুখেৰেই বুকুত…

Read More...

চিৰাঙৰ বিজনী আৰক্ষী থানাত আব্দুল হাই নাগৰীক নামৰ যুবক গ্ৰেপ্তাৰ

চিৰাঙ জিলাৰ বিজনী থানাত বুধবাৰে টকা আত্মসাৎ কৰাৰ নামত আব্দুল হাই নাগৰীক (৩৫বয়স )নামৰ যুবক জনক বিজনী আৰক্ষীয়ে ১নং দংচিয়া পাৰাৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰি বিজনী আৰক্ষী থানাত আনে। ধৃত যুবক জনে নিজকে মন্ত্ৰী,নেতা, চৰকাৰী বিষয়া নাম লৈ সাধাৰন ৰাইজৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা অভিযোগ উথাপন হৈছে । বিজনী মহকুমা আৰক্ষী বিষয়া জনায় যে ১নং দংচিয়াপাৰৰ আব্দুল কৰিম নামৰ লোক এজনৰ পৰা চাৰি লাখ সত্তৰ হাজাৰ টকা আত্মসাৎ  কৰে। লোকজনে বিজনী আৰক্ষী থানাত অভিযোগ দাখিল কৰাত সেই সংক্ৰান্তত আব্দুল হাই নাগৰী নামৰ যুবক জনক 306/18/U/S420/406IPC গোচৰ ৰুজু কৰি…

Read More...