কুমাৰীকাটাত উদ্যম অভিলাষাৰ জনজাগৰণ কাৰ্যক্ৰমৰ শুভাৰম্ভ

তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ M.T.C.E.C কম্পিউটাৰ প্ৰশিক্ষণ শিবিৰত আজি এখন উদ্যম অভিলাষাৰ এক জনজাগৰণ কাৰ্যক্ৰমৰ শুভাৰম্ভ হয়। শান্তিৰাম বস্নেতৰ এই প্ৰশিক্ষণ শিবিৰত আজিৰে পৰা চলি থকা জাগৰণৰ কাৰ্যক্ৰম অহা ৭ অক্টোবৰলৈ চলিব। প্ৰশিক্ষণত চিড বি বেংকৰ এজি.এম শ্ৰী গিৰিন্দ্ৰ ব্ৰহ্মই তামুলপুৰ, নাগ্ৰীজুলী আৰু গোৰেশ্বৰ ব্লকৰ পৰা অহা শিক্ষিত নিবনুৱা সকলক উদ্যম অভিলাষাৰ বিষয়ে বাখ্যা কৰে। জনজাগৰণ কাৰ্যক্ৰমত ৪০ জন প্ৰশিক্ষাৰ্থী উপস্থিত থাকি অংশগ্ৰহণ কৰে।

Read More...

বিশ্বনাথত বৰ্ণাঢ্য কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন

  বিশ্বনাথত বৰ্ণাঢ্য কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি হিচাপে আজি সমগ্ৰ দেশৰ লগতে বিশ্বনাথতো বৰ্ণাঢ্য কাৰ্যসূচীৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে পুৱাভাগত গান্ধী প্ৰাৰ্থনা, গান্ধীজীৰ প্ৰিয় গজলসমূহ আৰু দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা হয়। কাছাৰী ময়দানৰ সমীপৰ চেনিৰাম দাস সোঁৱৰণী শিশু উদ্যানত থকা বাপুজীৰ প্ৰতিমূৰ্তিস্থলীত জিলা প্ৰশাসনে আয়োজন কৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই গান্ধীজীৰ প্ৰতিমূৰ্তিৰ কাষত এগছি বন্তি প্ৰজ্বলন কৰে আৰু পুষ্পাঞ্জলি প্ৰদানেৰে জাতিৰ জনকগৰাকীলৈ তেওঁৰ ১৪৯ সংখ্যক…

Read More...

বিশ্বনাথৰ ঘিলাধাৰীত : স্থানীয় ৰাইজে দলং নিৰ্মান কৰিবলৈ নিদিয়ে কংগ্ৰেছক : বিমুখ হৈ উভতিল জিলা কংগ্ৰেছৰ বিষয়ববীয়া

  বিশ্বনাথৰ চতিয়াত এখন দলংকলৈ ৰাজনীতি বিধায়ক প্ৰমোদ বৰঠাকুৰৰ পিচত সাংসদ ৰিপুন বৰাৰ ঘোষনা দলং নিৰ্মাণ হ’ব সাংসদ পুজিৰ ধনৰে ঘিলাধাৰীত : স্থানীয় ৰাইজে দলং নিৰ্মান কৰিবলৈ নিদিয়ে কংগ্ৰেছক : বিমুখ হৈ উভতিল জিলা কংগ্ৰেছৰ বিষয়ববীয়া বিশ্বনাথৰ ঘিলাধাৰী নৈত বনোৱা হ’ব কাঠৰ দলং ৷ পলসনি আৰু কুৰুআতিৰ মাজত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ’ব দলং এই ঘোষণা সাংসদ ৰিপুন বৰা ৷ দৈনন্দিন বাৰ্তাত বিদ্যালয়লৈ টৌৱেৰে ছাত্ৰ -ছাত্ৰী যাত্ৰাৰ কৰা বাতৰি ধাৰাবাহিক ভাৱে প্ৰচাৰ হোৱা ৰ ৭ দিনৰ পিচত সাৰ পালে ৰাজ্য সভাৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা…

Read More...