বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন

  বিহালীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে যি নামঘৰ প্ৰতিষ্ঠা কৰি গল সেই নামঘৰে আজিও অসমীয়াৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিছে। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিক সমিতিৰ উদ্যোগত জামুৱনীৰ ৪ প্ৰাথমিকৰ সহযোগত জামুৱনীৰ দৰিকুৰীয়া নামঘৰত দিনজোৰা কাৰ্যসূচীৰে ষষ্ঠদশ শিশু, আইমাতৃ আৰু যুৱ সন্মিলন সফলতাৰে অনুষ্ঠিত হৈ যায় । পুৱা ৮ বজাত বিহালী আঞ্চলিক শাখাৰ সভাপতি প্ৰতাপ বৰাই ধৰ্ম ধব্বজা উত্তোলন কৰা অনুষ্ঠানটিত সমাৰোহ উদ্ধোধন কৰে জয়ন্ত বৰাই । ইয়াৰ পিছতে শিশু শাখাৰ, যুৱ শাখাৰ আৰু আই মাতৃ শাখাৰ বৰগীত,…

Read More...

বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক

বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক   বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত এক বিশেষ বৈঠকত অসম চৰকাৰৰ বন আৰু পৰিৱেশ, মীন আৰু আৱকাৰী বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগকেইটাৰ বিষয়াসকলৰ সৈতে জিলাখনত সংশ্লিষ্ট বিভাগসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তৰে চলি থকা অৰুণাচলী মদৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৱকাৰী বিভাগৰ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। বিশ্বনাথ জিলাত মীনপালনৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে জিলাখনৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনক মৎস্য উপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ…

Read More...

জিঅাইএমটি, তেজপুৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক দে’ উদযাপন

জিঅাইএমটি, তেজপুৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক দে’ উদযাপন অল ইণ্ডিয়া কাউন্সিল অৱ টেকনিকেল এডুকেশ্যনছৰ নিৰ্দেশনা অনুযায়ী ২৯ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰত বৰ্ষৰ উচ্চ শিক্ষানুষ্ঠান সমূহৰ লগতে জিঅাইএমটি, তেজপুৰতো চাৰ্জিকেল ষ্ট্ৰাইক দে উদযাপন কৰা হয়। মহাবিদ্যালয়ৰ এ অাই চি টি ই, কমিটিৰ উদ্যোগত অায়োজিত অনুষ্ঠানটোত অামন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে ভাৰতীয় স্থল সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন লোহিত চন্দ্ৰ ভূঞাই। উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁ অাগবঢ়োৱা ভাষণত ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বিভিন্ন বিভাগ, তেওঁলোকৰ কাৰ্যপ্ৰণালীৰ বিষয়ে বিস্তৃত বাখ্যা অাগবঢ়ায়। তদুপৰি বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো দেশ অাৰু জনতাৰ সুৰক্ষাৰ হেতুকে সীমান্তত অতন্দ্ৰ প্ৰহৰী হৈ ৰোৱা সামৰিক জোৱানসকলৰ…

Read More...