সমগ্ৰ ৰাজ্যৰ লগতে দিশপুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন

নৰ্থ বেংক ডেভেপ্লমেণ্ট চছাইটিয়ে দিছ্পুৰ প্ৰেছ ক্লাৱত গান্ধী জয়ন্তী পালন কৰাৰ লগতে ২৮ বছৰ সম্পূৰ্ণ কৰে এই অনুষ্ঠানতিয়ে । উল্লেখ্য যে উক্ত বৰ্ষপতি অনুষ্ঠানটিত এখনি সমাজ বাৰ্তা নামৰ আলোচনী খন উন্মোচন কৰে নেমকেয়াৰ নাৰ্ছিংহোমৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই ।

Read More...

কুমাৰীকাটাত বিশেষ গাওঁ সভা আৰু শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আচনিৰ শুভ উদ্বোধনৰ সভা সম্পন্ন

বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী কুমাৰীকাটাৰ বিনয়াপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত এখন বিশেষ গাওঁ সভা সম্পন্ন হয়। কালিপদ মণ্ডলৰ সভাপতিত্বত শ্বহিদ কুশল কোৱৰ সাৰ্বজনীক বৃদ্ধ পেঞ্চন আচনিৰ শুভ  উদ্ধোধন কৰা হয়। উক্ত সভাত ২৬ নম্বৰ দৰংগাজুলী সমষ্টিৰ M.C.L.A বিজিত গৌৰা নাৰ্জাৰীয়ে কয় যে এন আৰ চি ৰ কাৰণে কোনেও ভয় খাব নালাগে, ৬০ বছৰ বয়সৰ পিছত উক্ত পেঞ্চন আচনি পাব বুলি জানিবলৈ দিয়ে। উক্ত সভাত দৰংগাজুলী সমষ্টিৰ সম্পাদক (BPF) কমল উজীৰ, তামুলপুৰ ব্লকৰ কনিষ্ঠ অভিজন্তা চাইখ্লং নাৰ্জাৰী, বিপিএফ দলৰ প্ৰাইমাৰী কমিটিৰ ২নং ভি চি ডি চি ৰ সম্পাদক…

Read More...

মহানগৰীত ‘বৰ্ণমালা’ শীর্ষক বিদ্যালয়ৰ শুভাৰম্ভ

মহানগৰীৰ হাতীগাঁও চাৰিআলিৰ মঙলবাৰে অজন্তা পথত ‘বৰ্ণমালা’ শীর্ষক এখনি শিশু উপযোগী বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। মহাত্মা গান্ধীৰ ১৫০তম জন্মদিনৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা হৈছে বিদ্যালয়খনৰ। উল্লেখ্য যে কণ কণ শিশুসকলৰ সুবিধা হোৱাকৈ নিৰ্মাণ কৰা বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছে ‘নীভ শৈক্ষিক ন্যাস’ৰ অধীনত। মঙলবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক কবি ড০ অমৰজ্যোতি চৌধুৰী, ড০ নীল কোঁৱৰ, ডামচৌ ৰিনচেন ইত্যাদি বিশিষ্ট লোকসকল। নীভ শৈক্ষিক ন্যাসৰ বিষয়ববীয়া সকলে সদৰি কৰা অনুসৰি মহাত্মা গান্ধীৰ জীৱনাদৰ্শ আৰু চুবুৰীয়া দেশ ভূটানৰ ‘গ্ৰছ নেচনেল হেপিনেছ কনচেপ্ট’ক আধাৰ হিচাবে লৈ শিশুসকলৰ জীৱনৰ বুনিয়াদ গঢ়াৰ প্ৰয়াস…

Read More...

বিজনী টোলগেটত আৰক্ষীৰ ছত্ৰ-ছায়াত বৃহৎ কয়লা ছিণ্ডিকেট ,৫০ৰ অধিক কয়লাৰ ট্ৰাক চালকক আটক,জব্দ গাড়ীৰ চাবি,মোবাইল সহ নথি পত্ৰ

এক বৃহৎ কয়লা ছিণ্ডিকেট গঢ়ি উঠিছে চিৰাং জিলাত আৰক্ষীৰ ছত্ৰ ছায়াত । জিলাখনৰ বিজনীৰ দহলা পাৰাত থকা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ টোল গেটত (বিজনী থানা এলেকা) চিৰাং জিলা আৰক্ষী অধিক্ষক যুৱৰাজৰ নিৰ্দেশত ছিদলী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাসৰ নেতৃত্বত যোৱা চাৰিদিনে ৫০ টাতকৈ অধিক কয়লা কঢ়িওৱা গাড়ী ৰখাই থৈছে । গুৱাহাটীৰ পৰা যোগীঘোপা তথা অন্যান্য ঠাইলৈ কয়লা কঢ়িয়াই আনিছিল এই গাড়ীসমূহে । গাড়ী চালক সকলে জনোৱা মতে যোৱা চাৰিদিনৰ পৰা চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসে গাড়ী সমুহ বিজনীৰ দহলা পাৰা স্থিত টোল গেটত ৰখাই থোৱাৰ লগতে ৪০ জন…

Read More...

খোৱাংত পতঞ্জলি প্ৰতিষ্ঠান বন্ধ কৰিলে আছুৱে

মৰাণৰ পৰা কুশল ভূঞা পতঞ্জলি যোগপীঠৰ উত্তৰ-পূবৰ নিৰক্ষক সতীনাথ বাৰালে মহা পুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱক চৰম অপমান কৰা প্ৰতিবাদত আজি সমগ্ৰ খোৱাং অঞ্চলকে ধৰি তিলৈনগৰতো খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই পতঞ্জলি ব্যৱসায় প্ৰতিষ্ঠান সমূহ বন্ধ কৰা লগতে পতঞ্জলি পোষ্টাৰ সমূহ ফালি নষ্ট কৰে। খোৱাং আছুৰ উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা প্ৰচাৰ সম্পাদক ৰাহুল কোঁৱৰে জানিবলৈ দিয়া মতে সতীনাথ বাৰালেক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত আছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব।

Read More...

জ্যেষ্ঠ নাগৰিক দিৱস পালন তেজপুৰত

জ্যেষ্ঠ নাগৰিক দিৱস পালন তেজপুৰত   সোমবাৰে জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে তেজপুৰৰ “ককা আইতাৰ আপোন ঘৰ” বৃদ্ধা অবাসগৃহত পালন কৰা হয় এক বিশেষ আয়োজন । ককা আইতাৰ সকলৰ লগত গীত মাতৰ লগতে এখনি সভাও অনুষ্ঠিত কৰা হয় বৃদ্ধা অবাসগৃহটোত । এই অনুষ্ঠানত সমাজ কল্যান বিভাগৰ বিষয়া চামচেৰা হাজৰিকা , স্বেচ্ছাসেৱী প্ৰতিষ্ঠান দৰ্পনৰ সম্পাদক ৰূপজ্যোতি বৰাৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Read More...