ব্যৰ্থতাৰ এটি অধ্যায় 

ব্যৰ্থতাৰ এটি অধ্যায়  ——————————- তুমি আহিছিলা  মই শুই থাকোতে  পুৱাৰবেলিটো হাতত লৈ ।   তুমি গুচি গ’লা  গাৰুৰ তলত বেলিটো থৈ ।   যেতিয়া সাৰ পালো  বেলিটোৱে তেতিয়া  এন্ধাৰৰ সাজ পিন্ধিছিল ।   গোটেই নিশা বৰষুণত তিতাৰ পিছত  বেলিটো পুনৰ পালো  কিন্তু তুমি দিয়াটো নহয় ।      বন্দনা পাটগিৰি      

Read More

তুমি

তুমি    কবিতাৰ শিৰোনাম তুমি নাজানো তুমি কোন? থাকা বহুতৰ মাজতেই লুকা ভাকু খেলি,আৰু পলে পলে আহি কৰা ধেমালী! তোমাৰ অবিহনে মোৰ আধাৰুৱা হৈ পৰে উকা  কাগজবোৰ! আৰু একালৰ বিষাদী প্ৰিয়াৰ কথা! তুমি আহিবা, আহি থাকিবা আৰু মই তোমাক তুলি ধৰিম ভাজ লগা ভাষাৰ মাজৰে! সেই দিনাও আহিবা যিদিনা শুই পৰিম একেবাৰলৈ! তুমি অনুভৱ নহয় জানো মোৰ!   ✍🏻সুমন জ্যোতি বৰা  

Read More

জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত কুইজ প্ৰতিযোগিতা

জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত কুইজ প্ৰতিযোগিতা ৷  অসম খৱৰ , জামুগুৰিহাট : বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ ছাত্ৰ- ছাএী সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্য জামুগুৰি প্ৰেছ ক্লাবৰ উদ্যোগত আৰম্ভ কৰা প্ৰথম খন কুইজ প্ৰতিযোগিতা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত হয় ৷ জামুগুৰিহাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাএী মাজৰ ১৪ টা দলে অংশগ্ৰহণ কৰে। বিদ্যালয়ৰ খনিৰ ছাএ-ছাএী মাজৰ ১৪ টা দলে অংশগ্ৰহণ কৰাৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে নীতিশ হাজৰিকা , আকাশ ভৰদ্বাজ , প্ৰত্যুষ জীৱন বৰা দল আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে টিংকু আচাৰ্য ,…

Read More