অসম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত বিধায়ক মৃনাল কুমাৰ শইকীয়াৰ প্ৰতিকৃতি দাহ

দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত খুমটাই , ঢেকীয়াল আৰু দেৰগাঁও আঞ্চলিক সমিতিৰ সহযোগত আজি ঢেকীয়াল তিনি আলিত খুমটাই সমষ্টিৰ বিধায়ক মৃনাল কুমাৰ শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে । খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই অসম গণ পৰিষদ দলৰ প্ৰতি আগবঢ়োৱা টুলুঙা মন্তব্য কৰাৰ লগতে অগপই পূৰ্বৰ পাপ মোচন কৰা বুলি কোৱাৰ প্ৰতিবাদত যুৱ পৰিষদে আজিৰ এই কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰতিবাদস্থলীৰ পৰাই যুৱ কৰ্মী সকলে বিধায়ক মৃনাল শইকীয়াক অগপৰ দলৰ প্ৰতি এনে টুলুঙা মন্তব্য পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে…

Read More...