চিৰাঙৰ বিজনী বিষ্ণুপুৰত এচ এচ বিৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ দুজন আটক । 

চিৰাঙৰ বিজনী বিষ্ণুপুৰত এচ এচ বিৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ দুজন আটক ।  চিৰাংৰ পৰা লিটন বসাক অসম খবৰ,১৩ অক্টোবৰ :  চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত এচ এচ বিৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ সহ দুজনক গ্ৰেপ্তাৰ । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত তথা ভাৰত-ভূটান সীমান্তৱৰ্তী পানবাৰী থানা এলেকাৰ ২নং বিষ্ণুপুৰৰ ছিকা নদীত এচ এচ বিৰ ১৫ বেটেলিয়নৰ ই কোম্পানীৰ জোৱান সকলৰ অতৰ্কিত অভিযানত দুজন লোক সহ চোৰাং কাঠ জব্দ । আটক লোক দুজন লাৰুগাঁওৰ বাসিন্দা বাবুল ৰহমান আৰু আব্দুল আলী । এইখিনিতে উল্লেখ কৰিব পাৰি যে বন বিভাগৰ দুৰ্বল…

Read More

চিৰাঙত প্ৰধান মন্ত্ৰী গ্ৰাম চৰক যোজনাত ব্যাপক দুৰ্নীতি

 নিম্নমানৰ কামৰ পিচতো চকুমুদা কুলি গঢ়কাপ্তানি বিভাগৰ চিৰাংৰ পৰা লিটন বসাক অসম খবৰ১৩ অক্টোবৰ : চিৰাং জিলাত পোহৰলৈ আহিছে প্ৰধান মন্ত্ৰী গ্ৰাম সৰক যোজনাৰ ব্যাপক দুৰ্নিতিৰ তথ্য । জিলাখনৰ বিজনী মহকুমাৰ বিষ্ণুপুৰ-চিকাঝোৰা (১ আৰু ২)  সংযোগি পথ  ২২.৫ লাখ টকা ব্যায় সাপেক্ষ নিৰ্মান কৰা  ৪.৫ কি:মি : পথচোৱা ২০১৪-১৫ বৰ্ষৰ প্ৰধানমন্ত্ৰী গ্ৰাম সৰক যোজনা(পিএমজিএচৱাই) আঁচনিত এই পথচোৱাৰ নিৰ্মান হৈছিল তিনিবছৰ পুৰ্বে ।  কিন্ত তিনি বছৰতে পথচোৱাৰ অৱস্থা একেবাৰে বেয়া হোৱাৰ ফলত ঠিকাদাৰে পুনৰ মেৰামতি কৰিবলগীয়া হৈছে । এনে অৱস্থাত  মেৰামতি কৰাৰ দৃশ্য দেখিলে চকু কপালত উঠিব । মেৱৰামতি কৰি যোৱাৰ…

Read More

তেজপুৰত দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি 

* তেজপুৰত দূৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি  * মৃৎশিল্পীৰ শেষ পৰস দেবী দূৰ্গাৰ প্ৰতিমাত ৷    অসম খৱৰ, তেজপুৰ :    শাৰদীয় ঋতুৰ আগমনে যেন একপ্ৰকাৰৰ কৰ্মব্যস্ততা বঢ়াইছে অসমৰ প্ৰত্যেককোণৰ মৃৎশিল্পী সকলৰ ৷ মহালয়াত পৃথিৱীলৈ দূৰ্গতিনাশিনী দেবী দূৰ্গাৰ আগমনে উৎসাহৰধল বইছে ভক্ত সকলৰ মাজত ৷ দেবী দূৰ্গাক আদৰিবলৈ সাজু হৈছে অসমবাসী ৷ তেজপুৰতো আতকধুনীয়াকৈ প্ৰত্যেকটো মণ্ডপত দেবী দূৰ্গাক আদৰিবলৈ সাজু  তেজপুৰ বাসীৰ লগতে পূজা পৰিচালনা সমিতি ৷ লগতে জামুগুৰিহাটতো ব্যাপক প্ৰস্তুতি চলাইছে জামুগুৰিহাট বাসীয়ে ৷            মৃৎশিল্পী সকলৰো হাতৰ শেষ পৰসত প্ৰাণ পাই উঠিছে দেবী দূৰ্গাৰ প্ৰতিমাত…

Read More

মহানগৰীত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ পৰেশ বৰুৱাৰ

  মহানগৰীত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ পৰেশ বৰুৱাৰ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতে মহানগৰীত সংঘটিত হল বিস্ফোৰণ। পানবজাৰৰ পৰা ফাঁচী বজাৰলৈ যোৱাৰ পথতে সংঘটিত হয় বিস্ফোৰণ । আহত হয় মহিলা সহ চাৰি জনকৈ লোক । বিস্ফোৰণটো সংঘটিত হোৱাৰ পিছত অঞ্চলজুৰি হাহাকাৰ । এটা পুৰণা মাটিৰ দ’মৰ মাজত পোত খাই আছিল বোমাটো । বিস্ফোৰণ স্থলীত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা উপস্থিত হয় । আৰক্ষী প্ৰশাসনৰ লোকে জানিব লৈ দিয়া মতে এইটো কোনো পৰিকল্পিত গ্ৰেনেড বিস্ফোৰণ নহয় । এইটো হয়তো কোনোবা দুস্কৃতিকাৰীয়ে ফটকাৰ দ্বাৰা আতংক সৃষ্টি কৰিবৰ কাৰণে থৈছিল ।…

Read More

তিনিশ বছৰীয়া বাঁতি উভতাই আনিলে জামুগুৰিহাটবাসী ৰাইজে উৎফুল্লিত ৰাইজ

    তিনিশ বছৰীয়া বাঁতি উভতাই আনিলে জামুগুৰিহাটবাসী ৰাইজে উৎফুল্লিত ৰাইজ নানান অলৌকিক কাহিনীৰে ভৰপুৰ ঈশ্বৰপ্ৰদত্ত জামুগুৰিহাটৰ এভাগ বাঁতি ৷ যিভাগ বাতি প্ৰায় তিনিশ বছৰৰ পিছত উভতি আহিছে এখন গাঁৱলৈ ৷ ঐতিহাসিক দেঁওপুখুৰীৰ এই বাতিভাগ সম্পুৰ্ণ ধৰ্মীয় পৰম্পৰাৰে আদৰি আনিলে শনিবাৰে গাঁওবাসীয়ে৷ সকলোৰে বাবেই ঈশ্বৰপ্ৰদত্ত এটি বাতি ৷ যিটো বাতিক লৈ শ শ বছৰ ধৰি মানুহৰ মাজত আছিল বিশ্বাস। আৰু শনিবাৰে সেই বাঁতি ভাগ স্বচক্ষে দেখাৰ সৌভাগ্য অঞ্চলবাসীৰ৷ হয় এই বাতিটোৰ কাহিনী ক’ব ওলাইছো৷ প্ৰায় ২০০(দুশ) বছৰ পূৰ্বে গাঁৱৰ ৰাইজে উৎসৱ আদিত ব্যৱহাৰ কৰিবলৈ পুখুৰীটোৰ পাৰত উৎসৱৰ আগদিনা ভক্তিসহকাৰে সেৱা…

Read More

বিস্ফোৰণৰ কিছু সময় পূৰ্বে সেই পথেৰেই পাৰ হৈ গৈছিল মুখ্য মন্ত্ৰী : হৃষিকেশ গোস্বামী

  বিস্ফোৰণৰ কিছু সময় পূৰ্বে সেই পথেৰেই পাৰ হৈ গৈছিল মুখ্য মন্ত্ৰী : হৃষিকেশ গোস্বামী মহানগৰীত আজি সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ কিছু সময় পূৰ্বে সেই পথেৰে গুৱাহাটী পৰা ডিব্ৰুগড় যোৱাৰ উদ্দেশ্যে বিমানবন্দৰলৈ গৈছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই কথা জানিবলৈ দিয়ে ঘটনাস্থলিত উপস্থিত হোৱা মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু আইন উপদেষ্টা শান্তনু ভৰালীয়ে ।   ঘটনাস্থলিত উপস্থিতহৈ তেওঁলোকে সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনা দুৰ্ভাগ্যজনক নাগৰিকত্ব সংশোধনী বিলৰ বাবে এই কূটাঘাট সংঘটিত হ’ল বুলি ভাবে নেকি বুলি সাংবাদিকৰ অন্য এক প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে সেই বিষয়ত মৌনতা…

Read More

মনটো উৰি যায় তোমাৰ কাষলৈ

  মনটো উৰি যায় তোমাৰ কাষলৈ শৰৎৰ পুৱা শীতৰ সেমেকাত মনটো উৰা মাৰে তেজপুৰৰ সন্ধিয়াত, কুৱলীসনা সেই কোমল পুৱাত ৰ’দৰ কাচলিয়ে চুই যায় হৃদয় দলিচা। প্ৰেমসনা দুচকুৰ নিৰব ভাষাত, মৌন হৈ ৰয় মোৰ প্ৰেমৰ প্ৰস্তাব। শীতৰ সেমেকা ৰাতিত মনটো উৰা মাৰে তেজপুৰৰ গধুলিত। নিবিৰ বনৰ তলসৰা শেৱালিত মালা গাথে সপোনে সপোন বনণিত। প্ৰেমিক পক্ষী মই তেজপুৰ নগৰীৰ, প্ৰেমৰ ৰাগিনী ঢালি সুবাস বিলাই মই কৈ যাওঁ তেজপুৰৰ কাহিনী। মনটো উৰি যায় আকৌ এবাৰ তেজপুৰলৈ বুলি…..!!                ধৰিত্রী শ্ৰাৱণ

Read More

বিস্ফোৰণত কঁপি উঠিল পানবজাৰ

    বিস্ফোৰণত কঁপি উঠিল পানবজাৰ পূজাৰ আনন্দৰ মাজতে মহানগৰীৰ সদাব্যস্ত পানবজাৰত কিছুসময় আগতে এক বোমা বিস্ফোৰণ সংঘটিত হয়। মহানগৰীৰ শুক্লেশ্বৰ ঘাটৰ সন্মুখত এই বিস্ফোৰণ সংঘটিত হৈছে। বিস্ফোৰণত এগৰাকী মহিলাৰ লগতে চাৰিজন লোক আহত । আহতকেইজন হৈছে ছাইফুদ্দিন আহমেদ, কল্পজ্যোতি তালুকদাৰ, শংকু দাস আৰু বিনীতা দাস । আহতসকলক লগে এম এম চি হাস্পতালত ভৰ্তি কৰোৱা হয়। বিস্ফোৰণটোত এখন চিটী বাছ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰি এখন দেৱাল ভাগি যায় । ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া দল উপস্থিত হৈ বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।

Read More